বহুত বৰষুণ দিছে,লগত প্ৰচণ্ড বতাহ । নাজানো ক'ত আছো¸ এটা অচিনাকি আৰু আচহুৱা পৰিবেশ । অথচ দুয়ো একেলগে আছো । দুয়ো মানে তাই আৰু মই। নাজানো দুয়ো একেলগে ক’ত আহিছিলো ¸ সপোনৰতো আৰম্ভণি নাই । ইমান ধুনীয়া বৰষুণ। ব'লা বৰষুণত দৌৰো । ধেইত । মৃদু ধমক এটা দিলো তাইক । তাই হাঁহিছে । ৰাস্তাৰ কাষত এজোপা পুৰণি বৰগছ আছে তাৰ তলত ৰ'লে বৰষুণ নপৰিব । হাতত ধৰি তাৰ তললৈ লৈ আহিলো তাইক । সময়তো দূপৰীয়া অথচ মেঘবোৰে সূৰ্যক ঢাকি পৃথিৱীলৈ যেন সন্ধিয়া নমাইছে আৰু বৰষুণে ব্যস্ত পথলৈ নমাই আনিছে নিৰ্জনতা । বৰষুণৰ টোপালবোৰ টোপাটোপে স্পৰ্শ কৰিছে দুয়োৰে হাত ¸ পিঠি¸ বুকু । দেহৰ কাপোৰ লিপিট খাই পৰিছে দেহত। আসঃ এক অস্থিৰতা ¸ এক মাদকতা¸ এক…
: আহানা বৰষুণত তিতো ।
তাই দুহাত পাতি হাতৰ তলুৱাত বৰষুণৰ পানী ধৰাৰ বৃথা চেষ্টা কৰিছা । নাই নৰয় । গছজোপাৰ ফাঁকৰে বৰষুণ নামি আহিছে তাইৰ ওঁঠৰে টৰককৈ টোপাল এটা সৰি পৰিল । খিলখিলাই হাঁহি উঠিছে তাই । একেবাৰে সৰু আজলী ছোৱালী ¸ পৃথিৱীৰ আটাইবোৰ সুখ থুপ বান্ধি ঘৰ সাজিছে তাইৰ মুখত । আৰু মই সেয়া চাই আটাইতকৈ সুখী হৈ পৰিছো ।
: হ্যেই নিতিতিবা । নতুন বৰষুণ । জ্বৰ হ'ব।
:হ'লে তুমি আছা নহয় । তাইৰ মনত উন্মাদনা¸ চকুত সলাজ দুষ্টামি।
তাইৰ দীঘল চুলিকোচা তিতি পিঠিত পানীৰঙৰ দাগ কাটিছে । কিছুমান মুহূৰ্তত সকলোবোৰ স্বয়ংক্ৰিয় ভাৱে পৰিচালিত নহয় । যেন এক যাদুকৰী সন্মোহনী শক্তি টানি লৈ গৈ আছে । মোৰ হাতৰ আঙুলিৰ ফাঁকে ফাঁকে সোমাই পৰিছে তাইৰ দীঘল তিতা চুলি।
এখন হাতে বগুৱা বাই ফুৰিছে তাইৰ চকু¸ গাল¸ ওঁঠ¸ লাহে লাহে তেজ বোৰ গোট মাৰিছে । হয়তো তোমাৰো ।
: এই বোৰ কি কৰিছা ? এইবোৰ পাপ । আমি ভুল কৰিছো । কঁপা কঁপা তাইৰ মাত ¸ অস্ফুট¸ অনুস্বৰ ।
আকুলতাত বিধস্ত মোৰ চকু । উশাহবোৰ ভাগৰুৱা¸ দীঘল । ওঁঠত ভাষা নাই।
: এইবোৰ ভুল । হাতখন উচাত মাৰিব খুজিও মাৰিব পৰা নাই তাই । কিছুমান মুহূৰ্তত দেহ-মন-মগজু ক্লীৱত্বলৈ গতি কৰে । হয়তো এতিয়া তায়ো¸ ময়ো।
: বেয়া পাবা ।
: নাজানো । তাই মোৰ চকুলৈ চাৱ পৰা নাই । যেন শব্দ বোৰ হেৰাই গৈছে আমাৰ মাজৰ পৰা¸ দুয়ো নিৰ্বাক¸ নিস্পন্দ । তাইৰ ওঁঠত শব্দ নাই¸ মোৰ ওঁঠত আনকি এতিয়া বৰষুণৰ ওঁঠতো ।
: ব'লা যাওঁ । হাতৰ সাৱটি ধৰা হাতদুখন আতৰাই আনিলো মই । বাহিৰত বৰষুণ এৰিছে । বৰষুণত নিৰ্জন হোৱা পথটোলৈ এজন এজনকৈ মানুহ আহিব ধৰিছে ।
:ব'লা যাওঁ । আকৌ এবাৰ ক'লো তাইক । হয়তো প্ৰথম শুণা পোৱা নাছিল । হঠাতে সাৱটি ধৰিলে তাই মোক । তাইৰ চকুৰ কোণত দুটোপাল চকুপানী । হয়তো এতিয়া আকৌ এজাক বৰষুণ দিব । ভালপোৱাৰ বৰষুণ দিব । সপোনৰটো শেষ নাই ।
0 comments :
Post a Comment