পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » কথকতা

কথকতা

Written By www.parthapratim.in on Wednesday, 30 August 2017 | 14:54


অ'ই ক'ত আছা ?
সময়ৰ কোনটো কোণত
শুণা
আধাখোলা খিৰিকীৰ ফাঁকৰে চোৱাচোন জোনটো
এয়া চোৱা
জোনাক সৰি পৰিছে শিতানৰ গাৰুত
দেখিছানে ?

অ'ই জানা
কথা পাতিবলৈ অলপ মৌনতা লাগে
কথা সিঁচিবলৈ অলপ জোনাক
কিন্তু
নিশাহৰ সমান গধুৰ হুমুনিয়াহৰে
উশাহত কঢ়িয়াই ফুৰিছো
দুখৰ কেচেমা কেচেম এটা গোন্ধ ।

এই যে সেউজীয়াৰ মাজেৰে এটা বাট আছে
যি বাটৰে ওলাব পাৰি ভালপোৱাৰ ঘৰ…
মিছা  ।
আচলতে কি জানা
ভালপোৱাৰ মাজতহে আছে সেউজীয়া অৰণ্য
বুজিছা ?

জানো¸
কৃষ্ণচুড়াৰ ৰঙাতো গভীৰ নীলা
সোনাৰুক হালধীয়া
সেয়ে চাগে
হেৰোৱা সপোন আৰু বিধস্ত জোনাকে প্ৰায়ে জোকাই
প্লিজ¸ কিবা কোৱা
SHARE

About www.parthapratim.in

0 comments :

Post a Comment