বন্ধু প্ৰেমত পৰিছে । এলাপেছা প্ৰেম নহয় দেই, কেলিফৰ্ণিয়াত থকা দাদা মাৰ্ক জুকাৰবাৰ্গলৈও বন্ধুই খবৰ দি পঠিয়াইছে । কম ডাঙৰ কথানে । বন্ধু হ'তৰ মৰমো আকৌ একাচেকা নহয় । আকাশৰ জোন খোপাত গুজি দিয়া মৰম । পেট্ৰলৰ দাম সত্তৰ টকা হ'লেও বন্ধুৱে প্ৰেয়সীক হেনো এপাক ঘুৰাই আনিছে । ফটো নিদিলে কি হ'ল, তাকে ধুনুকৈ "ইউ আৰ মাই লাইভ "শ্বায়েৰী লিখি ৰঙা পান পাত এটাৰ লগত কাৰো নজৰ নলগাকৈও বন্ধু প্ৰেয়সীয়ে বন্ধুক টেগাই দিছে । ৱাহ ... কিম্মান যে মৰম... কমেন্ট বক্স নিমিষতে মৰমৰে ভৰি যায় । একেবাৰে ময়ি যাং ময়ি যাং লাগি যোৱা মৰম । চন্দ্ৰ সূৰ্য্যৰ ভাগৰ নলগালৈ কথা পাতে দুয়োৱে । কোনো নাথাকিলে মৰমবোৰ লগাই দিয়ে গালে ওঠে , দুচামুচ বিচনা এৰাৰ আগত, দুচামুচ ভাত খোৱাৰ পিছত । মুঠৰ ওপৰত মস্ত সুখী মানুহৰ লিষ্টত বন্ধু এতিয়া এক নম্বৰত । ইয়াকে লৈ চকুচৰহা জ্বলি পুৰি মৰিছে । চকুচৰহা বন্ধুৰ গুণত দহি মৰে এতিয়া হেনো কোনোবাই চকুচৰহাক চুলেই হেনো ফোৰ ফোৰ্টি হয় যায় । বন্ধুৰ সুখৰ তাপত চকুচৰহাৰ দুখ যন্ত্ৰণা ভকভকাই উতলি আছে । বন্ধুৰ হিট প্ৰেম কাহিনীৰ মাজত খবৰ আহিল চকুচৰহা গাৱাপ । নাই মানে নায়ে । পাঁচদিন হৈ গ'ল , চকুচৰহাৰ কোনো শুংসূত্ৰ নাই, এইপিনে চকুচৰহাৰ প্ৰেম তুংগত । অৱশেষত যেনিবা ফেচবুকে বিচৰি পালে । ইজৰাইলী মোচাদৰ শিষ্য চকুচৰহাৰ পেটত হেনো ভোক নাই এইকেইদিন , চকুত টোপনি নাই । শুনামতে বন্ধুয়ে আকৌ হানীমুনৰ বাবেও প্লেনিং কৰি পেলালে । ৱাহ: যেন চৰকাৰৰ বাৰ্ষিক পৰিকল্পনা । এনেতে ফোপাই জোপাই চকুচৰহা তিনিআলিত হাজিৰ । হাৰে কথা কি..চকুচৰহাৰ মুখত চন্দ্ৰগ্ৰহনৰ সলনি পূৰ্ণিমাৰ জোন। হাৰে কথা কি? হেজাৰটা মান প্ৰশ্নবোধক ওলমাই দিলো চকুচৰহাৰ আগত । চকুচৰহাই পৃথিৱীখ্যাত মিচিকিয়া হাঁহিটোৰে ক'লে বোলো বন্ধু প্ৰেয়সী প্ৰিন্সেচ নহয় , প্ৰিন্স হে । কৃষ্ণ কৃষ্ণ , বন্ধু দোষ্ট নহয় , দোষ্টনা নেকি ? পিছে বন্ধুইতো তামোল গছৰ দৰে পোন (straight ) বুলি কৈছিল । চকুচৰহাই আকৌ ভূৱন ভুলোৱা হাঁহিটোৰে কলে বোলে নহয় তেনে । বন্ধুৱে বোলে নিজে এটা প্ৰফাইল বনাই ইন এ ৰিলেশ্যনশ্বিপ লিখিছে । আখিৰ বন্ধুৰ এফ আৰ পিৰ কথা । তাৰপিছৰ পৰা বন্ধুৰ দেৱালৰ মৰম কমিল । আপুনি পিছে চকুচৰহাৰ কথা বিশ্বাস নকৰিব, জানেইতো বন্ধুৰ গুণত চকুচৰহা দহি মৰে ...
✍��পাৰ্থ
0 comments :
Post a Comment