বন্ধুৰ দৰে বন্ধুৰ মোবাইলৰো এটা যাদুকৰী গুণ আছে । বহুত ভিৰত বা আড্ডাৰ সময়ত যদি কোনোবাই নিজৰ বা অইন কাৰোবাৰ গুণ জাহিৰ কৰে বন্ধুৰ ফোনৰ চাইৰেন বাজি উঠে ।
এদিনাখনৰ কথা । সিদিনা আছিল একত্ৰিশ ডিচেম্বৰ । নতুন বছৰৰ আদৰিবলৈ বন্ধু সহিতে একেলগে থাৰ্টি ফাৰ্ষ্ট পাৰ্টি । বকুলতলৰ বিহুলৈ আহক নাহক আমাৰ পাৰ্টিত চাকিৰাই কঁকাল ঘুৰাই দিলে । আনেই বুঢ়ী নাচনী , তাতে নাতিনীৰ বিয়া । একন , পিতবুল কিয়নো পিছপৰি ৰ'ব । মাজে ইয়ো ইয়ো আৰু আমাৰ লোকেল ইয়ালী ও আহি যায় । মুঠৰ ওপৰত তামাম পাৰ্টি । বছৰৰ সমস্ত সুখ আজিয়েই । কেৰাহীত চিকেনৰ টুকুৰা কেইটাই নাচি নাচি পুৰণি বছৰক বিদায় দিব লৈছে ।ৰান্ধনী বন্ধুই সেউজীয়া ডিচপ'জিবেল প্লেটখনত কেইটুকুৰামান ভঁজা মাংস টুকুৰা দিলে । অনুৰাগীয়ে পটককৈ লেগ পিচ মুখত ভৰাই দিলে। চকুচৰহাই লেগ পিচ ভাগত নাপায় 'তহঁতে লেগ পিচ খা, মই ঠেং পুৰি খাম' অভিমান কৰি আন্ধাৰ আন্ধাৰ লগা চুক এটাত কোনোবা এজনৰ সৈতে ভালুকক মাজত লৈ একেলগে বহি ল'লে । কোনোবাই আকৌ লেগ পিচৰ জুটিৰ সৈতে চানী ভন্টিৰ লেগৰো একেলগে জুটি ল'লে । প্ৰেমৰু বন্ধুৰ এইবোৰত নিছা নাই । অহাৰ পৰা বকুলৰ তলত নিয়ৰত তিতি ফুচফুচাই আছে , হয়তো ডক্টৰ ডক্টৰ খেলিছে । মুঠৰ ওপৰত বৈদ্য পাৰ্টি । এনজয় আৰু টামাম এনজয় । হেন সময়তে চকুচৰহাৰ দুখ । বোলো ফোৰলেন নেচনেল হাওৱৈত স্পীডব্ৰেকাৰ আকৌ ক'ৰ পৰা আহিল । কেচ কি ! "সিদিনা কেম্পাচ ইন্টাৰভিউ আছিল । অমুক কোম্পানীৰ । সৱতে ভাল হৈ গ্ৰুপ ডিচকাচনত ৰিজেক্ট হ'লো বে । উহু উহু । ইংলিচ বে ইংলিচ । আমি ইংলিচ ভালকৈ ক'ব নজনাতো অভিশাপ" ।" চেন্টি ফালা চকুচৰহাক অনুৰাগীয়ে এটা লেগপিচ খুৱাই দিলে । "মই সেইবাবেই ল'ৰা ছোৱালীক ইংলিচ মিডিয়ামতে দিম। খাটাং ।" ৰান্ধনী বন্ধুই অনুৰাগীক চাপোৰ্ট কৰি আৰু কেইটুকুৰা মান মাংস উলিয়াই দিলে । হঠাতে কি হ'ল জানো, ঘপহকৈ বন্ধু উঠি আন্ধাৰ আন্ধাৰ চুকটোলৈ গ'ল । হয়তো লেগ পিচ ভাগত নাপায় বন্ধুই ভালুক পাৰ্টিত যোগ দিব । ও নহয় , বন্ধুৰ ফোন আহিছে । উৱা , বন্ধুই দেখোন ইংলিচত কথা পাতিছে , তাকো আমেৰিকান ইংলিচ । ৱাহঃ ৱাহঃ বন্ধু । বন্ধু কথা পাতি থকাৰ মাজতে হঠাতে টিংটিঙাই বন্ধুৰ ফোনটো বাজি উঠিল । উৱা , কি অদ্ভুত । কথা পাতি থাকিলেতো আমাৰ ফোন ৰিং নহয় । আটায়ে বন্ধুৰ ফালে চালো । বন্ধুই লাহেকৈ কাণৰ পৰা ফোনটো নমালে , আটাইলৈ চালে আৰু লাহেকৈ এটা সৰু সেপ ঢুকি সেহোনেহোকৈ ক'লে ফোনটো ইটালীত যাওঁতে কিনা ।
✍��পাৰ্থ
0 comments :
Post a Comment