পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » দৰিদ্ৰতা

দৰিদ্ৰতা

Written By www.parthapratim.in on Saturday, 9 April 2016 | 08:08

Image Courtesy: Internet


. কলুষিত ক্ষুধাৰে শুকান আত্মা
এধানি ৰ'দৰ আশাত সেমেকা খোজ
 গোৰোহাত লিখা আছে দৰিদ্ৰতা ।


দিনটোৰ হাড়ভগা শ্ৰমৰ পিছত
 পেটৰ ভোকে যেতিয়া মুচৰি দিয়ে শৰীৰ
 তেজবিহীন কলিজা
 এচিড বৰষুণত তিতে বিশ্বাস
 মদ খাব নালাগে আমি
চকুপানী পি মাতাল হওঁ দুখৰ ৰাতিত ।

এবুকু দুখে বাট ভেটি ধৰা সময়ত
 তুমি যেতিয়া কোৱা মা ভগৱানক বিশ্বাস কৰিব
 তেতিয়াই পুণৰ এবাৰ বিশ্বাস হয় অবিশ্বাস
দুখটো উজাই আহে বুকুলৈ
ক'ত তোমাৰ ভগৱান মা ?
ক'ত ?
মমবাতি হ'ব খোজা তোমাৰ কচৰৎ
হেজাৰটা সোনাৰুবুলীয়া সপোন আৰু দৰিদ্ৰতাৰ জুইকুৰা !
এতিয়া আৰু খিৰিকী খন নুখুলিবা
 ভয় লাগে মা এন্ধাৰ বোৰে খেদি আহে ।

 আসঃ মৃত্যুও যে কি এক প্ৰত্যাহ্বান
 শেষ হৈ হৈ শেষ নোহোৱা জীৱন
জীয়াই থকা অভিশাপ
 অভিশাপ দৰিদ্ৰতা ।
SHARE

About www.parthapratim.in

0 comments :

Post a Comment