কবিতাৰ ক্ষেত্ৰত মোৰ খোজ
নতুন ,
মই ন শিকাৰুহে । কবিতাৰ সঠিক আলোচনা কৰাটো যথেষ্ট কঠিন। । অভিজ্ঞতা অবিহনে ভুল ভ্ৰান্তি
আৱশ্যম্ভৱী । প্ৰথমতে ক্ষমা বিচাৰিছোঁ
।
.
আলোচনা কৰিব বিচৰা
কবিতাটো হ'ল কবি
হিমাক্ষী বৰাৰ
"হালধীয়া চহৰৰ বিষাদগাঁথা"
.
আলোচনাৰ আৰম্ভণিত সম্পূৰ্ণ
কবিতাটো আগবঢ়ালো...
.
.
হালধীয়া চহৰৰ বিষাদগাঁথা
আকাশএখন হাউলি পৰিছিল
তোমাৰ চহৰত,
সোঁ সোৱাই বতাহ
বলিছিল পাইনগছৰ,
উপৰা উপৰিকৈ সলাজ
সেউজীয়া অলপ
থাপি থলো
তোমাৰ
দুচকুত...
আমি বাৰু সুখীনে,
চাৰিওফালে ইমান প্ৰাণ,
প্ৰাচুৰ্য্য..
ক'ৰ পৰা
উৰি আহে
বাঁহীৰ মাততকৈও
নিৰ্জন এটি
সকৰুণ শব্দ...
হাউলি পৰা আকাশৰ
ভৰুণ মেঘবোৰে
বৰ ব্যাকুলতাৰে
সেমেকাই তুলিছিল তোমাৰ
চহৰ..
নাঙঠ শব্দ কিছুমানে
থূপ বান্ধিছিল
পুৰণি ঘড়ীটোত..
শব্দবোৰক এদিন শিশু
বুলি ধৰো
ব'লা..
সাবটি লও, নিচুকাও...
কুকুৰটোৱে ভুকি থকালৈকে
নিসংগ আমিবোৰ...
এবাৰ পাগলৰ দৰে
চিঞৰি দিয়া,
কেনভাচ বোৰৰ পৰা
ৰঙবোৰ উৰি
যাওক,
তোমাৰ বুকুত উৰি
থাকক ভালপোৱাৰ
নিচান..
তেনেকৈ কিয় চোৱা,
বৰষি থকা প্ৰতিখন
চহৰক নিচুকাব
পাৰো জানা..
শব্দবোৰৰ কথা বাদ
দিলো...
হালধীয়া পেইন্টিং খন
কিয় আজুৰি
ফাঁলি
আৰি দিলা মোৰ
দুপাত্তাত...
জোন এটাৰ দৰ
দাম কৰি
আছো গধুলি
বজাৰত...
কিনিব পাৰিলেই ফু
মাৰি উৰুৱাই
থৈ আহিম
তোমাৰ বিষন্নতাত..
মই কেনে আছো
মোক নুসুধিবা
তোমাৰ চহৰৰ পৰাই
উফন্দি বাঢ়ি
বাগৰিছে
অভিমানী মৌনতা...
.
.
.
বাস্তৱ জীৱনৰ পৰিপক্ক
অনুভৱেই হ'ল " হালধীয়া
চহৰৰ বিষাদগাঁথা"
। বিষয়বস্তুঃ সাধাৰণ হলেও কবিয়ে
যথেষ্ট সচেতনতাৰে
উন্নত ভাৱে
প্ৰকাশ কৰি
নিটোল কবিতাৰ
সৃষ্টি কৰিছে
। কবিতাৰ শিৰোনামাত প্ৰতীক ব্যৱহাৰে
(হালধীয়া) কবিতাৰ ভাৱৰ গুঢ়াৰ্থ অধিক
বৃদ্ধি কৰিছে
।
আমিবোৰ সময়ৰ
দাস ।
আমাৰ প্ৰতিটো
ইচ্ছা-অনিচ্ছা
, প্ৰতিটো খোজ ইচ্ছাৰ ওপৰত নিৰ্ভৰশীল
। নিবিচাৰা বহুত বস্তু সময়ে
আমাক উপহাৰ
দিয়ে ।
দুখ, বিষন্নতা,
বাৰ্ধক্য আমাৰ
কাম্য নহয়
, তথাপিও সময়ৰ
পৰা পাওঁ
। তেনেদৰেই নিবিচাৰাকৈয়ে আকাশখন হাউলি
পৰিছিল কবিৰ
আপোন জনৰ
চহৰত ।
পৃথিৱীৰ ভু-খণ্ডৰ উপৰিভাগত
থকা বায়ুমণ্ডলৰ
একেবাৰে
ওপৰৰ অংশই ‘আকাশ’
। আকাশ বিনন্দীয়া । বিশালতাৰ
প্ৰতীক ।
তেনে এখন
আকাশ হাউলি
পৰা কথাৰে
কবিয়ে সময়ৰ
পৰা লাভ
কৰা অনাকাংক্ষিত
ঘটনাক অভিহিত
কৰিছে ।
.
.
আমি বাৰু সুখীনে,
চাৰিওফালে ইমান প্ৰাণ,
প্ৰাচুৰ্য্য..
ক'ৰ পৰা
উৰি আহে
বাঁহীৰ মাততকৈও
নিৰ্জন এটি
সকৰুণ শব্দ.
.
.
আমিবোৰ সচাঁকৈয়ে সুখীনে
। সময়ৰ হাতোৰাত আমি সুখী
হোৱাৰ চেষ্টাত
ব্ৰতীয়েই আমাৰ
সুখৰ অন্তৰায়
। নিবিচাৰিলেও বাৰিষাৰ ঢলৰ দৰে
নামি আহে
কৰুণ সুৰ
। সুৰুঙা পালেই বয় বিষন্নতাৰ
বতাহ ।
.
.
হাউলি পৰা আকাশৰ
ভৰুণ মেঘবোৰে
বৰ ব্যাকুলতাৰে
সেমেকাই তুলিছিল তোমাৰ
চহৰ..
নাঙঠ শব্দ কিছুমানে
থূপ বান্ধিছিল
পুৰণি ঘড়ীটোত..
.
.
বায়ুমণ্ডলেৰে আবৃত বৈচিত্ৰময়
পৃথিৱীৰ উপৰিভাগক জানো
কাৰোবাক দিয়া
সম্ভৱ হ’ব পাৰে
। অথচ সময়ৰ হাতোৰাত যেন
সকলো সম্ভৱ
। এয়া সময়ৰ নিষ্ঠুৰ প্ৰতিচ্ছবি
। ভৰুণ মেঘবোৰে কবিৰ প্ৰিয়জনৰ
চহৰ সেমেকাই
দিছে ।
(পুৰণি ঘড়ী)
অতীতৰ কথাবোৰ
দোদুল্যমান হৈ ৰয় স্মৃতিৰ ৰূপত
।
.
.
এবাৰ পাগলৰ দৰে
চিঞৰি দিয়া,
কেনভাচ বোৰৰ পৰা
ৰঙবোৰ উৰি
যাওক,
তোমাৰ বুকুত উৰি
থাকক ভালপোৱাৰ
নিচান..
.
.
যান্ত্ৰিকতাৰ কোকোঁৰা চেপাত
বিধস্ত আমিবোৰ
। সময়ৰ খহনীয়াত চপৰা চপৰে
খহে আমাৰ
ইচ্ছা ।
অথচ আমাৰ
সুখবোৰ তাতেই
আছে ।
সেয়ে কবিয়ে
খেয়ালী মনোভাৱৰে
কৈছে পাগলৰ
দৰে চিঞৰিব
। হেপাঁহৰে সময় উপভোগ কৰিব
। তেতিয়া কাংক্ষিত ৰঙা নিচান
উৰিব বুকুত
।
.
.
বৰষি থকা প্ৰতিখন
চহৰক নিচুকাব
পাৰো জানা..
শব্দবোৰৰ কথা বাদ
দিলো...
হালধীয়া পেইন্টিং খন
কিয় আজুৰি
ফাঁলি
আৰি দিলা মোৰ
দুপাত্তাত...
.
.
প্ৰাকৃতিক পৰিঘটনাবোৰ প্ৰকৃতিৰ
ওপৰত নিৰ্ভৰশীল
। শব্দৰ বাহিৰে সজোৱাৰ বাদে
আমিবোৰ দৰ্শক
মাথোঁ ।
পৰা হলে
হালধীয়া সৰাপাতবোৰ
সেউজীয়া কৰি
গুজি ললো
হয় বুকুত
। দুখবোৰ সলনি কৰিলো হয়
সুখৰে ।
.
. জোন এটাৰ দৰ
দাম কৰি
আছো গধুলি
বজাৰত...
কিনিব পাৰিলেই ফু
মাৰি উৰুৱাই
থৈ আহিম
তোমাৰ বিষন্নতাত..
.
.
জোন সুখ , বিশ্বাস,
সত্যৰ প্ৰতীক
। বিষন্নতাৰ ভৰত দো খাই
পৰা প্ৰিয়জনৰ
চহৰত কবিয়ে
গুজি দিব
বিচাৰে জোন
, চটিয়াব বিচাৰে
জোনাক ।
কবি সুখানুসন্ধানত
ব্ৰতী ।
কবি ইয়াত
যথেষ্ট আশাবাদী
।
.
.
মই কেনে আছো
মোক নুসুধিবা
তোমাৰ চহৰৰ পৰাই
উফন্দি বাঢ়ি
বাগৰিছে
অভিমানী মৌনতা...
.
.
এয়া বাস্তৱ কল্পনা
। প্ৰিয়জনৰ চহৰৰ পৰা চিটকি
অহা বিষন্নাৰ
টুকুৰাবোৰে কবিকো আঘাত কৰিছে ।
.
.
.
কবিতাটোত চিত্ৰকল্প, প্ৰতীকৰ
ব্যৱহাৰ আৰু
ভাৱৰ উপস্থাপন
মনোগ্ৰাহী । শব্দচয়নত কবি সচেতন
। কবিতাটোত
কথোপকথন ( শব্দবোৰক এদিন শিশু বুলি
ধৰো ব'লা/ এবাৰ
পাগলৰ দৰে
চিঞৰি দিয়া/
তেনেকৈ কিয়
চোৱা,
বৰষি থকা প্ৰতিখন
চহৰক নিচুকাব
পাৰো জানা..)
ব্যৱহাৰে কবিতাটো
অধিক সুখপাঠ্য
কৰি তুলিছে
।
.
কবিতাৰ আৰম্ভণিত " আকাশ এখন হাউলি..." "এখন" শব্দ প্ৰয়োগে ভিন্ন আকাশৰ
উপস্থিতিৰ প্ৰশ্ন এৰি থৈ যায়। আৰু
"..." উক্ত চিন বহল
ভাৱে প্ৰয়োগ
কৰাত কবিতাটোৰ
আংগিক দিশত
কিছু প্ৰভাৱ
পৰিছে একেদৰে
শিৰোনামা আৰু
কবিতাটো একাকাৰ
হোৱাটোও কবিতাটোৰ
আংগিক দিশৰ
দুৰ্বলতা ।
0 comments :
Post a Comment