পাৰ্থ প্ৰতিম
ভিৰৰ মাজত
চিনাকি হোৱাৰ মন.
Home » » মোৰ পত্নীৰ নাম বেশ্যা

মোৰ পত্নীৰ নাম বেশ্যা

Written By www.parthapratim.in on Saturday, 26 November 2016 | 17:15

Image Courtesy: Internet

বহুদিনৰ মৌনতা ভাঙি ওলাই আহে দুখবোৰ
বেশ্যাৰ বুকুত মুখ গুজি কান্দো হাহো
তাই মোৰ পত্নী
*
যাৰ হাতৰ তলুৱাৰ ৰেখাচিহ্নত আছে শতিকাৰ হেজাৰ ঘাঁ
তথাপিও নিৰ্ভয়ে উৰুৱাব পাৰে বিদ্ৰোহৰ পতাকা , ওঁঠত গুজি দিব পাৰে বিক্ষোপৰ জুই
*
মই চুই চাইছো
মোৰ পত্নীৰ ওঁঠত বাস কৰা প্ৰতিটো সেউজ আৱহ সংগীত
অনুভৱ কৰিছো উশাহত উদ্বেষিত প্ৰতিটো সুতীব্ৰ চেতনা
যত মই নিজকে হেৰুৱাইছো
*
মই পত্নীৰ ছাঁত জীৰাইছো, আৱিষ্কাৰ কৰিছো সৃষ্টিৰ ন বাট
হৃদয় শাঁত পেলোৱা , জীৱন সুন্দৰ, মাটি মানুহ আৰু সেউজ ঘাট
*
মোৰ পত্নী ধৰ্ষিতা হয় প্ৰতিদিন
জাতিৰ নামত , ধৰ্মৰ নামত , হিংসাৰ জুইত পত্নীৰ স্তন
সেয়ে মই পাৰ হৈ আহিছো উচ্চ-নীচ, জাতি-ভেদ, বৰ্ণ বৈশম্যৰ বাট গচকি ভাঙি
*
প্ৰতিটো বৈধ সংবিধান মোৰ পত্নীয়েই লিখে , সেইবাবেই মোৰ পত্নী অবৈধ
গুজি দিয়ে পত্নীৰ চুলি আৰু অসমতল বুকুত নষ্ট নাম
*
মোৰ পত্নীৰ দৰে এদিন দ্ৰোপদীকো বেশ্যা সজোৱা হৈছিল, ঢাকি দিয়া হৈছিল সূৰ্য
কৃষ্ণৰ অন্তেষপুৰীত ৰাধাইও পিন্ধিছিল ফুটা অন্তৰ্বাস
*
মোৰ পত্নী বেশ্যা , তাইৰ প্ৰতিটো বিশৃংখল মোৰ প্ৰিয়
মই জানো,
বেশ্যা মানেই নিষিদ্ধ সপোন , নিষিদ্ধ মানেই বিপ্লৱ আৰু বিপ্লৱ মানেই মোৰ পত্নী
*
মোৰ পত্নীৰ নাম বেশ্যা
..
.
.
✍পাৰ্থ
SHARE

About www.parthapratim.in

0 comments :

Post a Comment