![]() |
Image Courtesy: Internet |
(উসৰ্গা : শ্ৰদ্ধেয় হেম বৰুৱা দেৱলৈ )
Oh, Solitude! where are the charmes that sages have ever
seen.
মই উভতি যাম তোমাৰ ওচৰলৈ । তোমাক এবাৰ চুই চাম। দুহাতেৰে
মচি দিম তোমাৰ চকুৰ অশ্ৰু অঞ্জলি ।
[কথাবোৰ যে ভবাৰ দৰে নহয় । নভবাবোৰো ঘটি যায়
কেতিয়াবা । মানি লব লাগে নিষ্ঠুৰ ভাবে।
মৰমৰ মমতা,
তোমাৰ ভালনে ? তোমাৰ চিঠিখন
পাবৰ বহুদিনেই হ'ল। বহুবছৰ
তোমাৰ চাগৈ খং উঠিছে। কিন্তু
তুমি কি বুজিবা নিসংগতাৰ বেদনা
নিৰ্জন দ্বীপত অকলে বাস কৰাৰ তীব্ৰ যন্ত্ৰনা
তোমাৰ ওচৰলৈ উভতি যাবলৈ প্ৰৱল ইচ্ছা যায় । কিন্তু
ই অসম্ভৱ ,মই যে তেনেই অপাৰাগ
মৃত্যুৰ কাৰাগাৰত মই আজীৱন কাৰাৰুদ্ধ। অকলশৰীয়া কয়দী।
মমতা অতীতৰ কথাবোৰ (৭ বছৰ আগৰ) কথাবোৰ মোৰ মনত
আছে
আমাৰ নৱজীৱনৰ শুভাৰম্ভ...। কিন্তু সেইবোৰ যে এতিয়া
অতীত । পাহৰনিৰ গৰ্ভত বিলুপ্ত সময়ৰ আহ্বানত ।
মমতা , বৰপেৰাৰ এয়া মই উলিয়াই আনিছোঁ আমাৰ জীৱনগাথা
তলসৰা শেৱালীৰে পদুলি উপচা এটা ধুনীয়া গধুলি
তোমাৰ আগমন আমাৰ ঘৰলৈ
তোমাৰ ওঁঠৰ লাজুকী হাঁহি ; চকুৰ অবুজ চাৱনি
আসঃ কি অপুৰ্ব আছিল সেই হাঁহি
এতিয়াও আমনি কৰে প্ৰায়ে।
মেঘৰ মোহনাত হালধীয়া জোনৰ নিৰ্জীৱ দৃশ্য
সজীৱ হৈ ভাহিঁ উঠে মোৰ দুচকুত
ভাহিঁ উঠে তোমাৰ ৰঙা ৰিহাখন ।
মমতা এয়া পুৰাণৰ সাধুকথা নহয়
স্মৃতিৰ কৰুণ বুৰঞ্জী মাথোন
তুমি মোৰ মানসপটত এতিয়াও সজীৱ হৈয়ে আছা
মনত পৰিলেই সোঁৱৰনীৰ বৰপেৰাৰ পৰা উলিয়াই আনো
এখন কোমল মুখ ; মৰমী মমতাৰ ।
মমতা তোমাৰ হয়তো মুৰৰ চুলি
বগা সাজযোৰৰ সৈতে একাকাৰ হৈ পৰিছে
দেহতো পৰিছে বাৰ্ধক্যৰ আছোৰ।
বাবুল এতিয়া কেনে আছে... ?
সি হয়তো এতিয়া বাপেকীয়ে হ'ল। নহয় জানো?
নাতিৰ সৈতে ওমলাৰ তীব্ৰ বাসনা সপোন হৈয়ে থাকিল
চোতালত বালিৰ জুপুৰি ....
সপোনবোৰ তুমিয়েই পুৰাবা। বোৱাৰীক
তুমিয়েই দিবা মোৰ মৰম।
মমতা তুমি জানানে ....
হেজাৰ হেজাৰ ফুট ওখ পৰ্বতত
যেতিয়া মই আসন্ন মৃত্যুৰ ক্ষন দেখিছিলো
মোৰ চকুৰ পৰা নিঃসৰিত হৈছিল বাৰিষাৰ প্লাৱন
ক্ৰমান্বয়ে ভাগৰি পৰা মোৰ ক্লান্ত দেহ
পৰ্বতৰ শুকুলা বৰফে হেচি ধৰিছিল ।তোমাৰ অজ্ঞাতে
আসঃ বৰ বেদনাময়...
এইবোৰ বহু বছৰ আগৰ কথা । মনত পৰিলেই মনটো
কেনেবা কৰে । দুচকুৱেদি নামি আহে
বেদনাসিক্ত হৃদয়ৰ বহিঃপ্ৰকাশ
হুমনিয়াহে গভীৰ কৰি পেলাই অৰ্থহীন যুক্তি ।
আৰু কি লিখিম। বিশেষ...
অ' ৰবা, শুনা...
নাতিলৰাক ডাঙৰ হলে ইস্কুলত নাম লগাই দিবা
তাকো শিকাবা সেই একেশাৰী বাক্য
যি মৃত্যুৱে দহক জীৱন দিয়ে
সেই মৃত্যু আত্মাৰ দৰেই অবিনশ্বৰ।
আজিলৈ সামৰো দেই...।
মৰম লবা । ইতি......
[ কবি হেম বৰুৱাৰ যুগজয়ী সৃষ্টি 'মমতাৰ চিঠি' আৰু 'এখন চিঠি' ।
মমতা দুয়োটা কবিতাৰে প্ৰধান চৰিত্ৰ । এখন চিঠিত এজন
কৰ্তব্যৰত ব্যস্ত সৈনিকে তেওঁৰ মৰমী পত্নীলৈ লিখা হৃদয়
বিদাৰক কাহিনীৰ বিপৰীতে মমতাৰ চিঠিত মমতাই মৃত স্বামীলৈ লিখা
বাস্তৱ চিত্ৰ প্ৰতিফলিত হৈছে । দুয়োটা কবিতাৰ ভাবধাৰাৰ সংমিশ্ৰণ
ঘটাই এই কবিতা সৃষ্টিৰ ক্ষুদ্ৰ প্ৰয়াস ।]
0 comments :
Post a Comment