আখৰুৱা:literati গোটৰ কবিতাৰ পুনৰীক্ষণ (৫২): দ্বিতীয় খণ্ড : (৮-১৫ ছেপ্তেম্বৰ, ২০১৭)
পৰ্যালোচক : পাৰ্থ প্ৰতিম কলিতা
=======================================================================
=======================================================================
আগকথা:
প্ৰখ্যাত হিন্দী সাহিত্যিক প্ৰেমচন্দে নিজকে কলমৰ মজদুৰ বুলি কৈছিল । একে সুৰতে আমিবোৰো কলমৰ মজদুৰ আৰু একে সময়তে সমাজৰো মজদুৰ । কলমেৰে আমি লিপিবদ্ধ কৰোঁ আমাৰ মনৰ কথা¸ সমাজ নিৰ্মাণৰ সপোন¸ মানৱীয় অনুভূতি আৰু সমাজ চেতনাৰ বাৰ্তা । কবিতা এটা শিল্প¸ এই শিল্প জনসাধাৰণৰ মাজলৈ যোৱাৰ উত্তম মাধ্যম। ই সমাজ ৰূপান্তৰ কৰিব পাৰে। পিছে বাস্তৱৰ জ্ঞান অবিহনে সমাজ ৰূপান্তৰ সম্ভৱ নহয় । “আখৰুৱা”ৰ কবিৰ কাপত লিপিবদ্ধ হৈছে বাস্তৱৰ নিৰ্মম সত্য । এই প্ৰগতিশীল মনোভাব আৰু বৈপ্লৱিক চেতনা হওক সমাজ ৰূপান্তৰৰ একোটা বাট ।
আজিৰ আলোচনাৰ বাবে নিৰ্বাচন কৰা কবিতাকেইটা হ'ল-
আজিৰ আলোচনাৰ বাবে নিৰ্বাচন কৰা কবিতাকেইটা হ'ল-
১। প্ৰশান্ত কলিতাৰ “আকৌ ধৃতৰাষ্ট্ৰ”
২। অশ্বিনী কলিতাৰ “বিভিন্ন নৰক”
৩। ৰঞ্জন বৰ্মনৰ “যাত্ৰা”
৪। চামচুল হকৰ “বগা শ্বাট্লককটো”
৫। নয়নজ্যোতিৰ “পোহৰ”
-----------------------------
২। অশ্বিনী কলিতাৰ “বিভিন্ন নৰক”
৩। ৰঞ্জন বৰ্মনৰ “যাত্ৰা”
৪। চামচুল হকৰ “বগা শ্বাট্লককটো”
৫। নয়নজ্যোতিৰ “পোহৰ”
-----------------------------
(১)
০আকৌ ধৃতৰাষ্ট্ৰ
-প্ৰশান্ত কলিতা (নতুন দিল্লী)
-----------------------
মোৰ বুকুখন ধান বনা দি বানিছিল
পলকতে বিধ্বস্ত হ'ল সোপাকে
বিবস্ত্ৰ বুকুৰ কুটুম মৰি-হাজি গ'ল
ভুৰ সাজি পানী কাটিলোঁ
টেঁটুলৈকে বাঢ়নী পানী ,
ফেনে-ফুটুকাৰে বাঢ়িল,
ফেনিলতেই সলিল সমাধি
অন্ন, বস্ত্ৰ, বাসস্থান হেৰুৱাই ঘৰতে বুকুৰ শাল ভাঙিলে
ডে-পোৰা বুকুখনে উচুপি উচুপি উচুপনিত লঘোনীয়া পেটেৰে দিন কটায় , ফুটা-কড়িও যে নাই
নিশা ভেলেকি লগা মাটি চাকিৰে ধূসৰ চকু
ধলে কাঢ়ি নিলে গড়কাপ্তানি,
গোহালি,গড়াল, ভঁৰাল,
মূধচত ঘৰ-চিৰিকাৰ খেৰ-কুটা বাহ
ডেউকা ভাগি মৰা সুঁতিৰ দুয়ো কাষত
গইনা বিচাৰি এলাগী, নেদেখা কালৰ নীতি
ঢলা- বিচনাত গৰ্ভৱতী
বুঢ়া-মেথা , মতা-মাইকী , পানী- কেঁচুৱা ধৰাতলত কলিজা ।
সংমণ্ডলৰ মেহফিলত পৰিৱৰ্তন
নাকত তেল দি গাইগুটীয়া তহঁতে ঢাক-ঢোল কোবাই
নপতা-ফুকন , নবাবী নেতাগিৰিৰ
এইবাৰ নাই ৰঙ্গামাটি , নাই গুৱাহাটী ।
তহঁত নিজৰেই ছাঁ চপনীয়া বিধান মণ্ডলী
সিন্ধি দিলি ৰাজ-ভঁৰালৰ কে'ছ ডায়েৰি
সৌ সিদিনা সাংবাদিক গুপ্ত হত্যা
হতাশ - কেমেৰা ,চিনেমা , কাকত-পত্ৰ , কণ্ঠ
তিক্ত ৰাজত্ব , আকৌ ধৃতৰাষ্ট্ৰ ।
°°°°°°°°°°°°°°°°

০আলোচনা:
কোনো দেশৰ শাসনকৰ্তা যেতিয়া অইনৰ হাতৰ পুতলাৰ দৰে হয়¸ তেতিয়া দেশৰ ৰাজনীতিত ভ্ৰষ্টাচাৰে দেখা দিয়ে আৰু শাসকৰ ছত্ৰ-ছায়াত একশ্ৰেণী মধ্যভোগী শোষকে সাধাৰণ জনতাৰ ওপৰত শোষণ-পীড়নৰ ৰণচালি কৰে । কবি প্ৰশান্ত কলিতাই “আকৌ ধৃতৰাষ্ট্ৰ”ৰে সমাজৰ অৱক্ষয়ৰ ছবি প্ৰকাশ কৰিছে¸ য'ত ৰাষ্ট্ৰযন্ত্ৰৰ হাতোৰাৰে মানৱতাক আঘাত কৰি অন্ধকাৰাচ্ছন্ন পৰিৱেশত জনতাক বাস কৰিবলৈ বাধ্য কৰিছে। ৰাষ্ট্ৰ সংকটৰ চিত্ৰ আঁকিবৰ বাবে ব্যৱহাৰ কৰা মহাকাব্য মহাভাৰতৰ গুৰুত্বপূৰ্ণ চৰিত্ৰ “ধৃতৰাষ্ট্ৰ” প্ৰয়োগৰে দাঙি ধৰা হৈছে শাসকৰ ব্যৰ্থতা । শিৰোনামত প্ৰয়োগ কৰা “আকৌ” শব্দৰ প্ৰয়োগ মন কৰিবলগীয়া¸ “আকৌ” - অৰ্থাৎ এনে ঘটনা আগয়েও হৈছিল¸ এয়া মাথোঁ পুনৰাবৃত্তিহে । হয়তো অতীতত বৰ্তমানৰ ছবিখন এনেভাৱে কল্পনা কৰা নাছিল¸ বৰ্তমান যি হৈছে । পৰিৱৰ্তনৰ সম্ভাৱনা মনত পুহিছিল ¸ কিন্তু পৰিৱৰ্তনৰ নামত একে ঘটনাৰে পুনৰাবৃত্তি হোৱা বাবে কবিয়ে হতাশা¸ ক্ষোভৰে কৈছে “আকৌ ধৃতৰাষ্ট্ৰ” । এইক্ষেত্ৰত অসমৰ প্ৰেক্ষাপটত, কবিতাটোৱে পূৰ্বসূৰী চৰকাৰখন আৰু বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকলাপৰ ইংগিত দিয়ে । অৰ্থাৎ কবিতাটোৱে ৰাজনৈতিক স্থিতি গ্ৰহণ কৰিছে ।
কবিতাটোত অতীত আৰু বৰ্তমানৰ মাজৰ খতিয়ান প্ৰকাশ কৰা হৈছে । এয়া সত্তাৰ অভাৱৰ বাবে হোৱা স্বৈৰাচাৰীৰ প্ৰভাৱ আৰু ইয়ে ৰাষ্ট্ৰ আৰু ব্যক্তিৰ মাজত বিচ্ছিন্নতা বোধ আৰু অনীহা ভাবৰ জন্ম দিছে ¸ প্ৰাণলৈ শংকাও নমাই আনিছে। কবিতাটোত কবিয়ে যেতিয়া কৈছে “সৌ সিদিনা সাংবাদিক হত্যা” তেতিয়াই আমাৰ মনত পৰিছে অলপতে সাংবাদিক গৌৰী লংকেশ, শান্তনু ভৌমিক ¸ এ, জে, সিঙক দুস্কৃতিকাৰীয়ে নিষ্ঠুৰভাৱে হত্যা কৰাৰ ঘটনা ।
এইখিনিতে টি, এছ, এলিয়টৰ কথা এষাৰ ক'ব পাৰি-
Man without God
Is a seed upon the wind
driven this way and that.

সত্তাহীনতাৰ কথা ইয়াৰ পৰা বুজা যায় । পূৰ্বসূৰী চৰকাৰখনৰ ব্যৰ্থতাৰ পিছত বৰ্তমানৰ চৰকাৰখনে সেই সত্তাৰ অভাৱ পূৰণ কৰি মানৱীয় সম্পৰ্ক স্থাপনৰ আশা কৰিছিল ¸ কিন্তু কাৰ্যতঃ নহ'ল । এয়া কবিৰ ক্ষোভ¸ হতাশা¸ এক কথাত কবিৰ আৱেগ । সেয়ে হয়তো ভাব প্ৰকাশ কৰোঁতে দুই-এঠাইত আৱেগে প্ৰাধান্য পাইছে।
শেষত নলিনীধৰ ভট্টাচাৰ্যই নৱকান্ত বৰুৱাৰ "সম্ৰাট" কবিতাটোৰ “ধৃতৰাষ্ট্ৰ” সন্দৰ্ভত কৰা মন্তব্য এটা ইয়াতো প্ৰাসংগিক হ'ব বুলি ভাবি উল্লেখ কৰিবলৈ বিচাৰিছোঁ -“ইয়াত ধৃতৰাষ্ট্ৰ আচলতে এটা চৰিত্ৰ নহয়¸ তেওঁ আত্মকীৰ্তি ধ্বংসৰ নায়ক” ।
**********************
(২)
০বিভিন্ন নৰক
-অশ্বিনী কলিতা
----------------------------
মৰা নৈৰ বুকুৰ লহ্পহীয়া
এডৰা মেটেকাৰ দৰেই
নৰকবোৰো এতিয়া গজি উঠে
য'তে-ত'তে,
বাট-ঘাট প্ৰান্তৰজুৰি
নানাৰঙী নৰকৰ অজস্ৰ লানি ৷
এই নৰক এতিয়া অবাধ- উন্মুক্ত ৷
চাতুৰীৰ বঙিয়াৰে কিছু বাট বুলি
নিসংশয়ে উঠিবগৈ পাৰি
নৰকৰ চুবুৰিত ,
নৰকৰ কীটবোৰৰ প্ৰাণহীন সাহচৰ্যত
অচিৰেই হ'ব পাৰি কৃতবিদ্য নৰকবাসী ,
মাথোন এটাই চৰ্ত—
বাতিল কৰিব লাগে
হৃদয়ৰ ৰাগ-অনুৰাগ,
অনুভৱৰ সমস্ত সূচী ৷
বাটচ'ৰাতেই বৃদ্ধ দুৱাৰ ৰখীয়াই
গুজি দিয়ে কাণত নৰক বাসৰ গুপুত মন্ত্ৰ
—কিদৰে যাপন কৰিব পাৰি অনন্ত নৰক
ৰসাল কৰিব পাৰি মুণ্ডহীন মানুহৰ আলাপ
লাওখোলাৰ পান-পাত্ৰত পিব পাৰি কিদৰে
শিশুৰ শোণিতৰ ৰঙীন মদিৰা ৷
বাখৰুৱা গোন্ধত বুৰ যোৱা
ৰংহীন নৰকৰ আবেলি
আৰু
ৰুক্ষ, মৃত গছৰ ফেৰেঙণিত গজি উঠা
কাঠফুলাৰ প্ৰাণহীন হাঁহি ৷
গানহীন ৰাতিৰ ভাঁজত
যম-ডাকিনীৰ জয়াল কিৰিলি ৷
পোহৰ ক'ত? পোহৰ?
ক'ত একাঁজলি সুশীতল পানী?
আকাশো নাই,স্বপ্নৰত এধানি আকাশ !
উঃ! ইমান গধুৰ নৰকৰ বতাহ !
পদূলিতো নাইচোন ফুলা
এপাহি গধূলি-গোপাল !
ভোগদৈ শুকান
নৰকৰ ভোগৰ ভোগদৈ !
মাথোঁ মৰাশ গেলা উৎকট গোন্ধ!
আপোনাৰ পাঁজৰতো অগোচৰে গজিছেনে
নৰক নামৰ এই পাতকীশালা?
আপুনি যদি এক জীৱন-মৃত দৰ্শনৰ দ্ৰষ্টা
তেন্তে আঁকোৱালি ল'ব পাৰে নৰক
কিম্বা
আপুনি এটি মিঠা বাঁহীৰ সুৰীয়া প্ৰাৰ্থনা
যাৰ উত্তাপত জহি যায় বিভিন্ন নৰক৷
°°°°°°°°°°°°°°°°°°

-“বিভিন্ন নৰক” সমাজৰ দুৰ্দশা দেখি একক কণ্ঠত প্ৰকাশ পোৱা এক সামূহিক চিৎকাৰ । কবিয়ে সাম্প্ৰতিক সময়ৰ বিভৎসতা আৰু তাৰ ভয়াৱহতাৰ কথা প্ৰকাশ কৰিছে । এয়া ভাষাৰ নামতে হওক¸ ধৰ্মৰ নামতে হওক¸ জাতি-উপজাতি¸ শ্ৰেণী বিভাজন যিহৰ নামতেই নহওক কিয়¸ এয়া বিচ্ছিন্নতা; একো একোখন নৰক । এনে নৰক এতিয়া সৰ্বত্ৰ । এই সকলোবোৰেই মানুহৰ পৰা মানুহৰ দূৰত্ব বঢ়াই তুলিছে¸ হৃদয়হীন কৰি তুলিছে । হৃদয় ত্যাগ কৰিব পাৰিলেই এই নৰক নগৰৰ বাসিন্দা হ'ব পাৰি । কবিয়ে কৈছে-
"মাথোন এটাই চৰ্ত-
বাতিল কৰিব লাগে
হৃদয়ৰ ৰাগ-অনুৰাগ¸
অনুভৱৰ সমস্ত সূচী ।"
-এনে নৰকৰ পোখা বৃদ্ধি আৰু প্ৰসাৰৰ বাবে নৰক-কীটবোৰৰ অধিকাংশ শোষক শ্ৰেণীৰ । ৰাজনৈতিক মুনাফা লাভৰ বাবে নিজৰ নৰক-নগৰত ধন-জন বৃদ্ধিৰ বাবে কাম কৰে । যদি তেওঁলোকৰ প্ৰতি কোনো ভাবুকি পোৱা যেন বোধ কৰে তেন্তে তাক নানান প্ৰকাৰে বশ কৰিবলৈ বিচাৰে¸ একেই নৰক-কীট হিচাপে সজাবলৈ প্ৰয়াস কৰে । মোহন কৃষ্ণ মিশ্ৰৰ কথাৰে-
“…বৰ্তমানৰ ৰাষ্ট্ৰ ব্যৱস্থা শোষক শ্ৰেণীৰ হাতত । এই ব্যৱস্থাৰ বিৰুদ্ধে যিকোনো নতুনৰ আগমন স্বীকাৰ কৰাৰ অৰ্থ হ'ল শোষক শ্ৰেণীৰ অস্তিত্বৰ অৱসান । সিহঁতৰ কায়েমী স্বাৰ্থৰ দুৰ্গৰ সংৰক্ষণৰ অৱসান।" এনে হোৱাতো নৰক-কীটে নিবিচাৰে । তেওঁলোকে নৰকৰ সংখ্যা বঢ়াটো বিচাৰে । সেয়ে কবিয়ে কৈছে-
"বাট-চ’ৰাতেই বৃদ্ধ দুৱাৰ ৰখীয়াই
গুজি দিয়ে কাণত নৰক বাসৰ গুপুত মন্ত্ৰ"-
এনে যান্ত্ৰিক সভ্যতাত কবিয়ে পোহৰ দেখা নাই । দেখিছে চৌপাশে মাথোঁ নৰক¸ মানৱতাক আহত আৰু আচ্ছন্ন কৰা অন্ধকাৰ । কবিয়ে “পোহৰ ক’ত? পোহৰ?” বুলি চিঞৰাৰ লগে লগেই আমি বুজিছোঁ, দিক-বিদিক নেদেখা উত্তেজনাত কঁপা কঁপা মাত । এই উত্তেজনা কবিৰ প্ৰগতিবাদী মনৰ প্ৰকাশ আৰু বৈপ্লৱিক ধাৰণাৰ কল্লোল । পিছে কবিৰ এই বৈপ্লৱিক ধাৰণা হিংসাত্মক নহয়¸ মিঠা বাঁহীৰ সুৰীয়া প্ৰাৰ্থনাৰেহে নৰক খহিব বুলি কবি আশাবাদী ।
***********************
(৩)
।।যাত্ৰা।।
-ৰঞ্জন বৰ্মন
°°°°°°°°°°°°°°°°°°°°°°°°°
শেলুৱৈ ধৰা শিলাময় পথ
বগুৱা বাই
যিখিনি পালোঁহি সেয়া মৰুভূমি।
এতিয়া মোৰ চাৰিওফালে সিজু আৰু কেকটাচ।
প্ৰতিটো খোজতেই লিখা আছে মৃত্যুৰ সংবাদ।
পানীপিয়া চৰাইৰ দৰে
এটুপি পানীৰ বাবে মই হাহাকাৰ কৰিছোঁ।
অতিক্ৰম কৰিছোঁ এটাৰ পিছত আনটো বালিয়ৰি।
মই ভাগৰি পৰিছোঁ।
জঠৰ হৈ পৰিছে ভৰি। ক্ৰমশঃ
স্তিমিত হৈ আহিছে চকুৰ দৃষ্টি।
সপোন দেখিছোঁ এখন সেউজীয়া উপত্যকাৰ।
আৰু এক নতুন উদ্যমেৰে
চলমান সময়ৰ হাতত ধৰি গৈ আছোঁ
চিৰ-প্ৰৱাহিনী নদীৰ দৰে। যি যাত্ৰাৰ শেষ শূন্যত।
°°°°°°°°°°°°°°°°°°°°°

০আলোচনা-
“যাত্ৰা” জীৱন সংগ্ৰাম বিষয়ক কবিতা ¸ পিছে এই সংগ্ৰাম বিফলতাই গ্ৰাস কৰা দুৰ্বল মনৰহে । জীৱন-যাত্ৰাৰ প্ৰতিটো খোজতে কবিয়ে অনুভৱ কৰিছে মৃত্যুৰ জ্বালা¸ এই অনুভৱে কবিক ভাৰাক্ৰান্ত কৰি তুলিছে । কবিৰ এই যন্ত্ৰণা গঢ় লৈ উঠিছে ব্যক্তিগত আত্মিক সংকটৰ আধাৰত। মৃত্যুৰ বিভীষিকা অনুভৱ কৰি কবিৰ ভৰি জঠৰ হৈছে¸ চকুৰ দৃষ্টি স্তিমিত হৈছে । হেন সময়তে আকৌ কবিয়ে সপোনো দেখিছে । দেহৰ তেজক তেল সজাই চলা জীৱন জানো চলমান হ'ব পাৰে? গতিহীন নোহোৱা মানে ৰৈ থকা¸ এই স্থিতিশীল সময়তো কবিয়ে সপোন দেখিছে এখন সেউজীয়া উপত্যকাৰ¸ যি যাত্ৰাৰ শেষ হ'ব শূন্যত।
এই কথাখিনি দুটা দিশৰ পৰা চাবলৈ চেষ্টা কৰিম-
এই কথাখিনি দুটা দিশৰ পৰা চাবলৈ চেষ্টা কৰিম-
ক) যিহেতু কবিয়ে সেউজীয়া উপত্যকাৰ সপোন দেখিছে¸ সেয়েহে এই সপোন মৃত্যুমুখী যন্ত্ৰণাৰ পৰা উপশমৰ বাট বুলি ভাবিব পাৰোঁ । এনেক্ষেত্ৰত কবিতাটোৰ “শূন্য”ৰ আভিধানিক অৰ্থৰ বিপৰীতে এক বিশাল পৰিসৰত অক্ষয়িষ্ণু ৰূপ হিচাপে চাব পাৰি । য'ত নিহিত হৈ আছে কবিৰ বিশ্বাস । কিন্তু কবিৰ দৃষ্টি স্তিমিত হৈ গৈ আছে¸ তাকো ক্ৰমশঃ।
খ) ধৰা হ'ল কবিতাটোত “শূন্য”ৰ অৰ্থ আভিধানিক । কবিয়ে স্বীকাৰ কৰিছে এই যন্ত্ৰণাৰ পৰা কবিক কেৱল মৃত্যুৱেহে মুক্তি দিব পাৰিব । এই ভাব পৰাজয় স্বীকাৰ কৰা মনোভাব । তাৰ ইংগিত কবিয়েও দিছে-
“ক্ৰমশঃ স্তিমিত হৈ আহিছে চকুৰ দৃষ্টি” ।
এইখিনিতে কবিৰ ভাবত দোদুল্যমান তথা দ্বন্দ্বাৱস্থা এটাই জুমুৰি দি ধৰা যেন আমাৰ বোধ হৈছে।
*********************
“ক্ৰমশঃ স্তিমিত হৈ আহিছে চকুৰ দৃষ্টি” ।
এইখিনিতে কবিৰ ভাবত দোদুল্যমান তথা দ্বন্দ্বাৱস্থা এটাই জুমুৰি দি ধৰা যেন আমাৰ বোধ হৈছে।
*********************
(৪)
০বগা শ্বাট্লককটো
-চামচুল হক
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
বতাহতে উৰি আছিল শ্বাট্লককটো
দুটা দলৰ মাজত
দুটা পক্ষৰ সমৰ্থনত
কিমান সময়লৈ খেলখন চলি আছিল
জনা নাযায়
বোধকৰোঁ এটা দীঘলীয়া ৰাতিৰ প্ৰস্তুতিৰে
ককটো আহিছিল
বতাহতে উৰি থাকিবলৈ
উৰি উৰি মানুহক আমোদ দিবলৈ
খেল চাই মানুহবোৰ মতলীয়া হৈ পৰিছিল
সময়ত নিজ নিজ দলৰ সমৰ্থনত
হতাহতিও হৈছিল
আৰু ই কি!
নিজ নিজ মৰ্জিত ৰং দিবলৈ চেষ্টা কৰিছে
শ্বাটলককটোত
শ্বাটলককটো আকাশত উৰি আছিল
উৰি উৰি হাঁহি আছিল মানুহবোৰলৈ চাই
আকাশৰ পৰা যেন হাতবাউল দি মাতিছিল
আহা চোৱাহি
এক উচ্চতাৰ পৰা তোমালোকৰ
অৱস্থানৰ অন্ধকাৰ ৷
( শাৰদীয় দৈনিক অসম, ২০১৭ত প্ৰকাশিত ৷ )
*****************************
০বগা শ্বাট্লককটো
-চামচুল হক
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
বতাহতে উৰি আছিল শ্বাট্লককটো
দুটা দলৰ মাজত
দুটা পক্ষৰ সমৰ্থনত
কিমান সময়লৈ খেলখন চলি আছিল
জনা নাযায়
বোধকৰোঁ এটা দীঘলীয়া ৰাতিৰ প্ৰস্তুতিৰে
ককটো আহিছিল
বতাহতে উৰি থাকিবলৈ
উৰি উৰি মানুহক আমোদ দিবলৈ
খেল চাই মানুহবোৰ মতলীয়া হৈ পৰিছিল
সময়ত নিজ নিজ দলৰ সমৰ্থনত
হতাহতিও হৈছিল
আৰু ই কি!
নিজ নিজ মৰ্জিত ৰং দিবলৈ চেষ্টা কৰিছে
শ্বাটলককটোত
শ্বাটলককটো আকাশত উৰি আছিল
উৰি উৰি হাঁহি আছিল মানুহবোৰলৈ চাই
আকাশৰ পৰা যেন হাতবাউল দি মাতিছিল
আহা চোৱাহি
এক উচ্চতাৰ পৰা তোমালোকৰ
অৱস্থানৰ অন্ধকাৰ ৷
( শাৰদীয় দৈনিক অসম, ২০১৭ত প্ৰকাশিত ৷ )
*****************************
০আলোচনা:
“বগা শ্বাট্লককটো” মুলতঃ প্ৰতীকবাদী কবিতা । প্ৰতীকীবাদৰ সমান্তৰালকৈ চিত্ৰকল্পৰো আৱেশ এটা আছে । ইয়াত যেতিয়া কবিয়ে-
“বতাহতে উৰি আছিল শ্বাট্লককটো/দুটা দলৰ মাজত” বুলি কৈছে আমাৰ মনত দোলা দিছে এখন খেল¸ দুটা প্ৰতিপক্ষ দল আৰু বতাহত উৰি থকা এটা শ্বাট্লকক । ককটো ইয়াত নিৰ্দিষ্ট; যাৰ ৰং বগা (শিৰোনাম অনুসৰি)¸ বগা হয়তো ইয়াত নিষ্পাপৰ প্ৰতীক ¸ আৰু শ্বাট্লককটো অস্থিৰতাৰ ।
এখন খেলৰ মাধ্যমেৰে কবিয়ে সাম্প্ৰতিক সময়ৰ কথাই কৈছে । পুঁজিবাদী সভ্যতাৰ প্ৰভাৱে সৃষ্টি কৰা আত্মকেন্দ্ৰিকতাই কেনেকৈ মানুহৰ পৰা মানুহক বিচ্ছিন্ন কৰি মানৱীয় প্ৰমূল্যবোধৰ বিনাশ কৰিছে তালৈ লক্ষ্য কৰি কবিয়ে কৈছে-
"…নিজ নিজ দলৰ সমৰ্থনত
হতাহতিও হৈছিল…"
কবিয়ে যেতিয়া ইয়াত কৈছে-
"আৰু ই কি!
নিজ নিজ মৰ্জিত ৰং দিবলৈ চেষ্টা কৰিছে…"
-তেতিয়াই আমাৰ মনত পৰিছে বৰ্তমান সময়ত অসমত ঘটা আৰু ঘটি যোৱা বহুকেইটা ঘটনালৈ । শেহতীয়াকৈ নগাঁৱত হোৱা কোনো সংগঠনৰ সদস্যক হিন্দু বাঙালীৰ দ্বাৰা কৰা মাৰধৰ আৰু অসমীয়াৰ স্বাভিমান গামোছাক জ্বলোৱা ঘটনাক বুজাব পাৰি । দুয়োটা ঘটনা ৰাজনৈতিক মেৰপেচ বা অন্য যি কাৰণতে নহওক, বহুতো ৰং সলনি হোৱা দৃষ্টিগোচৰ হৈছে । নিজৰ ব্যক্তিগত¸ ৰাজনৈতিক লাভালাভৰ বাবে নিজৰ ইচ্ছানুযায়ী ৰং ছটিয়াই হৈ-চৈ কৰা কাৰ্য কবিতাটোৱে নুবুজোৱাকৈ থকা নাই । ই কবিতাটোৰ এক সফলতা বুলিয়ে ক'বলৈ বিচাৰিম ।
***************************
(৫)
০পোহৰ
-নয়নজ্যোতি
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
আন্ধাৰৰ দুচকুত এতিয়া শংকা
পোহৰৰ প্ৰাৰ্থনা
পাহৰি গৈছে দুদিন আগৰ সকলো
যি কৰিছিল যি শুনিছিল
এটা সময়ত আন্ধাৰে দুচকুৰে নেদেখিছিল
বোবা আছিল
যি শুনিছিল এখন কাণেৰে
আনখনেৰে উলিয়াই দিছিল
দস্যু অংগুলিমালৰ দৰে বাল্মীকি হ'বলৈ
আন্ধাৰৰ অখণ্ড প্ৰাৰ্থনা
আন্ধাৰৰ চকুত এতিয়া ভয় ।
°°°°°°°°°°°°°°°°°

০আলোচনা
"পোহৰ” পোহৰ-সন্ধানী কবিতা । কবিৰ দৃষ্টিত পৰিৱৰ্তন আহিছে¸ পিছে এই পৰিৱৰ্তন সম্পূৰ্ণকৈ হোৱা নাই । “আন্ধাৰৰ চকুত এতিয়া শংকা” কোৱাৰ লগে লগে আমি ভাবি ল'ব পাৰোঁ সমাজৰ বিভেদকামী শক্তিৰ পৰাজয়ৰ সময় । কিন্তু এই পৰাজয় পোহৰৰ ওচৰত আন্ধাৰৰ আত্মসমৰ্পণহে । পোহৰৰ উত্থানত আন্ধাৰৰ মনত উদয় হৈছে এক ভয় আৰু শংকা । এই ভয়ৰ বাবে অংগুলিমাল ( হয়তো ৰত্নাকৰক বুজাব খুজিছিল)ৰ দৰে বাল্মীকি হোৱাৰ কথা কৈছে ।
এইখিনিতে আমাৰ মনত পৰিছে হেম বৰুৱাৰ প্ৰখ্যাত উক্তি “ভয়ৰ জৰিয়তে সৃষ্টি হোৱা ভক্তি কচুপাতৰ পানীৰ দৰে” । আন্ধাৰৰ মনত কোনো সদিচ্ছাৰ উদয় হোৱা নাই¸ যি হৈছে মাথোঁ ভয় বা শংকাৰ নিমিত্তে । যিয়ে নহওক, আন্ধাৰে পোহৰ হ'বলৈ কৰা প্ৰাৰ্থনা যথেষ্ট আশাবাদী মনোভাৱৰ প্ৰকাশ ।
কবিতাটোৰ বক্তব্য অনুযায়ী প্ৰকাশভংগী সবল কৰাৰ কিছু থল আছিল যেন আমাৰ বোধ হৈছে ।

=================
0 comments :
Post a Comment