পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » এজন ব্যৰ্থ প্ৰেমিকৰ হৃদয়ৰ ক্ৰন্দন

এজন ব্যৰ্থ প্ৰেমিকৰ হৃদয়ৰ ক্ৰন্দন

Written By www.parthapratim.in on Tuesday, 29 November 2016 | 17:00


যিমানেই দলিয়াই দিওঁ আতঁৰলৈ
মোৰ ব্যৰ্থ প্ৰেম
সিমানেই গাত লাগি ধৰে
প্ৰেমৰ সেউজীয়া চোলা ।
পাহৰিব খুজিও পাহৰিব পৰা নাই
সেই চঞ্চল দুভৰি । বাইকৰ চকাৰ দৰে
দুৰন্ত গতিত অহা যোৱা
মোৰ মনৰ ভিতৰত ।
পাহৰিব খুজিও পাহৰিব পৰা নাই
আজি আকৌ দেখিছো তাইক
ঢৌ খেলা চুলিৰে মিছিকীয়া হাঁহি
দুহাতত জেতুকাৰ সেন্দুৰীয়া বোল ।
মই পাহৰিব খুজিও পাহৰিব পৰা নাই
দীঘল মেঘালী চুলিৰ স্পৰ্শ
পাহৰিব পৰা নাই ওঁঠৰ হাঁহি
হাতৰ লাহি পৰশ ।
মোৰ মনৰ ডায়েৰীৰ পৰা ফালি পেলাব পৰা নাই সেই পৃষ্ঠা
যত লিখা আছে তাইৰ নাম
অকাঁ আছে মুখৰ ছবি
নিবীৰ মুহূৰ্তৰ কথা আৰু বহুতো ।
পূৰ্ণিমাৰ নিশা সপোন দেখো মই
মোৰ দুহাতত বন্দী
তাইৰ কোমল দেহ
দুচকু মুদ খাই পৰম আবেগত ।
মই পাহৰিব পৰা নাই সেই ৰূপালী মুখ
যাঃ বুলি ঠেলা মৰা খিলখিল হাঁহি
হৃদয় ধৰফৰাই উঠে
বিচ্ছেদৰ অজান বেদনাত ।
মই তাইক পাহৰিব পৰা নাই । হয়তো নোৱাৰিম
তাইক মনত ৰাখিয়েই আগুৱাই যাম
জীৱনৰ দীঘলীয়া যাত্ৰা ।

পাৰ্থ প্ৰতিম কলিতা
ভ্ৰাম্যভাষ : ৯৮৫৯০৮৩৬৩৮
SHARE

About www.parthapratim.in

0 comments :

Post a Comment