পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » নেদেখাজনৰ সন্ধানত এটা কবিতা

নেদেখাজনৰ সন্ধানত এটা কবিতা

Written By www.parthapratim.in on Saturday, 26 November 2016 | 17:18

Image Courtesy: Internet

.

.
.
এতিয়াও জোনটোলৈ চাওঁ
সৰুতে নেদেখা জনক প্ৰাৰ্থনা কৰোঁতে..
মায়ে যে দেখাই দিছিল ।
.
আকাশত ভগৱান থাকে (!)
নে তৰাৰ স্মাশান ?
নেজানো...
তথাপিও ভগৱানক বিচাৰিছো
মন্দিৰে মন্দিৰে..
বাট-পথত অনেক জনক সুধিছো
চিটিবাছৰ ভিৰত চাইছো..
পূজা কৰিছো...
গোড়া ভগৱান বিশ্বাসী বুলি প্ৰমাণ দিৱলৈ
ত্ৰিসন্ধ্যা প্ৰাৰ্থনা কৰিছো
তিনিদিন উপবাসে আছো
ভগৱান ক'ত?
.
.
ৰঙা কাপোৰেৰে মেৰিয়াই থোৱা থাপনাত
আছে জানো ভগৱান ?
বিশ্বাস কৰিও বিশ্বাস নকৰোঁ
আমি ভগৱানৰ সন্তান
নে ভগৱান আমাৰ কল্পনাৰ ?
নেজানো...
তথাপিও ভগৱানক বিচাৰিছোঁ
অস্তিত্বহীন অস্তিত্বৰ সন্ধানত
বাৰে বাৰে হেৰুৱাইছো বাট ।
.
.

.
.
দিন ৰাতি পাঁচ বাৰ পাঁচ ওৱাক্ত কৰিছো
তকবিত বিশ্বাস...
আল্লাহ আহিব এদিন
বেহেস্তাৰ দুৱাৰ খুলি...
উদং ভৰিৰে আমিও খোজ দিম
এটা জোনৰ বাবে বাট চাম এদিন.....
.
.
আল্লাক বিচাৰি মছজিদে মছজিদে ঘুৰিছো
মিনাৰত শিল মাৰিছো
চুৰা ফাটেহা পাঠ কৰিছো
ৰুকু কৰিছো
উঠিছো, বহিছো
পুনৰ ঠিয় হৈছো
আকৌ বহিছো চিজাদাৰ মাজত ।
বাৰে বাৰে চিঞৰিছো
লাই-ইলাহি-ইলাল্লা ।
.
.
মিছা নকওঁ
পাঁচমহীয়া পেটতো বৰ ভাৰী
মনৰ বিশ্বাসৰ ঠিক তলত
শংকা এটা শুই থাকে গোপনে
বুকুৰ মাজত উঠা-নমা কৰে
তাৰাবীহত ভোক গুচাওঁ ।
দুই ৰোজ নামাযত আছেইনো কি ?
নেজানো..
তথাপিও...
ৰহম লাগে
মোমিন ঐ..
অলপ পোহৰ দিয়া ।
.
.

.
.
দেওবাৰে গীৰ্জাৰ দুৱাৰ খোলা আছিল
ভগৱান হেনো ইয়াতেই আছে
ক্ৰুচীয়া বিষাদত চিঞৰি...
বাৰ্টিমিয়াচে কৈছিল
ৰৈ ৰৈ কান্দিছিল..
দেওবাৰে পথৰ কাষত ।
.
.
ক'ত ভগৱান ?
মৌন দুওঁঠত...
জোহেভা ইলোহিম
ৰঙীন পনীয়াৰ মাজত
ভগৱান নাই ।
.
.
ভগৱানক বিচাৰি হতাশ হৈছো
বাইবেলৰ প্ৰতিটো পৃষ্ঠা
মথিৰ দুহাত শূন্য
শূন্য যোহন আৰু ইফেৰীয়াৰ বুকু।
.
ভগৱান ক'তো নাই ।
.
.
সমাপ্তি
----------
ভগৱান, আল্লা, গড
আসঃ কি যে পাকলগা শব্দ ।
বুকুৰ ভিতৰত দেখোন
এসোঁপা গোট নমৰা তেজ..
ভগৱান ক'ত !
.
শুনিছো...
ভগৱানে হেনো মানুহ বিচাৰে
আৰু আমি ভগৱান ।
.
.
বিঃদ্ৰঃ ধৰ্মীয় আৱেগ অনুভূতিক আঘাত কৰা লিখকৰ উদ্দেশ্য নহয় ।
.
.
.✍পাৰ্থ
SHARE

About www.parthapratim.in

0 comments :

Post a Comment