পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » বাৎস্যায়ন

বাৎস্যায়ন

Written By www.parthapratim.in on Tuesday, 25 December 2018 | 09:52


কিছুমান কথাই প্ৰায়ে বিবুধিত পেলায়
বিৰতিৰ চাহকাপ হাতত লৈ ভাৱি আছো মই
নিৰ্বাক পৃথিৱীৰ ক'ত যে মাত
পানীয়ে ভাৱিছে- যদি মাটি হ'লোহেতেন
মাটিয়ে ভাৱিছে- যদি পানী হ'লোহেতেন
বহুৰাতি মই শুৱা নাই
চেপিয়া ৰঙৰ গোন্ধ শুঙি
চুই চাইছো উপনিষদৰ উৱলা পাত। বৰ্ণ। শব্দ।
জীৱনৰে জীৱনক জীৱন দিব পাৰি।
মৰমৰে মৰমক মৰম দিব পাৰি।
কিছুসময় আগৰ ভাগৰুৱা সন্ধ্যাত
আমি কথা পাতিছো গছত কোঁহ মেলাৰ
উশাহত পৃথিৱীৰ সমষ্ট প্ৰেম
হাতৰ তলুৱাত জ্বলি জ্বলি শেষ নোহোৱা মাটিৰ চাকি।
ঠিক এইখিনিতে উৎসৱ হৈছিল
হিয়া ধোৱা গধুলি উৎসৱ
উৎসৱ ঐতিহ্যৰ। জাগৰুক অৰণ্যানি।
উৎসৱ পোহৰৰ। প্ৰাচীনতম ইচ্ছাৰ।
কিছুমান কথাই প্ৰায়ে বিবুধিত পেলায়
এতিয়া ভাৱি আছো
মৰম কি এক বিনিময়!
SHARE

About www.parthapratim.in

0 comments :

Post a Comment