মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পিছৰ ঘটনা । বন্ধু সহিতে আমি আটায়ে হাইস্কুলৰ দেওনা পাৰ হ'লো । বন্ধুৰ আশা কৰা মতেই ৰিজাল্ট , আশা কৰাতকৈ দুই তিনি নম্বৰ বেছিহে পাইছে , গতিকে বন্ধুৰ দিল গাৰডেন গাৰডেন । হেনসময়তে খবৰ আহিল এয়াৰচেলী অনুৰাগীয়ে দুদিন ৰাতি ভাত খোৱা নাই । কাৰণ হেনো মেট্ৰিকৰ ৰিজাল্ট । মাকে গালি দি আছে আশাহত হোৱা বাবে । আটাইতকৈ ডাঙৰ কথা এয়াৰচেল অনুৰাগীয়ে এইকেইদিন "মন যায়" ষ্টাইল দিবও অহা নাই । সন্ধিয়া বন্ধুৰ দুখৰ সমভাগী হ'বলৈ চকুচৰহা, বন্ধু সহিতে আটায়ে পেডেল মৰা ষ্টাৰ্ট কৰিলো । পালত যি আছে সেয়াই হ'ব কৈ বন্ধু মাতাই চাহ পানী দিলে । এয়াৰচেলী অনুৰাগীয়ে বন্ধুবৃন্দৰ উপস্থিতিত দুখবোৰ ৰুমালৰ কোণত ৰাখি পকেটত সোমাই থলে । বন্ধুই তিনি নম্বৰৰ বাবে ষ্টেণ্ড নকৰিলে, বন্ধু পিতাই দুখ কৰিলে । ষ্টেণ্ড কৰিলে কম ডাঙৰ কথানে । অনুৰাগীৰ জহতে আমিও এবাৰ টিভিত উঠিব পাৰিলো হয় । বন্ধুপিতাই এজন এজনকৈ আটায়ৰে ৰিজাল্ট সুধিলে । প্ৰথম বিভাগ , দ্বিতীয় বিভাগ , চিক্সটি চেভেন পাৰচেন্ট, ফিফটি এইট আটায়ে নিজৰ ৰিজাল্ট ক'লে । "তোমাৰ কেনে ৰিজাল্ট " এইবাৰ বন্ধুৰ পাল । বন্ধু আগৰ পৰায়ে তীখৰ । নম্ৰভাৱে থিয় হ'ল আৰু নম্ৰ ভাৱে ক'লে " ষ্টেণ্ডে কৰিলো হয় , অলপ নম্বৰহে কম পাইছো ।" কিমান কম পাইছা ?- পাঁচমান ।" নহয় নহয় তাতকৈ অলপ মান বেছি । কিমান বেছি _ দহ মান নেকি? নহয় , দুশ উনপঞ্চাশ । বন্ধু পিতাই কি ভাৱিছিল সেয়া জানিব পৰা নগ'ল ।
✍�পাৰ্থ
0 comments :
Post a Comment