![]() |
Courtesy: Internet |
আঙুলি মুৰত লেখি লেখি
আকাশত তৰা জ্বলে
দ্বীপকাঠী জ্বলে হৃদয়ত
এন্ধাৰ আলিংগনত আগ্নেয় উত্তাপ
সপোনৰ দাম নাই ।
.
.
আকাশত তৰা জ্বলে
দ্বীপকাঠী জ্বলে হৃদয়ত
এন্ধাৰ আলিংগনত আগ্নেয় উত্তাপ
সপোনৰ দাম নাই ।
.
.
কৰবাত মমবাতি জ্বলে
হেৰুওৱা পোহৰৰ অন্বেষণত
কৰবাত মমবাতি জ্বলে
পোহৰৰ লাখ লাখ যোজন দুৰত
পোহৰৰ দাম নাই ।
.
.
যদি পাৰি জ্বলাই দিওঁ আহা পুৰণি দিনবোৰ
বনপোৰা ছাই কনিকাবোৰ
ফু মাৰি দিম উৰুৱাই
নিদ্ৰাবিহীন যন্ত্রণা জাগৰণ
জীৱনৰ দাম নাই ।
.
.
হাওলি পৰা আকাশৰ জোঙাল টোপাল বোৰে
হৃদয়ত আঘাত কৰে
এবাতি আপাং দিয়া মাতাল হ'ব পৰাকৈ
বজাৰত আজি জোনৰ নিলাম
প্ৰেমৰ দাম নাই ।
.
.
বন্ধ্যা সময়ৰ বুকুত কেনেকৈ খোজ দিওঁ
অজীৰ্ণ ধূলিৰ বাট
উল্কাৰ পোহৰত আগুৱাই আহে
মৃতকৰ দীঘল শাৰী
মানুহৰ দাম নাই ।
.
.
হেৰুওৱা পোহৰৰ অন্বেষণত
কৰবাত মমবাতি জ্বলে
পোহৰৰ লাখ লাখ যোজন দুৰত
পোহৰৰ দাম নাই ।
.
.
যদি পাৰি জ্বলাই দিওঁ আহা পুৰণি দিনবোৰ
বনপোৰা ছাই কনিকাবোৰ
ফু মাৰি দিম উৰুৱাই
নিদ্ৰাবিহীন যন্ত্রণা জাগৰণ
জীৱনৰ দাম নাই ।
.
.
হাওলি পৰা আকাশৰ জোঙাল টোপাল বোৰে
হৃদয়ত আঘাত কৰে
এবাতি আপাং দিয়া মাতাল হ'ব পৰাকৈ
বজাৰত আজি জোনৰ নিলাম
প্ৰেমৰ দাম নাই ।
.
.
বন্ধ্যা সময়ৰ বুকুত কেনেকৈ খোজ দিওঁ
অজীৰ্ণ ধূলিৰ বাট
উল্কাৰ পোহৰত আগুৱাই আহে
মৃতকৰ দীঘল শাৰী
মানুহৰ দাম নাই ।
.
.
✍পাৰ্থ
0 comments :
Post a Comment