পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.

অথঃ বন্ধু সংবাদ :

Written By www.parthapratim.in on Monday, 31 October 2016 | 19:33


বন্ধুৰ এটা আচৰিত গুণ আছে , বন্ধুৱে তিলটোকে তাল নহয় , গোটেই বিশ্ব ব্ৰহ্মাণ্ড বুলিও ক'ব পাৰে । বন্ধু আকৌ সমগ্ৰ তথ্যৰ ভঁৰাল । এই যে গুগল নে কি , সেয়া হেনো বন্ধুৰ কৃপাতেই হোৱা । আপোনাকহে কলো দেই কাণে কাণে , কাকো নক'ব । এনেইও বন্ধুৰ জন্ম ভুলবশতঃ হে অসমত হৈছিল । যিকনো কথাই বন্ধুই জানে । আপুনি বন্ধুক সোধক আপোনাক কৈ দিব । কেৱল কোৱাইনে উপযুক্ত তথ্য প্ৰমাণসহ আপোনাৰ আগত সত্যাসত্য প্ৰমাণ কৰাত বন্ধু সিদ্ধহস্ত । হাইকোৰ্ট কিয় , যেন বন্ধু চুপ্ৰিম কোৰ্টৰ হে পেচাদাৰী ওকিল । আৰু সেয়া নুবুজিলে আপুনি বেয়া । ধেইত মোৰ কথা কোৱা নাই হে বন্ধুৰ মতে আক' । বেয়া মানে সেইবিশেষ দিনটোৰ বাবেহে দেই , বন্ধুৰ হৃদয় খন আকৌ চাফা, চাৰ্ফ এক্সেলৰে ধোৱা হৃদয়ৰ নিচিনা । এই যে তিলটোকে তাল কৰা সৰ্বজ্ঞানী গুণ_ এয়া বন্ধুৰ জন্মৰে চিনাকি । কোনোবা বন্ধুৰ অনুৰাগীয়ে কয় বন্ধুৱে হেনো জন্ম পায়ে "মা" বুলি মাতিছিল , এয়া পিছে শুনা কথাহে দেই , আজিলৈ বন্ধুৱে এয়া স্বীকাৰ কৰা নাই ।


১/
এদিনাখনৰ কথা বহুদিনৰ মুৰত বজাৰত লগ পাই গলো বন্ধুক । বহুদিন মানে হিন্দী চিনেমাৰ দৰে ২০-২৫ বছৰ পিছত নহয় দেই আক' , ছমাহ মানৰ মুৰত হে । এটা হাফপেন্ট পিন্ধি বন্ধু থিয় হৈ আছে । সম্মুখত বিক্ৰীৰ বাবে দৈ গাখীৰ । 'আৰে বন্ধু , কি খৱৰ ?' বন্ধুৰ মুখখন অচম্বিতে কেহঁৰাজ বৰণীয়া হৈ গ'ল । বোলো কথা কি । ইমান দিনৰ মুৰত লগ পাইছো ভালহে লাগিব লাগে । বন্ধুযেন কিছু অপ্ৰস্তুত । বন্ধুৱে সেহোনেহোকৈ কলে গাখীৰ খিনি মই অনা নাই , বেলেগ এজনৰহে । মই অবাক , গাখীৰৰ কথা ক'লে কোনে । ধেইত টেৰি পাহৰিছিলোৱে বন্ধুৰ আকৌ জন্ম ভুলতেহে অসমত হৈছিল ।

২/
বন্ধু হায়াৰ চেকেণ্ডাৰী পঢ়ি থকা সময়ৰ কথা । বন্ধুৱে একেলগে মোবাইল ৰিপায়েৰিঙৰ কোৰ্চ এটাতো এডমিচন লৈছে । হওঁক তেওঁ , বন্ধুৰ যহতে মোবাইল ফ্ৰীতে ভাল কৰিব পাৰিম । বন্ধুৱে দঢ়াই দঢ়াই কৈছে মোবাইল বেয়া হ'লে আমি কোনেও যাতে বেলেগৰ তাত ভাল কৰিব নিদিওঁ । টকা বন্ধুক নালাগে । এদিন বন্ধুক কলেজৰ পৰা আহোঁতে বন্ধুক লগ পালো । মোক দেখি চিঞৰি উঠিল "অই' পাৰ্থ , ভাইৰাছ আছে নেকি তোৰ কম্পিউটাৰত ?"। ভাইৰাছ ??? অন্য পৰিবেশত হ'লে থ্ৰি ইডিয়েটৰ ভাইৰাছ বুলিয়েই ভাৱিলো হয় , পিছে বন্ধু চিৰিয়াচ । এন্টি ভাইৰাছক বন্ধুৱে ভুলতে ভাইৰাছ কোৱা নাইতো? পিছে বন্ধু তামাম চিৰিয়াছ , বন্ধুৰ আক' ভুল নহয় । ভেবা হৈ মুৰ দুপিয়াই বন্ধুক নিৰাশ কৰিলো । বন্ধুৱে দেখোন হঠাৎ গাড়ীৰ পৰা নামি গ'ল । হয়তো বন্ধুৰ ভাইৰাছ অভিযান । কথাটো আহি অন্য বন্ধুক কলো," ভাইৰাছ বিচাৰি বন্ধুক সহায় কৰিব লাগে , যি কি নহওঁক কম্পিউটাৰত ভাইৰাছ বিচৰা বন্ধু কিজানি প্ৰথম অসমীয়া ।" চকুচহৰাই আকৌ বন্ধুৰ গুণত দহি মৰে । বন্ধুৱে হেনো মবাইল ভাল কৰাৰ নামত কাৰোবাৰ কেচিঙৰ ভগ্নাংশ হে উভতাই দিছিল । এতিয়া আৰু ভাইৰাছ বিচাৰি চন্দ্ৰ অভিযান কৰিব নেকি । " সঁচা কথা ক'ব গলে বেলেগ বন্ধুজন চকুচৰহা ।

৩/
বয়সৰ সমানুপাতিক হাৰত বন্ধুৰ উপকাৰী গুণবোৰ বাঢ়ি গৈ থাকিল । এদিন বন্ধুৰ সতে আকৌ এবাৰ মনিকাঞ্চন সংযোগ হ'ল চিটিবাছত । বন্ধুৰ কাণত হেডফোন । গানৰ লহৰে লহৰে বন্ধুৰ মুৰ উঠানমা হৈ আছে । ৱাহঃ গানটো খুউব মধুৰ চাগে , বন্ধুক দেখিলেই ধৰিব পাৰি । অ' ক'ব পাহৰিছিলোৱেই বন্ধু আকৌ সংগীত শাস্ত্ৰত বিষাৰদ নহলেও খ্যাতি আছে দেই । বন্ধুক মাত লগালো । মোক দেখি বন্ধু একপ্ৰকাৰ চিঞৰি উঠিল । ৱাহ ইম্মান মৰম , চাৰ্টৰ ভিতৰতে বুকুখন দুই ইঞ্চিমান ফুলি গ'ল । "অই ক'ৰ পৰা তই" ইটালীৰ পৰা .. জাষ্ট আহি পাই ঘৰ গৈ আছো । মই আঙুলিৰে কাণখন চাফা কৰি ললো , কনমইলা বহুত হ'লেও ভুল শুনিব পাৰো , কিন্তু তেনেতো নহয় । বন্ধুক আকৌ এবাৰ সুধি কনফাৰ্ম হ'লো । "ইটালীত কিয় গৈছিলি, কেতিয়া ?? " আশ্বৰ্যত মোৰ মুখখন ইম্মান মেলা গৈছিল যে শ্ৰীকৃষ্ণই যশোদাক মুখৰ ভিতৰত ব্ৰহ্মাণ্ডখন দেখাওতেও ইমান মেলা নাছিল চাগে । দোষ্ট মই ইঞ্জিনীয়াৰিং কৰি আছো নহয় , তাৰেই প্ৰজেক্ট ইটালীত ।" "ইঞ্জিনীয়াৰিঙৰ প্ৰজেক্ট ইটালীত আৰু বন্ধু দেখোন চায়েন্সৰ নাছিলেই" । মই একো নক'লো ইতিমধ্যে বাছৰ বহুকেইযোৰ চকুত আৱদ্ধ হৈছিলো আমি ।

৪/
বন্ধু ইটালী, জাৰ্মানী , অষ্ট্ৰেলিয়াৰ পৰা প্ৰজেক্ট বা চাকৰি কৰি আকৌ অসমলৈ আহিল । ভগৱানে বন্ধুক ভুলতে জন্ম দিলেও বন্ধুৰ অসমৰ প্ৰতি টান এটা আছে দিয়কচোন । এই সময়তে বন্ধুৱে বহুকেইটা চাকৰি কৰিও এৰিলে , বন্ধুৰ মতে চেলাৰী ক'ম । চল্লিচ হাজাৰ টকাৰে কি হয় ভাৱকচোন । চকুচৰহাৰ মতে আকৌ বন্ধুহেনো অভাৰ কোৱালিফাইড । হওঁক তেওঁ বন্ধু বন্ধুৱেই । বন্ধু এতিয়া আমাৰ গ্ৰুপৰ সদস্য , মানে আমাৰ বেকাৰ গ্ৰুপৰ । পৃথিৱীৰ চুককোণৰ সমস্ত খৱৰ বন্ধুৰ জিভাত । এককথাত বন্ধুৰ হাতখনো দীঘল। চকুচহৰাৰ মতে দুই ফুট দহ ইঞ্চি । এদিনাখন আমাৰ বৈঠক বহিল । বৈঠক মানে সন্ধিয়াৰ টাইম পাছ আড্ডা । চিফ্ট গেষ্ট বন্ধু । সমাজ নীতিৰ পৰা ৰাজনীতি , অৰ্থনীতিৰ পৰা লাহৰি , পাপৰি , মিতালী পুৰৱী সকলো আলোচনাত অলপ অলপ সময় কটাই গুচি গ'ল । শেষত এঠাৰ দৰে লাগি গ'ল চাকৰি । বেকাৰৰ একঘেয়ামীত্ব কাৰনো প্ৰিয় কওঁকচোন । অনুৰাগী বন্ধুৱে বন্ধুক খাটনি ধৰিলে চাকৰি এটা যোগাৰ কৰি দিব । আলোক নাথৰ আত্মা আহি বন্ধুৰ বুকুত বাহাৰ পাতিলে । বন্ধুই কলে অমুক আৰু তমুক কোম্পানীৰ লগত মোৰ ভাল , চেলাৰী কিন্তু কম হ'ব , ২০মান । বায়ডাটা দিবি । অনুৰাগী বন্ধু চাৰে পাচঁফুটী হ'লে কোনেও নেদেখাকৈ থাউকতে জাপ মাৰি জোনটো চুই আহিল । চকুচহৰাই আকৌ চকুৰ কোণাৰেও বন্ধুক দেখিব নোৱাৰে । নাঙল দাদাৰ দৰে দিলে নহয় বাটত ভেটা । আমাৰ বন্ধু এলাপেছা বিধৰ নহয় দেই । পকেটৰ পৰা মবাইল উলিয়াই কাৰোবাক ফোন লগালে "চাং মুং চুং ফাং ফু........" ৱাহ বন্ধুই ইমান জানে । চাকৰি হ'ব যেন লাগি গ'ল । চকুচহৰা সহিতে আমাৰ চকু ঘোপাগুটি । "আপ চমজে নেহী হো ক্যা" অলপ সময়ৰ পিছত বন্ধুৰ মাতটো টিঙত কোবাই দিয়াৰ দৰে কাণত পৰিল । বন্ধুৰ কথাষাৰৰ কাৰণ চকুচহৰাইও বুজি নাপালে । আপুনি পালে বুজাই দিব চোন ।
বিঃদ্ৰঃ শেহতীয়াকৈ বন্ধুই চাকৰি পালে । মুম্বাইত । তাৰেই ফটোএখন ৱাটচআপত আমাক দিছে " আই এম ইন মুম্বাই " । বেকগ্ৰাউণ্ডত পথ দিশদৰ্শক ফলকত লিখা আছে জালুকবাৰী পাচঁ কিল'মিটাৰ ।

✍� পাৰ্থ

SHARE

About www.parthapratim.in

0 comments :

Post a Comment