কাহিনীৰ শেষতঃ টোকাবহীৰ শেষ পৃষ্ঠা
_________________________________
_________________________________
বাহিৰত ফৰকাল আকাশ
জোনৰ পৰা চিটিকি পৰা পোহৰত জিলিকিছে বাবুলৰ নিস্পাপ মুখ
বাবুলটো তিনি বছৰীয়া, মৰম লগা
বাবুল শুইছে
আচলতে ময়েই শুৱাই থলো তাক জোৰকৈ
এতিয়া ময়ো শুবলৈ যাম
কেতিয়াও সাৰ নোপোৱাকৈ ।
জোনৰ পৰা চিটিকি পৰা পোহৰত জিলিকিছে বাবুলৰ নিস্পাপ মুখ
বাবুলটো তিনি বছৰীয়া, মৰম লগা
বাবুল শুইছে
আচলতে ময়েই শুৱাই থলো তাক জোৰকৈ
এতিয়া ময়ো শুবলৈ যাম
কেতিয়াও সাৰ নোপোৱাকৈ ।
কাহিনীৰ আৰম্ভণি
_________________
_________________
গাভৰু নামটো বুকুত লিখাৰে পৰা তেওঁক ভালপাইছিলো
তেওঁৱো....
আই-পিতাইৰ শাসনক নেওচি তেওঁৰ সৈতে লগ হৈছিলো
বিৰিনাৰ সতে নাচিছিলো
পিতাইৰ কেঁচা কোবতকৈ তেওঁৰ স্পৰ্শত বহুত বেছি সুখ
সেয়ে উটুৱাই দিছিলো নৈৰ বুকুত আই পিতাইৰ সাচঁতীয়া মৰম ।
তেওঁৱো....
আই-পিতাইৰ শাসনক নেওচি তেওঁৰ সৈতে লগ হৈছিলো
বিৰিনাৰ সতে নাচিছিলো
পিতাইৰ কেঁচা কোবতকৈ তেওঁৰ স্পৰ্শত বহুত বেছি সুখ
সেয়ে উটুৱাই দিছিলো নৈৰ বুকুত আই পিতাইৰ সাচঁতীয়া মৰম ।
সপোনৰ বোকোচাত এটি নিশা বান্ধি
তেওঁক সুধিছিলো আকুলতাৰে...
কি নাম থবা...
ল'ৰা হ'লে বাবুল, ছোৱালী হ'লে...
মোৰ ভাৱনাৰ বুৰবুৰনিত বাহ কৰিছিল এটা এটা নতুন সপোন ।
তেওঁক সুধিছিলো আকুলতাৰে...
কি নাম থবা...
ল'ৰা হ'লে বাবুল, ছোৱালী হ'লে...
মোৰ ভাৱনাৰ বুৰবুৰনিত বাহ কৰিছিল এটা এটা নতুন সপোন ।
থোৰতে কাহিনী : এজনী বেশ্যাৰ জন্ম
_________________________________
_________________________________
সিদিনা ৰাতিৰ শেষত চকুমুদি এন্ধাৰ দেখিছিলো
খেপিয়াই মাথোঁ পাইছিলো শূন্য এন্ধাৰ
মই সপোন দেখিছিলো
মনালীৰ কোনো বৰফত হাতত হাত থৈ খোজ কঢ়াৰ....
দুয়ো দুয়োৰে গালৈ বৰফ দলিয়াম
মনালীৰ আকাশত উৰিব আমাৰ হাঁহিৰ চিম্ফনী
তেওঁ সাৱটি ধৰিব আকুলতাৰে
আৰু মই কঁপি উঠিম তেওঁৰ বুকুৰ মাজত ।
খেপিয়াই মাথোঁ পাইছিলো শূন্য এন্ধাৰ
মই সপোন দেখিছিলো
মনালীৰ কোনো বৰফত হাতত হাত থৈ খোজ কঢ়াৰ....
দুয়ো দুয়োৰে গালৈ বৰফ দলিয়াম
মনালীৰ আকাশত উৰিব আমাৰ হাঁহিৰ চিম্ফনী
তেওঁ সাৱটি ধৰিব আকুলতাৰে
আৰু মই কঁপি উঠিম তেওঁৰ বুকুৰ মাজত ।
মই এতিয়াও কঁপি উঠো
তীব্ৰ ঘৃনা আৰু আক্ৰোশত
আৰু হয়তো তেৱো
কোনো নিষিদ্ধ গলিত মদিৰাৰ নিছাত ।
তীব্ৰ ঘৃনা আৰু আক্ৰোশত
আৰু হয়তো তেৱো
কোনো নিষিদ্ধ গলিত মদিৰাৰ নিছাত ।
তাৰ পিছৰে পৰা প্ৰতিটো দিন অন্ধকাৰ
নাঙঠ দেহত নখৰ হেজাৰ আচোঁৰ
লাইটৰ পোহৰত বিৰঙি উঠে
বিৰঙি উঠে চকুপানী ।
নাঙঠ দেহত নখৰ হেজাৰ আচোঁৰ
লাইটৰ পোহৰত বিৰঙি উঠে
বিৰঙি উঠে চকুপানী ।
কৰবাত পঢ়িছিলো
বিবাহ হেনো স্বীকৃতিপ্ৰাপ্ত বেশ্যাবৃত্তি
বিশ্বাস নকৰিও বিশ্বাস কৰিছো এতিয়া
মই পৰীক্ষাগাৰৰ গিনিপিগ
প্ৰতিটো নিশাই নতুন নতুন গৱেষণা চলায়
টানি আজুৰি দলিয়াই পেলাই সপোন ।
মোৰ ইচ্ছাৰ বিপৰীতে প্ৰতিটো অপৰাধী খোজ
ধৰ্ষিতা জীৱন মোৰ, নিশাৰ নৈমত্তিক ক'লাজ ।
মই সামজিক স্বীকৃতপ্ৰাপ্ত বেশ্যা ।
বিবাহ হেনো স্বীকৃতিপ্ৰাপ্ত বেশ্যাবৃত্তি
বিশ্বাস নকৰিও বিশ্বাস কৰিছো এতিয়া
মই পৰীক্ষাগাৰৰ গিনিপিগ
প্ৰতিটো নিশাই নতুন নতুন গৱেষণা চলায়
টানি আজুৰি দলিয়াই পেলাই সপোন ।
মোৰ ইচ্ছাৰ বিপৰীতে প্ৰতিটো অপৰাধী খোজ
ধৰ্ষিতা জীৱন মোৰ, নিশাৰ নৈমত্তিক ক'লাজ ।
মই সামজিক স্বীকৃতপ্ৰাপ্ত বেশ্যা ।
0 comments :
Post a Comment