চিলমিল টোপনিতো মই অনুভৱ কৰিছো মোৰ দেহত তাইৰ আঙুলিৰ কোমল পৰশ । মোৰ গালৰ পৰা ডিঙি হৈ বুকুলৈ ঢৌ তুলি নামি আহিছে তাইৰ চঞ্চল আঙুলি । ইতিমধ্যে মই সাৰ পাইছো যদিও নিঃসাৰ হৈ থাকি অনুভৱ কৰিছো তাইৰ ভাগৰৰ ঘন ঘন উশাহ , মোৰ গালে মুখে কোবাই থকা তাইৰ বাউলী চুলি । আসঃ কিমান দিন যে হ'ল.... মেঘা...মেঘা...মেঘা... মই দুহাতেৰে তাইক সাৱটি ধৰিলো মোৰ বুকুৰ মাজত...
: আসঃ ভীষণ আৰ্তনাদ কৰি চিঞৰি উঠিল তাই । সৌৱা, সৌৱা তাত কিবা আছে , তাত কিবা আছে । চকুৱে মুখে তাইৰ আতংকৰ চিন । থৰথৰে কঁপিছে তাইৰ সমস্ত দেহ । কিংকৰ্তব্যবিমুঢ় হৈ খপজপাই উঠি বহিলো , বেড চুইচ অন কৰিলোঁ , এটা উজ্জ্বল পোহৰৰে ভৰি পৰিল কোঠালিটো ।
: ক'ত ? ক'ত কি আছে ?
: সৌৱা , দুটা , চকু ।
: কি, ক'ত ?
অস্থিৰ ভাৱে ফোপাই সৰু ছোৱালীৰ দৰে কুচি মুচি বুকুৰ মাজত সোমাই পৰিল মেঘা ।
: সৌৱা , দুটা , চকু ।
: কি, ক'ত ?
অস্থিৰ ভাৱে ফোপাই সৰু ছোৱালীৰ দৰে কুচি মুচি বুকুৰ মাজত সোমাই পৰিল মেঘা ।
*****************
চিগাৰেটৰ শেষৰ টানটোত দীঘলকৈ চুমুক দিলে সি । ৰাতি উজাগৰে থকাৰ বাবে দুচকু ৰঙা হৈ আছে । দেহত ক্লান্তি আৰু অৱসাদৰ ভাৱ স্পষ্ট । মেঘাই চিগাৰেটৰ গোন্ধ বৰ বেয়া পায় । কিমান দিন ফেপেৰি পাতিলে তাই ।
মেঘাই টি ভি চাই আছে । ইমাল মৰমলগা ধুনীয়া মেঘা । দুকাপ চাহৰে সি তাইৰ কাষত বহিলে । এনেকুৱা সময়ত মেঘাক ৰেষ্টৰ খুউব প্ৰয়োজন । সেয়া প্ৰতিটো কামৰে খেয়াল ৰাখিছে সি । স্ফীত পেটৰে মেঘাক কিছু বেলেগ দেখিছে । আহিবলগীয়া জন বাৰু দেখাত কাৰ দৰে হ'ব ? তাইৰ গালত অলপ মৰম লগাই দিলে ।
: ইমান , তিতা । তিক্ততাৰে চিঞৰি উঠিল মেঘা ।
চাহখিনি মজিয়াত বিয়পি পৰিল ।
চাহখিনি মজিয়াত বিয়পি পৰিল ।
*************
বৰষুণ মই ভালপাওঁ । তেওঁৰ সৈতে এদিন হেপাঁহ পলুৱাই তিতিম । তেওঁৰ চুলিখিনি দীঘলীয়া হ'ব । তাৰ ভাঁজত থাকিব শাওন ।
মই সমানেই ভালপাওঁ পথাৰ ।
আজি আমাৰ পথাৰত ধান দায়ব । পথাৰ খং যে উদং হৈ পৰিব ।
আজি আমাৰ পথাৰত ধান দায়ব । পথাৰ খং যে উদং হৈ পৰিব ।
সেইদিনা বাৰু কিমান তাৰিখ আছিল ? নাই মোৰ মনত নাই ।দিনবাৰ হিচাপ ৰখাত এনেও মই বৰ কেজুৱেল । পিছে সেইদিনা বৰষুণ দিছিল । নীলা যে গুজি দিছিল চকুত ।
সি ডায়েৰীটো জপাই থলে ।
*****************
: আজিকালি তোমাৰ কি হৈছে মেঘা ? কোনো কামতে মনোযোগ নাই কিয় ?
:
: কি হৈছে খুলি কোৱা মেঘা ? আজিকালি প্ৰতিটো কাম তোমাৰ বাবে গুৰুত্বহীন হৈ পৰিছে । কি হৈছে তোমাৰ ?
:
: মোৰ বৰ কষ্ট হৈছে অ' । কি হৈছে কোৱানা ?
: নাজানো অ' । অতি কৰুণতাৰে উচুপ উঠে তাই ।
: নাকান্দিবা মেঘা ।সকলো ভাল হ'ব । আহিবলগীয়া জনৰ কথা ভাৱা ।
: হোৱাট ডু ইউ মিন আহিবলগীয়া? মই প্ৰেগনেন্ট নহয় । আই এম নট । বুকুৰ মাজৰ সাউত কৰে গুচি যায় তাই ।
***************
কেইবাযোৰো চকুৱে আমালৈ চাই আছে । তেওঁলোকৰ অনুসন্ধিৎসা প্ৰতিটো চাৱনি সহ্য কৰিব নোৱাৰাকৈ অসহ্য হৈ পৰিছে ।
মই কোঠাটোৰ চাৰিওফালে চকু ফুৰালো । প্ৰায় ৮-১০ জন মানুহ । মুখবোৰ অচিনাকি । হয়তো কোনোবাজন ৰোগী, কোনোবাজন আত্মীয়কুটুম্ব ।
মোৰ সম্মুখত বহি থকা মহিলাগৰাকীয়ে মোলৈ চাই আছে । পিন্ধনত এযোৰ নীলা চুৰিদাৰ । চেম্পু কৰা চুলিখিনি ফেনৰ বতাহত উৰিছে । মহিলা গৰাকীৰ বয়স , ৩০ মানেই হ'ব । উকা কপাল । কি মহিলা গৰাকীৰ স্বামীৰ মৃত্যু হৈছে ? মুহূৰ্ততে দুখ এটা বাগৰি গ'ল মুখৰে ।
মিচেছ মেঘা । ৰিচিপজনীষ্ট জনীৰ মাতটো বতাহত ভাহি থাকিল
***************
: তাৰ পিছত । চিগাৰেটটো চাইদানীত গুজি উৎকণ্ঠাৰে সুধিলে বাসৱে
: তাই প্ৰায়েই অপ্ৰকৃতিস্ত হৈ পৰে । এটা ভয়ে তাইক অহৰহ খেদি ফুৰে । এটা অহেতুক ভয়ে দোলা দি থকা বাবে একো কৰিব নোৱাৰে । দুশ্চিন্তা, অস্থিৰতা কেতিয়াবা এযোৰ চকু , কেতিয়াবা । আসঃ মই পাগল হৈ যাম বাসৱ, মই পাগল হৈ যাম ।
: প্লিজ , ৰিলেক্স য়াৰ । সকলো ঠিক হ'ব ।
: বহু কেইজন চাইকাইট্ৰিকৰ ওচৰত দেখালো । সকলোৰে একেই কথা । ভাল হৈ যাব , কিন্তু কেতিয়া ? মই হাৰি গৈছো বাসৱ ।
: দুৰ্বল নহ'বা । এয়া মানসিক ৰোগ । ঠিক কিয় নহ'ব
: নাজানো বাসৱ, তাইৰ চাৰিওফালে থকা প্ৰতিটো বস্তুৰ মাজত তাই কিবা অস্বাভাৱিক দেখা পায় । তাইৰ বাবে সকলোবোৰ শূন্যতাত ওপঙি থকা এটা এটা দুদোল্যমান পাৰ্থিৱ অপাৰ্থিৱ বস্তু । এই ধৰা... এই ধৰা আমাৰ হাতত থকা চিগাৰেটটো তাই চিগাৰেট নেদেখে , তাইৰ বাবে সেয়া হ'ব পাৰে আঙুলি । আসঃ মই পাগল হৈ যাম বাসৱ । অস্থিৰতাৰে উত্তেজিতভাৱে পুনৰ চিঞৰি উঠিলো সি । আৰু জানা , তাই প্ৰেগনেন্ট , কিন্তু তাইৰ বাবে তাই প্ৰেগনেন্ট নহয় । আসঃ
*****************
কলিং বেলটো টিপি কিছু সময় ৰ'ল ৰ'ল সি । আকৌ এবাৰ টিপিলে সি । নাই , কোনোবাই দৰ্জা খোলাৰ কোনো উমঘামে নাই । মেঘাৰ টোপনি আহিল চাগে । দৰ্জাখন জোৰেৰে হেঁচা মাৰি দিলে সি । দৰ্জাখন খোলাই আছিল । কোঠাৰ ভিতৰত সমস্ত আন্ধাৰে পলকতে তাক আগুৰি ধৰিলে ।
আজি ব্লকৰ মিটিং আছিল , সেইবাবে আহোঁতে পলম হ'ল তাৰ । মেঘাৰ উদাসীনতাই , তাইৰ অস্থিৰতাই তাক ভাৰাক্ৰান্ত কৰি ৰাখে প্ৰতিপল । ঘৰৰ বাহিৰতে থাকিব বিচাৰে আজিকালি , কিন্তু আহিবলগীয়া সন্তানৰ মৰমে তাক টানি আনে ঘৰলৈ ।
আজি ব্লকৰ মিটিং আছিল , সেইবাবে আহোঁতে পলম হ'ল তাৰ । মেঘাৰ উদাসীনতাই , তাইৰ অস্থিৰতাই তাক ভাৰাক্ৰান্ত কৰি ৰাখে প্ৰতিপল । ঘৰৰ বাহিৰতে থাকিব বিচাৰে আজিকালি , কিন্তু আহিবলগীয়া সন্তানৰ মৰমে তাক টানি আনে ঘৰলৈ ।
সি কোঠাৰ লাইট জ্বলাই দিলে । এন্ধাৰ পলাল, অথচ এন্ধাৰ হৈ ওলমি আছে মেঘা ...
মেঘা ..
সি আৰ্তনাদ কৰি মূৰ্চ্ছা গ'ল
****************
একেসাৰে দীঘলীয়াকৈ কথাখিনি কৈ সি কিছুসময় ৰৈ গ'ল । টেবুলত থকা ঝাৰটোৰ পৰা পানী এগিলাচ খালে । সম্ভৱতঃ ভাগৰ লাগিছে তাৰ । চিন্তা অৱসাদ তাৰ দেহত স্পষ্ট । কেইবাদিনো উজাগৰে থকাৰ দৰে ৰঙা পৰা উখহা চকু । অনিয়ামীয়া দাড়ি চুলি ।
কেতিয়াও কল্পনা নকৰা ৰূপত সি । তাৰ মাতত আজি কোনো কোমলতা নাই । অথচ এদিন এই মাতৰ কোমলতাত ডুব গৈছিল বিজিতা ।কলেজত কিমান ক্লাছ ক্ষতি কৰি তাৰ কণ্ঠৰ আকুলতাত হেৰাই গৈছিল তাই । এতিয়াও ডুব যাব বিচাৰে , আৰু বিচাৰে বহুত কিবাকিবি ।
বিজিতা চৌধুৰী নাম তাইৰ । মনো চিকিৎসক হিচাপে কম দিনতে নাম কৰিবলৈ সক্ষম হৈছে ।
: মেঘাক তুমি বহুত ভালপাইছিলা ?
: এতিয়াও পাওঁ ।
: মেঘাৰ প্ৰতিটো কথা মনত আছে ?
: আছে । কলেজৰ পৰাই জানো তাইক ।
: তোমালোকৰ বিয়া কেতিয়া হৈছিল ?
: মনত নাই ।
: তাই কিমান মাহৰ প্ৰেগনেন্ট
: নাজানো
: তুমি হেলুচিনাচন কি জানা ? তলমুৰ হোৱাৰ পৰা তাইৰ চকুলৈ চালে সি । তাৰ চকুৰ কোণত চকুপানীৰ টোপাল । বিজিতাই চাই থাকিব নোৱাৰিলে । অথচ এই দৃষ্টিৰে কিমান চকুপানী দেখিছে তাই ।
হেলুচিনাচন হ'ল মনৰ ভ্ৰান্ত অৱস্থা । আমি কল্পনা কৰা বস্তু বাস্তৱত দেখা পাওঁ বা তাৰ অৱস্থিতি অনুভৱ কৰো । সম্পূৰ্ণৰূপে কল্পনাৰ বাস্তৱ বিভ্ৰান্তি ।
হেলুচিনাচন হ'ল মনৰ ভ্ৰান্ত অৱস্থা । আমি কল্পনা কৰা বস্তু বাস্তৱত দেখা পাওঁ বা তাৰ অৱস্থিতি অনুভৱ কৰো । সম্পূৰ্ণৰূপে কল্পনাৰ বাস্তৱ বিভ্ৰান্তি ।
: মানে তুমি ক'ব বিচাৰিছা যে মই মানসিক ৰোগৰ চিকাৰ । আৰু মেঘা, আমাৰ হ'ব লগীয়া সন্তান সমস্ত কি মোৰ কল্পনাৰ সৃষ্টি । হাতৰ গিলাচটো টেবুলত জোৰেৰে থৈ উত্তেজিত চিঞৰি উঠিল সি । গিলাচৰ পৰা অৱশিষ্ট পানীৰ কেইটোপাল মান টেবুলত চিটিকি পৰিল ।
তাইৰ দুহাতত বিজিতাই দুহাত থলে । সি অস্থিৰতাত ফোপাইছে । নাকৰ পাহী দুটা ফুলি ৰঙা হৈ পৰিছে তাইৰ ।
: আচলতে মেঘাৰ কোনো অস্তিত্ব বাস্তৱত নাই । সমগ্র ধাৰণাটোৱে তোমাৰ মনেসজা । তুমি ভাৱি লৈছা মেঘা তোমাৰ পত্নী আৰু তাইৰ মানসিক ৰোগ হৈছে । আচলতে বাস্তৱৰ এনে কোনো ভিত্তি নাই ।
সি তাইলৈ একেথৰে চাই আছে । উদাসীন তাৰ চাৱনি । বিজিতাই পুনৰ কলে, মেঘাৰ কিবা ফটো আছেনে ? সি তাইলৈ ডায়েৰী এখন আগবঢ়াই দিলে । তাৰ মাজৰ পৰা সুলকি পৰিল এখন ফটো । বিজিতাই সেয়া চালে । ফটোখন তাইৰে । তলত লিখা আছে , মেঘালী আই লাভ ইউ ।
****************
গল্পটো পঢ়া সম্পূৰ্ণ কৰি বিজিতাই পাৰ্থৰ ফালে চালে । সি চিগাৰেট জ্বলাই খিৰিকীৰে বাহিৰলৈ চাই আছে । বাহিৰত পূৰ্ণিমাৰ জোনাক ।
: তোমাক মই এটা ৰোমাণ্টিক গল্প লিখিব কৈছিলো , আৰু তুমি এইটো কি লিখিলা । আৰু বাসৱ ?? তাৰ কথা নিলিখালা দেখোন
: তোমাক মই এটা ৰোমাণ্টিক গল্প লিখিব কৈছিলো , আৰু তুমি এইটো কি লিখিলা । আৰু বাসৱ ?? তাৰ কথা নিলিখালা দেখোন
: আচলতে চৰিত্ৰটো সম্পূৰ্ণ কল্পনাৰ , বাসৱ তাৰ বাস্তৱ চৰিত্ৰ । পাঠকক ভাৱিবলৈ তেনেকৈ লিখিলো । মানে চাচপেন্স । হিঃ হিঃ হিঃ । চিগাৰেটৰ ধোৱা কুণ্ডলী বনাই বতাহত এৰি দি কলে পাৰ্থই ।
: পাগলটো ক'ৰবাৰ ।
চিগাৰেটৰ ধোঁৱাখিনি বতাহত বিলীন হৈ গ'ল ।
০০০০০০০০০০০
০০০০০০০০০০০
0 comments :
Post a Comment