পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » শ্ৰী শ্ৰী পৰহদু মাহাৰাজ

শ্ৰী শ্ৰী পৰহদু মাহাৰাজ

Written By www.parthapratim.in on Monday, 1 June 2020 | 10:43


কথক কাহিনী
শ্ৰী শ্ৰী পৰহদু মাহাৰাজ
এটা কথা অন্তঃকৰণৰে মানো যে অতীতক জানিলেহে বৰ্তমানক জানিব পাৰি আৰু বৰ্তমানক জানিলেহে ভৱিষ্যতৰ কথা ভালকৈ নিৰূপন কৰিব পৰা যায় সেয়েহে আহকচোন কিছু অতীত বিচাৰি যাওঁ-
ৰামপুৰ কামৰূপ জিলাৰ এখনি সু-বৃহৎ গাওঁ এখন গাওঁত বহু কাহিনী থাকে¸ লিখিত¸ অলিখিত ৰামপুৰতো আছে হেজাৰ কাহিনী তেনে এটা কাহিনীৰ নাম “শ্ৰী শ্ৰী মাহাৰাজ পৰহদু আশ্ৰাম”
ৰূপকথাৰ কাহিনীৰ দৰেই আৰম্ভণি এজন মানুহ আছিল ওখ¸ শীৰ্ণকায় শৰীৰ¸ দীঘল জঁটবন্ধা চুলি¸ জধলা পোছাক¸ লেতেৰা¸ আচহুৱা মানুহবোৰে জোকাই¸ পাগল বুলি তিপ্পনী কৰে এদিনাখন ৰাস্তাৰ কাষত শুই আছিল মানুহজন কেইজনমান ল'ৰাই দেখি গাত শুকান পাত জাপি জুই লগাই দিলে জুই মানে বৰজুই অথচ মানুহজনক জুয়ে স্পৰ্শ কৰিব নোৱাৰিলে যেন একোৱেই হোৱা নাই¸ ঠিক তেনেভাৱত উঠি বহিল জুই দিয়া ল'ৰাবোৰে ভয় খাই পলাল কাহিনী বতাহত বিয়পে এইটোও বিয়পিল লাহে লাহে পাগল নাম গুচি মাহাৰাজ নাম হ'ল মানুহজনক পৰহদু মাহাৰাজ
মাহাৰাজৰ প্ৰকৃত নাম পৰহদু দক্ষিণ কামৰূপৰ বংশৰ মৌজাৰ কালাদিয়া নামৰ গাওঁত ১৮৬০ খ্ৰীষ্টাব্দত পৰহদুৰ জন্ম (এখেতৰ পৰহদু নাম লৈও এক কাহিনী আছে¸ সেয়া পিছলৈ এৰিলো) পৰহদু আছিল যথেষ্ট দৰিদ্ৰ পৰিয়ালৰ সেই সময়ৰ পাৰিপাৰ্শ্বিক অৱস্থা তথা আৰ্থিক দৈন্যতাৰ অজুহাতত পৰহদুৰ বিদ্যাতনয়িক শিক্ষা আগনাবাঢ়িল
পৰহদুই ১৫ বছৰ বয়সতে ঘৰ ত্যাগ কৰিছিল পৰহদু আছিল সাংঘাতিক খেয়ালি প্ৰবৃত্তিৰ ঘৰ ত্যাগ কৰি পৰহদুই কিছুদিন গুইমাৰাত থাকিবলৈ লয় গুইমাৰাৰ জমিদাৰৰ ঘৰত এখন আদ্য-শ্ৰাদ্ধত পৰহদুই দেখিলে ৰান্ধনী ঘৰত মদ-ভোজৰ আয়োজন চলিছে পৰহদুই মাংসৰ ঠালিত ভৰিৰে গচকি সকলো নষ্ট কৰি দিয়ে ফলাফল কি হ'ব অনুমেয়¸ গনপ্ৰহাৰত আধামৰা হৈ পৰহদুই গুইমাৰা ত্যাগ কৰি ৰাজাপুখুৰীলৈ গুচি আহে এই ঘটনাৰ কিছুদিন পিছতে যিকেইগৰাকী ব্যক্তিয়ে ৰান্ধনীশালত মদ-ভোজ কৰিছিল¸ আটাইকেইগৰাকী তেজ-বমি-শৌচ হৈ মৃত্যু মুখত পৰে
লাহে লাহে মানুহবোৰে পৰহদুৰ আলৌকিকতাৰ উমান পাই সত্ৰপাৰাত এখনি সত্ৰ পাতি দিয়ে (এই সত্ৰৰ পৰা উক্ত অঞ্চলৰ নাম সত্ৰপাৰা হোৱা বুলি এক প্ৰবাদ আছে) সত্ৰপাৰাত কিছুদিন থকাৰ পিছত পৰহদুই বাটৰহাটৰ কোৰ্কা আৰু পিছলৈ ৰাজাপুখুৰীত সত্ৰ স্থাপন কৰে
বাটৰহাটৰ কোৰ্কাৰ থকা সময়ত পৰহদুই প্ৰাতঃভ্ৰমণৰ সময়ত মাচুৱৈ এহালক লগ পাইছিল¸ তেওঁলোকক বিললৈ মাছ মাৰিব যোৱাৰ পৰিবৰ্তে ওখ তামোল গছএজোপাত জালখন বান্ধি থব কৈছিল আৰু মাচুৱৈজনে তেনে কৰিলত সঁচাকৈ জালখনত ডাঙৰ বৰালি মাছ লগা বুলি এক লোকশ্ৰুতি আছে
পৰহদুই অতিমাত্ৰা ভাং সেৱন কৰিছিল তেওঁৰ সত্ৰত ভক্তগণে ভাং সেৱন কৰিয়ে অধিক সময় কটাইছিল তাৰে সুবিধা লৈ জনৈক দাস নামৰ এজন ঠিকাদাৰে পৰহদুৰ আশ্ৰামত অবৈধ কানি জমা থয় সেই সময়ত বৃত্ৰিছ কমিচনাৰ আছিল ডেভিদ স্কট ডেভিদ স্কটে পৰহদুক মাদক দ্ৰব্য নিষিদ্ধ আইন অমান্য কৰাৰ অপৰাধত আটক কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে বিচাৰপতিয়ে পৰহদুক পাগল বুলি ইতিকিং কৰাত পৰহদুই হেনো কৈছিল¸ মই পাগল নহয়¸ তোৰ ঘৰতহে পাগল দেখা-দেখি পাচু আৰু সঁচাকৈয়ে তেওঁৰ সন্তানে ঘৰত উন্মাদ হৈ আচৰণ কৰিছিল হেনো পিছত বিচাৰপতিয়ে পৰহদুৰ আলৌকিক শক্তিৰ উমান পাই ভক্তিত গদ্-গদ্ হৈ পৰে আৰু কাৰাগাৰৰ পৰা মুকলি কৰি দিয়ে কাৰাগাৰৰ পৰা মুকলি হৈ পৰহদুই পুনৰ ৰাজাপুখুৰীত সত্ৰ স্থাপন কৰে কেইবছৰমান থকাৰ পিছত পৰহদুই ৰামপুৰলৈ সত্ৰ স্থানন্তৰিত কৰে বৰ্তমান মাহাৰাজৰ আশ্ৰাম যি ঠাইত অৱস্থিত সেই মাটিখিনি ঠিকাদাৰ পিতাম্বৰ দাসৰ মাহাৰাজৰ প্ৰতি কৃতজ্ঞতাৰ চিনস্বৰূপে মাটিখিনি তেওঁৰ শহুৰেকৰ পৰা কিনি মাহাৰাজক আশ্ৰাম পাতি দিছিল আৰু আশ্ৰামৰ বাহিৰত থকা বৃহৎ আহতজোপাও পিতাম্বৰ দাসেই ৰোপন কৰা তেতিয়া পৰহদুৰ সলনি মাহাৰাজ পিতা হিচাপে জনাজাত হৈ পৰে তেওঁৰ বাকসিদ্ধতাৰ প্ৰমান পাই বহু দুৰণিৰ পৰা মানুহে তেওঁক লগ কৰিবলৈ আহিছিল
ঠিকাদাৰ পিতাম্বৰ দাসৰ নেতৃত্বতে ১৯১০ চনৰ পৰা ১৯৩১ চনলৈ বৰ্তমানৰ আশ্ৰম থকা স্থানতে প্ৰতি তিনিবছৰৰ মুৰে মুৰে সাধু মেলা হৈছিল এই মেলাত বহু দুৰৰ পৰা সাধু আহিছিল বুলি জনা যায়
পৰহদু মাহাৰাজ আছিল এজন সিদ্ধ পুৰুষ¸ দৈৱ শক্তিৰ অধিকাৰী কেৱল ওপৰত উল্লেখ কৰা ঘটনাকেইটাই নহয়¸ পৰহদু মাহাৰাজৰ আছে অনেক আলৌকিক কাহিনী এই কাহিনীবোৰ কিমান সঁচা কোৱা টান¸ কিন্তু এই কাহিনীবোৰে অঞ্চলবাসীৰ পৰহদু মাহাৰাজৰ প্ৰতি থকা ভক্তিৰ উমান দিয়ে
আনুমানিক ১৯৫৭ খ্ৰীষ্টাব্দত পৰহদু মাহাৰাজৰ পৰলোকগামী হয় মৃত্যুৰ সময়ত পৰহদু মাহাৰাজৰ দেহত বহুতো ঘা আৰু ঘা বোৰত পোক হৈছিল এই পোকবোৰ মাটিত থলেই ই জহা চাউললৈ ৰূপান্তৰিত হৈছিল পৰহদু মাহাৰাজ ঢুকাল অঞ্চলত হুৱাদুৱা লাগিল¸ ভক্তগণে কান্দিলে মৃতদেহ সৎকাৰৰ বাবে সাঙি তৈয়াৰ কৰা হ' কিন্তু মৃতদেহ সাঙীত উঠাব লওঁতেই ঘটিল এক অদ্ভূত ঘটনা¸ মৃতদেহটো নাই, নাই মানে নায়েই তাৰ ঠাইত শুই আছে এটা মাটিৰ ঢাপ যেন কোনোবা শিল্পীয়ে মাটিৰে তৈয়াৰ কৰিছে পৰহদুৰ মূৰ্তি¸ একে চকু¸ একেই নাক (পৰহদু মাহাৰাজৰ এই মাটিৰ ঢাপটো আশ্ৰামত এতিয়াও আছে¸ ফটোত মাটিৰ ঢাপটো) পিছলৈ ভক্তগণে এই ঢাপক উপাসনা কৰিব লয়
পৰহদু মাহাৰাজৰ আটাইকৈ ডাঙৰ বৈশিষ্ট আছিল তেওঁ ব্যৱহাৰ কৰা ভাষা বাক্য এটাৰ বিশেষ শব্দ কিছুমান তেওঁ দুবাৰ উচ্চাৰণ কৰিছিল যেনে¸ খাৱা-খাৱি কৰা¸ দেখা-দেখি হোৱা আদি মাহাৰাজ পিতা হ'ব গৱেষণাৰ বিষয়¸ তেওঁৰ ভাষাও হ'ব পাৰে আলোচনাৰ বিষয়


SHARE

About www.parthapratim.in

0 comments :

Post a Comment