পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » আৰ্তনাদ

আৰ্তনাদ

Written By www.parthapratim.in on Saturday, 26 November 2016 | 17:11

: হেল্ল' হেল্ল' মেঘালী, শুনিছানে
Image Courtesy: Internet


: হেল্ল' অই শুনিছানে ? কিবা কোৱানা
:
: অ'ই । মেঘা..মেঘা...মেঘা...
আৰ্তনাদ কৰি চিঞৰি উঠে সি । অস্থিৰতাত চটফটাই । হাতৰ মুঠিৰ পৰা বিয়েৰৰ গ্লাচ মজিয়াত চিটিকি পৰে ।
******************
: অ'ই , তই তোৰ সকলো গল্পৰ চৰিত্ৰৰ নাম মেঘালী দিয় কিয় ? কৌতুহলৰে বিজিতাই সোধে তাক ।
: মেঘালী যে তাইৰ নাম ।
: তাই? কোন তাই ?
: কিয়, একেলগেই পঢ়িছিলো দেখোন আমি ।
: ক'ত , কেতিয়া ?
: স্কুলত । কিয় তোৰ জানো মনত নাই । আমি এটা চেকচনতে । এদিন যে...
স্মৃতিৰ প্ৰতিটো বাটৰ পৰা উভতি আহে বিজিতাই । উশাহবোৰ গধুৰ হৈ পৰে ।
মই তাইক বৰ ভালপাওঁ অ' । তাই নুবুজে । মোৰ সতে কথা নাপাতে । বিজিতাৰ দুহাত খামুচি আকুলতাৰে চিঞৰি উঠে সি ।
*****************
কোঠাৰ প্ৰতিটো বস্তুৱে বিশৃংখল হৈ পৰি আছে । মজিয়াত ভগা গ্লাচৰ টুকুৰাবোৰ চিটিকি আছে । সন্তপৰ্নে খোজ দিলে তাই । সি বিচনাত শুই আছে । অসংযত তাৰ পোছাক । হাতৰ পৰা সৰি পৰা মোবাইল ফোনটো তুলি থলে তাই । বিচনাত সিঁচিৰত হৈ আছে পুৰণি ডায়েৰী কেইটামান , ফটো এলবাম । সেয়া ঠিক কৰি থলে তাই । লেপটপটো অন হৈয়ে আছে । পৰ্ণ ভিডিঅ চাই আছিল হয়তো । সেয়া বন্ধ কৰি থলে তাই । লেপটপৰ কাষতে আছে তাৰ দ্বিতীয়টো মোবাইল । তাই চালে সেয়া । চিক্সথ মিছকল ফ্ৰম মাই নম্বৰ ।
***************
আগতকৈ বহুত সুস্থ হৈছে সি । তথাপিও তাক অকলশৰে থাকিব দিয়া নাই । পৰ্দাখন সামান্য গুচাই ভিতৰলৈ সোমাই গ'ল তাই । সি হেডফোন পিন্ধি কিবা গুনগুণাই আছে ।
: এনেকৈ অকলে গুণগুণাই থাকিবা নে মোকো সংগী কৰি ল'বা ?
: অ' বিজিতা , কেতিয়া আহিলা?
: অথনিয়ে । গা কেনে এতিয়া ?
: আগতকৈ ভাল ।
কিছু ছেকেণ্ডৰ নীৰৱতা । তাই তালৈ চালে । কিমান পৰিবৰ্তন কৰে সময়ে । আচৰিত । তাইৰ আৰু তাৰ মাজৰ বয়সৰ ব্যৱধান কেইমাহমান । অথচ তাইতকৈ তাক সহজেই আক্ৰমণ কৰিছে সময়ে ।
: বিজিতা ..
আসঃ কি কোমল এই মাত । এনে মাত এটাৰ বাবে কলেজত কিমান ক্লাছ ক্ষতি কৰি সংগীতৰ অনুষ্ঠানবোৰত তাক সংগী দিছিল তাই । প্ৰেমৰ শিপা মেলিব আৰম্ভ হোৱাৰ বয়সৰ পৰাই তাই সংগোপনে তাৰ ছবি কঢ়িয়াই ফুৰিছে ।
: বিজিতা , তুমি মোক ভালপোৱা?
হঠাৎ এনে প্ৰশ্নৰ বাবে তাই প্ৰস্তুত নাছিল । বুকুৰ সোঁমাজৰে যেন বৈ গ'ল এচাটি শীতল বতাহ ।
: মোৰ সতে বিয়া হ'বা বিজিতা ?
আসঃ এয়াইতো সপোন দেখি আহিছে তাই কৈশোৰৰ পৰাই । তাই বুকুৰ মাজত অনুভৱ কৰিছে এক অজান ধপধপ । যন্ৰমানৱৰ দৰে তাই তাৰ ওচৰলৈ দুখোজ আগুৱাই দিলে । দুচকু মুদি অনুভৱ কৰিছে তাইৰ কাণৰ পৰা ডিঙিলৈ নামি অহা তাৰ আঙুলিৰ পৰশ । কাণৰ ওচৰত তাৰ উশাহৰ বতাহ । '"মই তোমাক বৰ ভালপাওঁ অ' । মই তোমাক ভালপাওঁ মেঘালী"
বিঃদ্ৰঃ বন্ধু হীৰকৰ এটা ফেচবুক ষ্টেটাচক কেন্দ্ৰ কৰি । হীৰক আৰু জোনালীৰ তাগিদাত এটা সৰু প্ৰয়াস ।
SHARE

About www.parthapratim.in

0 comments :

Post a Comment