সপোনটোৰ আৰম্ভণি:
---------------------
---------------------
এটা সপোন আছিল (আছে) । এদিন বৰ্ণময় পখিলাৰ দৰে মই গৈ থাকিম¸ গৈয়ে থাকিম । চৌপাশে থাকিব সেউজীয়া আৰু সেউজীয়া । সিদিনা মোৰ কোনো বাধা নাথাকিব¸ মন গ'লে দৌৰিম¸ চিঞৰিম¸ গান গাম¸ কবিতা মাতিম ¸ আসঃ । মোৰ মুৰৰ ওপৰত থাকিব এখন নীলিম আকাশ¸ শান্ত¸ সৌম্য । মোঘবোৰ দৌৰিব¸ মোক চুই যাব আৰু মই আলফুলে সাৱটি হম এক দূৰ্দান্ত ৰনুৱা ঘোঁৰা । এটা সপোন আছে¸ মইৰ মাজত লুকাই থকা মই হৈ এদিন ঢাপলি মেলিম দূৰলৈ¸ দূৰলৈ ¸ দূৰলৈ।
: ফটোখন ক'ৰ হয়? ইম্মান ভাল লাগিছে ! - বন্ধু হীৰকৰ হোৱাট্চএপৰ ষ্টেটাচত এখন সেউজীয়া ফটো দেখি সুধিলো । সপোনৰ সৈতে সাদৃশ্য থকা এখন ফটো ।
: জুক’ ভেলী (Dzukou valley) । যাবা?
:কেতিয়া?
: ২৫ আগষ্ট
বছ¸ এয়াই আৰম্ভণি । প্ৰথম প্ৰেমৰ প্ৰেয়সীক প্ৰথমবাৰ দেখা পাব যোৱাৰ দৰে বুকুত অবুজ ধপধপনি । বুকুত বৈ থকা পুৰণি সপোন উলিয়াই চুই চাৱ পাৰিম জুক'ৰ সুবিশাল বৰ্ষাৰণ্য¸ উপভোগ কৰিম তাৰ ঐশ্বৰ্য অহংকাৰৰ সম্ৰাজ্য । জুক'ত যোৱাক সকলো প্ৰস্তুতি সম্পূৰ্ণ । অফিচত কৈ ৩ দিনৰ চুটি লৈ ললো । প্ৰয়োজনীয় সকলো সামগ্ৰী কিনিলো । এতিয়া অপেক্ষা ২৫ আগষ্টলৈ । জুক' ভেলী ¸ আমি গৈ আছো ।
জুক’ ভেলীলৈ বুলি...
-------------------------------
২৫ আগষ্ট¸ নিশা ১১.৩৫ত ট্ৰেইন । যাত্ৰাৰ বাবে সকলোবোৰ সামগ্ৰী দিনতেই যোগাৰ কৰিলো । ILP দিনতেই ৰুক্মিনীগাওঁত থকা নাগালেণ্ড হাউচৰ পৰা সংগ্ৰহ কৰিলো । একো যেন বাদ পৰি নাযায় তাৰ বাহে তালিকা বনাই আকৌ এবাৰ চালো । সকলো ঠিকেই আছে ।
-------------------------------
২৫ আগষ্ট¸ নিশা ১১.৩৫ত ট্ৰেইন । যাত্ৰাৰ বাবে সকলোবোৰ সামগ্ৰী দিনতেই যোগাৰ কৰিলো । ILP দিনতেই ৰুক্মিনীগাওঁত থকা নাগালেণ্ড হাউচৰ পৰা সংগ্ৰহ কৰিলো । একো যেন বাদ পৰি নাযায় তাৰ বাহে তালিকা বনাই আকৌ এবাৰ চালো । সকলো ঠিকেই আছে ।
আমাৰ ট্ৰেইন পল্টনবজাৰ ষ্টেচনৰ পৰা । তাতেই আমি আটাইবোৰ লগ হ'ম । ভাড়াতীয়া টেক্সীত বিকাশ¸ মনোজ¸ তুল আৰু মই পল্টনবজাৰলৈ আহিলো ।ইতিমধ্যে সকলোবোৰ ৰৈ আছিল । আমি মুঠতে ১৪ জন ( প্ৰথৱাস্থত ২১জন যোৱাৰ কথা আছিল যদিও আসুবিধাৰ বাবে ৭ জন যাব নোৱাৰিলে¸ আৰু ইয়াৰ দুজন ভেলী নাযায়¸ গতিকে পিছলৈ ১২ জন লিখিম )। গোটৰ সকলোৱেই সকলোকে চিনি নাপায়¸ আমি ট্ৰেইনতে চিনাকি হ'লো । সম্পৰ্কবোৰ হৃদয়তহে¸ মুখবোৰ অদেখা হ'লেনো কি হ'ব । সহজতে আপোন হ'লো আটাইবোৰ ।
ট্ৰেইনত বিপ্লৱ দা¸ অপূৰ্ব হ'তে সকলোকে টি-চাৰ্ট বিলাই দিলে । নৱ-হীৰকে সকলোকে আকৌ এবাৰ চিনাকী কৰাই দিলে । নিজৰ নিজৰ আসনত বহি সকলোৱে যাত্ৰা কৰিলো জুক' ভেলীলৈ বুলি ।
নগালেণ্ডৰ সুন্দৰী আৰক্ষীকেইজনী¸ অনাৰস বেচা মহিলা কেইজনী…
----------------------------------------------------------------------------
----------------------------------------------------------------------------
ডিমাপুৰ ষ্টেচন পাওঁতে ৰাতিপুৱা ৪ বাজি ৪৫ মিনিটত পালোঁ । বাহিৰত বৰষুণ । ষ্টেচনৰ দোকানত সুধি গম পালো যোৱা দুদিনৰ পৰাই নেৰানেপেৰা বৰষুণ হৈ আছে । মনটোত অলপ দুখ লাগি গ'ল । বৰষুণ দিলে ঠায়ে ঠায়ে পাহাৰ খহি ৰাষ্টা বন্ধ হয় বুলি শুনিছো । একেদৰে জুক'ত যোৱা ৰাস্তাও তথৈবচ হয় । তাতে আৰু পাহাৰীয়া একাবেকা পথ । ডিমাপুৰ ষ্টেচনত মুখ-হাত ধুই আটায়ে চাহ খালো । দুজনমানে গা ধুলে । বাহিৰত বৰষুণ হৈয়ে আছে । মেঘে ঢাকি থকা ডাৱৰীয়া আকাশ । ষ্টেচনত গুৱাহাটীৰ পৰা যোৱা অন্য ৫ জন ল'ৰা লগ পালো । তেওঁলোকো জুক’ ভেলীলৈ যাব । উপযাচি তেওঁলোকৰ সৈতে চিনাকি হ'লো । তেওঁলোক গুৱাহাটী মাউন্টেনিং ক্লাৱৰ পৰা গৈছে । ইয়াৰ আগতেও তেওঁলোকৰ দুজন জুক’লৈ আহিছিল । তেওঁলোকৰ অভিজ্ঞতাৰ দুই-এটা কথা ক'লে । ১০ মিনিটমান কথা হৈ জুক’ত লগ পোৱাৰ আশাৰে তেওঁলোকৰ পৰা বিদায় ল'লো ।
এতিয়া আমি ইয়াৰ পৰা ক‘হিমা যাম । ডিমাপুৰৰ পৰা কহিমাৰ দূৰত্ব ৭৫ কিঃমিঃ । ৰাস্তা ঘাটৰ অৱস্থা শোচনীয়া বাবে এই দূৰত্ব যাবলৈ তিনিঘন্টা লাগে । ষ্টেচনৰ বাহিৰতে টেক্সী আদি গাড়ী পোৱা যায় । আমি টেক্সী ল'বৰ বাবে ষ্টেচনৰ বাহিৰৰ টেক্সী ষ্টেণল্ডলৈ গলো । টেক্সী ষ্টেণ্ডত বহুতো দালাল থাকে । বহুতো টেক্সী ড্ৰাইভাৰে নাগামিজৰ বাহিৰে অন্য ভাষা নাজানে বাবে এই দালালবোৰে যাত্ৰী আৰু ড্ৰাইভাৰৰ মাজত মতবিনিময় কৰে । সম্ভৱ ইয়াৰ বাবে তেওঁলোকে কমিচন পায় । আমাৰ লগতো এনে হ'ল । কেইজনমান দালালে আমাক আগুৰি ধৰিলে ক'ত যাম¸ ক'লৈ যাম । আমাৰ গ্ৰুপটো ডাঙৰ হোৱা বাবে এখন গাড়ীতে যাব অসুবিধা । সকলো বন্দবস্ত কৰি দুখন Eco Sport ল'লো । এখনত সাতজনকৈ বহিব পাৰি । ভাড়া গাইপতি দুশ বিশ ।
নগা পাহাৰৰ একা বেকা পথৰে আমাৰ গাড়ী আগবাঢ়িছে । বাহিৰত বৰষুণ একেই । গাড়ীৰ খিৰিকী খুলি দিলেই বৰষুণৰ পানী ভিতৰলৈ চিটিকি আহে । খিৰিকী খুলি চালেহে কিবা এটা ভাল লাগে । তিতিলেও তিতিম ভাৱি মাজে মাজে খিৰিকী খুলি দিওঁ । এচাতি ঠাণ্ডা বতাহ সোমাই আহিল । খিৰিকী বাহিৰলৈ চালো¸ নতুন ঠাইৰ নতুন পৰিবেশ ।
ৰাস্তাৰ অৱস্থা একেবাৰে বেয়া । বৰষুণৰ বাবে ৰাস্তাৰ মাজতে পানী জমা হৈছে । ৰাস্তাৰ এঠাইত গাড়ী ৰখাই পুৰী খালো এটায়ে । আমি খাই থকাৰ মাজতে হোটেল খনলৈ দুজনী আৰক্ষী সোমাই আহিল । দুয়োৰে দেহত যৌৱনৰ ভৰপক সময় । এক কথাত অপূৰ্ব সুন্দৰী ।
আকৌ যাত্ৰা । খিৰিকীৰে বাহিৰৰ সৌন্দৰ্য উপভোগ কৰি গৈ আছো । কোনো দুখন ঠাইৰ ভৌগলিক পৰিবেশৰ তাৰতম্যই জীৱন নিৰ্বাহত বহুল প্ৰভাৱ পেলাই । সেই জৈৱবৈচিত্ৰৰ সন্ধানত ঢুকি পোৱা দূৰত্বলৈ দৃষ্টি এৰিছো । ক্ৰমান্বয়ে আমাৰ গাড়ী ওপৰলৈ গৈ আছে । ৰাস্তাৰ দাঁতিত নগা তিৰোতাই অস্থায়ী চাং সাজি আনাৰস বিক্ৰী কৰিছে । জনবসতি যথেষ্ট সেৰেঙা¸ চৌপাশে মাথো পাহাৰ আৰু পাহাৰ । পাহাৰীয়া একেবেকা পথৰে পাহাৰ ¸ আকাশ আৰু মেঘৰ প্ৰাকৃতিক দৃশ্যই নান্দনিক ৰূপত ধৰা দিছে । আসঃ ইমান সুন্দৰ । এইবোৰ একো একোটা কবিতা¸ একোটা গাণ ।
ৰাস্তাৰ এঠাইত ভূমিস্খলন হৈ বোকাৰ তৰপ পৰিছে । এজন Yamaha RX100 ৰাস্তাত ফঁচি আছে । তাৰ মাজৰে আমাৰ গাড়ী পাৰ হৈ গ'ল । ৰাস্তাৰ এফালে নাগা পাহাৰ¸ আনফালে কলকল শব্দৰে বৈ থকা কোনো এক অনামী নদী ।
ক’হিমা পাওঁতে প্ৰায় ১২.৩০ হ'ল । ৰাস্তাত হোৱা ভূমিস্খলনৰ বাবে মূল পথ এৰি অন্য পথৰে আহিব লগা হোৱা বাবে তিনি ঘন্টাৰ ঠাইত ৫ ঘন্টাতকৈও অধিক সময় লাগিল । গাড়ীৰ পৰা নামি ভাড়া দিবৰ সময়তে কেনা লাগিল । আগতে বন্দোবস্ত কৰা মতে ২২০ টকা ল'বলৈ তেওঁৰ অমান্তি¸ অন্য পথৰে আহিব লগা হোৱা বাবে অতিৰিক্ত আশী টকাকৈ এজনৰ মুঠ তিনিশ টকাকৈ লাগে । তৰ্ক কৰি সময় নষ্ট কৰাতকৈ তেওঁক তিনিশ টকাকৈ দিলো ।
আমাৰ ১৪ জনীয়া গ্ৰুপ টোৰ দুজন ভেলীলৈ নাযায়¸ তেওঁলোকক ক‘হিমাতে এৰি আমি জুক‘লৈ যাব ওলালো ।জুক’ত কোনো সামগ্ৰী কিনিব নাপায় বাবে ক‘হিমাতে কিনিলো । ক'হিমা নাগালেণ্ডৰ ৰাজধানী । ডিমাপুৰতকৈ ৰাস্তা তুলনামূলক ভাৱে যথেষ্ট ভাল যদিও উন্নত বুলিব নোৱাৰি । পাহাৰবোৰত ঘন জনবসতি ।
ক‘হিমাৰ পৰা তিনিখন টেক্সী ভাড়াত লৈ আমি জুক‘লৈ ৰাওঁনা হ'লো । এখনত ৪ জনকৈ যাব পাৰি । বিশ্বামা ভিলেজলৈ দূৰত্ব ২৫ কিঃমিঃ¸ ভাড়া ১৮০০ আৰু তাৰ পৰা অলপ দূৰৰ জুক’ পইন্টলৈ গ'লে ২০০০ । যিহেতু জুক’ পইন্টৰ পৰা ভেলীলৈ ১১+ কিঃমি খোজ কাঢ়িবই লাগিব¸ গতিকে অতিৰিক্তভাৱে ৭ কিঃমিঃ খোজ নাকাঢ়িবলৈ জুক' পইন্টলৈ টেক্সী লৈ যোৱাতো ঠিক কৰিলো । জুক'লৈ যোৱাৰ দুটা ৰাস্তা আছে । এটা জাখামা হৈ (Zakhama) আনটো বিশ্বামা ৰোড (Visweema) । আমি বিশ্বামা হৈ যাম । জাখামা হৈ কিছু দূৰত্ব কম যদিও এই পথ অতি থিয়¸ আৰু কষ্টসাধ্য । তুলনামূলকভাৱে সহজপথৰে যাবহে আমি প্ৰস্তুত ।
কহিমাৰ পৰা অলপ গৈ ট্ৰেফিক জামত ফঁচিল । ৰাস্তাৰ এটা ফাল সম্পূৰ্ণ মুকলি যদিও কোনো এখন গাড়ীয়েও ট্ৰেফিক আইন উলংঘা কৰিব চেষ্টা নাই¸ আমাৰ মূলকত হোৱা হ'লে…? কিছু সময় পিছত জাম মুকলি হ'ল । গাড়ীৰ ড্ৰাইভাৰজনে হিন্দী-ইংৰাজী মিশ্ৰিত ভাষাত নাগালেণ্ড আৰু জুক’ ভেলীৰ বিষয়ে সাম্যক বিৱৰণ দি আছে । আচিনাকি ঠাই¸ চকুৰে নতুন নতুন পৰিবেশ আৱিস্কাৰ কৰি গৈ আছো । খিৰিকীৰে দুৰৰ পাহাৰবোৰ দেখি । পাহাৰৰ মাজৰ অংশত মেঘবোৰে খেলি আছে । এক বৰ্ণণাতীত অতীৱ সুন্দৰ । প্ৰায় ২.২০ মানত জুক' পইন্ট পালো । পিছদিনা দেওবাৰ¸ নাগালেণ্ড বন্ধ । গতিকে আজিয়েই কাইলৈৰ বাবে টেক্সী বন্দোবস্ত কৰিলো । এতিয়া আমাৰ যাত্ৰা কৰিম জুক'লৈ ¸ যি যাত্ৰাৰ বাবে বাটকুৰি বাই আহিছো ।
জুক’ ভেলী বহু দূৰ¸ বেছকেম্প বহু দূৰ
-------------------------
-------------------------
আমাৰ ১২ জনীয়া দলটো লাহে লাহে আগবাঢ়িলো । ক্ৰমান্বয়ে ওপৰলৈ যোৱা শিলাময় আকোৱা-পকোৱা পথ । এতিয়ালৈ আমাৰ মোবাইলৰ পৰা নেটৱৰ্ক বিচ্চিন্ন হোৱা নাই । হীৰকে ফেচবুকত লাইভ ভিডিও আছে¸ লাইভত ১২ টা যৌৱন প্ৰাণোঞ্চল হাঁহি । যোৱাৰ আগতে জুক' ভেলীৰ বিষয়ে সাম্যক জ্ঞান লৈ গৈছিলো যদিও ৰাস্তা-পথ কেনে হ'ব তাৰ সম্পূৰ্ণ ধাৰণা নাছিল । অলপ দূৰ খোজ কাঢ়ি গৈ আমি ৰৈ দিব লগা হ'ল । ভূমিস্খলনৰ ফলত ৰাস্তাৰ ওপৰত ৫-১০ ইঞ্চিমানৰ বোকাৰ তৰপ । ১৫ ফুটমানলৈ এনেকুৱা । ৰাস্তা পাৰ হ'বলৈ এয়া গচকিবই লাগিব । অন্যথা বিকল্প নাই । মোৰ আগত কেইজনমানে তেনেকৈয়ে পাৰ হৈ গ'ল । ইমানেই বোকা যে জোতা সম্পূৰ্ণকৈ বুৰ যায় । উপায় নাই বাবে জোতা সুলকাই হাতত লৈ পাৰ হ'লো । কিন্তু এয়া কি ? মোৰ ভৰিত দেখোন এডাল জোক । আজিলৈ জোকে ধৰি পোৱা নাই¸ হাতৰ জোতা মাটিত দলিয়াই হাতৰে জোক এৰুৱালো । মোৰ দৰে বেলেগ দুই এজনকো জোকে ধৰিছে । ৰাস্তাৰ আৰম্ভণিতে এনে¸ পিছলৈ বা আৰু কেনে?
পাহাৰৰ পৰা নামি অহা সৰু সৰু নিজৰাৰ পানী ৰাস্তাৰ মাজৰে বৈ গৈছে । তেনে এটা সুতিত হাত ভৰিৰ বোকা ধুলো । খালী ভৰিৰে অকনমানো যাব নোৱাৰি¸ জোঙাল শিলবোৰে বিন্ধে । ৰাস্তাৰ এফালে ওখ নগা পাহাৰ¸ আনফালে হেজাৰ ফুট দ’ ¸ দূৰত আকৌ পাহাৰ । মেঘবোৰ তলত¸ আমি মেঘৰ ওপৰৰে গৈ আছো । যেন কোনো স্বপ্নৰ দেহলৈ যোৱা আমি স্বপ্নাতুৰ । মাজত ৰৈ ৰৈ ফটো উঠিলো¸ এইবোৰ স্মৃতি¸ লগতো ৰেষ্ট লোৱাও হ'য় । প্ৰায় দুঘন্টা খোজ কাঢ়াৰ পিছত অস্থায়ী ৰেষ্ট কেম্প এটা পালো । এই কেম্পবোৰ কোনোবাই ব্যক্তিগত সাজি উলিয়াইছে । ইচ্ছা কৰিলে ইয়াত ৰাতি থাকিবও পাৰি¸ তাত কিছু সময় ৰেষ্ট লৈ আমি পুণৰ ভেলীলৈ বুলি খোজ পেলালো । ইতিমধ্যে আমাৰ গ্ৰুপৰ দুজন আমাৰ বহু আগত গৈছিল । আমি লাহে লাহে গৈ থীকিলো । আমাৰ লগে লগে ভেলীলৈ যোৱা আৰু তাৰ পৰা নামি অহা বহুতো দল আমাৰ চকুত পৰিছিল । তেওঁলোকক সুধি জানিলো যে ভেলীলৈ আৰু প্ৰায় ৫-৬ ঘন্টাৰ বাট । কিছুসময় খোজ কঢ়াৰ পিছত এটা ডাঙৰ নিজৰা পালো । পাহাৰৰ পৰা নামি অহা পানীৰ শব্দই পৰিবেশতো অধিক নৈসৰ্গিক কৰি তুলিছে । চৌপাশৰ সৌন্দৰ্যই আমাৰ ভাগৰ বহু পৰিমানে কমাই ৰাখিছে । এতিয়া পাহাৰৰ মাজৰে এটা ঠেক আৰু থিয় খটখটিৰে আমি যাব লাগিব । আমাৰ দলৰ পিছ পৰা দুজন সদস্য আহি একেলগ হ'ল । আমি একেলগে খটখটিৰে যাত্ৰা কৰিলো । পথটো থিয় বাবে অলপ গৈয়ে ভাগৰ লাগিল । অলপ গৈ ৰওঁ¸ আকৌ যাওঁ । ইতিমধ্যে নগাপাহাৰত সন্ধ্যা নামিছে । পাহাৰৰ ওখ ওখ গছ আৰু জংঘলৰ বাহিৰে দেখিবলৈ একো নাই । এঘন্টামান এনেকৈ যোৱাৰ পিছত আটাইবোৰ ভাগৰত লেবেজান হ'লো । আৰু কিমান দূৰ?? এই ধাৰণা এজনৰো নাই¸ ইমান দূৰ্গম আৰু ইমান সময় খোজ কৰাৰ অভ্যাসো নাই । টৰ্চ¸ মোবাইল ফোনৰ পোহৰত সাৱধানে খুপি খুপি গৈ থাকিলো । অলপ সমতল ঠাই পাই তাত ৰখিলো । সম্ভৱ খটখটি শেষ । আমাৰ পিছে আৰু এটা গ্ৰুপ আহি আমাৰ লগ লাগিল । অচিনাকি পৰিবেশ আৰু এনে দূৰ্গম ঠাইত ধনতকৈ জনৰ হে বেছি প্ৰয়োজন । তাতো গ্ৰুপটো অসমৰ । ভাল লাগিল । অলপ সময় তাত ৰেষ্ট লৈ আকৌ যাত্ৰা আৰম্ভ কৰিলো । কিন্তু ই কি¸ পুনৰ খটখটি । “জুক'লৈ যে কিয় আহিছিলো¸ জীৱনৰ এটা চৰম ভুল সিদ্ধান্ত এয়া । এটায়ৰে মুখত এয়া স্বগতোক্তি ।” জুক' ভেলী দেখাতকৈ যেন ঘৰলৈ ওলটাতোহে যেন অধিক প্ৰাসংগিক হৈ পৰিছে । কি কম! ইমান দূৰ্গম আৰু কষ্টকৰ বুলি অলপো ধাৰণা নাছিল । ভেলীৰ অপৰূপ সৌন্দৰ্যৰ কথা মনত পেলাই মনত সাহস গোটাই লওঁ যদিও আগৰ ভয়ানক ষ্টেপবোৰে সাহসবোৰ সেমেকাই তোলে । এনেদৰে খোজ কাঢ়ি¸ খটখটি বগাই প্ৰায় ৭ বাজি ১৫ মিনিটত জুক' ৰেষ্ট কেম্প পালো । ৰেষ্ট কেম্প মানে ইয়াত মাথো বহিহে ৰেষ্ট ল'ব পাৰি । আমাৰ ৰাষ্টাৰ কাষত থকা জিৰনী চ'ৰাবোৰ যেনে¸ ঠিক তেনে এটা ঘৰ । আমি এটাইবোৰ তাত বহিলো । ভাগৰত গোটেইকেইটা লেবেজান । ইতিমধ্যে বৰষুণ কমিছিল । মেঘবোৰ নগাপাহাৰৰ বুকুলৈ নামি আহিছিল । এচাটি শীতল বতাহ বৈ আছে । ইয়াৰ পৰা জুক' ভেলীৰ বেছ কেম্প আৰু তিনি ঘন্টাৰ বাট । নিশাতো তাতেই থাকিম । ইতিমধ্যে ৰেষ্টকেম্পৰ এটা গ্ৰুপ আগৰে পৰা ৰেষ্ট লৈ আছিল । তেওঁলোকৰ দুজন আগতেও ইয়ালৈ আহিছে । এতিয়া মুঠতে আমি তিনিটা গ্ৰুপ একেলগ হ'লো¸ ২০জনতকৈও অধিক মানুহ । নিশা গভীৰ আৰু বতৰটো ডাৱৰীয়া বাবে ৰেষ্ট কেম্পটোতে ৰাতি কটাবৰ দুজনমানে প্ৰস্তাৱ দিলে । নিশা যিমানেই গভীৰ¸ শীত সিমানেই নীমে¸ আৰু ইমান ঠাণ্ডা মোকাবিলা কৰিবলৈ কোনো প্ৰস্তুত হৈ যোৱা নাছিলো বাবে বেছকেম্পলৈ যোৱাটো ঠিক কৰিলো ।
আগতে ভেলীলৈ এবাৰ অহা অন্য গ্ৰুপৰ ল'ৰা কেইজনে সমস্ত গ্ৰুপৰ নেতৃত্ব ল'লে । আমি তেওঁলোকক অনুসৰণ কৰিলো । ১০ মিনিট মান খোজ কাঢ়িয়েই তেওঁলোক ৰৈ দিলে¸ আমিও ৰলো । সম্মূখত কোনো পথ নাই । ভূমিস্খলনে ৰাস্তাৰ চিন-মোকাম নোহোৱা কৰিছে । এতিয়া কি হ'ব ?? আটায়ৰে ভাগৰত জৰ্জৰিত দেহ আৰু মনত এক অবুজ সংশয় । আগলৈ কি হয়¸ ৰাস্তা কেনে কাৰো ধাৰণা নাই । সাহস মাথো এটাই যে আমি অকলে নাই । ইতিমধ্যে সমস্ত গ্ৰুপৰ নেতৃত্ব দিয়া ল'ৰা দুজনৰ পাহাৰৰ পৰা তললৈ নামি যেৱা লুংলুঙীয়া বাট এটাৰে নামি গ'ল । (সেইটো পথ হয়নে নহয়¸ তেওঁলোকো নিশ্চিত নহয়¸ সেইটোৰে যাব পাৰি নেকি চাৱলৈহে নামি গৈছিল ) । আমাৰ গ্ৰুপৰ দুজনমানে আপত্তি কৰিলে¸ তাতকৈ ৰেষ্ট কেম্পতে ৰাতিটো কটাই দিওঁ । ঠাণ্ডা লাগিলে জুই ধৰিম । অলপ পোহৰ হ'লে ঘৰমূখী যাত্ৰা কৰিম¸ ভেলী বাই বাই আৰু । সকলোৰে মনত ভেলী চোৱাৰ উৎসাহবোৰ নিৰ্বাপিত হৈ গৈছে । ইয়াত অহাতো যেন বহুত ডাঙৰ ভুল সিদ্ধান্ত হৈছে সেয়া ক্ৰমশঃ দৃঢ় হৈ থাকিল । যি হয় হ'ব ভাৱি ৰেষ্ট কেম্পত নাথাকো কৈ আগলৈ গৈ থাকিলো । ৰাস্তা অতিশয় বেয়া¸ কেইটামান ষ্টেপ পাৰ হ'বলৈ প্ৰায় শুৱাৰ নিচিনাকৈহে পাৰ হ'ব লাগে । এনেদৰে অলপ সময় গৈ পাহাৰৰ লুংলুঙীয়া সমতল বাট এটাত আমি উঠিলো । ইয়াৰ পৰা আগলৈ আৰু এনেকুৱাই । আগৰ কোনোবা এজনে চিঞৰি ক'লে । যাহওঁক পাহাৰ ওখোৰা মোখেৰা বাটতকৈ এয়া কিছু সুবিধাজনক । পিঠিত ১২-১৫ কিঃগ্ৰা ওজনৰ বেগ আৰু প্ৰতিজনে হাতত টৰ্চ লৈ সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় ৮০০০ ফুট ওপৰৰ লুংলুঙীয়া বাটৰে গৈ থাকিলো । দিনৰ ভাগত বৰষুণ হোৱা বাবে ৰাস্তাত বোকা আৰু ঠায়ে ঠায়ে পিছল । ৰাস্তাৰ বহল মাত্ৰা ১-২ ফুট । মাজে মাজে ইমান ঠেক যে একেলগে দুখন ভৰিও দিব নোৱাৰি । মৰনত শৰণ দি লাহে লাহে গৈ থাকিলো । বতাহৰ হো-হোৱনি¸ তলৰ নিজৰাৰ শব্দ আৰু ভৰিৰ খোজৰ শব্দই এক অদ্ভূত ৰূপ লৈছে । ভাগৰৰ সমান্তৰালকৈ ভৰিৰ গাঠিত অলপ অলপ বিষ অনুভৱ হৈছে । মাজে অলপ ৰৈ ৰেষ্ট লওঁ । আসঃ কি কষ্টকৰ যাত্ৰা । ইতিমধ্যে আমাৰ গ্ৰুপটো বহু কেইটা সৰু গ্ৰুপত ভাগ গলো । কেনেকৈ গোটৰ পৰা বিচ্চিন্ন হ'লো নাজানো¸ হয়তো ৰেষ্ট লোৱা সময়খিনিত বহুত আগবাঢ়ি গ'ল । এতিয়া আমাৰ গ্ৰুপত বাকী ৰ'লো মাত্ৰা ৫ জন । চিনু আগত¸ বিকাশ¸ মই¸ অজিত আৰু নৱ । পাহাৰৰ তলৰ পৰা পানীৰ শব্দ আৰু আমাৰ ভৰিৰ খপ-জপ শব্দৰ বাদে শুণিব একো নাই । আন্ধাৰত অন্ধ হৈ শুই পৰিছে নগা পাহাৰ¸ তৃণজাতীয় ঘাঁহৰ পাহাৰ যদিও মাজে মাজে থকা ওখ গছবোৰে দৈত্যৰ দৰে আমাক চাই আছে¸ যেন পৰিহাস কৰিছে । এনেকৈ প্ৰায় দুঘন্টা মান খোজ কাঢ়িলো¸ বেছকেম্প পোৱাৰ কোনো নাম গোন্ধে নাই । আৰু কিমান দূৰ ? এক অজান সংশয় আৰু অনিশ্চয়তাত ভাগৰবোৰ অধিক হৈছে । আমাৰ গোটৰ আগত যোৱাকেইজনক নাম কাঢ়ি চিঞৰো¸ তেওঁলোকে কিজানি পালেই । আটাইবোৰ একেলগে থাকিলে সাহস অকন বাঢ়ে । তেওঁলোকে শুণিলে চিঞৰে আহি থাক¸ এটাই ৰাস্তা । নুশুনিলে আমি তিনি বেতাৰীৰ ডাঙৰ টৰ্চটোৰে আকাশত পোহৰ পেলাই সংকেত দিও “ আমি এই পিনে¸ তহত ক'ত” ? । তেওঁলোকেও অনুৰূপ ধৰণে সংকেত দিয়ে “আমি ইয়াত” । এনেদৰে কিমানবাৰ সংকেতৰ আদান প্ৰদান কৰিছো হিচাপ নাই। পাহাৰৰ দূৰৈত এটা অনুজ্বল পোহৰ দেখিছো¸ সম্ভৱ এইটোৱেই বেছকেম্প । হেৰাবলৈ ধৰা উৎসাহ খিনিক পুণৰ ধৰি নতুন উদ্যামৰে খোজ দিছো । কিন্তু নগা পাহাৰৰ কি পৰিহাস¸ ক্ৰমান্বয়ে বেছকেম্পৰ ওচৰ ওচৰ পাওঁ হ'লেই বেছকেম্পটো আকৌ নোহোৱা হৈ যায়¸ অলপ সময় পিছত দূৰত ধৰা দিয়ে । ভাগৰ আৰু যন্ত্ৰণাত একেবাৰে লেবেজান হৈ পৰিছো¸ অলপ মুকলি ঠাই পালে তাতেই থাকিম ৰাতিটো । বেছকেম্প বিচাৰি উলিয়াব নোৱাৰিম আৰু¸ হয়তো আমি পথ ভুলি কৰিলো । এতিয় আমি গ্ৰুপৰ বাকী সদস্যক লগ পালেই হ'ল যেনিবা । বাকী সদস্যৰ নাম লৈ আকৌ চিঞৰো¸ নাই নুশুনে ¸ পাহাৰত টৰ্চৰে সংকেত দিও¸ নাই নেদেখে । ভয়টোৱে লাহে লাহে খং হৈ পৰিছে¸ তেওঁলোকে আমাক এৰি আগুৱাই যাব লাগে কিয় । পাহাৰীয়া পিছল ঠেক পথৰে আমি খুপি খুপি আগবাঢ়িছো । পথৰ মাজে মাজে পাহাৰৰ পৰা নামি অহা পানীয়ে পথটো বিচ্ছিন্ন কৰিছে । অতি সাৱধানে সেয়া পাৰ হ'ব লাগে¸ অন্যথা কিমান হাজাৰ ফুট তলত বাগৰি পৰিম ঠিক নাই । মোৰ পিছত থকা অজিতৰ জোতাযোৰ এনে পথৰ বাবে সুবিধাজনক নহয় ¸ বাৰে বাৰে পিছল খাই । ভাগৰ আৰু সংশয়ৰে লাহে লাহে গৈ আছো আটাইকেইজন । প্ৰতিটো খোজ সাৱধানে দিবৰ বাবে আগৰ জনে পিছৰ জনক সাৱধান কৰি দি গৈছে¸ ‘লাহে লাহে¸ আগত শিল আছে’ এইখিনি বহুত পিছল¸ শিল আছে’ । জংঘলত ৰাতি খোজ কাঢ়াত এটা অদ্ভূত আৰু আচহুৱা অভিজ্ঞতা হ'ল টৰ্চৰ পোহৰত সম্মুখৰ মানুহজনক ১০-১২ ফুট ওখ প্ৰকাণ্ড অৱয়বৰ যেন দেখি¸ টৰ্চ বন্ধ কৰিলে আকৌ স্বাভাৱিক হৈ যায় । এক ৰোমাঞ্চকৰ ¸ শ্বাসৰুদ্ধকৰ পৰিস্থিতি । আৰু কিমান দুৰ? গ্ৰুপৰ অন্য সদস্যক নাম কাঢ়ি আকৌ চিঞৰিলো ¸ “এটাই ৰোড¸ আহি থাক ” । অলপ সময় গৈ থকাৰ পিছত পালো জুক‘ ভেলীৰ বেছকেম্প । তেতিয়া নিশাৰ ১১বাজি ১০ মিনিট । সঁচাকৈয়ে জুক‘ভেলী বহু দুৰ¸ বেছকেম্প বহু দূৰ ।
Dzukou valley: Paradise on Earth
----------------------------------------
ৰাতিপুৱা ৪ বজা মানতেই সাৰ পালো । ভৰিত তীব্ৰ এটা বিষ অনুভৱ কৰিছো । অলপ সময় এনেই শুই থাকি লাহে লাহে উঠিলো । আমাৰ গ্ৰুপৰ এজনো উঠাই নাই । বেছকেম্পত প্ৰায় ৩০ জন মান ল'ৰা । কেইজনীমান ছোৱালীও আছে । ভৰিৰ বিষৰ বাবে ভালকৈ খোজ পেলাব পৰা নাই¸ লগৰ এজনৰ পৰা খুজি volini স্প্ৰে কৰিলো । লাহে লাহে বেছকেম্পৰ পৰা বাহিৰলৈ ওলাই আহি অবাক হৈ পৰিলো । আসঃ কি মনোৰম প্ৰাকৃতিক সৌন্দৰ্য । চৌপাশে মাথো সেউজীয়া আৰু সেউজীয়া । নিশা এন্ধাৰৰ বাবে একো দেখা পোৱা নাছিলো । মুখ-হাত ধুই বন্ধু কেইজনৰ সৈতে অলপ আগুৱাই গ'লো । ইয়াৰ পৰা ভেলীলৈ আৰু এঘন্টাতকৈও বেছি সময় খোজ কাঢ়িব লাগে । ইমান যাবলৈ আমাৰ সময় নহ'ব ¸ যিহেতু আজিয়েই ঘৰলৈ উভটিম লগতে শকতিও নাই । এনেই অলপ আগুৱাই গ'লো ¸ ফটো উঠিলো । সেউজীয়াৰ মাজত এৰি দিলো নিজক¸ দূৰ দূৰলৈ কেৱল সেউজীয়া¸ সেউজীয়া আৰু সেউজীয়া । সেউজীয়াৰ মাজে মাজে পাতবিহীন বনজুইত পোৰা গছ । শব্দৰে বৰ্ণণা কৰিব নোৱাৰা জুক‘ ভেলীৰ পৰিবেশ ।
----------------------------------------
ৰাতিপুৱা ৪ বজা মানতেই সাৰ পালো । ভৰিত তীব্ৰ এটা বিষ অনুভৱ কৰিছো । অলপ সময় এনেই শুই থাকি লাহে লাহে উঠিলো । আমাৰ গ্ৰুপৰ এজনো উঠাই নাই । বেছকেম্পত প্ৰায় ৩০ জন মান ল'ৰা । কেইজনীমান ছোৱালীও আছে । ভৰিৰ বিষৰ বাবে ভালকৈ খোজ পেলাব পৰা নাই¸ লগৰ এজনৰ পৰা খুজি volini স্প্ৰে কৰিলো । লাহে লাহে বেছকেম্পৰ পৰা বাহিৰলৈ ওলাই আহি অবাক হৈ পৰিলো । আসঃ কি মনোৰম প্ৰাকৃতিক সৌন্দৰ্য । চৌপাশে মাথো সেউজীয়া আৰু সেউজীয়া । নিশা এন্ধাৰৰ বাবে একো দেখা পোৱা নাছিলো । মুখ-হাত ধুই বন্ধু কেইজনৰ সৈতে অলপ আগুৱাই গ'লো । ইয়াৰ পৰা ভেলীলৈ আৰু এঘন্টাতকৈও বেছি সময় খোজ কাঢ়িব লাগে । ইমান যাবলৈ আমাৰ সময় নহ'ব ¸ যিহেতু আজিয়েই ঘৰলৈ উভটিম লগতে শকতিও নাই । এনেই অলপ আগুৱাই গ'লো ¸ ফটো উঠিলো । সেউজীয়াৰ মাজত এৰি দিলো নিজক¸ দূৰ দূৰলৈ কেৱল সেউজীয়া¸ সেউজীয়া আৰু সেউজীয়া । সেউজীয়াৰ মাজে মাজে পাতবিহীন বনজুইত পোৰা গছ । শব্দৰে বৰ্ণণা কৰিব নোৱাৰা জুক‘ ভেলীৰ পৰিবেশ ।
জুক' ভেলী - সঁচাকৈয়ে স্বৰ্গভূমি ।
আমি প্ৰায় ৯.৩০ বজাত ভেলী বেছকেম্পৰ উভতনি যাত্ৰা আৰম্ভ কৰিলো । ভেলীত উঠাতকৈ নামি অহাতো তুলনামূলক ভাৱে বহুত কম কষ্টকৰ । মোৰ ভৰিত বিষ হোৱা বাবে খঠখটিত কিছু কষ্ট হৈছিল¸ সেয়া অন্য কথা । আমি প্ৰায় ৪ বাজি ৪০ মিনিটত নামনি আহি পালো । এতিয়া আমি ডিমাপুৰলৈ যাম¸ তাৰ পৰা ট্ৰেইনৰে গুৱাহাটী ।
বিদায় নাগালেণ্ড¸ বিদায় জুক' ভেলী ।
0 comments :
Post a Comment