পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » জিনম

জিনম

Written By www.parthapratim.in on Monday, 28 November 2016 | 17:19

Courtesy: Internet

জীৱনৰো সীমা আছে
এক নিজস্ব পৰিধি ।
.
.
এই সীমাৰে কৰবাত আছে আজোককাৰ হাড়
সৰ্পিলকাৰ চিৰি বগাই বগাই
দেউতাৰ বুকুলৈ এদিন বাট কাটিছিল
তাৰ পৰা মোলৈ ...
.
.
এনেকৈয়ে জীৱন গৈ থাকে
মেৰিয়াই ধৰে লতাৰ দৰে
প্ৰাচীনতকৈ প্ৰাচীন নৈৰ দাঁতিত জীৱন ওলমি পৰে
ঠিক বিজুলী খুটাৰ বাদুলীৰ দৰেই ।
.
.
উৱলি যোৱা কাপোৰৰ দৰেই পুৰণি হয় জীৱন
সলনি হয় দিন
প্ৰত্যাশাৰ পদাংকত খোজ লয় ডি এন এ
জিনৰ শেষ ক'ত ?
.
.
.
✍ পাৰ্থ
SHARE

About www.parthapratim.in

0 comments :

Post a Comment