পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.

Love story

Written By www.parthapratim.in on Sunday, 7 October 2018 | 04:35



Every girl dreams of her own prince charming with certain qualities.

                  প্ৰায়ে স্বপ্নত দেখা পাওঁ তেওঁক। তেওঁ কবি নহয়¸ অথচ মোৰ বাবে কবিতা লিখে¸ শুনা-নুশুনাকৈ ফুচফুচাই পাঠ কৰে মোৰ কাণত। বুজা আৰু নুবুজাৰ অনুস্বৰ শব্দৰ স্বৰ। মৰমৰ আৱেশৰে কঁকালত দুহাতৰে কাৰ্শলাৰ সাপৰ দৰে মেৰিয়াই মোক টানি নিয়ে তেওঁৰ কাষলৈ। মোৰ কৰ্ণকুহৰত বতাহ বলে তেওঁ দীঘল ঘন উশাহৰ। আৰু মই? সপোনতো চকু মুদু। অদেখা মায়াময় পোহৰৰ ছায়া-মায়া অলেখ খেলা। অথচ চকুমেলি মনত পেলাব বিচাৰিলেই মুখখন অস্পষ্ট হৈ যায়। কুঁৱলীৰ বগাত হেৰাই যায় তেওঁ¸ চিনিব নোৱাৰা মই। ক্ৰমশঃ ৰিনি ৰিনিকৈ কৰ্ণকুহৰত গুঞ্জৰিত হৈ থকা তেওঁৰ প্ৰেমৰ পংক্তিবোৰ নুশুনা হৈ যাওঁ। কিন্তু মই অনুভৱ কৰিব পাৰো তেওঁৰ উশাহ¸ পঢ়িব পাৰো চকু-মুখৰ নীৰৱ ভাষা।

When I first met you,
I felt like I had known you forever,
telling you my secrets
and what I didn't want ever.

             তেতিয়া মই ক্লাছ নাইনত। ন-গাভৰু। মেখেলা চাদৰ পিন্ধি স্কুললৈ যাওঁ। যৌৱনটোৱে লাহে লাহে বুকুত ঘৰ সাজিছে। তিনি আলিৰ দোকানৰ আগৰে পাৰ হৈ গ'লে মানুহবোৰে চাবলৈ লৈছে মোক। লাজ লাগে¸ ভালো লাগে কিবা এটা। এই লাজ লগা¸ ভাল লগাই এটা অদ্ভূত অনভূতি বোৱাই বুকুত¸ এক অবুজ শিহৰণ। যি অনুভৱ যোৱা ১৪ বছৰৰ নৈত কাহানিও অহা নাছিল¸ অথচ এতিয়া নিৰন্তৰ প্ৰগলভ। কি নাম এই শিহৰণৰ¸ বুজা-নুবুজাৰ দোমেজাৰ এই অনুভবৱৰ? নাজানো¸ সঁচাকৈয়ে নাজানো। কিন্তু কিবা এটা ভাল লাগে তেওঁক দেখিলে¸ যদি কোনোবাই তেওঁৰ নামৰে জোকাই মোক ভাল লাগে। কিবা এটা অনুভৱ হয়¸ কিবা এক বিশেষ অনুভৱ।  তেওঁ¸ তেওঁ মোৰ প্ৰথম প্ৰেম। যাৰ এতিয়া কাহিনী ক'ম।

I think that I shall never see a poem lovely as you, I think I shall never see a flower lovely as you.

              তেওঁলোকৰ ঘৰৰ লগত আমাৰ ঘৰৰ এটা ভাল সম্পৰ্ক আছিল। মোৰ মা আৰু দেউতা আৰু তেওঁৰ মা আৰু দেউতাকৰ ভাল বন্ধু আছিল। সেইবাবে প্ৰায়ে যোৱা যায় তেওঁলোকৰ তাক¸ আমাৰ তাতো আহে। এনেকৈ প্ৰথম দেখিছিলো তেওঁক।অথচ কোনে জানে সুযোগ সন্ধানী যে চাৰি চকুৱে ৰৈ আছিল এটা সুযোগৰ বাবে¸ পিছে দোষ কাৰো নাই। প্ৰেমত পৰা ভুল অথবা সুযোগৰ ব্যৱহাৰ? সুৰ্যইও জানো এটা সুযোগৰ বাবে বাট নাচায় চন্দ্ৰ আতৰিলে প্ৰকাশ হোৱাৰ।

             অৱেশ্য ইয়াৰ আগতে মই তালৈ তেনেকৈ চোৱাই নাছিলো। চাইছিলো অভিভাৱকত্বৰ চাৱনিৰে। ভাতৃত্বৰ কামিজৰ কাষত দৌৰিছিলো¸ উমলিছিলো। ইমান বেগৰে নাযাবা¸ উজুতি খাবা -সি কৈছিল আৰু ক্ৰমশঃ নিশঃব্দে অনুভৱ কৰিছিলো এটা বৰ্ণহীন বৰ্ণ। নৈশব্দত অকনো ব্যাঘাট নোহোৱাকৈ মোৰ চকুৰ পৰ্দাত দৃশ্যায়িত হৈছিল প্ৰাক যৌৱনৰ প্ৰতিনিশাৰ স্বপ্ন। ৰিনি ৰিনি যেন শুণিছিলো চিনাকি কবিতাৰ পাঠ¸ প্ৰেমৰ মাত। কোমল ৰংচুৱা¸ সেউজীয়া¸ ডাঠ সেউজীয়া¸ মাটিৰ ৰং¸ পৃথিৱীৰ ৰং। গভীৰভাৱে অনুভৱ কৰিছিলো তাৰ উশাহত মোৰ উপস্থিতি আৰু লাহে বগুৱা বাই আহিছিল মোৰ উঠন বুকুলৈ। ঢপঢপ ঢপঢপ। আসঃ প্ৰজ্ঞাৰে প্ৰোজ্বল উজ্বল দুচকু। যেন মই গলি লীন হৈ যাম পান কৰিম ভৱিষ্যতৰ প্ৰতিটো জোনাক ৰাতি। তোমাৰ সৈতে¸ প্ৰেমৰ বাবে।

Everyday I make that one special wish to be with you for ever

: তোমাৰ কোনোবা ভাল লগা আছে?

 একেবাৰে অস্ফুট স্বৰৰে সুধিছে সি। বতাহৰ ভাঁজে ভাঁজে তৰংগায়িত হৈ আহি মোৰ কাণৰে প্ৰবাহিত হৈ মোৰ হৃদয়ত হেন্দোলিত হৈছে সেই শব্দৰ কম্পনাংক। এটা প্ৰত্যাহিকভাৱে অপ্ৰত্যাশিক মুহূৰ্ত। বুকুৰ ভিতৰত টুলুঙা নাওঁৰ হেজাৰ ঢৌ। কি কওঁ? মোৰ কাষতে বহি আছে সি। লাইটৰ পোহৰত দীঘলকৈ পৰা মোৰ ছাঁটো তেওঁৰ ছাঁৰ সৈতে মিলি আছে। মোৰ এফালে মোৰ ভন্টী¸ কাষত তেওঁৰ ভাইটি-ভন্টি। গোটেইবোৰে একেলগে কথা পাতি আছো।

আজি দিনতে আহিছিলো ইয়ালৈ। উদ্দেশ্য বিহু খোৱাৰ। আৰু এটা উদ্দেশ্য আছে হৃদয়ত গোপনে গোপনে- তেওঁত লগ পোৱাৰ¸ ওচৰৰ পৰা চোৱাৰ।

: তোমাৰ কোনোবা ভাল লগা আছে? আকৌ এবাৰ সুধিলে তেওঁ। এইবাৰ আগৰবাৰতকৈও অধিক মৃদুকৈ কৈছে। চাগে তেওঁৰ হৃদয়তো সাগৰৰ ঢৌ। দুৰু দুৰু বুকুৰ মাজ।

:আছে।

: কোন? মাতটো তেওঁৰ সামন্য কঁপিছে। চাগে তাৰ…
মগজুৰ একোনত দুষ্টভাৱ এটা আহি থুপ খালে মোৰ। তেওঁ যিমানে কোন কোন বুলি সুধিছে মই নকওঁ কৈ আছো। মাজতে মই সুধিলো তোমাৰ কোনোবা ভাল লগা আছেনে বুলি? তেওঁ লাহেকৈ মোৰ হাতখন টানি নি মোৰ হাতত মোৰ নামটো লিখি দিলে। আসঃ কিমান যে শান্তি এই স্পৰ্শত। এই স্পৰ্শৰেই যেন গৈ থাকিম¸ গৈয়ে থাকিম সপোনৰ সোণালী এক উপত্যকা অভিমুখে। চাগে আকাশৰে সীমা আছে¸ সীমা নাই ভালপোৱাৰ¸ সীমা নাই এই সুখৰ।

সেইদিনা ৰাতি মোৰ টোপনি নাহিল। প্ৰথম প্ৰেমৰ প্ৰথম অনুভৱ তেজৰ সলনি প্ৰৱাহিত হৈছে দেহত। দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰেমৰ অৰণ্যক স্বপ্নৰ পথৰে গৈ আছো মই। চৌপাশে সেউজীয়া আৰু সেউজীয়া। বতাহত ভালপোৱা¸ উশাহত ভালপোৱা। মোৰ প্ৰতিটো খোজৰ গতি তোমাৰ বুকুৰ মাজ। পিছদিনাও মোৰ আহিবলৈ মন নগ'ল। তাৰ বায়েকৰ ঢিলা কাপোৰ পিন্ধিয়ে আৰু দুদিন থাকিলোঁ।

Hold my hand and i will take you there, somehow, some day, some where

: কালিলৈ মই ঘৰত যাম।
 তেওঁ একো কোৱা নাই। তেওঁৰ হাতৰ মুঠিত বন্দী হৈ থকা মোৰ হাতখন শিথিল হৈ মুকলি হৈ গ'ল। হাতখন ধৰি থকা¸ এৰি নিদিবা- নাই শব্দবোৰ বাহিৰলৈ ওলাই নাহিল। চাগে তেওঁৰো মন গধুৰ হৈ পৰিছে। এই দুদিনত এই চেগুনৰ বাগানখনত দুয়ো একেলগে বহুখোজ পেলাইছো¸ বহুকথা পাতিছো। হাতত হাত থৈ¸ চকুত তকু থৈ। তেওঁক কাষৰ পৰা দেখিছো। শৈশৱৰ সপোনত কুঁৱলীৰ বগাত হেৰাই যোৱাজনক নতুনকৈ আৱিস্কাৰ কৰিছো।

:  অই
: হু.. ডাঙৰ চেগুন এডালৰ গুৰিত দুয়ো বহিছো এতিয়া। সি মোৰ ফালে চাই আছে। টলমল তাৰ দুচকু। মায়াময় আকুলতা। যি আকুলতাৰ নিৰ্ভৰতাত মই এজোপা বটবৃক্ষ। এই আকুলতা মোৰ ঐশ্বৰ্যৰ অহংকাৰৰ সম্ৰাজ্য।

: চুমা এটা দিবা ? তাৰ মাতত এটা কঁপনি¸ তাতোকৈ বেছি কঁপনি মোৰ বুকুৰ ভিতৰত। কি ক'ম নাজানো¸ স্বতস্ফূৰ্তভাৱে চকু মুদ খাই আহিছে তাৰ। যেন কিবা এটা শক্তিয়ে মোক তাৰ ওচৰলৈ চপাই আনিছে¸ ওচৰলৈ¸ বহুত ওচৰলৈ। কঁপা কঁপা ওঁঠৰে তাৰৰ গালত আঁকি দিলো মোৰ অযুত ভালপোৱা।

চেগুন বাগানত আমি দুয়ো অকলে ঘুৰি ফুৰা কোনোবাই দেখি মোৰ মাক লগাই দিলে। ঘৰত হাহাকাৰ। পিছদিনা মোক আবেলি সি থবলৈ আহিল। দুয়ো চাইকেল চলাই আহিছোঁ। গোটেই বাটত দুয়োৰে মুখত মাত নাই¸ দুয়োটাৰে মনত এক ভয়। ঘৰ আহি পাইছোহে মাৰ গালি আৰম্ভ।

মই লাজ আৰু  খঙত বিচনাত পেট পেলাই যি শুলো ৰাতিটো আৰু নুঠিলো। একো নাখালোও। সিও বেচেৰা গ'লগৈ। পিছদিনাৰ পৰা মাৰ আকৌ গালি আৰম্ভ। সময়বোৰ যেন ক্ৰমশঃ কঠিন হৈ আহিব ধৰিছে। ভুল মোৰেই। প্ৰেম নিষিদ্ধ আমাৰ সমাজত। হাইস্কুলীয়া জীৱনত প্ৰেম অপৰাধ¸ মাৰাত্মক অপৰাধ।

  দিনবোৰ পাৰ হৈ গৈ থাকিল।  সি HS ফাইনেল দি ঘৰ আহিল। মই অঙ্কৰ টিউচন যোৱাৰ বাটত তাক লগ পাওঁ। সি আহি ৰৈ থাকেহি। টিউচনৰ শেষত অলপ কথা হওঁ দুয়ো। লগৰবোৰে কথাটো গম পালে। জোকাৱা আৰম্ভ কৰিলে।

কিছু দিন পিছত তাৰ HS ৰ ৰিজাল্ট ওলাত। দুটা বিষয়ত লেটাৰসহ প্ৰথম বিভাগ। সি কটন কলেজত ৰাজনীতি বিজ্ঞানত অনাৰ্চ লৈ এডমিচন ললে। সি যেতিয়া ঘৰলৈ আহে¸ আমাৰ তাত আহেই। মোৰ ভাল লাগে বহুত। মা-হঁতে আগৰ দৰে গালি নিদিয়ে। কেতিয়াবা স্কুলৰ পৰা ঘৰলৈ গৈ দেখো সি আমাৰ ঘৰত আছে। কিমান ভাল লাগে বুজাব নোৱাৰিম। প্ৰেম কিজানি এনেকুৱাই¸ সৰু সৰু কথাতে হৃদয় উপচি পৰে। সি আমাৰ ঘৰলৈ আহিলে আমি বহুত কথা পাতো¸ একেলগে গান শুনো।

- এইবাৰ বুজিছা¸ তই মেট্ৰিক দি কটনত যাব লাগিব। দুয়ো একেখন কলেজত পঢ়িম। বহুত ফুৰিম। সি কয় মোক। সি কেতিয়াবা মোক তুমি কয়¸ কেতিয়াবা তই। মই হাঁহো। তাৰ চকুত অলেখ-লেখ সপোনৰ পাহাৰ¸ মোৰো।

You keep running from the truth, you know it's true
you think I am crazy for loving you

I wish you could see the angel I see ...

ভবা কথাবোৰ সদায় বাস্তৱত নহয়। মোৰো নহ'ল ভৱামতে মেট্ৰিকৰ ৰিজাল্ট। প্ৰথম বিভাগ পাবলৈ দুই পাৰচেন্ট কম। সব আচৰিত। মই ভীষন লাজ পালোঁ, নিজেই যেন আঁতৰি থাকিম সকলোৰে পৰা। লাজতকৈও বেছি আশাভংগৰ বেদনাই দহিছে মোক। সি বুজালে মোক মেট্ৰিকত যি হ'ল পাহৰি HS ভাল কৰি মই কটনত  যাব লাগে মই। কিন্তু এইখিনি সময়তে আমাৰ মাজত  উলট পালট হৈ গ'ল। সৰু কথা এটাতে কাজিয়া কৰিলো দুয়ো। খঙত মই তাৰ ফটো ফালি পেলাই দিলো। কথাটো গম পাই সি বহুত আঘাট পালে। তাৰ পাছত আমাৰ সংযোগ নোহোৱা হ'ল। ময়ো ইগোৰ বাবে তাক যোগাযোগ কৰিব চেষ্টাই নকৰিলো। ভাৱো সি যোগাযোগ কৰিলেই ভাল হৈ যাম আগৰ দৰে। কিন্তু তাক দেখিলে আকৌ অভিমান উথলি উঠে। স্বাভিমান এনেকুৱাই¸ ৰু-ৰোৱাই হৃদয় জ্বলাই।

My Promise to My Soldier
I promise to be there for you always
Whenever you need a helping hand
I promise to think about you daily

মোৰ HS ৰ ৰিজাল্ট দিলে। প্ৰথম বিভাগত উৰ্ত্তীৰ্ণ হ'লো। মোৰ সৰুৰে পৰা গুৱাহাটীত থাকি পঢ়াৰ ইচ্ছা। ঘৰত ক'লো সন্দিকৈত পঢ়িবৰ মন বুলি। মা নপঠিয়াই। ইচ্ছাৰ বিপৰীতে ডিগ্ৰীত সেয়ে ইয়াতে এডমিছন ল'লো। পঢ়িব লাগে পঢ়িলো। ভৱিষ্যতৰ চিন্তা নাছিল কি কৰিম বা কিবা এটা কৰিবই লাগিব বুলি।কলেজত মন গ'লে যাওঁ¸ মন নগ'লে নাযাওঁ। দিনৰ দিনটো ৰুমতে সোমাই থাকো। এবাৰ ডিচকলেজিয়েট হলো, দুবাৰ ননকলেজিয়েট। ফাইন ভৰি পৰীক্ষা দিলো। ঘৰত গালি। একঘেয়ামী সূচী বোজা হৈ পৰিছে মোৰ বাবে। ক'তো শান্তি নাপাওঁ¸ ক'তো মন নবহে। সেয়ে ডিগ্ৰী দ্বিতীয় বৰ্ষত ভাড়াঘৰত থাকিবলৈ ল'লো। লগত তিনিজনী অন্যছোৱালী। এজনী এবছৰ চিনিয়ৰ আৰু আমি তিনিজিনী একেই লগৰ।চিনিয়ৰ জনী মালিকৰ পুতেকৰ কাৰণে পাগল,সপোনত যা তা দেখে আৰু আমাৰ আগত পকপকাই থাকে। আমি হাঁহো¸ মাজে মাজে তেওঁক উৎসাহ দিও।

মই লাহে লাহে অনুভৱ কৰিছো তেওঁ (মালিকৰ পুতেকজন) যেন মোৰ প্ৰতি আকৰ্ষিত হৈছে। ছাদৰ পৰা মোলৈ চাই থাকে¸ কথা পাতিবলৈ অজুহাত বিচাৰে। এবাৰ ঘৰলৈ আহি দুদিনমান বেছিকৈ থাকিলো। এদিন সন্ধিয়া তেওঁৰ ফোন আছিল।

- হেল্ল’

- অ’ তুমি কেতিয়া আহিবা? ফোনৰ সিপাৰে তেওঁ।

- যাম দুই-এদিনতে। কিয়?

- নাই¸ এনেই।

এনে লাগিছে যেন তেওঁ ব্যগ্ৰ হৈ আছে লগ পাবলৈ। প্ৰথম প্ৰেমৰ বিচ্ছেদ আৰু দ্বিতীয় প্ৰেমৰ তিক্ততাই প্ৰেমৰ প্ৰতি বিৰাগ জন্মাইছে মোৰ। আচলতে বিৰাগ নহয়¸ অলপ ভয় অলপ অস্থিৰতা। কিন্তু এওঁ যেন অলপ ব্যতিক্ৰম। ধীৰ-স্থিৰ। যিমানেই তেওঁৰ লগত দুৰত্ব বঢ়াব বিচাৰিছো সিমানেই কাষ চাপিহে গৈ আছো। লাহে লাহে তেওঁৰ সৈতে কথা বাঢ়ি গৈ থাকিল¸ গৈ থাকিল।

One thing I ask of you...

Love me for who I am
and be true.

এদিন ভাড়াৰুমৰ বাৰান্দাত বহি আছো। ওপৰৰ পৰা কাগজৰ টুকুৰা এটা আহি ভৰিৰ ওচৰত পৰিল। ওপৰলৈ চালো¸ ছাদত তেওঁ। কাগজ টুকুৰা মেলি চালো। I Love You. Call me from latu's shop.


এনেকৈ লাহে লাহে আমাৰ সম্বন্ধ আগুৱাই গৈ থাকিল । তেওঁৰ ঘৰত  গম পালে , তেওঁলোক আমাৰ ঘৰলৈ গ'ল । এনেকৈ আমাৰ প্ৰথমে ৰেজিস্ত্ৰী মেৰিজ হৈ গ'ল আৰু কেইমাহমানৰ পাছত বিয়া। এতিয়া মই সুখী। এতিয়া কেৱল মই নহয়¸ আমি।
SHARE

About www.parthapratim.in

0 comments :

Post a Comment