পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » স্থানাংক

স্থানাংক

Written By www.parthapratim.in on Wednesday, 30 August 2017 | 14:53


স্থানাংক
----------

কিবা এটাই যেন মাৰিহে পেলাইছে
সময়ৰ ফাঁকে ফাঁকে অদৃশ্য সংগীত
দ্বিকেন্দ্ৰিক বৃত্ত

দুটা আঙুলিৰ ভৰত চাৰিওপিনে চাওঁ
ঢুকি পোৱা দূৰত্বত ঘূণে ধৰা মকৰাজাল
অৰণ্যত জুই জ্বলে সেউজীয়াৰ
পোহৰ¸ পোহৰ আছেনে তাত ?

কিবা এটা বিচাৰি ফুৰিছো
পথেই সত্য এই পৃথিৱীত
হে সময়¸ তোৰ আৰম্ভণি ক'ত ?

মোৰ টোকাবহীতো এখনি আকাশ আছে
আছে হেজাৰটা সুৰুয
ক'লা ক'লা দ গাত
পোহৰ¸ পোহৰ ইয়াত
SHARE

About www.parthapratim.in

0 comments :

Post a Comment