পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » জুবিন

জুবিন

Written By www.parthapratim.in on Monday, 23 October 2017 | 00:27


নিজৰ স্বভাৱৰে বৃত্ত এটা সাজে সি
শেষ মানেই শেষ নহয়…
অথচ,
ভিৰ এটাত হেৰাই যায়
যেন ভাঙি-চিঙি সকলো শেষ
মানুহবোৰে চিঞৰে¸ উন্মাদ হয়
সুলকি পৰে একেলগে ঘড়ীৰ তিনিওডাল কাঁটা

( যা নিশা সৰ্বভূতানাং )

কাৰ্ফুৰ সময় শেষ ।
কাগজৰ চৰাইৰ ওঁঠত ফুটা ফুটা মাত
গাণ এটা গা-না
যি গোৱা হোৱা নাই- সেয়া হওঁক অসম্ভৱ অনুবাদ
বৃত্তৰ ভঙা গঢ়া অথবা বিশল্যকৰণী সন্ধান।


✍🏿পাৰ্থ
SHARE

About www.parthapratim.in

0 comments :

Post a Comment