ক'ৰ পৰা আৰম্ভ কৰিম
লৰালিৰ এনে কিমান সময়
ঢিলা হোৱা ইলাষ্টিকৰ খুলি পৰো পৰো
হাফপেন্টটো টানকৈ মুঠি মাৰি লৰ দিছিলো পদুলিলৈ
হাতী আহিছে .....হাতী
মহাজন দেউতাৰ প্ৰতিপত্তিৰ হাতী
আমি ৰ লাগি চাইছিলো
আয়ে সীয়াই দিয়া উৱলা গেঞ্জীত লাগি ৰৈছিল কেঁচা শেঙুন
আশ্চৰ্যৰ চন্দ্ৰমাত থুপ খাইছিল
ঢুকি পোৱা অলেখ চিন্তা
-- ডাঙৰ হ'লে মহাজন দেউতাৰ দৰে হ'ম .....
.
জুহালৰ পিৰালিত আইক সঘনাই সুধিছিলো
-আই ক'ত পাই কিনিব হাতী ?
আই হয়তো জানিছিল
হয়তো নাজানিছিল
ধোঁৱাই পোৰা ৰঙা চকুৰে পোন্দোৱাই চাইছিল
ঠিক তেতিয়াই কঁপি উঠিছিল কাষৰ হাবিখন
.
এই যে মহাজন দেউতা হোৱাৰ সপোন
লৰালিত ঘূৰি ফুৰিছিল বহী কিতাপে
মাটিৰ হাতী বনাই ওমলিছিলো
টাকুৰিৰ সূতাৰে বান্ধি ৰাখিছিলো মহাজন দেউতাৰ হাতী
.
মাটিৰ হাতীয়ে টাকুৰিৰ সূতা চিঙিব নোৱাৰে
মহাজন দেউতাৰ হাতীয়েও নোৱাৰে চিঙিব বন্ধা শিকলি
অথচ বগৰাব পাৰে একোডাল প্ৰকাণ্ড গছ
গচকি মিহলাব পাৰে সুখ কিম্বা অহংকাৰ
.
মই মহাজন দেউতা হ'ব নোৱাৰিলোঁ _দুখ নাই
দুখ - মই যে সেই হাতীটো হ'লো ।
.
.
✍�পাৰ্থ
লৰালিৰ এনে কিমান সময়
ঢিলা হোৱা ইলাষ্টিকৰ খুলি পৰো পৰো
হাফপেন্টটো টানকৈ মুঠি মাৰি লৰ দিছিলো পদুলিলৈ
হাতী আহিছে .....হাতী
মহাজন দেউতাৰ প্ৰতিপত্তিৰ হাতী
আমি ৰ লাগি চাইছিলো
আয়ে সীয়াই দিয়া উৱলা গেঞ্জীত লাগি ৰৈছিল কেঁচা শেঙুন
আশ্চৰ্যৰ চন্দ্ৰমাত থুপ খাইছিল
ঢুকি পোৱা অলেখ চিন্তা
-- ডাঙৰ হ'লে মহাজন দেউতাৰ দৰে হ'ম .....
.
জুহালৰ পিৰালিত আইক সঘনাই সুধিছিলো
-আই ক'ত পাই কিনিব হাতী ?
আই হয়তো জানিছিল
হয়তো নাজানিছিল
ধোঁৱাই পোৰা ৰঙা চকুৰে পোন্দোৱাই চাইছিল
ঠিক তেতিয়াই কঁপি উঠিছিল কাষৰ হাবিখন
.
এই যে মহাজন দেউতা হোৱাৰ সপোন
লৰালিত ঘূৰি ফুৰিছিল বহী কিতাপে
মাটিৰ হাতী বনাই ওমলিছিলো
টাকুৰিৰ সূতাৰে বান্ধি ৰাখিছিলো মহাজন দেউতাৰ হাতী
.
মাটিৰ হাতীয়ে টাকুৰিৰ সূতা চিঙিব নোৱাৰে
মহাজন দেউতাৰ হাতীয়েও নোৱাৰে চিঙিব বন্ধা শিকলি
অথচ বগৰাব পাৰে একোডাল প্ৰকাণ্ড গছ
গচকি মিহলাব পাৰে সুখ কিম্বা অহংকাৰ
.
মই মহাজন দেউতা হ'ব নোৱাৰিলোঁ _দুখ নাই
দুখ - মই যে সেই হাতীটো হ'লো ।
.
.
✍�পাৰ্থ
0 comments :
Post a Comment