![]() |
Image Courtesy: Internet |
তোৰ মোৰ সপোন
টোপনিত লালকাল
উদাসী ওঁঠৰ আৰে আৰে
জীৱনৰ বোবা অনুৰাগ ।
.
সোনজনী মোৰ
এবাতি আপং দিয়া
সন্ধিয়াৰ এচলু মৰম
তোৰ এটি উশাহ
খেপিয়াই ফুৰো বিচাৰি
মেঘবন ঘন ছায়া
ক'ত তই, ক'ত তই
এন্ধাৰত একো নেদেখি
.
জানো
ভুল মোৰ হ'ল
আপঙৰ নিছাত হ'ল আৰু কতনা দোষ
তথাপিও কাবৌ কৰিছো হাতযোৰ কৰি
খং এৰা, অভিমান পৰিহাৰ কৰা
জনা আৰু নজনাৰ
বুজা আৰু নুবুজাৰ
অযুত এই বেদনা
দেখা নাই তুমি ?
দেখা নাই তুমি ?
.
ৰঙ তুলিকাৰে কতবাৰ আঁকিলো সপোন
তোৰ বুকুৰ স্পন্দনত জীয়াই থকাৰ
কি আছে তাত !
থুনুক থানাক দুটা মাত ।
চোৱা,
স্মৃতিয়ে কৰে প্ৰতাৰণা
পাহী মেলি তেজপিয়া ।
.
তোৰ মোৰ সপোন
টোপনিত লালকাল
সোনজনী মোৰ..
দিয়ানা জগাই
দিওঁনে জগাই ?
.
✍পাৰ্থ
0 comments :
Post a Comment