
বন্ধুৰ মন বেয়া । বেয়া মানে সাংঘাতিক বেয়া । ইংঞ্জিয়াৰিং কমপ্লিট হোৱাৰ আঠ মাহ পিছতো বন্ধুৰ ক'তো চাকৰি এটা হোৱা নাই । কম ডাঙৰ টেনচননে। এইপিনে বন্ধুপ্ৰেয়সীয়ে কৈ থৈছে ভাল চাকৰি নাপালে বিয়া নহওঁ বুলি । চাকৰিত এপ্লাই কৰি কৰি বন্ধুৰ বাপ্পী লাহড়ীৰ দৰে মানীবেগ সোনম কাপুৰৰ দৰে জীৰো চাইজ হৈ গৈছে । এককথাত বন্ধুৰ কুলাই পাচিয়ে নধৰা দুখ । ইম্মানেই বন্ধুৰ বেয়া দিন যে সপোনতো চানী ভন্টিয়ে কাপোৰ পিন্ধি আহে আৰু বন্ধুপ্ৰেয়সীয়ে ৰাতি দুবজাতো বন্ধুক জৱ এডভাৰ্টাইজৰ মেচেজহে দিয়ে । হওঁক তেওঁ বন্ধুক চাকৰি এটা লাগে সোনকালে ।
অমুক কোম্পানীত ভেকাঞ্চী ওলাইছে । যোৱা ৰাতি বাৰবজাত বন্ধুপ্ৰেয়সীয়ে বন্ধুক ফোন কৰি কৈছে । মিনিমাম ৰিকুৱাৰমেন্ট অমুক অমুক । কম্পিউটাৰ চাৰ্টিফিকেটৰ বাহিৰে বন্ধুৰ সকলো আছে। বন্ধু পঢ়াত বেয়া নাছিল । আছু¸ দল সংগঠনে পিন্ধোৱা গামোছা¸ জাপি¸ শৰাই বিক্ৰী কৰি অমুক কম্পিউটাৰ ইন্সটিটিউটৰ পৰা দুহাজাৰ টকাৰে চাৰ্টিফিকেট এখনো উলিয়ালে । চকুদুটা মুদি বন্ধুই চাকৰি পোৱাৰ পিছৰ পাঁচবছৰৰ পৰিকল্পনাও কৰি পেলালে । আসঃ কি সুখ¸ মজা আৰু মজা ।
ইন্টাৰভিউত বন্ধুৰ বায়োডাটাখন চাই এইচ আৰে চকুকেইটা ডাঙৰ কৰি সুধিলে “তুমি কম্পিউটাৰ চায়েন্সত ইঞ্জিয়াৰিং কৰাৰ পিছতো কম্পিউটাৰৰ ছমহীয়া কোৰ্চ কিয় কৰিছিলা” । বন্ধুৰ মুৰত যেন কোনোবাই হাতুৰিৰে ঘটংকৈ হাতুৰীৰে কোবহে মাৰিলে । চাকৰি বিচাৰি বিচাৰি বন্ধুই পাহৰিয়ে গৈছিল এয়া । বন্ধুৱে এতিয়া কয় কি । সেহোনেহোকৈ লাহেকৈ ক'লে ছাৰ¸ কনচেপ্ট ক্লিয়াৰ হোৱা নাছিল ।
বন্ধুৰ চাকৰিটো নহ'ল ¸ বন্ধুৰ হেভী দুখ । কম্পিউটাৰ চায়েন্সত বি.টেক কৰি কম্পিউটাৰৰ ছয়মহীয়া চাৰ্টিফিকেট লোৱা বন্ধু কিজানি প্ৰথম অসমীয়া । সৰু কথা নহয় পিছে ।
বিঃদ্ৰঃ - শুনামতে অমুক কম্পিউটাৰ ইন্সটিটিউটটোৰ বন্ধু এতিয়া ব্ৰেণ্ড এম্বোচাদৰ । টকা দুহাজাৰত চাৰ্টিফিকেটট লাগিলে বন্ধুৰ লগত যোগাযোগ কৰিব পাৰে ।
0 comments :
Post a Comment