![]() |
Image Courtesy: Internet |
ফটা জালৰে মাছ মাৰি আছিল তাই
সেউজীয়া নৈ এখনত
মই দেখিছিলো
তাই হাঁহিছিল
সেয়াই আৰম্ভণি ।
.
.
তাৰপিছত বৰষুণ দিলেই দুয়ো তিতিছিলো
ৰাতিবোৰ শুই পৰিছিল মোৰ শেতেলীত
গোপনে গোপনে ।
.
.
আশাবোৰ আছিল আকাশৰ দৰেই
হাঁহিবোৰ সেউজীয়া....
বিশ্বাসৰ ৰঙা গোলাপ ওঁঠত আঁকি
সুধিছিলো... তুমি সুখীনে?
.
.
মই কেতিয়াও বিচৰা নাছিলোঁ আঁকিব বিচ্ছেদৰ ছবি
অথচ আজি অকলেই তিতিছো
ভালপোৱাৰ শেষ বৰষুণত
তোমাক বিচাৰি লুটিয়াই গৈছো ডায়েৰীৰ পৃষ্ঠা...
". . মই বিচাৰো তেওঁ মোক গালি পাৰক
- মাৰক, সন্দেহ কৰক
-কোনোবা ল'ৰাৰ সতে দেখিলে সোধক কোন তেওঁ
-কোনোবাই মোক চালে আজুৰি আনক তেওঁৰ চকু
-কিন্তু, তেওঁ প্ৰেক্টিকেল, বহুত প্ৰেক্টিকেল ।"
.
.
মই জানো
জানা....
মই তোমাক ভালপাওঁ
এখন হৃদয়ৰে যিমান পাব পাৰি
বছ, সিমানখিনিয়েই..
তাতোকৈ যে অলপো বেছি নহয় ।
.
.
তুমিতো জানাই
তোমাক ঠেহ পাতি মুখফুলাই থকাটো মোৰ পুৰণি বেমাৰ
ভাৱিছিলো..
কঢ়িয়াই লৈ ফুৰা ইগ'ৰ চাদৰখন দলিয়াই ফোন কৰিবা
এটি সৰু মেছেজ.. কি কৰিছা ?
অভিমানৰ নৈত সাতুৰি মই কম
আছোঁ দিয়া তুমিহীনতাৰে..
তাৰপিছত....
.
.
তুমিয়েই দেখোন মাতি আনা বিচ্ছেদৰ গান
শেষৰাতিৰ টোপনিৰ দৰেই খপজপাই উঠি বহা
অলপমান শুবলৈ চেষ্টা কৰাচোন...
মই এটা নিচুকনি গীত গাম
কপালত হাত বুলাই ।
.
.
হয়টো তুমিও একেই ভাৱিছা
মই এদিন উভতি আহিম
ভালপোৱা ৰঙৰ এযোৰ কাণফুলি
আৰু এথোপা ৰঙা গোলাপ ...
.
.
বাহী ফুলটো পূজাত নালাগে
থাকক দিয়া
ফুলশয্যাৰ নিশা সজাবলৈ
মধুচন্দ্ৰিকাৰ ৰাতি...
সুবাসবোৰ ঠিক এনেকুৱাই ।
.
.
শেষত,
এতিয়া আকৌ বুকুত মুখ গুজি নাকান্দিবা
পাৰ ভাঙি আহিব পুনৰাই মৰমৰ স্ৰোত
হৃদয়ৰ গৰ্ভত যে আজিও সেউজীয়া
প্ৰেমৰ প্ৰগলভ কবিতা ।
.
.
.
✍,পাৰ্থ
0 comments :
Post a Comment