বেলিয়ে নিদ্ৰা ভাঙি জগাই তোলা মই এক ৰাতিৰ বিলাপ
তই দেখিছনে¸
পুৱাৰ ৰ'দৰে খোপা বান্ধি মই কেনেকৈ জঁটাধাৰী হওঁ
ইয়াত এতিয়া সকলো মৌনতাই গঢ়া প্ৰস্তৰ মূৰ্তি
য'ত কুঁজা হয় আস্তাবলৰ তেজাল ঘোঁৰা
কিন্তু অপ্ৰাপ্তিৰ পিছতো প্ৰাপ্তিৰ আশাত মই উৎকণ্ঠিত হৈ ৰওঁ
ই মোৰ অভ্যাস¸ অথবা চকুৰ পটাত ওলমি থকা তোৰ নিছা।
য'ত কুঁজা হয় আস্তাবলৰ তেজাল ঘোঁৰা
কিন্তু অপ্ৰাপ্তিৰ পিছতো প্ৰাপ্তিৰ আশাত মই উৎকণ্ঠিত হৈ ৰওঁ
ই মোৰ অভ্যাস¸ অথবা চকুৰ পটাত ওলমি থকা তোৰ নিছা।
কোনো চৰাইৰ স্বপ্নদোষ হোৱা আজিলৈ শুনা নাই
সেয়ে চৰাই হ'ব নোৱাৰিলো
ফাগুন বুকুত গুজি হ'লো তোৰ প্ৰিয় মাহ
বৰষুণৰ গোন্ধ শুঙি চাইছা?
দেখিছা বতাহৰ ৰং?
সেয়ে চৰাই হ'ব নোৱাৰিলো
ফাগুন বুকুত গুজি হ'লো তোৰ প্ৰিয় মাহ
বৰষুণৰ গোন্ধ শুঙি চাইছা?
দেখিছা বতাহৰ ৰং?
প্ৰিয় নাৰী মোৰ
যেতিয়া দুয়ো একেলগে শুই থাকিম
থাকিবনে চকুৰ ভাঁজত এই একেই লাজ
আমাৰো আছে নিজাকৈ এটা বেলি
থিয় দিব পৰাকৈ অলপ হ'লেও মাটি
চা চোন¸ চা…
আকাশত মাটিৰ হাহাকাৰ
মাটিত আকাশৰ হাহাকাৰ
প্ৰিয় নাৰী¸ আহ সলনি কৰো নিয়ম
দেহত দেহ লগালেই পাপ নহয়
আহ¸ পোহৰ বেয়া পোৱা দুয়ো বাদুলী হওঁ।
0 comments :
Post a Comment