পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » গুৱাহাটী, এবাৰ সাৰে থাকি চাচোন..ৰাতিপুৱাব আৰু কিমান বাকী

গুৱাহাটী, এবাৰ সাৰে থাকি চাচোন..ৰাতিপুৱাব আৰু কিমান বাকী

Written By www.parthapratim.in on Saturday, 26 November 2016 | 17:19

Image Courtesy: Internet


ষ্ট্ৰীট লাইটৰ হালধীয়া পোহৰত
কপাহ বৰণীয়া মেঘৰ পৰা নামি আহা টোপাল টোপাল আকাশখন
সদায় একেই
অথচ সলনি হয় মেঘবোৰ
সলনি হয় ৰং বোৰ
গুৱাহাটী, এবাৰ চাচোন ।
.
.
ৰ'দ প্ৰিয় গুৱাহাটীৰ বৰষুণ আৰু প্ৰিয়
সেয়ে হ'বলা টোপালবোৰ পৰে বৰফত
তেজৰঙী পিয়লাৰ মাজত
কিছু পূৰ্ণতা
অধিক শূন্যতা
দিন বোৰ একে থাকে, ৰাতিবোৰো
ৰ'দ মাথো সলনি হয় , একেদৰে জোনাকো ।
.
.
সভ্যতা আহে আৰু যায়
সময়ৰ কোনো অচিন কোণত হেন্দোলিত আমিবোৰ..
নতুন মানুহ
নতুন পৰিবেশ
এই যে নতুন__ই আমাৰ প্ৰিয়
সেয়ে সলনি কৰো নিজক
আমি বোৰ সদায় হেৰায় যাওঁ আমাৰ মাজত ।
.
.
গুৱাহাটী, এবাৰ সাৰে থাকি চাচোন
স্ব-সৃষ্ট আৱৰ্জনাৰ দমবোৰত
হেজাৰ অসুস্থ মন
অসুস্থ মনৰে হেজাৰখন হৃদয়
যান্ত্ৰিকতাই কোঙা কৰা বিধস্ত মগজু
স্বাচ্ছন্দত্যৰ অবিৰত সন্ধান ।
তোৰ বুকুত এনে হেজাৰ পথ
পথৰ বাহিৰে ভিতৰে আৰু বহু পথ
যেন বাৰিষাৰ ঢল
বাঢ়ি অহা পানী মেটেকা ।
.
.
গুৱাহাটী,
তোৰ বুকুত দুখী মানুহে সুখ কিনে
সুখী মানুহে ফুটপাথত ঘৰ সাজে
উশাহত লয় মহামাৰী
চকুপানীৰে ধোৱা সপোন ।
আবেলিৰ শেষত সুৰুযেও ঢলি পৰে
আৰু তই...
আজি উজাগৰে থাক গুৱাহাটী
ৰাতিপুৱাবলৈ আৰু বহুত বাকী ।
.
.
✍পাৰ্থ
SHARE

About www.parthapratim.in

0 comments :

Post a Comment