পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » উচ্চাকাংক্ষা , সপোন আৰু এটা কবিতা

উচ্চাকাংক্ষা , সপোন আৰু এটা কবিতা

Written By www.parthapratim.in on Saturday, 26 November 2016 | 17:21

Image Courtesy: Internet

ঝণস্বীকাৰ : পৰিনীতা হাজৰিকা আৰু প্ৰনৱ কুমাৰ বৰ্মন
==================================

অংকৰ বহীত ৰঙা চিঁয়াহীৰ দাগবোৰে
বুকুত শেল হৈ বিন্ধা নাছিল
শেল হৈ বিন্ধিছিল তোমালোকৰ কথাবোৰে মা ।
ৰোহিতে মোতকৈ কেনেকৈ ২নম্বৰ বেছি পালে
কেনেকৈ....
আৰু অংকিতা জনী যে...
তাইৰটো টিউচনো নাই ।
সৰু গাৰুটো বুকুত সাৱটি গোটেই ৰাতি ভাৱিছিলো মা..
চকুপানীবোৰ গাৰুত পৰিছিল
তাৰপৰা পুনৰ বুকুত...
.
মা, দুৱাৰখন খুলি দিয়া
বৰ ভিৰ ইয়াত
উশাহ ল'ব বৰ কষ্ট ।
দেউতা, মই তোমাৰে বাধ্য সন্তান
গালি নিদিবা...
.
দেউতাৰ সহকৰ্মীৰ ল'ৰাজন ডাক্তৰ
আমেৰিকাত থাকে..
সৰুজনৰ নাম ৰোহিত, মোৰ সহপাঠী
দেউতাই প্ৰায়ে কৈছিল...
হ'ব দেউতা মই পঢ়িম কেৱল পঢ়িম
আমেৰিকাত চাকৰি পোৱাৰ জোখেৰে ...
.
আমেৰিকাত এটা চাকৰি
এটা বিলাসী ফ্লেট..
আমেৰিকাৰ পৰা আকাশ চুব পাৰি
সচাঁকৈনে মা??
ইমান ওখ আমেৰিকা ??
.
মা, তোমালোকৰ সপোনবোৰ বেগত ভৰাই স্কুললৈ গৈছিলো
এটাৰ পিছত এটাকৈ ডাঙি গৈছিলো ক্ৰমশঃ
বৰ গধুৰ মা..
দুৰ্বল হম ভাৱিয়েই হাতত গুজি দিছিলা শ শ টকীয়া নোট
আৰু মই দোকানৰ পৰা কিনি লৈছিলো ভেঁজাঁল বতাহ ..
পিয়াহ লাগিলেই পেপচি, কোকোকোলা..
.
মা, ক্ৰমশঃ তোমালোকৰ সপোনবোৰ দাবী হৈছিল
আশা বোৰ গালি হৈছিল
হেঁপাহবোৰ জিদ হৈছিল ।
আৰু মই.....
ক্ৰমশঃ ধাৱমান হৈছিলো ক্লীৱৰ পৰা ক্লীৱত্বৰলৈ।
.
আমেৰিকা, কেৰিয়াৰ, কম্পিটিচন
আটাইবোৰে প্ৰাচীৰ সাজিছিল মোৰ চৌপাশে
আৰু মই চক্ৰবেহুত অভিমান্যু ।
পৰীক্ষাৰ বহীৰ প্ৰতিটো ৰঙা কটা দাগত
উফৰি পৰিছিল তোমালোকৰ সপোন ভঙাৰ ভয়
কেতিয়াবা মোৰ গালত....
অমুকৰ পুতেক বাহিৰত থাকে....
অমুকৰ....
আসঃ হ'ব মা বন্ধ কৰা
দেউতা, মই পঢ়িম কেৱল পঢ়িম
এটা ভাল চাকৰি পোৱাৰ জোখেৰে ।
.
মোৰো মন যায় মা আকাশ চুবলৈ
ভিৰৰ মাজত এটা চিনাকি হ'বলৈ
হৃদয়ে হাহাকাৰ কৰিলেও কব নোৱাৰো চিঞৰি
মই তোমালোকৰ বাধ্য সন্তান মা ।
.
তোমালোকৰ উচ্চাকাংক্ষাক সাৱটিয়ে খোজ দিছিলো
ব্ৰেকফাষ্টত খাইছিলো ট্ৰিকোনমিটি
কাটাচামুচৰে কাটিছিলো কো-অৰডিনেট জ্যামিতি ।
লাঞ্চত প্ৰায়ে আছিল নিউটন, প্ৰটন
ইলেকট্ৰনবোৰ সদায় নিগেটিভ
ঠিক. ঠিক মোৰ সপোনৰ দৰে ।
ডিনাৰত খাইছিলো ইভোলেচন
মাজে মাজে ৰিফ্লেকচন হৈছিল লাইটৰ..
টয়লেটৰ কৌমদত বহিও হাতৰ তলুৱাত লিখি মুখস্থ কৰিছিলো
এভ্ৰী ফোৰ্চ হেজ চেম এন্দ ওপোজিত....
.
.
সপোনৰ শেষত:
-----------------------
ক্ৰমশঃ সময় সৰিছিল
সৰিছিল মুৰৰ চুলি
এয়া মই আমেৰিকাত...
সপোনৰ ভৰত কোঙা হৈ
আকাশ চুব পৰা নাই
বহুত দিন মাটিও দেখা নাই ।
SHARE

About www.parthapratim.in

0 comments :

Post a Comment