কলেজত পঢ়াৰে কথা ।
মই তেতিয়া উঃ মাঃ দ্বিতীয় বৰ্ষৰ ছাত্ৰ । ছোৱালী জোকোৱাৰ ভৰপূৰ বয়স । পঢ়া টেবুলত বহি কিমানজনী ছোৱালীৰ মুখৰ অবয়ৱৰে মনৰ ভিতৰত পলাশীৰ যুদ্ধ সংঘটিত কৰিছিল তাৰ হিচাপ মোৰ মগজুয়ে সেই সময়তো ঢুকি পোৱা নাছিল , আজিও নাপায় ।
মই বিজ্ঞানৰ ছাত্ৰ আছিলো । আমাৰ প্ৰতিটো ক্লাছ এটা কোঠাতে হৈছিল । ইচ্ছা অনুযায়ী ক্লাছ খটি কৰাৰ বাহিৰে বিদ্যালয়ৰ ক্লাছৰ লগত বেলেগ পৰিবৰ্তন নাছিল ।
এতিয়া কাহিনীলৈ আগবাঢ়ো । আগষ্টৰ মাহ । মহাবিদ্যালয়ৰ প্ৰেয়সী নোহোৱা ছাত্ৰ সমাজৰ বাবে আগষ্ট মাহ বসন্ত কাল । এইটো মাহত ছোৱালী পটাবো নোৱাৰিলে পিছত প্ৰতিজন ছোৱালী এনগে্জদ হৈ যায় । সেই গতিকে প্ৰেয়সী নোহোৱা মোৰ মনত বসন্তৰ কপৌ ফুলিব আৰম্ভ কৰিছিল আৰু । বন্ধুবৃন্দক লগৰী কৰি ছোৱালী বিচাৰা অভিযান আৰম্ভ কৰিলো । আমাৰ শ্ৰেণীকোঠাৰ কাষৰ কোঠাটো প্ৰথম বাৰ্ষিক ( বিজ্ঞানৰ ) । এজন বন্ধুক লগৰী কৰি বাৰান্দাত থিয় হৈ প্ৰায়ে তাৰ ছোৱালীবোৰক চাওঁ । বহুত ধুনীয়া ছোৱালীৰ মাজৰ এজনী ছোৱালীয়ে মোক বাৰুকৈয়ে আকৰ্ষণ কৰিলে । বগা ডিম্বাকৃতিৰ মুখ , বৈ পৰা চেলাউৰী, ক'লা দীঘল চুলি । মোক আটাইতকৈ আপ্লুত কৰিলে তাইৰ হাঁহি আৰু আচৰণে। বাহ্যিক জাকজমকতাৰ পৰা যেন কিছু নিলগত। নীলপৱন বৰুৱা বা বেনু মিশ্ৰ হোৱা হলে কেনভাচত আঁকিয়ে পেলালো হয়। হয়টো ইয়াকে কয় প্ৰথম দৃষ্টিতে প্ৰেম । এনেকৈয়ে সদায় তাইক চাবলৈ বাৰান্দাৰ বিশেষ ঠাইখিনিত বাহৰ পাতিলো । লগৰী সেই বিশেষ বন্ধুজনেই । কেতিয়াবা তাইও মোলৈ চাই , চকুৱে চকু পৰিলে হাঁহি মাৰি দিয়ে । সেইদিনা মোৰ আৰু টোপনি নাহে। এনেকৈয়ে এমাহ পাৰ হ'ল । সদায়ে চাওঁ তাইক । অথচ তাইৰ নামে নাজানো । এনেকৈ আৰু নহব। কিবা এটা কৰিব লাগিব। বন্ধুবোৰৰ সৈতে ঘূৰণীয়া মেজমেলত বহিলো । আটাইৰে সৰ্বসন্মত সিদ্ধান্ত তাইক প্ৰপ'জেল দিব লাগে । দিন বাৰো থিক কৰা হ'ল । কাইলৈ শিক্ষক দিৱস । তিনিটা পিৰিয়দৰ পিছত ক্লাছ নহয়। অহাকালিয়ে কিবা প্ৰকাৰে কবই লাগিব । এনে ক্ষেত্রত বন্ধুক ভগৱানৰ দ্বিতীয় অৱতাৰ যেন লাগে । ইম্মান সহায়কাৰী......
পিচ দিনা..
-অই.. তাই আহিছে । -ক'ত -সৌৱা চাই পঠিয়ালো । তাই আহিছে । লগত এজনী বান্ধৱী । তাই আমাৰ কাষেৰেই পাৰ হৈ গ'ল ।
- অই । মাত আকৌ বন্ধুজনে মোক উত্সাহ দি আছে ।
- অ' শুনা মোৰ মাতটো মই নিজেই নুশুনিলো। - অই অলপ জোৰেৰে মাত বে । বন্ধুজনে সাহস যোগাই আছে । মই যেন যুদ্ধৰ সেনাপতি হে।
- অ'ই শুনা । এইবাৰ মাতটো প্ৰয়োজনতকৈও জোৰেৰে ওলাল । তাই পিছলৈ ঘূৰি চালে ।
- মোক মাতিছে ?? - অ' তোমাকে মাতিছো । নাই মোৰ মাত ওলাই নাহিল। প্ৰথম বাৰৰ বাবে তাইৰ মাত শুনিছো । বন্ধুজনে কিবা কৈছে কিন্তু একো নুশুনিলো । ভৰিত যেন কোনোবাই শিকলিহে লগালে । খোজো দিব পৰা নাই । অলপ সময় তাই ৰৈ আতৰি গ'ল ।
- তোৰ দ্বাৰা একো নহব । সাহস নহলে ছোৱালী ভাল পাই নেকি (অশ্লীল )। ইমান সময় ৰৈ.....
বন্ধুজনে আৰু কিবাকিবি কৈ আছিল কিন্তু কাণত বাজি আছিল তাইৰ শব্দ কেইটা ।
ইতিমধ্যে নজনা বন্ধুবোৰেও কথাটো গম পালে। সাহস , উপদেশ দিয়া মানুহ বাঢ়িল । বহুদিন চেষ্টা কৰিও অনাকাংক্ষিত বুকুৰ ধপধপনিৰ বাবেই কব পৰা নাই।
- ঘৰ ক'ত তাইৰ। - অমুকত - তাত দেখোন তমুকৰো ঘৰ । সি কিবা সহায় কৰিব পাৰিব নেকি । - কৈছিলো । নাম গম পাইছো । তাইৰ মোবাইল নাই ।
- অ'ই তইতো ভাল কবিতা লিখ । তাইক তেনেকৈ কব চেষ্টা কৰ না।
- পাগল হৈছ । কবিতা ভালনোপোৱা বোৰে কবিতা কামুৰ পাই ।
- চিঠি লিখ । প্ৰেমত কবিতাৰ বহুত উপকাৰী গুন আছে বে....
- হুম ।
কথাটো ঘৰত আহি বহুত ভাবিলোঁ । বহুত দিন চেষ্টা কৰিও কব নোৱাৰিলো আৰু কব যো পাৰিম সন্দেহ । চিনেমাবোৰত দেখিছো নায়কে নায়িকাক চিঠিৰে মন জয় কৰাৰ। সিদ্ধান্ত হ'ল চিঠি লিখাৰ । নীলা খামৰ চিঠি বহুত পঢ়িছো । অভিজ্ঞতা ব্যৱহাৰ কৰিবলৈ হাতত ৰঙা চিঞাহীৰ কলম তুলি ললো । আৱেগ ,অনুভূতি যিমান পাৰো ভৰাই দিলো তাত।
পিছদিনা নতুন উদ্যামৰে কলেজ গলো। মনতো অত্যন্ত অস্থিৰ । বন্ধুবোৰক চিঠিখন দেখুৱালো । আটায়ে মোক শুভেচ্ছা দিলে । যেন দেশ জয় কৰিব ওলোৱা সৈনিকহে ।
- চিঠিখন দিব ভয় লাগে । প্ৰিন্সিপালক কয় যদি? - ধেইত নকয় । - যদি কয় ?? - অ'ই ইমান ৰিক্স ল'ব ভয় লাগে বে। তই মোৰ হৈ প্ৰপ'জেল দি না । তাই যদি কিবা পজিটিভ দেখায় তেতিয়া চিঠিখন দিম । বন্ধুজন সন্মত হ'ল ।
অফ টাইমত তাইৰ পিছ ললো । তাই বান্ধৱীজনীৰ সতে বহি আছে ।কাষত কোনো নাই ।
- যা না ভাই। মই যে তাইক ভালপাওঁ কবি । ভালকৈ কবি তাই যাতে....
বন্ধুজন গলেই । মই দূৰৰ পৰাই লক্ষ্য কৰিলো । বন্ধুজন গৈ তাইৰ কাষতে বহিল । অলপ সময় পিছত সি মোক হাতবাওলি মাতিলে । তাই হয়তো মোক চাব বিচাৰিছে । এবুকু সাহসলৈ মই লাহে লাহে তাইৰ কাষলে আগবাঢ়িলো । হঠাতে দুজন ল'ৰা তাইৰ ওচৰলৈ আহিল । মোৰ এনে লাগিল যেন মই তাইৰ কাষলে গলে সিহঁতে মোক আক্ৰমণহে কৰিব । সাহসবোৰ পাম্প যোৱা বেলুনৰ দৰে ওলাই গ'ল । মই তাৰ পৰা পলাই আহিলো ।
কিছুসময় পিছত বন্ধুজন আহি মোক ভাগ্যে নামাৰিলে । অকথ্য গালি শুনালে । তাই হেনো মোৰ সতে কথা পাতিব খুজিছিল । অলপ সময় ৰৈছিলো মোৰ বাবে । যোৱাৰ সময়ত কৈছে মোক ভাল নাপাওঁ কব । বন্ধুজনে আৰু বহুত কিবাকিবি কৈছিল । মই সংগোপনে চিঠিখন খামুচি ধৰিলো । বুকুখনে হাহাকাৰ কৰি উঠিল ।
বিঃ দ্ৰঃ চিঠিখন তাইক দিয়া নহ'ল । লাহে লাহে অনুভৱবোৰ কমি আহিল ।
পুনঃ এদিন তাইৰ সৈতে সম্পৰ্ক থকা বন্ধু এজনক লগ পাইছিলো । সি কলে দুবছৰ মান হ'ল তাই পলাই গৈছে ।
0 comments :
Post a Comment