দাদা এজনৰ অনুৰোধ শিতান এটাৰ বাবে এজন পাঠক হিচাপে মনৰ কথা লিখিব লাগে। আচলতে অনুৰোধতকৈ দাবী বেছি। সেয়ে লিখিব লৈছো। কি লিখিম¸ কিহৰ বিষয়ে লিখিম? যিকনো এটা বিষয় লৈ মনতে কৰা পৰিকল্পনা যিমান সহজ-সৰল যেন লাগে তাক লিপিবদ্ধ কৰিবলৈ বিচৰাৰ লগে লগে ই জটিলৰ পৰা জটিলতৰ হৈ ধৰা দিয়ে আৰু বহুক্ষেত্ৰত বিষয়টো ভাল নলগা হৈ পৰে আৰু তেতিয়াই প্ৰয়েজন হয় আন এক বিকল্প বিষয়ৰ। তদুপৰি সদায় একঘেয়ামীতাৰ পৰা অলপ হ'লেও আতৰি কিবা বিশেষ লিখাৰ ইচ্ছা আৰু আগ্ৰহে এই জটিলতাৰ অনুঘটক হৈ পৰে ।
এই যে কিবা এটা লিখিম ভাৱিও লিখিব পৰা নাই বা কৰিব নোৱাৰাৰ কাৰণটো আমাৰ প্ৰচেষ্টাৰ অভাৱ বুলি বিবেচনা নকৰি বাহিৰৰ যিকোনো উৎসক দোষাৰোপ কৰিব পাৰো¸ তেন্তে নিজক ধোৱা তুলসীক পাত সজাব পাৰি¸ আৰু সংশোধন কৰাৰ একো অৱকাশে নাথাকে। সেই যে বিদ্যালয়ত পঢ়িছিলো শিয়ালটোৱে আঙুৰবোৰ ঢুকি নাপায় তিতা বুলি কোৱা সাধুটোৰ দৰে একেই। যিকনো কথা এটা সজাই পৰাই লিখা বা যিকোনো ধৰণৰ কাম এটা কেতিয়াবা কেতিয়াবা জটিল হৈ দেখা দিব পাৰে¸ কিন্তু এয়া মানে অসম্ভৱ নহয়।
আচলতে অসম্ভৱ বুলি একোৱেই নাই। এতিয়া যিবোৰ অসম্ভৱ¸ তাক মাথোন সম্ভৱ কৰাৰ পদ্ধতিহে আমি জানিব পৰা নাই (বা বিচৰা নাই)। তেনে এক পদ্ধতিৰ সন্ধানত বুক ছেল্ফৰ আগত থিয় হ'লো। আকৌ মনত প্ৰশ্ন। কি লিখিম? বুকছেল্ফত পৰিপাটীকৈ সামন্যতম কিতাপ সজাই থোৱা আছে¸ তাৰ সৰহভাগেই পঢ়া। তাৰ মাজৰ আগতে পঢ়া/নপঢ়া চাৰিখন মান কিতাপ ল'লো। উদ্দেশ্য তাৰে মাজৰ কোনোবা এখনৰ ওপৰতে টোকা এটা যুগুত কৰা। কিতাপখনৰ কেইশাৰীমান পঢ়িলো কি নপঢ়িলো (আগতে পঢ়া বাবেই কিজানি) সমস্ত কাহিনীভাগ ওলাই আহি মোৰ আগত ধৰা দিব লাগিছে। যেন কোনো ছবিৰ কাহিনীভাগ এখন এখন শ্লাইড হিচাপে থিয় কৰাই ৰখা হৈছে আৰু নিৰ্বিকাৰভাৱে মই চাই আছো। কোনো প্ৰতিক্ৰিয়া নাই¸ কৌতুহল নাই¸ গতি নাই¸ শূণ্য অনুভৱ। নাই¸ এনেকৈ আৰু নোৱাৰি । কিতাপখন জপাই থলো। এইবাৰ হাতত ললো আগতে নপঢ়া এখন অন্য কিতাপ। মন আৰু মগজুত এক অদ্ভুত কোলাহল। জোৰকৈ দুই-চাৰি পৃষ্ঠা পঢ়িলো। পঢ়াত মন বহুৱাব পৰা নাই। পঠনৰ সময়ত চঞ্চল মনে ক'ত ক'ত গমন কৰি ফুৰিছে তাৰ উয়াদিহে পোৱা নাই¸ এককথাত নিয়ন্ত্ৰনাহীন। ফলত যি গতিত পঢ়ি গৈ আছো তাৰ দুগুন গতিত পাহৰি গৈ আছো পঢ়ি অহা শব্দবোৰ। নাই এনেকৈ নহ'ব । কাহিনীৰ পৰা বিচ্ছিন্ন হৈ কেতিয়াও পাঠক হ'ব নোৱাৰি। কিতাপবো ৰ সামৰি চকীত দেহটো আউজি দিলো । এক আলস্যতাই হেঁচা মাৰি ধৰিছে। মুৰত পাকঘূৰণি খাই থাকিল ¸ কি লিখিম¸ কি লিখিম ?
২
অস্থিৰ মগজুটো স্থিৰ কৰিবলৈ (নে অধিক অস্থিৰ নাজানো) মোবাইলতো হাতত তুলি ল'লো। স্পষ্টকৈ ক'ব গ'লে এয়া এক অভ্যাস হৈ পৰিছে¸ এক নিছা (পৃথিৱীত মানুহৰ বাহিৰে চাগে এনে কোনো প্ৰাণী নাই যিয়ে নিজৰ চেতনাক কৃত্ৰিমভাৱে নিছালৈ পৰ্য্যবসিত কৰিব পাৰে)। এতিয়া আৰু মনক পতিয়ান নিয়াবলৈ অথবা কাৰোবাৰ আগত স্বীকাৰ কৰিবলৈ সংকোচ নাই যে ভাৰ্চুৱেল পৃথিৱীৰ আমি একো একোজন বাসিন্দা। মনলৈ অলস্যভাৱ আহিলেই অথবা কামৰ মাজত অকণমান সুৰুঙা পালেই আমি ভুমুকি মাৰো ইয়াত। হাজাৰজনৰ মনৰ বতৰা পাওঁ¸ লিখনিবোৰ পঢ়ো আৰু কেতিয়াবা কেতিয়াবা এই লিখনিৰেই উজাই গৈ নতুন কিবা ভাৱিব পাৰো। অৰ্থাৎ ক'ব পাৰি অইনলাইনত নিয়ন্ত্ৰিত আমাৰ জীৱনযাত্ৰা।
১০০ পৃষ্ঠাৰ কিতাপ এখনৰ হিচাপত ফেচবুকত দৈনিক কিমান পৃষ্ঠা পঢ়া যায় তাক সংখ্যাৰে হয়তো কোৱাতো সহজ নহ'ব। কিন্তু দৈনিক কিতাপৰ পৃষ্ঠা লুটিয়াই যিমান সময় খৰচ কৰা হয় তাতোকৈ অধিক সময় খৰচ কৰা হয় ফেচবুকত স্ক্ৰোল আপ-ডাউন কৰাত। কিতাপ এখন পঠনৰ সময়ত যি আমনিদায়ক ভাৱ আহে তুলনামুলকভাৱে এনে অনুভৱ ফেচবুকৰ পাঠকৰ কম আৰু আহিলেও স্ক্ৰোল আপ-ডাউন কৰি ৰুচি অনুযায়ী বেলেগ বেলেগ লেখাৰ সোৱাদ ল'ব পাৰি। আমি ফেচবুকৰ পাঠক।
৩
এই যে কিবা লিখিম বুলিও লিখিব নোৱাৰা এটা অৱস্থা বা পঢ়িব ওলালে প্ৰায়ে মন আৰু মগজুৰ হোৱা মনস্তত্বিক সংঘাত(ফেচবুকত পঢ়াৰ কথা ইয়াত কোৱা নাই)¸ হামিয়াই¸ হিকটিয়াই মনলৈ অহা আলস্যভাৱ কেৱল মোৰ লগতেই হয়নে নে বৰ্তমান সময়ৰ প্ৰায় সৰহসংখ্যক পাঠকৰে সমস্যা এয়া(যিহেতু সাধৰণ মানুহৰ আৱেগ¸ অনুভৱ তাৰ প্ৰকাশভংগী একেই হয়)? কিতাপ এখন পঢ়ি থাকিলে কোনোবা এটা বাক্যত একাত্ম হ'ব নোৱাৰিলে অথবা নটিফিকেচনৰ শব্দ শুনিলে কৌতুহল দমাব নোৱাৰি কেৱল ময়েই মোবাইলটো হাতত লওঁনে অইনেও লয়? এই চিন্তাবোৰে মুৰৰ ভিতৰত ক্ষুধাতুৰৰ দৰে সোমাই আহি পাকঘূৰণিৰ সৃষ্টি কৰিছে। যদি এই সমস্যা মাত্ৰ কোনো এজন নিৰ্দিষ্ট ব্যক্তিৰ মূৰৰ বিষ নহয়¸ তেন্তে এয়া হ'ব সকলোৰে বিষয়¸ সকলোৰে বিবেচ্য। আৰু সমস্যাৰ উত্তৰত হয়তো বিচাৰি পোৱা যাৱ আন্তঃমানৱিক শৃংখলাৰ আত্মশোধনকাৰী শক্তি। য'ত থাকিব আস্থা আৰু নিজেই নিজক গঢ় দিব পৰাৰ জোখাৰে নৱমূদ্ৰিত শৃংখলা।
বিঃদ্ৰঃ ওপৰোক্ত লিখনিটোত “মই” কেৱল মাত্ৰা লিখক নহয়¸ ইয়াত “মই” একবিংশ শতিকাৰ সমগ্ৰ সাধৰণ পাঠকৰ প্ৰতীক। ইয়াত “মই” কোনো ব্যক্তি নহয়¸ “মই” পাঠকৰ প্ৰতিনিধি।
0 comments :
Post a Comment