চানেকি : সাতসৰী : অক্টোবৰ¸ ২০১৭
‘সাতসৰী’ আলোচনীৰ কবিতাৰ সমালোচনা
‘সাতসৰী’ আলোচনীৰ কবিতাৰ সমালোচনা
আলোচক: পাৰ্থ প্ৰতিম কলিতা
সদস্য¸ আখৰুৱা:literati
--------------------------------------
অক্টোবৰ¸ ২০১৭ সংখ্যাৰ সাতসৰীখন পঢ়িয়েই কামনা কৰিছিলো চানেকী (সাতসৰী) শিতানৰ বাবে আলোচকে যেন “ইয়াত এতিয়া কোনেও” কবিতাটো বাচনি কৰে । শেষলৈ এই ভাৰ মোৰ ওপৰতে ন্যস্ত হোৱাতহে লেঠা লাগিল । এপিনে ইচ্ছা¸ হৃদয়ৰ তাগিদা আনপিনে মোৰ অজ্ঞতা । পাৰিম জানো ! মনৰ ভিতৰতে মোৰ সৈতে মোৰ এক দন্দ্ব । যি হয় হ'ব ভাৱিয়েই আলোচনাৰ বাবে বাচনি কৰিছো এইমাহৰ সাতসৰীৰ মুখ্য কবিতা সমীৰ তাঁতী ছাৰৰ “ইয়াত এতিয়া কোনেও” ।
সদস্য¸ আখৰুৱা:literati
--------------------------------------
অক্টোবৰ¸ ২০১৭ সংখ্যাৰ সাতসৰীখন পঢ়িয়েই কামনা কৰিছিলো চানেকী (সাতসৰী) শিতানৰ বাবে আলোচকে যেন “ইয়াত এতিয়া কোনেও” কবিতাটো বাচনি কৰে । শেষলৈ এই ভাৰ মোৰ ওপৰতে ন্যস্ত হোৱাতহে লেঠা লাগিল । এপিনে ইচ্ছা¸ হৃদয়ৰ তাগিদা আনপিনে মোৰ অজ্ঞতা । পাৰিম জানো ! মনৰ ভিতৰতে মোৰ সৈতে মোৰ এক দন্দ্ব । যি হয় হ'ব ভাৱিয়েই আলোচনাৰ বাবে বাচনি কৰিছো এইমাহৰ সাতসৰীৰ মুখ্য কবিতা সমীৰ তাঁতী ছাৰৰ “ইয়াত এতিয়া কোনেও” ।
কবিতাটো বাচনি কৰাৰ এটা অন্যতম কাৰণ হ'ল_ কবিতাটো পঢ়ি বুজি উঠাৰ আগেয়েই ই পাঠকৰ সৈতে যোগাযোগ কৰিব পাৰে । কবিতাটোৰ বৰ্ণণা ¸ প্ৰয়োগ হোৱা চিত্ৰকল্পই খণ্ডচিত্ৰৰ দৰে এখন এখনকৈ গৈ থাকে আৰু তাৰ মাজৰেই পাঠকে উদঘাটন কৰিব পাৰে কবিতাটোৰ বিষয়বস্তু । কবিৰ এই সচেতন বৰ্ণণাশৈলীয়ে পাঠকক অৰ্থৰ সন্ধান কৰিবলৈ উৎসাহিত কৰে।
আলোচনাৰ আৰম্ভনিতে কবিতাটোৰ এবাৰ ৰসস্বাদন কৰা হওঁক-
ইয়াত এতিয়া কোনেও
=> সমীৰ তাঁতী
=> সমীৰ তাঁতী
ইয়াত এতিয়া কোনেও এজোপা গছ হ'ব নিবিচাৰে
এটা নিষ্পাপ শিশু¸ এটা জুৰিৰ ফটিক পানী¸ এচপৰা শুকুলা মেঘ
কোনেও এতিয়া ইয়াত এটা দোকমোকালি হ'ব নিবিচাৰে
এটা নিষ্পাপ শিশু¸ এটা জুৰিৰ ফটিক পানী¸ এচপৰা শুকুলা মেঘ
কোনেও এতিয়া ইয়াত এটা দোকমোকালি হ'ব নিবিচাৰে
মই হেৰাই যোৱা চৰাইবোৰক বিচাৰিছিলোঁ এখন মানচিত্ৰৰ পৰা
ক'ব খুজিছিলোঁ এখন হাতৰ পৰা সৰকি অহা
সুগন্ধী ৰ’দৰ কথা
ক'ব খুজিছিলোঁ এখন হাতৰ পৰা সৰকি অহা
সুগন্ধী ৰ’দৰ কথা
যি কথা ইমানপৰে মই তোমাক সুধিব খুজিছিলোঁ
ক্ৰমশঃ সপোন হৈ আহিব ধৰা এটা বাট¸ এখন দলং
হৃদয়ৰ পৰা হৃদয়লৈ এটা উৰন্ত হাস্পতাল
মৰি যোৱা শিশুবোৰৰ দাবীত
ক্ৰমশঃ সপোন হৈ আহিব ধৰা এটা বাট¸ এখন দলং
হৃদয়ৰ পৰা হৃদয়লৈ এটা উৰন্ত হাস্পতাল
মৰি যোৱা শিশুবোৰৰ দাবীত
পানীৰ অতল তলিৰ পৰা পথাৰবোৰে মুৰ দাঙি উঠিছে
পানীয়ে কোবাই যোৱা মুখবোৰত এতিয়া
আকাশৰ মুখৰ পৰা চিটিকি অহা জোনাক
পানীয়ে কোবাই যোৱা মুখবোৰত এতিয়া
আকাশৰ মুখৰ পৰা চিটিকি অহা জোনাক
জোনাকত কোনোবাই জানো আনি দিব এডোখৰ ৰুটী
এটা উজাগৰী ৰাতিক নিচুকাবলৈ এটা পঁজা এটা সুৰীয়া গান
এটা উচ্ছল কোলাহলৰ পৰা দূৰৈত তোমাৰ নিৰিবিলি ছাঁ
এটা উজাগৰী ৰাতিক নিচুকাবলৈ এটা পঁজা এটা সুৰীয়া গান
এটা উচ্ছল কোলাহলৰ পৰা দূৰৈত তোমাৰ নিৰিবিলি ছাঁ
এতিয়া ইয়াত দিনে সলাইছে মাত চাকিবোৰ নুমাই আহিছে
মই এন্ধাৰত ওচৰ চাপি অহা খোজৰ শব্দ শুনিছোঁ
তুমি নাই
মই এন্ধাৰত ওচৰ চাপি অহা খোজৰ শব্দ শুনিছোঁ
তুমি নাই
বতাহত জুইৰ তপত উশাহ টুকুৰা-টুকুৰ কাঁচ
ক'তো কোনেও পতিয়ান যাব খোজা নাই
নিয়ৰৰ মাতৰ দৰে কুঁৱলিৰ সুহুৰিৰ দৰে কোনেও কাকো
পঢ়িবও খোজা নাই
ক'তো কোনেও পতিয়ান যাব খোজা নাই
নিয়ৰৰ মাতৰ দৰে কুঁৱলিৰ সুহুৰিৰ দৰে কোনেও কাকো
পঢ়িবও খোজা নাই
গৈ থকা দিনবোৰ আহি থকা ৰাতিবোৰক নিন্দা নকৰিবা
লুকুৱাই নথ'বা লিখি থকা আঙুলিবোৰক
এই বিয়পি পৰা চিয়াঁহী এই চেপা হুমুনিয়াহ
এই বৰ্ণমালাৰ আকাৰ এদিন ইয়াতে পঢ়িব লাগিব একেলগে
লুকুৱাই নথ'বা লিখি থকা আঙুলিবোৰক
এই বিয়পি পৰা চিয়াঁহী এই চেপা হুমুনিয়াহ
এই বৰ্ণমালাৰ আকাৰ এদিন ইয়াতে পঢ়িব লাগিব একেলগে
০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০
কবিতাটোৰ শিৰোনামাতে এখন কুঁৱলীময় চিত্ৰকল্পৰ আৱেশ দেখা পাওঁ । ইয়াত এতিয়া কোনেও- কোৱাৰ লগে লগে 'ইয়াত' ৰে এক অঞ্চল (য'ত আমি আছো)¸ আৰু 'কোনেও' ৰে সামগ্ৰিক ভাৱে সকলোকে একেলগে সাঙুৰি নঞাৰ্থক অৰ্থত আমি বুজি উঠিছো । এই অৰ্থ নঞাৰ্থক নহয় ¸ সদৰ্থক হোৱা হ'লে “কোনেও”ৰ সলনি সকলোৱে বা অন্য কোনো বিকল্প শব্দ প্ৰয়োগ হ'ল হয় । এই নঞাৰ্থকতাই পাঠকৰ মনত ৰোপন কৰি তুলিব এক চৰম কৌতূহলতা- “ইয়াত এতিয়া সকলোৱে কি ?” এই কৌতূহলতাই ক্ৰমান্বয়ে পাঠকক কবিতাটোৰ ভিতৰলৈ সোমাই লৈ গৈ থাকিব ।
কবিতাটোৰ প্ৰথম স্তৱকত যেতিয়া কবিয়ে-- ‘ইয়াত এতিয়া কোনেও গছ হ'ব নোৱাৰে/এটা নিষ্পাপ শিশু¸ এটা জুৰিৰ ফটিক পানী¸ এচপৰা শুকুলা মেঘ’ হ'ব নিবিচাৰে বুলি কৈছে ¸ তেতিয়াই আমি বুজি উঠিছো দুটা সময়ৰ মাজৰ যুগসন্ধিৰ ফলত হোৱা পৰিবৰ্তনৰ কথা কৈছে । পৰিবৰ্তনৰ এই পৰিপ্ৰেক্ষিতত সকলো সংজ্ঞাৰ্থ যেন যান্ত্ৰিকতাত লীন হৈ গৈছে । ‘কোনেও গছ হ'ব নিবিচাৰে¸ শিশু হ'ব নিবিচাৰে অথবা পানী বা মেঘ হ'ব নিবিচাৰেৰে বুজাইছে এক অস্থিৰ পৰিস্থিতিৰ কথা । য'ত শান্ত¸ নিষ্পাপ বুলি এতিয়া একো নাই । পুখুৰীৰ ঘোলা পানীৰ দৰে এঠাইত ৰৈ থকা এক অস্থিৰ অৱস্থা এতিয়া ।
দ্বিতীয় স্তৱকত “চৰাই” ৰে মুক্ত অৱস্থাক সূচোৱা যেন বোধ হৈছে¸ যি মুক্ত অৱস্থা এতিয়া আৰু নাই । একে স্বাধীনতাহীন অৱস্থাৰে বৰ্ণনা কৰিছে কবিতাটোৰ তৃতীয় স্তৱক ।
ভোগবাদী সমাজ ব্যৱস্থাত বাহ্যিকভাৱে উত্তৰণ হ'লেও আত্মিক ভাৱত কবি সন্দিহান হৈ পৰিছে । বাহিৰৰ চিকমিকনিয়ে ঘৰৰ ভিতৰ আন্ধাৰ কৰি তোলাৰ দৰে কবিয়ে কবিয়ে প্ৰশ্ন কৰিছে - ‘জোনাকত কোনোবাই জানো আনি দিব এডোখৰ ৰুটী’
ভোগবাদী সমাজ ব্যৱস্থাত বাহ্যিকভাৱে উত্তৰণ হ'লেও আত্মিক ভাৱত কবি সন্দিহান হৈ পৰিছে । বাহিৰৰ চিকমিকনিয়ে ঘৰৰ ভিতৰ আন্ধাৰ কৰি তোলাৰ দৰে কবিয়ে কবিয়ে প্ৰশ্ন কৰিছে - ‘জোনাকত কোনোবাই জানো আনি দিব এডোখৰ ৰুটী’
কবিতাৰ শেষত শুনা পাইছো এক উপদেশবাণী । কবিয়ে নিজৰ চিন্তা ¸ অভিজ্ঞতা আৰু অনুভূতিৰ অভিনৱত্বৰে যেতিয়া কবিয়ে কৈছে ‘বৰ্ণমালাৰ আকাৰ এদিন ইয়াতে পঢ়িব লাগিব একেলগে’¸ তেতিয়াই আমি বুজি উঠিছো বৰ্তমানৰ সময় অনাগত দিনত হ'ব চানেকী । এতিয়াৰ ওপৰতে নিৰ্ভৰ কৰিব ভৱিষ্যতৰ দিনবোৰ ।
কবিতাটোৰ প্ৰতিটো স্তৱকত চকু ফুৰালে এটা কথা দেখা যায় প্ৰতিটো স্তৱকৰ বক্তব্য এক সমান্তৰাল পাঠ । কবিতাটোত দুটা সময়ৰ মাজৰ পাৰ্থক্যৰে বৰ্তমান সমাজৰ কথাই কোৱা হৈছে । সম্পূৰ্ণৰূপে যান্ত্ৰিক আৰু ব্যক্তিকেন্দ্ৰিক হৈ মুলসুঁতিৰ পৰাই বিচ্ছিন্ন হোৱাৰ উপশম হোৱাৰ কথা আৰু ইয়াৰ বিস্তৃতি আৰু ভয়ানক সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে । মূল কথা এইখিনিয়েই। এটা একস্তৰীয় আৰু একমাত্ৰিক কবিতা । প্ৰতিটো স্তৱকে এটাই আনটোক নিয়ন্ত্ৰণ আৰু প্ৰতিনিধিত্ব কৰিছে । এইখিনিতে কবিতাৰ ফৰ্ম আৰু কন্টেন্টৰ কথা আহি পৰে । কবিতাটোত কবিয়ে কি কৈছে তাতকৈ কেনেকৈ কথাখিনি কৈছে তাৰ অৱদান বেছি প্ৰাসংগিক । এটা আড্ডাত অগ্ৰজ কবি অচ্যুত দায়ে (আচ্যুত মাধৱ দাস) কৈছিল কবিতাৰ বিষয়বোৰ এক সৰলৰৈখিক¸ অৰ্থাৎ কন্টেন্ট সদায়ে একে থাকে¸ বৈচিত্ৰতা ফৰ্মতহে । একেই আড্ডাতে অগ্ৰজ হিমাংশু দা (হিমাংশু ভাগৱতী)য়ে কৈছিল সাহিত্য যদি জীৱনৰ দাপোন হয়¸ তেন্তে জীৱন সমগ্ৰ পৰিক্ৰমাই সাহিত্য । পৃথিৱীৰ সকলো মানুহৰ জীৱন পৰিক্ৰমাৰ আৰম্ভণি¸ সমাপ্তি¸ সুখ-দুখৰ অনুভৱ একেই । পাৰ্থক্য মাথো প্ৰকাশভংগীতহে । যদি ফৰ্মক বাদ দি কবিতা লিখা হয়¸ তেন্তে একে বিষয়ক সমস্ত কবিতাই হ'ব এটা আনটোৰ নকল আৰু আলোচনাবোৰো হ'ব মাথো প্ৰতিলিপি ।
দুটা সময়ৰ যুগসন্ধি আৰু অৱস্থাৰ বিৱৰণৰে লিখা কবিতা মাথো এইটোৱেই নহয়¸ বা প্ৰকাশভংগীৰ পৰা নতুনত্ব আৰোপ কৰা বুলি ক'ব নোৱাৰো । তৎসত্ত্বেও এইটো কবিতাত প্ৰকাশভংগীৰ সৱল উপস্থাপনৰ বাবে পঠনৰ সময়ত পাঠকৰ হৃদয় আৰু মগজুৰে কিছুমান ভাৱনা পাৰ হৈ গৈছে । এই দ্ৰুত সঞ্চালনে ইটোৰ সৈতে সিটোৰ দন্দ্ব উদঘাটন কৰিছে আৰু দুয়োটা ভাৱনাৰ মাজত প্ৰচণ্ড সংঘাত আমি দেখিছো । পাঠকৰ মনত হোৱা এই ক্ৰিয়াশীল পৰিঘটনাখিনিয়ে ফৰ্মৰ মহিমা । বিষয়বস্তু অত্যন্ত সংবেদনশীল হ'লেও ফৰ্মৰ একঘেয়ামীৰে ই বহুক্ষেত্ৰত নিৰ্জীৱ হোৱা সাম্প্ৰতিক বহু কবিতাত দেখিছো ।
অসমীয়া কবিতাক প্ৰভাৱিত কৰা এটা কবিতাৰ আন্দেলন আছিল প্ৰায় ৬০ ৰ দশকত হোৱা ফৰাচীৰ প্ৰতীকবাদ । এই আন্দোলনে কবিতালৈ এক সাংগীতিক লয় কঢ়িয়াই আনিছিল । তেনে এক সুৰ “ইয়াত এতিয়া কোনেও”ত দেখা পোৱা যায় । কবিতাটোত এক ছায়া-মায়া সংগীতৰ সুৰ আছে । কবিতাটোৰ লয় বা ছন্দস্পন্দ(Rhythm) ¸ কাব্য-ধ্বনি (Echo) য়ে সৃষ্টি কৰা স্পন্দন তৰংগই অপ্ৰত্যাশিতভাৱে পাঠকৰ হৃদয়ত আলোড়ন তুলি কবিৰ অনুৰূপ অনুভূতিৰ সৃষ্টি কৰিব পাৰে । কবিতাটোৰ ধ্বনি প্ৰবাহ (Sound of Poetry) ৰ পৰিমিত গতিৰ বাবে পাঠ কৰিলে স্পন্দন পোৱা যায় । সমসাময়িক বহু কবিৰ কবিতাত এনে গুণ দেখা যায় । অৰ্থাৎ ক'ব পাৰি ছন্দ স্পন্দ আৰু কাব্য-ধ্বনি সাম্ৰতিক কবিতাৰ এক উল্লেখযোগ্য প্ৰকৰণ । এনে কবিতাত সাংগীতিক লয়ে পঠন ঢৌ তোলে আৰু সুৰৰে সজাবও পাৰি । একে সংখ্যাক সাতসৰীত থকা এনে কবিতাৰ দুটা মান স্তৱক উদাহৰণ হিচাপে দিয়া হ'ল--
১। সকলো হেৰালেও/আকাশৰ বিশালতাত থাকে/সকলো নক্ষত্ৰৰ আলোকস্তম্ভ (মৌনতা যে এক বিচিত্ৰ শব্দ¸ ৰবীন্দ্ৰ বৰা)
২। জীৱনৰ ভঙা-গঢ়া উৎসৱবোৰ/কেনেকৈ আৰম্ভ হয়/কেনেকৈ শেষ হয়/একোৱেই উৱাদিহ নাই ( জীৱন-উৎসৱ¸ দীপিকা শইকীয়া)
৩। ভাল নলগাকৈও/ভাল লগাৰ দৰে/হাঁহি মাতি থাকোঁ ( আইৰ শিৰৰ সেন্দুৰকণ ¸ দেৱপ্ৰসাদ তালুকদাৰ)
৪। পৃথিৱীখন ৰোৱালৈ ৰ'ব খোজা নাই/সূৰ্যতো চেঁচা হোৱালৈও ৰ'ব খোজা নাই (আদিপৰ্ব¸ অংকুৰ বৰগোহাঞি)
এনে তালিকাখন বৰ দীঘল । অৰ্থাৎ এটা কথা ক'ব পাৰি বৰ্তমান সময়ৰ অসমীয়া কবিতাক প্ৰচলিত ধাৰাক "ইয়াত এতিয়া কোনেও" কবিতাটোৱে প্ৰতিনিধিত্ব কৰিছে ।
বৰ্তমান সময়ৰ সত্যানুন্ধানৰে সৃষ্ট “ইয়াত এতিয়া কোনেও”ৰ সৌন্দৰ্য তাজমহলৰ সৈতে তুলনা কৰিব পাৰি¸ দেখিবলৈ মনোৰম কিন্তু জন্মৰ কাৰণ দুখৰ ।
0 comments :
Post a Comment