পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » অহেতুক

অহেতুক

Written By www.parthapratim.in on Saturday, 26 November 2016 | 17:15

Image Courtesy: Internet


ঋণস্বীকাৰ: চন্দ্ৰামিতা পৰাশৰ
---------------------------------------
.
কেইটামান শব্দৰ উচ্চাৰণত আমৰ ঠাৰিৰ জুই কঁপিছিল
কঁপিছিল সূৰ্য্যৰ প্ৰথম স্পৰ্শ
কঁপালৰ তেজ ৰঙা ফোঁট
.
লঘোনৰ ভোক কাটি কৰি
শুই পৰিছিল চৌবিশটা বসন্তৰ লাজ
থৰথৰে কঁপিছিল সময়
ঘামিছিল দিনান্তৰ সমস্ত ভাগৰ
.
চুই দিলেই যেন গলি যাম
গলিছিলো...
কুচি মুচি বুকুৰ মাজত
সপোন ৰচিছিলো...
তাৰ পিছত ....
তাৰপিছতেই মৃত্যু হ'ল
এতিয়া যি আছে এয়া হুমুনিয়াহ
ৰ'দত পুৰি ক'লা হোৱা আত্মা
শুকুৱাই গুৰি কৰিছো , বৰষুণত তিয়াইছো
পুনৰ শুকাইছো ৰ'দত
সঁচা কথা
নাৰীবোৰ পুৰুষৰ হাজিৰা বহী
মন গলেই ৰঙা চিঁয়াহীৰ আকঁবাক
সমাজ স্বীকৃত
পৰাম্পৰাগত
চুটি চিন্তাৰ দুইআঠুৰ বক্ৰভাজ
.
সমাজে জানিও নাজানে
ঋতুকালৰ নষ্ট তেজত উটি যায় বৌদ্ধৰ আচল ৰহস্য
বুকুৰ সোঁমাজত সভ্যতাৰ নিৰ্মম হলাহল
.
নতুনকৈ কি ক'ম
নাৰী নহয়
মানুহ হৈ জী থাকিবলৈ মন ।
.
.
✍�পাৰ্থ
SHARE

About www.parthapratim.in

0 comments :

Post a Comment