পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » কবিতাৰ আলোচনা-৪

কবিতাৰ আলোচনা-৪

Written By www.parthapratim.in on Monday, 23 October 2017 | 00:34

চানেকি' : আলোচনীৰ কবিতাৰ পৰ্যালোচনা :
‘প্ৰকাশ’ : আগষ্ট, ২০১৭ সংখ্যা
°°°°°°°°°°°°°°
আগষ্ট ২০১৭ ৰ ‘প্ৰকাশ’ত মুঠ ১২ জন কবিৰ ১৭ টা কবিতা প্ৰকাশ হৈছে। ইয়াৰে ভিতৰত আলোচনাৰ বাবে বাচনি কৰা কবিতাটো হল জয়জিৎ ডেকাৰ ‘সম্পৰ্ক’। আৰম্ভণিতে কবিতাটোৰ ৰসাস্বাদন কৰোঁ আহক-
সম্পৰ্ক
(১)
‘ক’ আৰু ‘খ’ দুয়ো বন্ধু। ‘খ’ আৰু ‘গ’ একেলগে পঢ়ে।
একেলগে থাকে। ‘গ’ ক অনা মানুহটো ‘ঘ’।
‘ঘ’ মোৰ পুৰণি বন্ধু।
এতিয়া ‘ক’ আৰু মই ঘনিষ্ঠ। দুখবোৰ ভগাওঁ।
(২)
জন্মদিয়া আইৰ সৈতে আমাৰ কেৱল দহমাহ দহদিনৰ সম্পৰ্ক নহয়। সম্পৰ্কটো পিতাইৰ সৈতেও সংপৃক্ত। আই-পিতাই আৰু আমাৰ সম্পৰ্কটো কেৱল তেজৰ হব নোৱাৰে। আৱেগৰো।
(৩)
ধৰি ল’লোঁ
‘ক’ ই ‘খ’ ক ভাল পায়। ‘খ’ ই ‘গ’ক।
ইয়াৰ অৰ্থ এইটো নহয় যে ‘খ’ ই ‘ঘ’ ক বেয়া পায়। বা মই তেওঁলোকক।
এই সম্পৰ্কবোৰ কেৱল বন্ধুত্বৰে নহয়¸ বিশ্বাসৰো।
(৪)
সেউজীয়া গছপাতখিলা ডালতে থাকে। ধুমুহা-বতাহৰ শৰপাতে আঘাত নকৰালৈকে¸ হালধীয়া নোহোৱালৈকে।
সৰাপাত প্ৰিয় ‘ক’¸ ‘খ’¸ ‘গ’¸ ‘ঘ’ আৰু মই।
(৫)
সম্পৰ্কবোৰ একো-একোডাল গছ। শিপা ভেটি।
ডালবোৰ প্ৰসাৰিত বাহুৰ সহায় হাত।
সম্পৰ্ক এটাৰ বাবেই আমাৰ সপোনৰ উশাহবোৰ পাতবোৰৰ দৰেই সেউজীয়া।
কবি- জয়জিৎ ডেকা
কবিতাটোৰ শিৰোনামটোৱেই হ'ল ‘সম্পৰ্ক’। সম্পৰ্ক বুলিলে আমি বুজোঁ যিকোনো বস্তুৰে আন এটাৰ লগত থকা সম্বন্ধ। সম্পৰ্ক বহল পৰিধিত বিস্তৃত। ই আত্মিক টান অনুভৱ কৰোৱায়। অৰ্থাৎ সম্পৰ্ক হৃদয়ৰ বিশেষ নিৰ্বিশেষ এক আত্মিক সহাৱস্থান। এই ধাৰা বিশাল¸ সমন্বিত¸ এক সৰলৰৈখিক গতিৰে প্ৰৱাহমান এক সুঁতি।
কবিতাটো বাচনিৰ বাবে লোৱাৰ এটা কাৰণ হল¸ কবিতাটো মূলত: আধুনিক চেতনাধৰ্মী কবিতা আৰু ই সাৱলীল ভাৱে গতিশীল। ‘সম্পৰ্ক’ক আধুনিক চেতনাধৰ্মী কবিতা বুলি এইবাবেই কৈছোঁ¸ অগ্ৰজ কবিৰ কবিতাই বহন কৰা (লগতে সমসাময়িক কবিতাকো সাঙুৰিব বিচাৰিম) শব্দ¸ বিষয়বস্তু¸ ভাব-বস্তু¸ আংগিক আদিৰ পৰা ই বহু পৰিমাণে মুক্ত আৰু কবিতাটোৰ প্ৰদৰ্শন (performance) . “সম্পৰ্কত”ত কবি এজন বক্তা হৈ কবিতাক কেৱল কবিতা পাঠততেই আৱদ্ধ নাৰাখি পাঠকক এজন শ্ৰোতালৈ ৰূপান্তৰ কৰিব পাৰিছে। গতিকে ইয়াত পাঠক সক্ৰিয় সহযোগী। ক’ব পাৰি ‘সম্পৰ্ক’ই এটা নতুন গতিৰে পাঠকৰ মাজলৈ প্ৰবাহিত হৈছে।
‘সম্পৰ্ক’ কবিতাটো ৫ টা স্তৱকত বিভক্ত। ৫ টা চৰিত্ৰৰে (কবিৰ সৈতে) কবিয়ে উপস্থাপন কৰিছে মানুহ আৰু মূল্যবোধৰ এখন নিকা ছবি। কবিতাটোৰ প্ৰতিটো স্তৱকৰে মূল বক্তব্য প্ৰায় একে যদিও কবি ডেকাই উপস্থাপন শৈলীৰ ভিন্নতাৰে ভাবৰ যতি পৰিব দিয়া নাই। নিসন্দেহে এয়া কবিৰ চতুৰালি।
কবিতাটোৰ আৰম্ভণি নাটকীয় ভাৱে আৰু আকৰ্ষণীয়। ‘ক’¸ ‘খ’ ¸ ‘গ’¸ ‘ঘ’ আৰু কবিৰ মাজৰে এটা চক্ৰ গঠন কৰি কবিয়ে মানৱ জীৱনৰ সত্য উদঘাটন কৰিছে। এই পৰ্যায়ত কবি অনুসন্ধানৰ পথৰে গৈ থাকোঁতে তেওঁৰ ওচৰলৈ কিছুমান উপলব্ধি আহিছে¸ যাক তেওঁ সত্য হিচাপে গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত মন কৰিবলগীয়া যে সত্য বুলি পতিয়ন যোৱাৰ পিছতো কবিয়ে অনুসন্ধান প্ৰক্ৰিয়া শেষ কৰা নাই¸ যদিহে এনে হ'ল হয় পৃথিৱীৰ¸ জীৱনৰ বহুতো ৰহস্য ¸ ৰহস্য হৈয়ে থাকি যাব¸ আৰু সম্পৰ্কৰ পৰিধিৰ এটা সীমাবদ্ধতা সৃষ্টি কৰিব। ইয়াত এনে হোৱা নাই।
আমাৰ প্ৰতিটো সম্পৰ্ক কেৱল বাহ্যিক ভাৱে দেখা চিকমিকনি নহয়। আত্মাই আত্মাই প্ৰবাহিত হৈ থাকে তাৰ প্ৰকৃত সৌন্দৰ্য। গছ এডালৰ সৌন্দৰ্য তাৰ ফল-ফুল¸ জোপোহা ডালে যিমানে জাতিষ্কাৰ নকৰক কিয়¸ তাৰ প্ৰকৃত ভেঁটি হ'ল শিপা। আৰু শিপাৰ প্ৰতি গভীৰ নিষ্ঠাৰে কবিয়ে কৈছে
“… ‘ক’ আৰু মই ঘনিষ্ঠ । দুখবোৰ ভগাওঁ।”
ইয়াত দুখ কোৱাৰ লগে লগে আমি ইয়াত কেৱল দুখ বুজা নাই। এই ‘দুখ’ অবিহনে কবিতাটোৰ (স্তৱকটোৰ) গভীৰতৰ উপলব্ধি অসম্পূৰ্ণ । দুখৰ চিৰপৰিচিত পৰিস্থিতিৰ পৰা আঁতৰাই ইয়াত অপৰিচিত অৱস্থানত প্ৰতিষ্ঠা কৰিছে।
গছ এজোপাৰ যেনেকৈ মূল ভেঁটি তাৰ শিপা¸ তেনেকৈ শিপাৰ আকৌ মাটি। শিপাই মাটিৰ বুকুত খামুচিহে এজোপা গছক স্থিতপ্ৰজ্ঞ কৰি ৰাখিব পাৰে। এইক্ষেত্ৰত শিপা আৰু মাটিৰ সম্পৰ্ক প্ৰত্যক্ষ ¸ আকৌ ফল-ফুল¸ জোপোহা ডালৰ মাটিৰ সৈতে সম্পৰ্ক পৰোক্ষ। এই সম্পৰ্ক পৰোক্ষ হ'লেও তাক কেতিয়াও উপেক্ষা কৰিব নোৱাৰে¸ কবিয়েও কৰা নাই।
জন্মদিয়া আইৰ সতে আমাৰ কেৱল দহমাহ দহদিনৰ সম্পৰ্ক নহয়। সম্পৰ্কটো পিতাইৰ স’তেও সংপৃক্ত।
আই-পিতাই আৰু আমাৰ সম্পৰ্কটো কেৱল তেজৰ হব নোৱাৰে, আবেগৰো ।
ইয়াত কবিয়ে সময়ৰ সৈতে সংস্কৃতিৰ সম্পৰ্কক মানি লৈ শ্ৰেণী আৰু চৰিত্ৰই সম্পৰ্কত আৰোপ কৰা সীমাবদ্ধতা অতিক্ৰম কৰিছে।
বতাহক নেদেখিলেও যেনেকৈ তাৰ উপস্থিতিৰ উমান পাব পাৰি¸ একেদৰে আবেগৰে প্ৰতিটো সম্পৰ্কক অনুধাৱন কৰিব পাৰি। এই দৃষ্টিভংগীয়ে সময়ে নিৰ্ধাৰণ কৰা সীমাবদ্ধতাক অতিক্ৰম কৰিছে¸ সেইবাবে কবিয়ে ক'ব পাৰিছে আইৰ সৈতে সম্পৰ্ক বোৰক কেৱল তেজৰ নহয়¸ আৱেগৰো হয়। এইখিনিতে উদাৰ মানৱতাবাদ (Liberal humanism)ৰ ধাৰণা জন্ম হৈছে। কবিয়ে সময় আৰু পাৰ্থিৱ পৰিস্থিতিৰ পৰা সচেতনতাৰে অতিক্ৰম কৰা প্ৰয়াসে কবিতাটোত সময়হীন চৈতন্যৰ ভাৱ উদয় কৰিছে আৰু ইয়াক কালনিৰপেক্ষ কবিতা হিচাপে গঢ়ি তুলিব পাৰিছে।
প্ৰতিটো সম্পৰ্ক সৰলৰৈখিকতাৰে প্ৰবাহিত হৈ থাকে আৰু প্ৰতিটো সম্পৰ্কৰ ভেঁটি হল বিশ্বাস। বিশ্বাসৰ কথা অহাৰ লগে লগে এটা কথা উনুকিয়াব পাৰি যে বিশ্বাস¸ ভগৱান আৰু আত্মাৰ সম্পৰ্ক। ভগৱানৰ বেলেগ অস্তিত্বৰ প্ৰমাণ দিবলৈ অপাৰগ¸ একেদৰে অনস্তিত্বকো প্ৰমাণ কৰিব নোৱাৰি। বিশ্বাসে মিলয় হৰি‘। বিশ্বাসে কটকটিয়াকৈ বান্ধি ৰখা এই টান। কবিয়ে এয়া সুন্দৰভাৱে উল্লেখ কৰিছে।
‘সম্পৰ্ক’ ত শব্দক চূড়ান্ত সাহিত্যিক গুণেৰে সমৃদ্ধ কৰাৰ বিপৰীতে অতি সহজ সৰল বোধগম্য শব্দৰে কবিয়ে সজাই তুলিছে কবিতাৰ শৰীৰ। সেইবাবে পাঠকে কবিতাটো পঢ়ি থকাৰ মুহূৰ্তত কেৱল কবিতাটো নহয়¸ শব্দ আৰু ভাৱৰ মাজত থকা জাগতিকতা (situatedness) ও হৃদয়ংগম কৰিব পাৰিব। ই কবিতাটোৰ এটা উল্লেখযোগ্য দিশ।
কবিগুৰু ৰবীন্দ্ৰনাথে কৈছিল¸ ‘আগতে সত্য প্ৰতিস্থা¸ তাৰ পিছতহে সৌন্দৰ্য্য’। এই অপ্তসত্য বাক্যশাৰী ‘সম্পৰ্ক’ত বিৰাজমান। বৰ্তমান সময়ত সততে দেখা মানৱীয় প্ৰমূল্যবোধৰ চেতনাবোধৰ হেঙাৰ হৈ থিয় দিছে ‘সম্পৰ্ক’। বৰ্তমান সময়ত নানান কাৰণত সম্পৰ্কবোধৰ মাজত ফাট মেলা বাবে মানৱতাৰ চৰম অবক্ষয় হৈছে। এই ফলশ্ৰুতিত যুগৰ সামাজিক¸ ৰাজনৈতিক প্ৰতিটো দিশ উদাসীন হৈছে। প্ৰতিতো দিশৰ সৈতে ‘সম্পৰ্ক’ৰ আছে এক সুগভীৰ সম্পৰ্ক। সম্পৰ্কবোৰৰ আত্মিক টানবোৰ দৃঢ় হৈ একো একোডাল গছৰ হ'ব বুলি কবি ভীষণ আশাবাদী। এয়া কবিৰ বিশ্বাসো। কবিৰ সৈতে একে সুৰতে আমিও ক'ব বিচাৰিম উশাহবোৰ আমাৰ পাতবোৰৰ দৰেই সেউজীয়া হৈ ৰওঁক।
বিঃদ্ৰঃ এয়া মোৰ প্ৰথম ‘চানেকি’। মনোহৰ দত্ত ডাঙৰীয়াই আমাৰ ওপৰত ৰখা বিশ্বাসৰ বিপৰীতে এয়া আমাৰ দুৰ্বল প্ৰয়াস। আমি নিজৰ সীমিত জ্ঞানৰ পৰিসৰ কিমান সেয়া খুউব ভালকৈয়ে জানো¸ সেয়ে ইয়াত যে সুৰুঙা থাকিব নিশ্চিত। তাকো অত্যন্ত কম সময়ৰ ভিতৰত যুগুতাওঁতে সুৰুঙাবোৰ বহল হোৱাৰ সম্ভাৱনা অধিক। সেইবাবে এই আলোচনাক পৰ্যালোচনা নকয়¸ এজন সাধাৰণ পাঠকৰ দৃষ্টিত কবিতাটো হিচাপে গ্ৰহণ কৰিলেহে অধিক যুগুত হ'ব।
---------------------------------------------------------------------------------------------------------------------
পৰ্যালোচক- পাৰ্থ প্ৰতিম কলিতা, সদস্য, আখৰুৱা: literati
২৫-০৮-২০১৭
SHARE

About www.parthapratim.in

0 comments :

Post a Comment