বন্ধুৱে ফেচবুকত বন্ধুত্বৰ ৰিকুৱেষ্ট পঠিয়াইছে । বন্ধু দেখোন আগৰে পৰা ফেচবুকত বন্ধু হৈয়ে আছে । কেচ কি? নগেন নগেন ভাৱটো ঘপহকৈ জাপ মাৰি উঠিল মনত । এয়া চকুচৰহা জাতিৰ ষড়যন্ত্ৰ নহয়টো । এনেয়ে বন্ধুৰ জনপ্ৰিয়তাত চকুচৰহা দহি মৰে । ততালিকে বন্ধুক ফোন কৰিলো , ধেইত টেৰি বন্ধুৰ ভোডাফন নম্বৰ , বেলেন্স নাই । মোৰ আকৌ এয়াৰচেল টু এয়াৰচেলহে ফ্ৰী। টোপনিত বিচনাৰ পৰা সৰি পৰা মানুহৰ দৰে লাগি গ'ল নিজকে । কি কৰা যায় ! হেনসময়তে মেচেঞ্জাৰত খিটিংকৈ এজনী এঞ্জেলৰ মেচেজ আহিল । ইউৰেকা .. ইউৰেকা .. পাই গলো । সেউজীয়া টৰ্চ এটা জ্বলাই বন্ধুই দিনে ৰাতি থাকে ফেচবুকত । ততালিকে বন্ধুক মেচেজ দিলো বোলো কেচ কি নগেন নেকি? লগেলগেই দেহবিহীন কেইটামান মুৰৰ লগত বন্ধুৰ মেচেজ আহিল "বোলো বন্ধু ,সেইটো মোৰেই দিয়া । আগৰটো ফ্ৰেইণ্ড ৫০০০হ'ল । গতিকে...." বন্ধুৰ ফ্ৰেইণ্ড আকৌ ৫০০০ নহ'বনে, বন্ধুৰ অনুৰাগী কম নেকি কিবা। গৌৱৰত বুকুখন ফুলি গ'ল । বেলুনৰ দৰে ফুলা বুকুৰ দুটা মান শপত খাই কনফাৰ্ম অপচনত দিলো টিপা মাৰি । লগে হাঁহিমূখীয়া বন্ধুৰ ইডিট কৰা মুখাখনে মোক সাদৰ সম্ভাষণ কৰিলে , মৰমতে বুঢ়া আঙুলি এটা উপহাৰ দি বন্ধুৰ দেৱালত চকু ফুৰালো । উৱা... ই কি ... বন্ধু আই আই টিত অধ্যয়নৰত, কাৰেন্ট চিটী নিউ ইয়ৰ্ক , ফেমেলী লিষ্টখন ইম্মান দীঘল যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফেমেলীৰ এটা হোৱাটো খাটাং । ৱাহঃ বন্ধুৰ "বন্ধু" হৈ নিজকে ধন্য লাগিল । খং ও উঠিল বন্ধুৰ ওপৰত , বন্ধুৱে এদিনো ৰসগোল্লা এটাও নুখুৱালে আই আই টিত চিট পাওঁতে । ঘপহকৈ মুৰত কোনোবাই যেন হাতুৰিৰে কোবহে মাৰি দিলে । আই আই টি ??? পিছে বন্ধু দেখোন... অংক মিলাবো নোৱাৰি এয়াৰচেলী অনুৰাগী বন্ধুলৈও ফোন লগালো । অনুৰাগী বন্ধু আকৌ অংকৰ গুৰু , উদাহৰণ নিদিয়াকৈ মাকক হেনো ভাত খুজিবও টান পায় । ঘটনাৰ বুজ লৈ অনুৰাগীয়ে দিলে ঢেকঢেককৈ হাঁহি । মই বোলো অবাক , এল ই ডিৰ জামানত এতিয়াও টিউব লাইট হৈয়ে আছোনে । দীঘলকৈ উশাহ এটা লৈ অনুৰাগী বন্ধুৱে ক'লে , বোলো বন্ধু সাতে পাঁচে কিমান হয় কোৱাচোন । মই বোলো বাৰ । অনুৰাগী বন্ধুই আকৌ সুধিলে পাঁচে সাতে ? মই ভেবা লাগি ৰ'লো । অনুৰাগীয়ে হাঁহি ক'লে বোলো কথা ইমানেই , আই আই টি আৰু আই টি আই, একে কেইটাই লেটাৰ , এৰেঞ্জমেন্ট হে হৰফৰ ... গতিকে ৰিজাল্ট !! উৱা... কথাটো নোহোৱা নহয় ।আজি চকুচৰহাক ক'ব লাগিব, বিজ্ঞান আবিহনে আই আই টিত বি টেক (B. Tech) . কৰা বন্ধু প্ৰথমজন ভাৰতীয় । কম গৌৰৱৰ কথানে...
✍��পাৰ্থ
0 comments :
Post a Comment