![]() |
Image Courtesy: Internet |
ৰাতিৰ নিস্তব্ধতা ভাঙি
উচুপে বিষ্ণুৰাভাই
শুকান সৰাপাত গচকি
কামিজৰ বুটাম চিঙে
চকুৰ তলৰ এগচি এন্ধাৰত ।
.
.
শীতৰ বতাহৰ সৈতে বিষ্ণুৰাভাৰ পুৰনি চিনাকি
ভটিয়নী আবেলিত আউজি
কান পাতি শুনে
সৰাপাতৰ বুকুৰ উচুপনি ।
.
.
পতাকাৰ তলৰ খোজবোৰ কাৰ ?
নিৰৱতাৰ পাহাৰ দাঙি
নিৰৱে চাই বিষ্ণুৰাভাই
ইশ্বৰ বিচাৰি ফুৰা অলেখজন ।
.
.
বিষ্ণুৰাভাৰ দুখ
দুখত কেৰেলুৱা ৰাজহাড়
দহ হেজাৰ টকীয়া মুৰত
প্ৰহসনৰ মাল্যৰ্পন
কোঁকোৰা গাতত সমাধিস্থ
সূৰ্য স্বপ্ন
ৰঙা শব্দ ।
.
.
বিষ্ণুৰাভাই উচুপে..
গাঁৱে গাঁৱে
বুকুৱে বুকুৱে
কামিজৰ জেপত কঢ়িয়াই ফুৰে
চিফুঙৰ পাঁচোটা আঙুলি ।
.
.
নুপুওৱা ৰাতিৰ বুকুত
কুকুৰে ৰাউচে
ফেঁচাই উৰুলি দিয়ে
চাবুকৰ দাগবোৰ খেপিয়াই খেপিয়াই
সোঁৱৰে বিষ্ণুৰাভাই...
সৰ্বহাৰাৰ পেটত গোৰ
নদীৰ তলৰ পোতাশাল ।
.
.
বিষ্ণুৰাভাই দেখিছিল
আইৰ বিননি
পিতাইৰ কেঁকনি
চিটাৰ মাজৰ স্বাধীনতা
ফুটপাথৰ ঘাতক নিশা ।
.
.
বিষ্ণুৰাভাই বিচাৰিছিল
মাটিৰে লুতুৰি পুতৰি
অসম আৰু অসমীয়া
লহপহীয়া ধাননি
পথাৰ সেউজীয়া ।
.
.
উপসংহাৰ :
----------------
স্বপ্নবোৰ যুঁজাৰু হ'লেই
বিষ্ণুৰাভা জিলিকিল হয়
পুৱাৰ বৰ্ণালীত
অথচ বিষ্ণুৰাভা হেৰাই থাকিল
মাথো এটা দিনৰ মাজত ।
.
.
✍পাৰ্থ
0 comments :
Post a Comment