মানুহজনী বাকীবোৰতকৈ বহুখিনি বহুখিনি পৃথক । সাজ পাৰো কিছু ব্যতিক্ৰম । পুৰণি কমদামী হ'লেও পৰিস্কাৰ পোছাক । ফুটপাথৰ ৰেলিঙৰ কাষত থিয় হৈ আছে । তেওঁৰ চকুৰ আগৰে শ শ মানুহ আহিছে , গৈছে । তেওঁ একেদৰেই আছে । মাজে মাজে এখোজ আগুৱাই , পিছুৱাই । শীৰ্ণ দুচকু, দুৰ্বল দেহ ।
মোৰ ওচৰত থকা ভাতৃ প্ৰতিম দিগন্তই কিবা কৈ আছে । তথাপিও তাৰ কথাবোৰত সম্পূৰ্ণ মনোযোগ দিব পৰা নাই । কথাৰ সুৰুঙা পালেই তেওঁলৈ চাওঁ । বয়সনো কিমান হ'ব পাৰে , ৬০ মান । হয়তো তেনেকুৱাই । দৰিদ্ৰতাই সহজে আক্ৰমণ কৰা ষাঠিটা ফাগুন । "পাৰ্থ দা, মাজে মাজে দিগন্তই চিঞৰি উঠে , মৰমেৰে দাবিয়াই যেতিয়া তাৰ কথাবোৰৰ উত্তৰ যথাযথ ভাৱে নাপায় । বয়সত সৰু হলেও বহু ক্ষেত্ৰত অভিজ্ঞ সি " জানে পাৰ্থ দা, ইহঁতৰ বেছি ভাগে থগ প্ৰৱঞ্চক । টকা ঘটাৰ সহজ প্ৰক্ৰিয়া এয়া " । তাৰ কথাটো অস্বীকাৰ নকৰোঁ , বহুক্ষেত্ৰত শুনিছো এনে বহু ঘটনা । কৰ'বাত পঢ়িছিলো ভিক্ষা বৃত্তি পৃথিৱীৰ আটাইতকৈ জটিল আৰু কষ্টকৰ বৃত্তি । কিমান সংঘাতত এজন মানুহে টকা ঘটাৰ সহজ উপায় হিচাপে জটিল বৃত্তিক গ্ৰহণ কৰিব পাৰে ? কথাবোৰ পাকলগা, ৰহস্যময় । জানে পাৰ্থ দা " মই ভিক্ষাৰীক কেতিয়াও একটকাও নিদিওঁ , নিজেই এটা ভিক্ষাৰী অইনক কি দিম । হে..হে..হে..। কেতিয়াবা কাৰোবাৰ কিবা খুৱাই দিম কিন্তু টকা নিদিওঁ " দিগন্তৰ স্পষ্ট কথা । বুজিছোঁ এয়া তাৰ কোমল অন্তৰত গুজৰি গুমৰি থকা পুৰণি ক্ষোভ সমাজৰ ভ্ৰষ্ট্ৰতাৰ প্ৰতি আৰু হয়তো... ।
মানুহ গৰাকীলৈ আকৌ চালোঁ । চিৰপৰিচিত চৰিত্ৰৰ ব্যতিক্ৰম তেওঁ । তেওঁৰ আগৰে পৰা পাৰ হৈ যোৱা সকলোৰে পৰা তেওঁ অনুগ্ৰহ বিচৰা নাই । মোৰ কৌতুহলী মনটো উচপিচাই উঠিল । কোনবা তেওঁ

" পাৰ্থ দা , ২ টা বাজেই , বলক বলক , কিবা খাই যাওঁ আৰু " ঘড়ীলৈ চালো । দুটা বাজিবলৈ কিছু সময় বাকী । আঢ়ৈটা বজাত সচিবালয়ত শিক্ষামন্ত্ৰীক লগ কৰাৰ কৰা । অনিচ্ছা সত্ত্বেও তাৰ পিছে পিছে গৈ কাষৰ চাহ দোকান এখনত সোমালো । সি পৰঠা চাহ অৰ্ডাৰ দিলে । মানুহ গৰাকীৰ ভাগৰুৱা দেহটোৱে বাৰে বাৰে আমনি কৰি থাকিল । মানুহ হোৱাৰ গৌৰৱ তেওঁ অনুভৱ নকৰা মানুহ । কৰ্ণ কুহৰত বাজি গ'ল দিগন্তৰ কিছুসময় আগৰ কথা "কেতিয়াবা কাৰোবাক কিবা খুৱাই দিম.....
- তুমি অলপ ৰবা, মই আহি আছো
সি হয়তো মোৰ অস্থিৰতা বুজিছিল । সমৰ্থন জনাই ক'লে যাওঁক পাৰ্থ দা, সোনকালে আহিব । নহলে দেৰী হ'ব আমাৰ
সি হয়তো মোৰ অস্থিৰতা বুজিছিল । সমৰ্থন জনাই ক'লে যাওঁক পাৰ্থ দা, সোনকালে আহিব । নহলে দেৰী হ'ব আমাৰ
দোকানৰ পৰা ওলাই আহি তেওঁক বিচাৰিলো । তেওঁ আগৰ ঠাইতে আছে । ক্ৰমশঃ তেওঁৰ ওচৰ চাপি গলো, বুকুৰ ধপধপ বাঢ়ি গৈছে ক্ৰমশঃ । তেওঁ মোৰ প্ৰস্তাৱ পুতৌ বুলি নাভাৱেতো, পুতৌ মোৰ আটাইতকৈ ঘৃণনীয় শব্দ ।
: আইতা - মাত লগালো তেওঁক । ক্ষীণ দুৰ্বল হলেও স্পষ্ট কণ্ঠস্বৰ তেওঁৰ । কিবা এটা দিয়া বোপা ।
কিবা এটা দিম ভাৱি তেওঁৰ ওচৰ চপা নাছিলো , তেওঁৰ জনাৰ আগ্ৰহটো লাহে লাহে তীব্ৰ হৈ পৰিছিল ।
কিবা এটা দিম ভাৱি তেওঁৰ ওচৰ চপা নাছিলো , তেওঁৰ জনাৰ আগ্ৰহটো লাহে লাহে তীব্ৰ হৈ পৰিছিল ।
: কিবা এটা খাই ল'ব বলক আইতা
: নাই , নাই । নাল্গে । প্ৰতিবাদ কৰি উঠিল তেওঁ । হয়টো এনে অনুৰোধ তেওঁৰ বাবে অপৰিচিত ।
: একো নহয় , বলক । তেওঁৰ স্বাভিমানত আঘাত হোৱাৰ ভয় এটা আছে । সৰল ভাৱেই পুনৰ অনুৰোধ কৰিলো তেওঁক ।
তেওঁ ব্ৰাহ্মণ বিধৱা , গতিকে যতে ততে নাখায় । তাতেই কিবা দিবলৈ তেওঁ অনুৰোধ জনালে ।
তেওঁক আকৌ জোৰ কৰাৰ সাহস নোহোৱা হ'ল । হয়তো তেওঁ এয়া বুজিছিল " তাত থকা বামুনৰ দোকানখনতে খাওঁ মই । বেলেগত নাখাওঁ । মৰহিবলৈ ধৰা আশাত সাৱটি কলো তেওঁক বলক আইতা , তাতেই কিবা এটা খাই লম ।

দৈৱক্ৰমে আমি আৰম্ভণিত যোৱা দোকানখনে তেওঁৰ ব্ৰাহ্মণৰ দোকান । ইতিমধ্যে দিগন্তৰ ভাগৰ পৰঠা প্ৰায় শেষ হৈছিল । আইতা জনীক সি বহিব দিলে ।
- কি খাব আইতা
- চাহ
- আৰু
- নাই নাই অকল চাহেই খাম
- চাহ
- আৰু
- নাই নাই অকল চাহেই খাম
তেওঁৰ বাবেই চাহ মিঠাই অৰ্ডাৰ দিলোঁ ।
তেওঁ পৰিস্থিতিৰ সৈতে সহজ হ'ব পৰা নাই । হাতত কোনোবাই গুজি দিয়া টকা কেইটাৰে দোকানৰ এচুকত কিবা খোৱাৰ অভ্যাস । বিচিত্ৰ মানুহ , বিভিন্ন চৰিত্ৰ । আচৰিত
- আইতাৰ ঘৰ ক'ত । মনত বাস সজা জিজ্ঞাসু মনটো মেলি ললো তেওঁৰ আগত । তেওঁ হয়তো লাহে লাহে সহজ হৈছিল , হয়তো "আইতা"ই ওচৰ চপোৱাইছিল , যেনেদৰে আমাক "বোপা"ই।
- নুনমাটিত । চৰ্কাৰী মাটিতে কুনুমতে আছো বাপা
- আইতাৰ ঘৰত কোন কোন আছে ? মই তেওঁক কথা সোধা মুহূর্তত উশাহবোৰ ৰুদ্ধ হৈ পৰে । যদি তেওঁ অন্তৰত আঘাত পায় । কি সংঘাত জীৱনৰ । হয়তো একে অনুভৱ দিগন্তৰো হৈছিল । পৰঠা খোৱা দুহাত তাৰ লেহেমীয়া হৈ পৰিছিল । তেওঁৰ বিষয়ে জনাৰ আগ্ৰহ জাগিছে তাৰো ।
- মই আৰু সৰু আপিতো । তাই সূতা কাটে । এটা ডাঙৰ ল'ৰা আছিল , তুমালাক মান কানসমেনা হৈ মাৰা গেছি বাপা ।
পুত্ৰশোক পৃথিৱীৰ আটাইতকৈ ডাঙৰ শোক । অথচ তেওঁৰ মাতটো এবাৰলৈও নকঁপিল । কিমান সংঘাতে বাৰু আৱেগৰ কোঠাত তলা ওলোমাব পাৰে । উফ , কি নিষ্ঠুৰ সময় । জীৱনৰ যন্ত্ৰণাত সকলো শোকেই যেন নগন্য ।
- আৰু আপোনাৰ মানুহজন ? ল'ৰাটো কেনেকৈ ঢুকাল ?
- মানহুটোই যযমানী কচ্ছিল । কেঞ্চাৰ হৈ মাৰা গেচি । তাৰে ফিৰ বচৰা ল'ৰাটো মৰিল ।
- আপুনি এদিনত এনেকৈ কিমান টকা পায় ?
- একদিনত ১০০-১৫০ মান পাওঁ । সদায় নাহু বাপা । লাজো লাগে । সপ্তাহত দুটামান দিন হে আহো । গাড়ীত ভাৰা দিবাও কেথানপা পইচা নহা হয় , কিচুনমানে নলায়, আৰু কিচুনমানে নামে দেই ।
শেষৰ পিনে তেওঁৰ মাতটো থোকাথুকি হৈ আহিল । আসঃ এয়াও জীৱন ।
তেওঁ কৈ গ'ল তেওঁৰ বিষয়ে কিছু কথা । তেওঁৰ পৰিয়ালৰ কথা । মানুহ চিনিছে তেওঁ , অথচ তেওঁক কোনেও নিচিনে । যাৰ বাবে তেওঁৰ ডাঙৰ ছোৱালীৰ দ্বাৰাও অৱহেলিত তেওঁ । তথাপি তেওঁৰ আক্ষেপ নাই , জীয়াই আছে , জীৱনৰ এয়াই আশীৰ্বাদ ।
পুনঃ ভিক্ষাৰী হোৱাৰ আগেয়ে তেওঁ এজন মানুহ । মোৰ দৰে, আপোনাৰ দৰে । কেতিয়াবা গনেশগুৰি মেগামাৰ্টৰ সম্মুখৰ পদপথৰে গলে এবাৰ চাৱচোন, আপোনাক দেখি শীৰ্ণ দুহাতেৰে লাজ লাজ কৈ হাত পতাজন হয়তো #ৰহিলা_দেৱীহ'ব পাৰে ।
লিখকৰ নিজস্ব: ১৫ মিনিট সময় যথেষ্ট কম আমাৰ সুদীৰ্ঘ জীৱনৰ তুলনাত । অথচ এই ১৫ মিনিটে সাঁচ বহুৱালে জীৱনত । শিকালে দুখক জয় কৰাৰ কৌশল ।
0 comments :
Post a Comment