অ'ই শুনা
বহু দিন হ'ল তোমাৰ বুকুৰ গভীৰতা জোখা নাই
লোৱা নাই উমাল ওঁঠৰ জোখ
চাওঁ খিৰিকী খন খুলি দিওঁ
জোনাক চিটিকি পৰক তোমাৰ মুখত
মই পান কৰিম তোমাৰ ওঁঠৰ লাজ
চুই চাম বুকুৰ ভাঁজ ।
বুকুৰ সোঁমাজত থকা ক'লা তিল কেনেকুৱা হয় ?
চাওঁ....
খুলি দিওঁ বগা ৰঙৰ অৰ্ন্তবাস
গোলাপ ৰক্তিম পাহী
আসঃ ইমান কোমল ।
ক্ৰমশঃ চুটি হৈ আহিব উশাহ
চঞ্চল হব সময়
তাতোকৈ চঞ্চল আঙুলিবোৰে আৱিষ্কাৰ কৰিব তোমাৰ গোপন পুখুৰী
য'ত মই সাতুৰিম
প্ৰেমৰ হাৱিয়নি ভাঙি পান কৰিম মৰম
আৰু নিৰ্ল্লজ্জ ভাৱে গুজি দিম বীজ ।
মৰমবোৰ বৰ পিছল
গালে মুখে চিটকি উন্মাদ কৰিব তোমাক
আৰু মই....
আদিমতাৰ কুঁহিপাত মেলি
আওঁৰাই যাম অ..আ..ক..খ
বাঢ়নী পানীত পৰুৱা হৈ
কলাফুলৰ তালত নাচিম দুয়ো
শৰীৰৰে শৰীৰক ঠেকেছি ভাগৰুৱা হম
সুৰ তাল গান অস্ফুট কেঁকনি ।
ক্ৰমশঃ গভীৰ হৈ অহা নিশাটোৰ গাত ভেঁজা দি
নামি আহিব এটি সপোন
তোমাৰ মোৰ বুকুৰ আপোন ।
নামি আহিব এটি সপোন
তোমাৰ মোৰ বুকুৰ আপোন ।
0 comments :
Post a Comment