মুখত অন্ধাৰ হ'লেও গুজিব লাগিব জোনাক
মদিৰাৰ গিলাচত ঢালিব লাগিব কবিতাৰ টোপাল
এনে কোনো চৰ্ত নাই যে তেওঁৰ হাত মসৃণ হ'বই লাগিব
কুমলীয়া আমপাতৰ দৰেই হ'ব স্তন
মাথো মোৰ নিদ্ৰাবিহীন বিভৱৰী
**************
এনে কোনো চৰ্ত নাই যে তেওঁৰ হাত মসৃণ হ'বই লাগিব
কুমলীয়া আমপাতৰ দৰেই হ'ব স্তন
মাথো মোৰ নিদ্ৰাবিহীন বিভৱৰী
**************
প্ৰথম দিনা থৰথৰে কঁপিছিলো
অপৰিচিত পত্নীৰ প্ৰথম নিশাৰ দৰেই
নতুনকৈ অন্তৰ্বাস পিন্ধা কিশোৰীৰ দৰেই লাজত ৰঙা হৈছিলো
ব্লাউজৰ প্ৰতিটো হুকত স্তব্ধ হৈছিল দুহাত
অপৰিচিত পত্নীৰ প্ৰথম নিশাৰ দৰেই
নতুনকৈ অন্তৰ্বাস পিন্ধা কিশোৰীৰ দৰেই লাজত ৰঙা হৈছিলো
ব্লাউজৰ প্ৰতিটো হুকত স্তব্ধ হৈছিল দুহাত
অথচ এই হাততে লাগি আছে হস্তমৈথুনৰ কৈশোৰ
নিশাৰ নিৰ্জন অৰণ্য
নিশাৰ নিৰ্জন অৰণ্য
মই এতিয়াও অস্থিৰ
হিংস্ৰ বনৰীয়া হাতীৰ দৰেই
থৰথৰে কঁপে কলিজা , ছিগে শিৰা-উপশিৰা পায়চাৰী কৰে শৰীৰৰ প্ৰতিটোপাল তেজ
হিংস্ৰ বনৰীয়া হাতীৰ দৰেই
থৰথৰে কঁপে কলিজা , ছিগে শিৰা-উপশিৰা পায়চাৰী কৰে শৰীৰৰ প্ৰতিটোপাল তেজ
শিতানত প্ৰাচীন শিল
তাতে মুৰ থৈ শিল হওঁ
উশাহত লওঁ এন্ধাৰ
অনুভৱ কৰো ভগ্নাৱশেষৰ কেৰমেৰ শব্দ
তাতে মুৰ থৈ শিল হওঁ
উশাহত লওঁ এন্ধাৰ
অনুভৱ কৰো ভগ্নাৱশেষৰ কেৰমেৰ শব্দ
কথা নাছিল নিৰ্জনতাই উপহাৰ দিয়া চকমকীয়া সূৰ্য
অথচ তাৰ বুকুতেই লিখিছো ক্ষুধাতুৰ দিনলিপি
হাত পাতি চক্ৰেটিচ দুহাত
পিয়াহত নীলা নীলা বিষ
অথচ তাৰ বুকুতেই লিখিছো ক্ষুধাতুৰ দিনলিপি
হাত পাতি চক্ৰেটিচ দুহাত
পিয়াহত নীলা নীলা বিষ
ঠিক মই যেন এইমাত্ৰ ওপজিছো
জৰায়ুৰ বাট বিচাৰি উন্মাদ হৈছো
শূন্যতাৰ সুৰংগত লুকুৱাই ৰাখিছো
ক্লীৱাত্বৰ মন, স্তব্ধ উন্মাদ চেতনা
জৰায়ুৰ বাট বিচাৰি উন্মাদ হৈছো
শূন্যতাৰ সুৰংগত লুকুৱাই ৰাখিছো
ক্লীৱাত্বৰ মন, স্তব্ধ উন্মাদ চেতনা
এই যে শূন্যতা , তাৰ ভড়ালত শ শ নিগনি
কুটি কুটি খায় মোৰ সমস্ত
আৰু ইগলৰ চোকা দাতৰ দৰে ধাৰ কৰে মোক
এন্ধাৰৰ মাজত মিছা পোহৰৰ অন্বেষণত
মই মেন প্ৰষ্টিটিউট ।
কুটি কুটি খায় মোৰ সমস্ত
আৰু ইগলৰ চোকা দাতৰ দৰে ধাৰ কৰে মোক
এন্ধাৰৰ মাজত মিছা পোহৰৰ অন্বেষণত
মই মেন প্ৰষ্টিটিউট ।
©পাৰ্থ
0 comments :
Post a Comment