পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » দিগন্তত তৰাৰ সূৰ্যোদয়

দিগন্তত তৰাৰ সূৰ্যোদয়

Written By www.parthapratim.in on Monday, 31 October 2016 | 19:35

Image Courtesy: Internet


দিগন্তত তৰাৰ অযুত হাঁহি
-----------------------------------
.
ব্যস্ত মহানগৰ । যান্ত্ৰিকতাই গ্ৰাস কৰা এখন মহানগৰ । উপকণ্ঠৰ আৰ্তনাদ আৰু বিলাসীৰ অট্টহাস্যৰে পূৰ্ণনগৰীয়া সভ্যতাৰ অৱলম্বনত গঢ় লৈ উঠা এখন মহা নগৰ ।
.
চাৰি মহলাৰ ওপৰৰ পৰা তৰাই বাহিৰৰ পৃথিৱীখনলৈ চালে । আধুনিকা হ'লেও যান্ত্ৰিকতা ভাল নালাগে তাইৰ । গুৱাহাটী মহানগৰীৰ সকলোতে যেন লাগি আছে কৃত্ৰিমতাৰ প্ৰলেপ । গুৱাহাটীখন যেন পুৰণিৰ গৰাখহনীয়াত নতুনৰ বুনিয়াদ । বিচিত্ৰ মানুহ , বিভিন্ন জাতি-উপজাতি, বিভিন্ন ভাষা ভাষীৰ এখন ৰম্যভূমি । বুজা নুবুজা, চিনা অচিনা অনেক মানুহৰ অনেক খেল ।
.
তৰাই তললৈ চালে । গাড়ী মটৰৰ বিকট শব্দ , ধোঁৱাই পৰিৱেশটো অধিক যান্ত্ৰিক কৰি পেলাইছে । নতুনত্ব বুলিবলৈ একোৱেই নাই । সদায় একেই গাড়ী , একেই ব্যস্ততা । মহানগৰীৰ বাট পথবোৰ তৰাৰ গিৰিখাট যেন লাগিল , যেন ৰাজপথটো এখনি খৰস্ৰোতা নৈ আৰু গাড়ীবোৰ জলৰাশি । তৰাৰ যথেষ্ট গৰম লাগিল । দোপাট্টাৰ আঁচল খনৰে মুখৰ ঘামখিনি মচি পেলালে তাই । আগষ্টৰ মাহ । উৎকট গৰম, একেবাৰে অসহ্য । তদুপৰি ৰ'দৰ তীব্রতাও প্ৰখৰ । বৰ যন্ত্ৰনাদায়ক । তৰাই আকৌ তললৈ চালে । ৰাজপথত গাড়ী মটৰৰ দীঘলীয়া শাৰী । সম্ভৱ ট্ৰেফিক জাম । কেইদিনমানৰ পিছতেই পোন্ধৰ আগষ্ট । কুটাঘাতৰ আশংকাত আৰক্ষীৰ নিশ্চিদ্ৰ পহৰা, তীব্ৰ তালাচী । ৰাজপথত গাড়ীৰ জামটো আগতকৈ আৰু অলপ বাঢ়িল ।
.
তৰাৰ দিগন্তলৈ মনত পৰিল । তৰাৰ হিয়াৰ আপোন যাৰ চকুত তৰাই দেখা পায় সাগৰৰ নীলা , বিচাৰি পায় জীৱনৰ ৰং বোৰ । দিগন্তৰ মতে সাম্প্রতিক সময়ত স্বাধীনতাৰ কোনো মূল্য নাই । স্বাধীনতা যেন পৰাধীনতাৰে আন এটা নাম । স্বাধীনতা মানেই অসম বন্ধ , বোমা বিস্ফোৰণ । সঁচা । পিছে ...
.
তৰাৰ অতীতলৈ উভতি যাবলৈ প্ৰৱল ইচ্ছা গ'ল । দিগন্তক লগ পোৱাৰ আজি প্ৰায় তিনিবছৰেই হ'ল । দিগন্তক প্ৰথমবাৰৰ বাবে তৰাই কলেজত দেখিছিল, কলেজ উইকত । দিগন্তই গান গাইছিল , ভাল কবিতাও লিখে দিগন্তই । তৰাই এধানি ঠাই বিচাৰিছিল দিগন্তৰ বুকুত , দিগন্তৰ চকুৰ গভীৰতাত তৰাই এমুঠি সপোন ৰচিছিল ।
.
প্ৰকৃত মৰমে মৰমক চিনি পায় । মুকলি আকাশক সাক্ষী কৰি দুয়ো দুয়োকে মন দিছিল , লাহে লাহে দুয়ো দুয়োৰে জীৱন পোহৰাই তুলিছিল । দিগন্ত মধ্যবিত্ত ঘৰৰ ল'ৰা । তৰাই সপোনতো ভৱা নাছিল যে সিহঁতৰ সম্পৰ্ক তাইৰ ঘৰখনে মানি ল'ব। কিন্তু অপ্ৰত্যাশিত ভাৱে দুয়োখন ঘৰে স্বীকৃতি দিছিল সিহঁতৰ গভীৰ প্ৰেমক । তৰা ভীষন সুখী ....
.
এটা নিৰ্দিষ্ট ৰিংটনৰে ফোনটো বাজি উঠিল । তৰা চাদৰ পৰা আতৰি আহিল।
.
.
অমাৱস্যাৰ দিগন্ত
----------------------
.
: অ' তৰা কোৱা
: ক'ত আছা?
: ঘৰতেই । কিয় ?
: এনেইনে ?
: অ, এনেই আৰু কিবাকিবি আকবাক কৰি আছোঁ
: এতিয়া আহানা আমাৰ ঘৰলৈ , জল্দি
: কিয় ?
: কিয় চিয় একো নাই । তুমি এঘন্টাৰ ভিতৰত আহি পাবই লাগিব । মই ৱেইট কৰি আছো । বাই
.
দিগন্ত কৌতুহলিত হ'ল যদিও আচৰিত ন'হল । কাৰণ অকাৰণত আগতেও এনেদৰে বহুদিন মাতিছে তাক । একেবাৰে শিশুসুলভ মনৰ তৰা, আলসুৱা । তৰা মাথোঁ তৰা হয় , দিগন্তত পোহৰৰ জ্যোতিস্ক ।
.
দিগন্তই কেতিয়াও ভৱা নাছিল যে তৰাৰ ঘৰখনে তাৰ প্ৰেমক সমৰ্থন জনাব। কিয়নো দিগন্তৰ ঘৰ আৰু তৰাৰ ঘৰৰ মাজত আছিল আৰ্থিকতাৰ বৃহৎ প্ৰাচীৰ । বিধায়কৰ জীৰ সৈতে নিম্ন উদ্যোগপতিৰ পুত্ৰৰ প্ৰেম বোধবোধগম্য নহয় । বাওঁনা হৈ চন্দ্রলৈ হাত মেলাৰ লেখীয়া । কিন্তু আচৰিত ধৰনেই দুয়ো ঘৰে মানি লৈছিল সিহঁতৰ প্ৰেমক । দিগন্ত সুখী হৈছিল । আৰু তৰা... তাই এটা চঞ্চল পখিলা ।
.
এটা চাৰিমহলীয়া সুদৃশ্য অট্টালিকাৰ সম্মুখত দিগন্তৰ বাইকখন ৰ'ল । দিগন্ত ইতিমধ্যে তৰাৰ ঘৰলৈ বহুকেইবাৰ আহিছে । দিগন্ত ঘৰৰ ভিতৰলৈ সোমাই গ'ল ।একেবাৰে নিৰৱ পৰিবেশ । দিগন্ত দ্ৰয়িং ৰুমত কিছু সময় ৰ'ল । কোঠাৰ এখন দেৱালৰ সোঁমাজত এটা প্ৰকাণ্ড ঘড়ী । দেৱালত ওলমি আছে বহু কেইখন মহান ব্যক্তিৰ ফটো । বিলাসী আচবাবৰে কোঠাতো পৰিপূৰ্ণ , সুপৰিপাটীভাৱে সজাই থোৱা আছে দেশী বিদেশী কাৰুকাৰ্যৰে খোদিত নানান ভাস্কৰ্য । কোঠাটোৰ এমুৰত ৰঙীন পোহৰৰ মাজত সুন্দৰকৈ সজাই থোৱা আছে বৃহৎ একুৰিয়াম । ফটফটীয়া পানীৰ মাজত বুৰবুৰনি তুলি ধুনীয়া ধুনীয়া মাছবোৰে ইফাস সিফাল তল ওপৰ কৰি আছে । এক অতীৱ দৃশ্য । দেখিবলৈ ভাল লাগে । কিন্তু পাৰিব জানো এইবোৰ মাছৰ মন সাগৰৰ মাছৰ দৰে বিশাল হ'ব । তাৰমানে সাগৰৰ মাছবোৰৰ মন বিশাল নেকি? দিগন্তই নাজানে । মাথোঁ জানে সংকীৰ্ণতাৰ শিকলিৰে আৱদ্ধ নহয় সাগৰৰ মাছবোৰৰ পৰিধি । পিছ পিনে কিবা এটা শব্দ হোৱাত দিগন্তই পিছলৈ ঘুৰি চালে । তৰাই একেথৰে তালৈ চাই আছে , সিঁও চালে তাইক । পাতল আকাশী ৰঙৰ চুৰিদাৰ যোৰেৰে তৰাৰ বৰ ধুনীয়া দেখিছে । তৰা চিৰিয়েদি ওপৰলৈ উঠি গ'ল । দিগন্তও উঠি গ'ল তাইৰ পিছে পিছে
.
:আংকল , আন্টি নাই নেকি?
: মা কিট্চেনত আছে । আৰু তোমাৰ আংকলৰ ক'ত টাইম থাকে হে ঘৰত থাকিব
: এতিয়া কোৱা কিয় মাতিছিলা ? বিছনা খনত গাটো এৰি দি দিগন্তই তৰাক সুধিলে
: কিয় মানে?? এনেই মাতিব নোৱাৰো নেকি ? বহুত দিন বান্দৰ দেখা নাই চো তোমাক মাতি দিলো ।বচ
: অই' নোজাকাবি দেই । তৰাৰ নাকত সাজোৰে টিপি দিয়ে দিগন্তই
: চাওঁ , এৰা । দুখ পাইছো । ব'লানা চপিং যাওঁ । অলপ ফুৰিও আহিম । এতিয়া আকৌ কি হ'ল । তেনেদৰে চাই আছা যে । আজি তোমাক বৰ ধুনীয়া লাগিছে তৰা । আকুলতাৰে কয় দিগন্তই । দিগন্ত তৰাৰ পিনে অলপ আগুৱাই আহিল । হাত এখন খামুচি ধৰিলে । জোৰেৰে । তৰাই বাধা নিদিলে । তাইও দিগন্তলৈ চালে.. দিগন্তইও । তাৰ চকুদুটা জিলমিল, কাতৰ চাৱনি । কিছু সময় মৌনতা, নিশ্চুপ । শব্দৰ ভাষাতকৈ হেনো মৌনতাৰ ভাষা অধিক বেছি তীব্ৰ । সঁচাকৈয়ে...। হৃদয়ৰ ভাষা যেতিয়া মুখৰে নোলায় তেতিয়া চকুয়ে কথা পাতে । দিগন্তই কিমান সময় তেনেকৈ আছিল সি নাজানে , নাজানে তৰাইও । ক্ৰমান্বয়ে সিহঁত ওচৰ চাপি আহিল । ওচৰলৈ , ওচৰলৈ আৰু ওচৰলৈ...
.
.
দিগন্তত সূৰ্য্যগ্ৰহন :
------------------------
.
দিগন্তই আকাশলৈ চালে । লাহে লাহে সুৰুযে মেলানি মাগিব ধৰিছে পৃথিৱীৰ পৰা । ক্ষন্তেক পিছতেই ভূমুকি মাৰিব নিশাৰ চন্দ্ৰটোৱে । এজাক চেঁচা বতাহ দিগন্তৰ গাত লাগিল । দিগন্তই অনুভৱ কৰিলে বতাহ জাকেও যেন দিনৰ উৎকট গৰমত অতীষ্ঠ । বতৰটো ডাৱৰীয়া । আকাশত বহুতো মেঘ থুপ খাইছে । হয়টো কিছু সময় পিছত এজাক বৰষুণ আহিব । এৰা বৰষুণ এজাকৰ বৰ প্ৰয়োজন । কৃষকৰ বাবে , দেশৰ জনসাধাৰণৰ বাবে । বহুত দিন বৰষুণ অহা নাই ।ৰাজ্যত গৰমৰ পৰিমাণ বহুখিনি বাঢ়িছে । বৰষুণৰ অভাৱত কৃষকে কঁঠিয়া ৰুব পৰা নাই । খেতি পথাৰত ছিৰাল ফাঁট । অজানিতেই ওলাই আহিল এটা গভীৰ হুমুনিয়াহ ।
.
দিগন্তই তৰালৈ চালে । তাই দিগন্তৰ পৰা কিছু আঁতৰত । পৰম আগ্ৰহেৰে সৰু বান্দৰ পোৱালি এটালৈ বিস্কুত আৰু কল দলিয়াই আছে। মানুহবোৰলৈ তাইৰ ভ্ৰুক্ষেপ নাই । কিবা এটা গানৰ কলি গুনগুনাই আছে । আজলী তৰা । তৰাই ভাল গান গায়, মাতটোও সুৰীয়া । একেবাৰে সৰু ছোৱালীৰ নিচিনা তৰা । একো যেন খেয়াল নাই । দুখ কি তৰাই নাজানে । অপ্ৰাপ্তিৰ মাজতো প্ৰাপ্তিৰ তৃপ্তিৰ মাদকতা বিচৰা তৰা , সন্ধিয়াৰ আআকাশৰ উজ্জ্বল ভোঁটা তৰা , চঞ্চল চপলা আজলা তৰা । সি তৰাৰ ওচৰলৈ আগুৱাই গ'ল । দিগন্তই নিবিচাৰে তৰাই কেতিয়াবা বুজক দুখৰ অস্তিত্ব । তৰাৰ সুখৰ বাবে সি যিকোনো কামেই কৰিব পাৰে । তৰাৰ সুখেই তাৰ সুখ , তৰাৰ চিকমিকনিয়ে তাৰ হাঁহি । তৰা অবিহনে সি... নাই দিগন্তই ভাৱিব নোৱাৰে...
.
দিগন্ত আৰু তৰা আজি বশিষ্টলৈ আহিছিল তাইৰ হেনো মনটো কেনেবা লাগি আছে । আজি সিহঁত দুপৰীয়াতে আহিছিল এতিয়া সন্ধিয়াই হ'ল । দিগন্তই তাৰ বাহুত কোমল হাতৰ পৰশ । এই তাৰ চিনাকি , এয়া তাৰ আপোন তৰা।
.
:যাবা ?
: অ'
.
দিগন্তই বাইকখন চলাই দিলে ৰাজপথত । তৰাই তাক দুহাতেৰে মেৰিয়াই ধৰিছে আকুলতাৰে । ইতিমধ্যে আকাশখন ক'লা হৈ পৰিছে । কজলা মেঘৰ পৰা টোপাল টোপালকৈ সৰিছে বৰষুণ । দিগন্তই বাইকৰ স্পীড বঢ়াই দিলে । তৰাই তাক সাৱটি ধৰিলে জোৰেৰে । লাহে টোপাল বোৰ ডাঙৰ হৈ আহিল , সি কৰবাত ৰ'ব বিচাৰিছিল কিন্তু তৰাই মানা কৰিলে । বৰষুণ তাইৰ খুউব প্ৰিয় । বৰষুণত তিতি আমেজ লোৱাটো তৰাৰ সৰুৰে নিছা । বৰষুণ দিলেই চাদলৈ দৌৰ মাৰে তৰাই , বৰষুণ তাইৰ আজন্ম সহচৰ । দিগন্তই এইবোৰ ভালনাপায় , সি বাইকৰ স্পীড আৰু বঢ়াই দিলে ।
.
ক্ৰেক......
.
তৰাই যেতিয়া চকু মেলিছিল তাই দেখিছিল এটা সম্পূৰ্ণ অচিনাকি পৰিৱেশ ।তেতিয়া বৰষুণ নাছিল , বতাহ নাছিল , নাছিল তাইৰ কাষত দিগন্ত । পৰিৱেশটো সম্পূৰ্ণ আচহুৱা লাগিল তাইৰ । চিনাকি অচিনাকি অসংখ্য মুখে তাইক আগুৰি ধৰি আছে । মেডিচিনৰ ভেকেটা ভেকেজা গোন্ধ এটা তাইৰ নাকত লাগিল ।মুৰটোত প্ৰচণ্ড বিষ এটা অনুভৱ কৰিলে তাই , হাতখনো অসহ্যভাৱে বিষাইছে । তৰাই ঘটনাটো মনত পেলাবলৈ চেষ্টা কৰিলে । তাইৰ দুচকু সেমেকি উঠিল । তাইৰ বাবেই দুৰ্ঘটনা... দিগন্ত... তৰাই চিঞৰি উঠিল । তাইৰ মুৰটো আচন্দ্ৰাই গ'ল ।
.
.
আন্ধাৰৰ মাজত পোহৰৰ ৰেঙনি
-------------------------------------------
.
তৰাই চকুমেলি চাৰিওফালে চালে । কোঠাটোত তাইৰ বাহিৰে কোনো নাই । কোনোবা নাৰ্চিংহোমৰ সুসজ্জিত কোঠা । বাহিৰত তেতিয়া এন্ধাৰ নামিছে । খিৰিকীৰে দেখা যায় সন্ধিয়াৰ মহানগৰীখনক । ৰাজপথত শাৰী শাৰীকৈ জ্বলিছে ৰঙ বিৰঙৰ বিজুলী বাতিবোৰ । সন্ধিয়াৰ গুৱাহাটীখন এজনী আধুনিকা নাৰী । দিগন্তই তৰাক কৈছিল । দিগন্ত ...। তৰাৰ দিগন্তলৈ মনত পৰিল । তাইৰ বাবেই হেৰুৱালে তাইৰ প্ৰিয়জনক । তাইৰ বাবে পুৰি ছাই হ'ল দিগন্তৰ সুঠাম দেহ । তাইৰ বাবেই হেৰাই গ'ল দিগন্ত । তাইৰ বাবেই ... কেৱল তাইৰ বাবেই । তাই সশব্দে কান্দি উঠিল । তাইৰ মুৰ আচন্দ্ৰাই গ'ল ।
.
কিমান সময় তাই তেনেকৈ আছিল তৰাই নাজানে । কাৰোবাৰ ভৰিৰ শব্দত তাই সাৰ পালে। কোনোবাই দৰ্জাৰ ওচৰত পায়চাৰি কৰাৰ দৰে শব্দ । কোনোবাই যেন অনুস্বৰ ভাৱে কিবা কৈছে । সেয়াচোন তাইৰ মাক আৰু দেউতাক । তাই কথাখিনি শুনিবলৈ চেষ্টা কৰিলে ..
.
: কি !! মাক মৃদুস্বৰত চিঞৰি উঠিল
: ভাগ্য ভাল । ডাক্তৰজন মোৰ পুৰণি বন্ধু । তৰা প্ৰেগনেন্ট এই কথা মিডিয়াত প্ৰকাশ হ'লে কি হ'ব ভাৱাচোন । মোৰ ত্ৰিশ বছৰীয়া প'লিটিকেল কেৰিয়াৰৰ কি হ'ব ভাৱিচানে
: এতিয়া কি কৰিম ভাৱিছে ? মাক যেন যথেষ্ট উদ্বিগ্ন
: কি কৰিবা আৰু । যিমান পাৰি সোনকালেই এই গলগ্ৰহটো আতৰাৰ ব্যৱস্থা কৰিব লাগিব । সাৱধান এই কথা যাতে কোনেও গম নাপায়
: তৰাই মানিব জানো?
: কিয় নামনিব । তৰা মোৰ জী । মোৰ বিশ্বাস তাই মোৰ কথা কেতিয়াও নেপেলায়
:কিন্তু
: কোনো কিন্তু নাই । তুমি তৰাক বুজাবা যে তাইৰ গৰ্ভস্থ সন্তানটো প্ৰকৃততে পাপৰ ফল । এটা অবৈধ সন্তান আৰু পাপৰ বস্তুৰ কোনো মূল্য নাই ।
.
এৰা তৰাই বুজিছিল এয়া সিঁহতৰ নিঁভাজ প্ৰেমৰ সাক্ষী । দিগন্তৰ তাইলৈ শ্ৰেষ্ঠ উপহাৰ ।
.
মাকে হাতত গাখীৰ এগিলাচ লৈ কোঠাটোলৈ সোমাই আহিল ।তৰা নিশ্চুপ । পেটৰ ওপৰত লাহেকৈ হাতখন বুলালে তাই । তাইৰ গৰ্ভত শুই আছে দিগন্তৰ তেজ । সিহঁতৰ প্ৰেমৰ সাক্ষী । দুখৰ মাজতো তাইৰ ওঁঠত হাঁহি বিৰঙি উঠিল । তাই গাখীৰ গিলাচ হাত পাতি ললে । তাইৰ গাতো অলপ ভাল লাগিছে ।
.
: মা
: কিবা কবি মাজনী
: আই এম প্ৰেগনেন্ট
:
: মই জানে মা । তোমালোকে যদি আমনি পোৱা মই ইয়াক অকলেই জন্ম দিম । বহু দুৰলৈ গুচি যাম মা । তৰাৰ মাতটো ঠোকাঠুকি হৈ পৰিল । কোনো কথা নকৈ মাক কোঠাটোৰ পৰা দৌৰি ওলাই গ'ল ।
.
.
জোনাকত আঁউসীৰ ছাঁ
------------------------------
.
পুৱাৰ পোহৰ পৃথিৱীত পৰিছে । তৰাই বেৰত ওলমি থকা ঘড়ীটোলৈ চালে আঠ বাজি পোন্ধৰ মিনিট । একেথৰে বহু সময় শুই থকাত তাইৰ অস্বস্তি লাগিছিল । তৰাই এতিয়া যথেষ্ট ভাল পাইছে যদিও মানসিক ভাৱে যথেষ্ট দুৰ্বল । পাচঁ দিন আগতে হস্পিতালৰ পৰা ৰিলিজ দিছে তাইক । এইকেইদিন এইটো কোঠাৰ ভিতৰত থাকিয়ে হিচাপ কৰিছে দিন ৰাতিৰ দৈৰ্ঘ্যতা । তৰা বৰ নিসংগ এতিয়া । নিৰ্জন দ্বীপৰ অকলশৰীয়া বাসিন্দা তৰা । এইকেইদিন মাকেই তাইৰ সৈতে ব্যস্ত হৈ আছে , দেউতাকে তাইক ভালকৈ মতা নাই । তাইও নিবিচাৰে দেউতাকৰ সৈতে কথা পাতিব । দেউতাক যেন নৰশিশু হত্যাকাৰী কোনো আদিম বৰ্বৰ ।
.
তৰাৰ দিগন্তলৈ মনত পৰিল । যদি সিওঁ জীয়াই থাকিলেহেতেন । দুচকু সেমেকি উঠিল তৰাৰ । দিগন্ত এতিয়া তাইৰ লগত নাই , কিন্তু তাৰ স্মৃতি আছে , তাৰ তেজ আছে । কিন্তু তৰাৰ বাহিৰে কোনেও নিবিচাৰে যে দিগন্তৰ বীজে দেখা পাওক পৃথিৱীৰ সেউজীয়া । তৰাই কি কৰিব তাই নিজেই নাজানে । এফালে মাক দেউতাকৰ তীব্ৰ হেঁচা আনফালে দিগন্তৰ ভালপোৱা । উপেক্ষা কৰিব পাৰিব জানো তাইৰ প্ৰথম প্ৰেমক ।
.
তৰাই বিছনাৰ পৰা নামিল । কিবা যেন অচিনাকি অচিনাকি ভাৱ এটাই তৰাক ঘেৰি ৰাখিছে । আসঃ তৰাই যন্ত্ৰণাত চিৎকাৰ কৰি উঠিল । তৰাই চাৰিওফালে চকু ফুৰালে । বেৰৰ একোনত ওলমি আছে এখন ফটো , তৰাৰ সৰু কালৰে ।ফটোখনে তৰালৈ চাই হাঁহি আছে । এইজনী তৰা বহ বছৰ আগৰ। এইজনী তৰাই দুখ চিনি নাপাইছিল । আৰু এতিয়া ....। তৰাই ফটোখনলৈ চাই থাকিব নোৱাৰিলে ।তাই দৃষ্টি অন্য ফালে ঘুৰালে । তাইৰ চকু পৰিল বেৰ খনৰ অন্য দিশত থকা ডাঙৰ পেইন্টিং এখনত । পেইন্টিংখন তাইৰ কেনোবা এটা জন্ম দিনত দিগন্তই তাইক উপহাৰ দিয়া । কিমান মৰম ভালপোৱা জড়িত হৈ আছে পেইন্টিং খনত । তাই পেইন্টিং খনৰ ওচৰলৈ আগুৱাই গ'ল । হালধীয়া ৰঙা পোহৰৰ মাজত এজনী ছোৱালী । পেইন্টিংখন হাতেৰে চুই চালে তাই । ওপৰত অলপ ধূলি লাগিছে । তাইৰ নাকত লাগিল দিগন্তৰ উশাহ । মনটো গধুৰ হৈ পৰিল তৰাৰ ।
.
মনতো অলপ মুকলি লগাবৰ বাবে তাই বাগিচাখনলৈ ওলাই আহিল । বাগিচা খনত ৰঙ বিৰঙী বহুত ফুল ফুলিছে । বাগিচাৰ দাঁতিত দেউতাকে বাতৰি কাকত পঢ়ি আছে । সেয়া যেন তাইৰ দেউতাক নহয় , সেয়া এজন নৰহত্যাকাৰী । তেওঁৰ লৌহ নিষ্ঠুৰ হাতেৰে যেন টেটুচেপি হত্যা কৰিব অনাগত শিশুটোক । তাই জানিবুজি তাইৰ সন্তানক মৃত্যুৰ মুখলৈ ঠেলি দিব নোৱাৰে । তাই তাক জীয়াই তুলিব। দেউতাকক বুজাব । কিন্তু দেউতাই নুবুজিলে...!! তেওঁতো নিজৰ সিদ্ধান্তত অলৰ অচৰ । কি কৰিব তৰাই ..? তাই আকাশলৈ চালে । আকাশৰ বিশালতাত তাই দিগন্তক বিচাৰি নাপালে । দিগন্ত সকলোৰে বাবে অতীত , কিন্তু তাইৰ বাবেতো নহয় । নিষ্ঠুৰ অতীতক পাহৰি যাব লাগে মাকে তাইক কৈছিল , কিন্তু পাহৰিব পাৰিব জানো সেই অতীতক যি অতীতত জড়িত হৈ আছে তাইৰ প্ৰথম প্ৰেম , প্ৰথম ভালপোৱা । জীয়াই থকাৰ ইচ্ছা নোহোৱা হৈছে তৰাৰ । এৰা, তৰা নিষ্ঠুৰ হ'ব । নিজ হাতৰে হত্যা কৰিব নিজৰ বীজক। হত্যা কৰিব নিজকে । সময়ে সকলো অতীত কৰি পেলাব । তৰাও অতীত হ'ব । দিগন্তৰ বুকুত অতীত ।
.
.
সূৰ্যোদয়ৰ সোনালী কিৰণ
----------------------------------
.
বাহিৰত অমাৱস্যাৰ আন্ধাৰ । আন্ধাৰৰ কঠিন বাহুৱে আকোৱালি লৈছে পৃথিৱীখন । সম্ভৱ সকলো প্ৰানীয়ে শুইছে । ঘড়ীক টিক টিক শব্দ তৰাৰ কাণত পৰিল । তৰাই যন্ত্ৰণাত কেকাই উঠিল । ডীম লাইটৰ ৰঙীন পোহৰত পৰিবেশটো অধিক ৰহস্যময় হৈ পৰিছে । সকলোৱে যেন মিলি তৰাৰ অৱস্থাটো দেখি হাঁহিছে , তাইক উপলুঙা কৰিছে । তৰা বিছনাতে উঠি বহিল । হয়টো নিশা গভীৰ হৈছে । এজাক নিশাচৰ চৰাইৰ বিননি তাইৰ কাণত পৰিল । এয়া তৰাৰ এক অচিনাকি পৰিৱেশ । এই আকাশ , বতাহ সকলোবোৰ তৰাৰ অচিনাকি । অন্ধকাৰ তৰাৰ অসহ্য লাগিল । সোঁহাত খনৰে তাই বেড চুইচটো অন কৰি দিলে । লাইটৰ উজ্জ্বল পোহৰত কোঠাটো পোহৰ হৈ পৰিল।
.
ভাৰাক্ৰান্ত মনটোক শাঁত পেলাবৰ বাবেই তাই খিৰিকীখন খুলি দিলে। এমুঠি হিম চেঁচা বতাহ খিৰিকীৰে সোমাই আহিল । মনটো শাঁত নপৰিলেও শৰাৰটো ক্ষনিকৰ বাবে ভাল লাগিল তৰাৰ । এন্ধাৰৰ মাজৰে তৰাই পদুলিৰ শেৱালি জোপালৈ চালে । শৰতৰ মাহ হোৱা হ'লে শেৱালিৰ গোন্ধ চৌপাশে বিয়পি পৰিল হয় । তৰাই আকৌ শেৱালি বুটলিব নোৱাৰিব । তৰা যাবগৈ। পৃথিৱীৰ পৰা । তৰাৰ দুচকু সেমেকি উঠিল ।
.
শেষনিশা তৰাৰ টোপনিৰ আহিছিল । চিলমিল টোপনি। টোপনিত এটা সপোন দেখিলে তৰাই । এখন সুবিশাল বাগিছা । নানা ৰঙৰ নানা ফুল ফুলি আছে । তৰা লাহে লাহে আগবাঢ়িছে । পিন্ধিনত শুভ্ৰ চুৰিদাৰ । তৰা এজোপা ফুলৰ সম্মুখত । মাথোঁ এটি কলি আছে । তৰাই সেইটো চিঙিবলৈ হাত মেলি দিলে...
.
তৰা সাৰ পাই গ'ল । খপজপাই উঠি বহিল । বেড চুইচটো অন কৰি দিলে তৰাই । কোঠাতো পোহৰ হৈ পৰিল । ঝাৰটোৰ পৰা পৰা এগিলাচ পানী খালে , আৰু এগিলাচ । মুখখন অসহ্যভাৱে ঘামি উঠিল তৰাৰ ।
.
তৰাই বুজিলে এয়া তাইৰ প্ৰতি সতৰ্কবাণী । ন্যায় বিচাৰি কৰা এক উষ্ম আবেদন । তৰাই হাত এখন পেটৰ ওপৰত ৰাখি অনুভৱ কৰিলে দিগন্তৰ উশাহ । তাইৰ ওঁঠৰ মাজেৰে নিগৰি আহিল এটা কোমল হাঁহি । তৰা জীয়াই থাকিব । দিগন্তৰ অস্তিত্ব ৰক্ষাৰ বাবে জীয়াই থাকিব তৰা । দিগন্ত মৰিলেও দিগন্তৰ সন্তানৰ মৰিব দিব নোৱাৰে কেতিয়াও । তাই শিশুটোক পৃথিৱীলৈ আনিব । তাক দেখুৱাব পৃথিৱীৰ ৰাতিপুৱা ।
.
বাহিৰত তেতিয়া এন্ধাৰ নাই । এন্ধাৰৰ বুকুভেদি পৃথিৱীত তেতিয়া এমুঠি পোহৰৰ ৰেঙনি ।।
.
.
পাৰ্থ
SHARE

About www.parthapratim.in

0 comments :

Post a Comment