পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » অসূৰ্যস্পৰ্শা কাহিনী

অসূৰ্যস্পৰ্শা কাহিনী

Written By www.parthapratim.in on Saturday, 26 November 2016 | 17:15

Image Courtesy: Internet

সেইদিনা আকাশখনৰ গোমা ৰূপ দেখি
পিতাই সোনকালেই আহিছিল 
আই কুঁচি মুচি পিতাইৰ বুকুত সোমাইছিল
নিলাজ হৈ খিৰিকীৰ গাত লাগিছিল
বৰষুণৰ চিটিকনি
.
সেইদিনাও বৰষুণ হৈছিল
পিতাই সোনকালেই আহিছিল
নিলাজ বোৰ লাজ হৈছিল সিদিনা
লাজবোৰ ভাল লগা
হাঁহিটো ভগাই লৈছিল আয়ে পিতাইৰ লগত
.
তাৰ পিছৰ পৰা
সূৰ্যৰ প্ৰথমটো পোহৰ পৰিছিল আমাৰ পদুলিত
ফাগুনৰ গোটেইবোৰ ফুল ফুলিছিল আইৰ উদৰত
মই নেদেখিলেও দেখিছিলো
শুনা নুশুনাকৈ শুনিছিলো সলাজ হাঁহিৰ চিম্ফনী
মোৰ বাবে ৰচা হেজাৰ সপোন
.
মই লাহে লাহে অনুভৱ কৰিছিলো মোৰ সৰু উশাহ
জৰায়ুৰ বিচনাত মেলি দিছিলো
মোৰ সৰু হাত সৰু ভৰি
মাজৰাতিও সাৰ পাই পিতাই শুনিছিল
মোৰ বুকুৰ স্পন্দন
বুজিছিলো...
মোৰ আই সাগৰতকৈও বহল
পিতাই আকাশতকৈও ওখ
.
মনৰ ভ্ৰম নে অবিশ্বাস ?
নাজানো...
মকৰাজালত ওলমি ৰৈছিল ন টা চন্দ্ৰ মাহ
ক্ৰমশঃ কমি আহিছিল মোৰ বুকুৰ কম্পনাংক
স্তব্ধ হৈছিল মোৰ উশাহ
.
পুনঃ সংযোজন :
মহাশয়, মোৰ আইক লগ পালে সুধিবচোন
কিয় নাপালো সূৰ্যৰ পৰশ
পিতাইক লগ পালে সুধিব
মোৰ কি দোষ
ছোৱালী হৈ ওপজাৰ !!
.
.
✍�পাৰ্থ
SHARE

About www.parthapratim.in

0 comments :

Post a Comment