বসন্তৰ প্ৰথমজাক বৰষুণলৈ আপোনাক স্বাগতম জনাইছোঁ
আপোনাৰ ব্যস্ত সূচীৰ পৰা সময় অলপ উলিয়াই
আহক প্ৰকৃতিৰ স্পৰ্শৰে সিক্ত কৰি লওঁ আমাৰ হৃদয়
একেলগে তিতো জোনাকত
খুলি দিয়ক হৃদয়ৰ জপনা, সমস্ত দুৱাৰ খিৰিকী
আপোনাৰ দুচকুৰ নীলাত ডুব যাব দিয়ক
বসন্তৰ প্ৰথমজাক বৰষুণ ।
বসন্তৰ প্ৰথমজাক বৰষুণলৈ আপোনাক স্বাগতম জনাইছোঁ
এই বাট পোহৰৰ, হৃদয়ৰ সতেজ মনৰ
এয়া এখন সেউজীয়া পৃথিৱী
যৰ পৰা শুনা যায় বাঁহীৰ মাত
যিয়ে ছটিয়াই বিষাদত হেঁপাহৰ ৰং
চকুপানী মচি দিয়ে হাঁহিৰে
দুৰ্গন্ধময় পোতাশাল ঢাকি ৰাখে সেউজীয়াৰে
এয়া নতুন পৃথিৱী ।
বসন্তৰ প্ৰথমজাক বৰষুণলৈ আপোনাক স্বাগতম জনাইছোঁ
বিনিময়ত উপহাৰ দিম সেউজীয়া এটা দিন
বৰষুণৰ দলিচাত মুখামুখিকৈ বহি কথা পাতিম
দেশৰ খবৰ, পৃথিৱীৰ খবৰ
প্ৰাৰ্থনা কৰিম একেলগে পৃথিৱীৰ সকলো মানুহৰ বাবে
নৈখন উপচি পৰক উৰ্বৰা স্বপ্ন হৈ
পথাৰখন গৰ্ভৱতী অযুত হাঁহিৰে ।
ক্ৰমশঃ ৰঙচুৱা হৈ বেলিটো শুই যাব
নামি আহিব বসন্তৰ প্ৰথমজাক বৰষুণ
আপুনি নহাকৈ নাথাকিব
এমুঠি ৰ'দ ছটিয়াই দিম আপোনাৰ পথত
বতাহ আহে যদি আহিব
পোহৰৰ হোতা লৈ বাধা দিম একেলগে
সিঁচি পেলাম এন্ধাৰ
জগাই তুলিম মানুহক
আমি মানৱ সন্তান ।
অনুৰোধ কৰিছো আপোনাক
বসন্তৰ প্ৰথমজাক বৰষুণত নহাকৈ নাথাকিব ।
0 comments :
Post a Comment