Behind a every successful man there is a women.
জীৱনত সফল হব প্ৰতিজনৰে ইচ্ছা । সফলতাৰ আঁৰত থকা নাৰী হাত বিচাৰিয়ে জীৱনৰ ওঠৰতম বসন্তত খোজ দিছো । এৰি অহা জীৱনৰ সোতৰখন উপত্যকাৰ কৈশোৰ মনটো এতিয়া যৌৱনলৈ পৰিবৰ্তিত হৈছে । এতিয়া পখিলা ধৰিব বিচাৰো । আলফুলে বুকুত সাৱটিব বিচাৰো ।
চকু মুদি শুই আছো সপোনত তুমি চকু মেলিব ভয় লাগে চকু মেলিলেই উৰি যাব প্ৰেমৰ আকুল চৰাই ।
প্ৰতিদিনে আহে মোৰ সপোনত মোৰ অচিন প্ৰেয়সী । কি নাম তাইৰ ? ক'ত ঘৰ ?? কল্পনাৰ তুলিকাৰেই মই ছবি আঁকিছো প্ৰেম আৰু প্ৰেয়সীৰ । অপ্ৰাপ্তিৰ মাজত প্ৰাপ্তিৰ তৃপ্তি বিচৰাৰো এক সুকীয়া মাদকতা আছে । ক্ষন্তেকীয়া মাদকতা ।
নিসংগতাই বৰকৈ আমনি কৰে । বিশেষকৈ যেতিয়া বন্ধুবৰ্গৰ সৈতে তিনিআলিৰ দোকানত আড্ডা দিওঁ । সিহঁতৰ প্ৰতিটো প্ৰেমৰ শব্দই মোৰ বুকুত হুল হৈ বিন্ধে । আসঃ এনে লাগে যেন মোৰ নিসংগতাক উপলুঙাহে কৰিছে ।
একপক্ষীয় প্ৰেমৰ তিতা অভিজ্ঞতাই বাৰুকৈয়ে বুজাই থৈছে প্ৰেম কি । শুকাবলৈ মাথো আৰম্ভ কৰা চকুৰ গুৰি সেমেকা কৰিব নিবিচাৰোঁ । নিসংগতাক আঁতৰাবলৈ নিস্ক্ৰিয় হৈ থকা ফেচবুকৰ একাউন্টটো সক্ৰিয় কৰিলো ।
দিনৰ দিনটো ফেচবুকিঙত ব্যস্ত হৈ থাকো । পিঞ্জৰাবদ্ধ চৰাই মুক্ত হলে যেনে অনুভৱ মোৰো ঠিক তেনেই লাগিছিল । নিসংগতাও কমিল । কম দিনৰ ভিতৰতে বহুত নতুন মুখৰ সৈতে চিনাকী হলো ।
- হাই - হেল্ল'
-কি কৰিছা ? -বৰষুণত তিতি আছে । তুমি?
- ইমান জোৰৰে দিয়া বৰষুণত তিতি আছা কিয় ? বেমাৰ হব ।
- নহয় । বৰষুণ মোৰ খুউব প্ৰিয় ।
- আৰু ??? - আৰু জোনাক । জানানে জোনাক নিশা কিনকিনিয়া বৰষুণত তিতি মই আপোনপহৰা হওঁ ।
কবিতা কবিতা লগা ছোৱালীজনীৰ কথা । কবিতা মোৰ জীৱনৰ প্ৰিয় অধ্যায় । সেইবাবেই হওঁক বা আনবেলেগ কাৰণেই হওঁক ছোৱালীজনী ভাল লাগিল ।
ছোৱালীজনীৰ একাউন্টটো ভালদৰো চালো। মই পঢ়া কলেজতে পঢ়ে । বয়সত 2মাহ সৰু । অনলাইন আহিলেই প্ৰায়ে ছোৱালীজনীৰ সতে কথা পতা হলো । ভাল লাগে ছোৱালী জনীৰ সংগ । কম দিনৰ ভিতৰতে ভাল বন্ধু হলো আমি ।
- কি কৰিছা ? - ডায়েৰী লিখি আছোঁ । - হুম । কি লিখিছা ? - মোৰ মনৰ কথা । যিবোৰ মই কাকো কব নোৱাৰো । - মোক কব পাৰিনে ?? - নোৱাৰি । তোমাৰ সতে কথা পাতিবনো কিমান দিন হ'ল ।
ইমান স্পষ্টবাদী নে অহংকাৰী । এবাৰো নাভাবিলে হয়তো মই বেয়া পাব ও পাৰো । বেয়া পোৱা নাছিলো । আচলতে বেয়া পাবৰ বাবে ভালপোৱাই নাছিলো । কিছু আচৰিত হৈছিলো । কিছু আকৰ্ষিত হৈছিলো ।
তুমি মোক ৰ'দৰ দেশলৈ নিব পৰা অথবা ঠেলি দিব পৰা অন্ধকাৰ গৰ্ভত । কিন্তু মই ৰ'দৰ দেশলৈ যাব বিচাৰো । ৰ'দ মোৰ প্ৰিয় , বৰষুণ আৰু প্ৰিয় ।
- কি কৰিছা ? - এনেই । তুমি ? - তোমাৰ কথা ভাবি আছো । - কিয় ভাবিছা মোৰ কথা ? আৰু কি ভাবিছা ? - তুমি এটা অবুজ সাঁথৰ । বুজিব নোৱাৰি । - নুবুজিবা । - সচাকৈয়ে তুমি ৰহস্যময়ী । - হুম ।
- আজি বতৰটো ডাৱৰীয়া । হয়তো বৰষুণ আহিব ।
- এৰা । ৰৈ আছোঁ ।
বৰষুণত তুমি হাস্যময়ী বৰষুণত তুমি লাস্যময়ী তোমাৰ বাবেই আহে বৰষুণ নে তুমিয়েই বৰষুণক নমাই আনা ???
নাজানো । মই ও ৰৈ আছো । তোমাৰ দৰেই । তোমাৰ বাবে ।
লাহে লাহে কিছু আপোন হলো । ফেচবুকৰ সম্পৰ্ক ফোনলৈ আহিল । কিছু ব্যতিক্ৰমী ছোৱালীজনী । প্ৰচণ্ড অভিমানী । আৱেগিক।
- শুনা -কোৱা - তোমাক লগ পাব বিচাৰো - বাৰু । মই জনাম।
নিৰ্দিষ্ট দিনটোলৈ মই অপেক্ষা কৰিলো । এয়া তাই আহিছে । হাতত কিতাপৰ টোপোলা ।
- হাতত এয়া কি কিতাপ ? - ক্লাছৰ । লাইব্ৰেৰীৰ পৰা নিছিলো । আজি জমা দিম । - অ' । তোমাক ধুনীয়া দেখিছে । - থেংচ
কিছুসময় মৌনতা । মুখখন ভালকৈ লক্ষ্য কৰিলো । ফেচবুকত চিনাকি ছোৱালীক বাস্তৱত প্ৰথম লগ ধৰিছো ।
- যাওঁ কেতিয়া যে কলেজৰ লাইব্ৰেৰীৰ ওচৰ পাইছিলো । গমেই নাপালো । - অ' যোৱা ।
প্ৰেম এনেকৈয়ে আহে সংগোপনে লুকাই চুৰকৈ গোপনে গোপনে ....
হয় চাগে । ছোৱালীজনীৰ প্ৰতি কিছু দুৰ্বল হৈছো । তাইৰ অনুপস্থিতি বহুত অনুভৱ কৰো । প্ৰেমত পৰিলো নেকি মই ??? নাই চাগে । বিপৰীত লিংগীৰ প্ৰতি গঢ়ি উঠা সহজাত অনুভৱ । কতা বেলেগৰ প্ৰতিটো এনে অনুভৱ হোৱা নাই । কব নোৱাৰো । এয়াই চাগে প্ৰেম , এয়াই চাগে ভালপোৱা ।
আকুল মোৰ হৃদয় কেনেকৈ বুজাম তোমাক এই হৃদয়ে তোমাকে বিচাৰে ।
- শুনা । এটা কথা কওঁ তোমাক ? - কি কথা ? -মই তোমাৰ প্ৰেমত পৰিছো । --
- মই তোমাক সচাকৈয়ে বিচাৰো ।
--
নাই এইবাৰো ৰিপ্লাই নাহিল । মেছেজটো বা দেখিছেনে নাই অনলাইন বা আছেনে নাই নাজানো ( আগতে অনলাইন থকা বা মেছেজ চিন কৰা দেখোৱা নাছিল ) প্ৰতি পল যেন মোৰ যুগ যেন লাগিল । ভুল কৰিলো নেকি কয় । মনটো অস্থিৰ হৈ পৰিল । গমনোপোৱাকৈয়ে ডায়েল কৰিলো তাইৰ নম্বৰ ।
- হেল্ল' -এফ বিত কিবা কৈছিলো । চালানে ? - কি? কোৱাচোন . - না .. ইয়াত নোৱাৰি । তাত আহাচোন। - অ' কে ।
ফোনত কোৱাৰ সাহস নাই । খোকোজা লাগিব পাৰে । ফেচবুকত লগ ইন হলো । তাই ৰিপ্লাই দিছে । মোৰ কোনোবা স্পেচিয়েল আছে । কোন তেওঁ ??? মোৰ মুৰৰ ওপৰত যেন গোটেই আকাশখনে খহি পৰিল । কোনোবা সাঁচিপাতৰ দুৰ্বোধ শব্দও পঢ়িব ইমান কষ্ট নহয় চাগে যিমান মোৰ হৈছিল ।
- কোন হয় সেই ভাগ্যবান জন? ভাগি পৰা মনটো কেনেবাকৈ ঠিক কৰি মেছেজটো দিলো ।
- তোমালোকৰ লগৰে আছিল । এতিয়া ইনঞ্জিয়াৰিং পঢ়ি আছে ।
- কি নাম ? চিনি পাম ক'লে । - সেইবাবে নাম নকওঁ । - হুুম । কিমানদিন হ'ল সম্পৰ্কৰ ? - এবছৰ হৈ গৈছে । তেওঁক কোৱা নাই । - হুম । তেওঁও চাগে তোমাক বহুত ভালপাই ন'
- নাজানো । কনটেক্ট নাই ।
- হোৱাট ??? কনটেক্ট নাই , তেওঁ তোমাক ভালপাইনে নাজানা আৰু জনোৱাও নাই তুমি । এয়া কেনে ভালপোৱা । --
তাই ৰিপ্লাই নিদিলে । সচাকৈয়ে অদ্ভুত এই ছোৱালীজনী । যিমানেই পুৰণি হৈছো সিমানেই সাঁথৰ হৈ গৈছে ।
এনেকৈয়ে বহুদিন গ'ল । প্ৰস্তাৱ গ্ৰহন নকৰিলেও কথাৰ আদান প্ৰদান একেই থাকিল । মই জানো তাইৰো দূৰ্বলতা আছে । তেন্তে গ্ৰহন নকৰে কিয়নো ।
- শুনা । মোক তোমাৰ অলপো ভাল নালাগেনে ? - লাগে । - তেন্তে কিয় গ্ৰহন নকৰা কোৱা । - কব নোৱাৰো
- নাই । আজি মোক কবই লাগিব । কোৱা মোৰ কি এনে ভুল যাব বাবে মোক বাৰে বাৰে অৱহেলা কৰি আছা । এটা নামবিহীন, অস্তিত্বহীন সম্পৰ্কৰ বাবে তুমি তোমাৰ ভবিষ্যৎ অনিশ্চয়তাৰ মাজলৈ ঠেলি পঠিওৱা যেন নালাগেনে ???
- তোমাক অৱহেলা কৰা নাই । প্ৰেমত যি অনুভৱ লাগে তোমাৰ প্ৰতি সেয়া মোৰ নাই ।
আকৌ স্পষ্ট উত্তৰ । দুখ লাগিছিল । যাৰ বাবে মই ব্যাকুল হৈ পৰিছো তেওঁৰ অনুভৱ মোৰ বাবে শূণ্য । ধুমুহাত অভ্যস্ত হৃদয় হলেও সেয়া মোৰ অপ্ৰত্যাশিত আছিল ।
- তুমি তেওঁক বহুত ভালপোৱা ন?
-
- তুুমি মোক এবাৰ তাৰ নাম কোৱা । কচম কৈছোঁ তোমাৰ হৈ মই তাক তোমাৰ কথা কম । তোমাৰ জীৱনত তাক আনি দিম । মই মাথোঁ তুমি সুখী হোৱাতো বিচাৰো ।
- নালাগে । সেয়া সম্ভৱ নহয় ।
- তেন্তে মোক গ্ৰহন নকৰা কিয় ? এবাৰ মোৰ কথা ভাবা।
-
- কাইলৈ মোৰ জন্মদিন । তুমি গোটেই দিনটো মোৰ সতে থকা বিচাৰিছোঁ।
- বাৰু থাকিম ।
জন্মদিনৰ দিনা দুয়ো প্ৰায় গোটেই দিনটো একেলগে থাকিলো । মৌনতাই দুয়োৰে ভাষা ।
- আজিৰ পৰা আমি আৰু কথা নাপাতো । তাই কলে
- কিয় ? - তোমাৰ প্ৰতি মোৰ কোনো অনুভৱ অহা নাই । এনেকৈ তোমাৰ সতে থাকিলে তোমাৰ প্ৰতি বহুত অন্যায় কৰা হব ।
মই একো নকলো । আচলতে ক্ষোভ আৰু দুখে মোৰ শব্দ ওলাই অহাত বাধা দিলে । মাথো তাইৰ কথাবোৰ শুনি গলো । জোৰ কৰিতো ভালপোৱা আদায় কৰিব নোৱাৰি । মই ভীষণ ভাগি পৰিছো , তাতোকৈ বেছি ক্ষোভিত হৈছো ইমান অবুজন ছোৱালীনে মোৰ অনুভৱ অলপো নুবুজিলে । মই আৰু আগতে কেতিয়াও মেছেজ নিদিওঁ । কষ্ট হব সচা , হওঁক । ধুমুহাতকৈ বৃষ্টিপাতৰ সংঘাত কিছু হলেও কম ।
তুমিবিহীন প্ৰতিপল বৰ যন্ত্ৰণাদায়ক উশাহ নিশাহ লব নোৱাৰো বৰ কষ্ট বৰ কষ্ট প্ৰেমত ।
পিছদিনা বতৰটো কিছু ডাৱৰীয়া । মোৰ মনটো আৰু বেছি ডাৱৰীয়া । সেইবাবেই কলেজলৈ নগলো । আজি তাই মন্দিৰলৈ যাব । যোৱা কালিয়ে কৈছিল । মেছেজ এটা দিম নেকি । ওহোঁ .. নিদিওঁ .... মনটোক ডাঠ কৰিব প্ৰয়াস কৰিছো ।
তুমিহীনতাৰ খৰাংত বিধস্ত মোৰ বুকুৰ সেউজ বৰষুণ হৈ নামি আহা তুমি মই যে পিয়াহত আতুৰ তোমাৰ স্পৰ্শৰে বিনাশ কৰা এই মৰুভূমি ।।
খিতিং কৈ ফোনটোৰ মেছেজ ট'নটো বাজি উঠিল । যোৱাকালিৰ পৰা ফোনটোলৈ বিৰাগ ভাব আহিছে । অনিশ্চাসত্বেও ফোনটো হাতত ললো । তাইৰ এটা দীঘলীয়া মেছেজ । একে উশাহৰে মেছেজটো পঢ়িলো...
--" মই মেছেজ নিদিলে মোকো নিদিয়া ন । মন্দিৰৰ পৰা আহিলো । তোমাক মিছ কৰিছো বহুত । আচলতে তোমাক মইও ভালপাই পেলাইছো । আৰু .............
আৰু বহুত কিবাকিবি আছিল । অভিমান , মৰম মিশ্ৰিত মেছেজ । হৃদয়ৰ স্পন্দন অভাৱনীয় ভাৱে বাঢ়ি গৈছে । মই ৰিপ্লাই হিচাপে ফোন লগালো । প্ৰেয়সী হিচাপে প্ৰথমবাৰৰ বাবে মাত শুনিবৰ বাবে । ইতিমধ্যে বাহিৰত বৰষুণ দিছিল । মই বাহিৰলৈ ওলাই আহিলো । বৰষুণৰ কোমল স্পৰ্শই মোক চুই গ'ল আকুলতাৰে.....
Porhilu Dei. Bhal lagil :)
ReplyDeletethnx
Delete