আগকথা
--------------
প্ৰায় ১৯৯০ চনৰ আগৰ কথা। অসমৰ চৰকাৰী বিদ্যালয়
সমূহত ভূগোল বিষয়টো বাধ্যতামূলক আছিল। ভূগোলৰ পাঠ্যপুঠিত এক বিশেষ পাঠত অসমৰ সাতটা বিলৰ নাম আছিল। এই সাতবিলৰ নামৰ ভিতৰত দৰাবিলৰ
নামো আছিল অন্যতম। শ্ৰেণীকোঠাত শিক্ষক-শিক্ষয়ত্ৰীয়ে দৰাবিলৰ ভৌগলিক অৱস্থিতিৰ কথা কৈছিল¸ জৈৱ-বৈচিত্ৰৰ কথা বুজাইছিল। ছাত্ৰ-ছাত্ৰী সকলে চিঞৰি চিঞৰি
মুখস্থ কৰিছিল সাতবিলৰ নাম¸-
সাতদলা¸ চুনশালী¸ দৰাবিল¸ কাপলা¸ চলচলা¸ চান্দডুবি¸
দীপৰ।
লাহে লাহে সময় বাগৰিল। ভূগোল বিষয়টো বাধ্যতামূলকৰ
পৰা ঐচ্ছিক বিষয় হ'ল। প্ৰদূষণ তথা অন্য কাৰণত দৰাবিলো সংকুচিত হৈ আহিল। পাঠ্যপুঠিৰ পৰাও দৰাবিলৰ নাম
আতৰাই দিয়া হ'ল। লাহে সকলোৱে পাহৰি
গ'ল দৰাবিলক। এলাগী হৈ পৰি থাকিল জৈৱ-বৈচিত্ৰৰে ভৰপূৰ দৰাবিল।
ভৌগলিক অৱস্থিতি
-------------------------
দৰাবিল। বহুতে ইয়াক বিলডৰা বুলিও কয়। দুটি নাম- বিল এটাই। দক্ষিণ কামৰূপৰ দীপৰ বিল¸ চান্দডুবি বিল আদিৰ দৰে দৰাবিলো দক্ষিণ কামৰূপৰ লগতে অসমৰে এক সম্পদ। বহুতৰ বাবে হয়তো এয়া
হয়তো নতুন নাম।
দক্ষিণ কামৰূপৰ ৰামপুৰ মৌজাৰ অন্তৰ্গত প্ৰায় ১১৬ হেক্টৰ মাটিৰ বিশাল আৰ্দ্ৰভূমি দৰাবিল। ইয়াৰ ওপৰিও বিলখনক আৱৰি আছে প্ৰায় ৫০০ হেক্টৰ কৃষিভূমি। ২৬°২৭'৩৭" উত্তৰ দ্ৰাঘিমাংশৰ পৰা ২৬°০৪'২৭" দ্ৰাঘিমাংশলৈ আৰু
৯৭°২৬'৩৭" পূৱ আক্ষাংশৰ পৰা ৯৭°৩৭'২৭" আক্ষাংশলৈ বিস্তৃত দৰাবিল। সাগৰপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ৫৩ মিটাৰ।
দৰাবিলৰ ইতিহাস:
-------------------------
চম্পকনগৰৰ সদাগৰ আছিল চান্দো। তেওঁ আছিল লখিন্দৰৰ পিতা। তেওঁ বনিজৰ বাবে ব্যৱহৃত নাওঁবোৰ বান্ধিছিল কেকোঁৰা সাগৰত। কেকোঁৰা সাগৰেই বনিজৰ
নাওঁ উজাই গৈছিল¸ ভটিয়াই আহিছিল। দৰাবিল এই কেকোঁৰা সাগৰৰেই এক অংশ বুলি এক প্ৰবাদ আছে। দৰাবিলৰ বয়স কিমান সেয়া লিখিত তথ্য নাপালেও সেয়া আনুমানিক সাতশ
বছৰতকৈও অধিক। উল্লেখযোগ্য যে কামৰূপ কমতা ৰাজ্যৰ ৰজা অৰিমত্ত( খৃ ১৬৬৫-৮৫)ই পিতৃহত্য পাপমোচনৰ বাবে
দৰাবিলৰ সংলগ্ন জলাতন ভূমিতে প্ৰায় ১২০ বিঘাৰ প্ৰকাণ্ড এটা পুখুৰী খন্দোৱাইছিল। যাৰ স্বাক্ষৰ এতিয়াও
বহন কৰি আছে “ৰাজাপুখুৰী”য়ে।
দৰাবিলৰ জৈৱবৈচিত্ৰতা
----------------------------------
দৰাবিল জৈৱ-বৈচিত্ৰৰে চহকী এক আৰ্দ্ৰভূমি। দৰাবিল গৱেষনাৰ থলী হোৱাৰ লগতে দেশী-বিদেশী পৰ্যটকক চকু থৰ কৰিব পৰাকৈ আছে গভীৰ সম্ভাৱনা। দৰাবিলত প্ৰায় ৭৮ বিধ বিভিন্ন প্ৰজাতিৰ মাছ¸ ৬৪ বিধ চৰাই¸ ৩৯ বিধ জলজ উদ্ভিদ পোৱা যায় (গৱেষণাৰ ফলত লাভ কৰা তথ্য অনুসৰি)। তদুপৰি দৰাবিল কলহী নৈৰ লগত
সংলগ্ন। কলহী নৈত পৃথিৱীৰ ভিতৰতে কম পানীত নদীয়াল শিহু পোৱা যায় আৰু দৰাবিল আৰু কলহীৰ সংগমস্থলীতে শিহুৰ
সংখ্যা সৰ্বাধিক। শিহু খাদ্য মাছ যোগান ধৰে আৰু শিহুবোৰে খাদ্যৰ সন্ধানত দৰাবিললৈ উজাই আহে।
দৰাবিলৰ নামৰ তাৎপৰ্য
---------------------------------
দৰাবিলৰ নাম সম্পৰ্কত বহুতো কিম্বদন্তী পোৱা যায়। সত্যাসত্য সম্পৰ্কে বিশ্বাসযোগ্য যুক্তি নিৰ্ণয় কৰিব পৰা নাযায়। সুধিসমাজৰ বিবেচনাৰ
বাবে কেইটামান কাহিনী উল্লেখ কৰিলোঁ_
(ক)
প্ৰেম সকলোৰে জীৱনলৈ আহে/আহিবয়ে। এজন ল'ৰাৰ জীৱনলৈও প্ৰেম আহিল। গাঁৱৰ ল'ৰা। হোজা¸ সহজ-সৰল। ধৰা
হ'ল ল'ৰাজনৰ নাম X, ছোৱালীজনী চুবৰীয়া
অইন এখন গাওঁৰ¸ নাম Y. দুয়ো মনে মনে লগ হয় বৰগছ এজোপাৰ তলত¸
মনৰ কথা পাতে। প্ৰেমৰ খবৰ বতাহত বিয়পে¸ গাঁৱৰ চুকে কোণে সিহঁতৰ প্ৰেমৰ বতৰাও বিয়পি পৰিল। ল'ৰা উচ্চ বৰ্ণৰ¸ ছোৱালী নিম্ন বৰ্ণৰ - নাই¸
এই প্ৰেম হ'ব নোৱাৰে। সকলোৱে গিজগিজাই উঠিল। দুয়োখন গাৱঁৰ সমিলমিলত বিচাৰ বহিল। বিচাৰত সিদ্ধান্ত হ'ল X আৰু Y ৰ মাজত কোনো সম্বন্ধ হ'ব নোৱাৰে। দুয়ো যাতে কেতিয়াও লগ নহয় তাৰ বাবে সকিয়াই দিয়া হ'ল। দুয়োৰে নিৰ্ভেজাল প্ৰেমিক মন¸ ক'তনো মানিব জাতি-কুল। দুয়ো আকৌ মনে মনে লগ হ'ল বৰগছ জোপাৰ তলত। দুয়ো সপোন দেখিছিল একেলগে থকাৰ¸ কিন্তু দুয়োৰে মাজত হেঙাৰ দুয়োৰে পৰিয়াল¸ সমাজ¸ পৰিৱেশ। সমাজক নেওচা দিব পৰাকৈ দুয়ো
সাহসী নাছিল। দুয়ো কি কৰিব এতিয়া! একেলগে থাকিব নোৱাৰে¸ এজনক এৰি আনজন থকাটোও অসম্ভৱ। দুয়োৰে চকুত চকুপানী। দুয়ো একেলগেই থাকিব বিচাৰে। সেয়ে বৰগছজোপাৰ ডাল এটাত দুয়ো ওলমি থাকিল।
একেলগে।
খবৰটো বতাহত বিয়পিল। কোনোবাই হুমুনিয়াহ এৰিলে¸
কোনোবাই পাগল বুলিলে। নানাজনৰ নানা মত। শেষত বৰগছজোপাৰ তলতেই দুয়োকে
সমাধি দিয়া হ'ল।
দিন বাগৰিল। যি ঠাইত সিঁহতক সমাধি
দিয়া হৈছিল তাত এটা দ গাত সৃষ্টি হ'ল। লাহে লাহে ই ডাঙৰ হৈ গৈ থাকিল আৰু শেষত ডাঙৰ বিল এটাৰ সৃষ্টি হ'ল।
X এ Y ক বিয়া কৰাই দৰা হ'ব বিচাৰিছিল। সমাজে মানি নল'লেও এয়া পাহৰি যাব নিবিচাৰিলে। বিলটোৰ নাম দিয়া হ'ল দৰাবিল।
(খ)
দৰাবিল বৰ্তমান যি ঠাইত অৱস্থিত তাৰ উত্তৰ-পুৱ অংশত অতীজতে আছিল ম'হঘূলি। বহাগ বিহুৰ সময়ত তাত ম'হ যুঁজ হৈছিল। বহাগৰ সাতবিহুৰ দিনা তাত সাতখন গাঁৱৰ ৰাইজে সৰি (লিখিত সুঁৱৰি
উৎসৱ¸ কিন্তু কথিত সৰি বুলি কোৱা হয়) পাতিছিল। এই “সৰি”ত এটা অদ্ভূত নিয়ম আছিল¸ যদি কোনোবা বিবাহোপযোগী ল'ৰা বা ছোৱালীয়ে ”সৰি” উৎসৱৰ দিনা সৰিস্থলীত কোনোবাক মালা
পিন্ধায় তেন্তে ইজনে-আনজনক বিয়া কৰাব লাগিব। একপ্ৰকাৰৰ মালা পিন্ধালেই সৰি উৎসৱৰ দিনা ৰাইজেই দুয়োকে বিয়া পাতিয়ে দিয়ে। ইয়াত কাৰোবাৰ ইচ্ছা-অনিচ্ছাক
গুৰুত্ব দিয়া নহৈছিল। সেইবাবে সৰিত যোৱা প্ৰতিজনৰে মনত ভয় আছিল¸ আৰু প্ৰতিসময়ত সতৰ্ক হৈ ৰৈছিল। সৰি উৎসৱটোত মালা পিন্ধোৱা বাবে “মালা দিয়া সৰি”
বুলি কোৱা হয়। এই সৰিত মালা পিন্ধাই দৰা বৰণ কৰা হয় বাবেই ম'হঘূলিৰ ওচৰত থকা বিলটোৰ
নাম বিল দৰা বা দৰাবিল হোৱা বুলি এক লোকশ্ৰুতি আছে।
উল্লেখযোগ্য “মালা দিয়া সৰি” উৎসৱ এতিয়াও প্ৰতিবছৰে পালন কৰি অহা হৈছে। এতিয়া মাথোন আগৰ দৰে মালা দিয়াৰ প্ৰথা নাই। ইয়াৰ ফলত হোৱা ক্ষতিৰ কথা ভাৱিয়েই চাগে আধুনিক সমাজে ইয়াক বৰ্জন কৰিলে¸ কিন্তু সুঁৱৰি উৎসৱৰ
নামটো এতিয়াও আছে_ "মালা দিয়া সৰি”।
(গ)
দৰাবিল কুলশী নদীৰ সৈতে সংলগ্ন। কুলশীৰ নদীৰ পৰা এটা
জান আহি দৰাবিলত লগ লাগিছে। যি অংশত দৰাবিল কলহীৰ সৈতে লগ লাগিছে সেয়া ইংৰাজী Y আকৃতিৰ। (এইটো অংশক “বিলৰ মাথা”
বুলি কোৱা হয়। ) কলহীৰ পৰা দুটা সুঁতি যোৰ হিচাপে আহি দৰাবিলক স্পৰ্শ কৰিছে। দুটা সুঁতি একেলগে
যোৰ হিচাপে অহি বিলৰ সৃষ্টি কৰা বাবে ইয়াক কোৱা হৈছিল “যোৰ বিল”। লাহে সময় বাগৰি গৈ থাকিল। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ মুখৰ কথাও বাগৰি গৈ থাকিল। কথাৰ সালসলনিত এই “যোৰ বিল” পিছলৈ “দৰাবিল” হোৱা বুলি এক প্ৰবাদ আছে।
(ঘ)
দৰাবিলৰ আন এটা নাম হ'ল বিল ডৰা। “ডৰা” হ'ল নিৰ্দিষ্টবাচক পদ। যেনে কোনো এক খেতিক বুজাবলৈ
কোৱা হয়¸ খেতি ডৰা¸ কোনো মানুহক বুজাবলৈ মানুহজন বা মানুহটো¸ ঠিক একেদৰে এইবিলটোক বুজাবলৈ মানুহবোৰে কৈছিল বিল ডৰা। তেতিয়ালৈ এইবিলৰ কোনো নিৰ্দিষ্ট
নাম নাছিল কিন্তু পিছলৈ বিল ডৰা নামৰেই বিলটো পৰিচিত হৈ পৰিছিল। কালক্ৰমত “বিলডৰা” দৰাবিললৈ
পৰ্যবসিত হ'ল।
অতীতৰ দৰাবিল
------------------------
দৰাবিলৰ বয়স আনুমানিক সাতশ বছৰ। সাতশ বছৰ আগতে দৰাবিল
কেনে আছিল সেই সম্বন্ধে কোনোধৰণৰ লিখিত তথ্য পোৱা নাযায়। উল্লেখযোগ্য যে ১৭৬৭
চনৰ পৰা আৰম্ভ হোৱা ব্ৰিটিছ ভূমি সমীক্ষাতো দৰাবিলৰ নাম সন্নিবিষ্ট হৈ আছে। এই তথ্যমতে সেইসময়ত দৰাবিলৰ
দৈৰ্ঘ্য আছিল ৫ কিঃমিঃ। গাওঁৰ জ্যেষ্ঠজনৰ মুখত শুণা কথামতে অতীজতে দৰাবিলৰ এটা সুঁতি বৰ্তমানৰ শ্ৰীযুত ধীৰেণ মজুমদাৰৰ ঘৰৰ আগৰে বৈ গৈ আমোদপুৰত
লগ লাগিছিল। এয়া আজিৰ পৰা প্ৰায় ১৫০ বছৰমান আগৰ কথা।
দৰাবিল বৰ্তমান যি ঠাইত অৱস্থিত তাৰ উত্তৰ পুৱ অংশত অতীজত ম'হঘূলি আছিল আৰু তাত ম'হ যুজ¸ হাতী দৌৰ¸ ঘোঁৰা দৌৰ আদি বহাগৰ সাত বিহুৰ দিনা অনুষ্ঠিত হৈছিল। আনুমানিক উনবিংশ শতিকাৰ দ্বিতীয়-তৃতীয় দশকত দৰাবিলৰ ম'হঘূলিত প্ৰথমবাৰৰ
বাবে ম'হযুঁজ¸ হাতীদৌৰ আদি হৈছিল। এই খেলবোৰত ৰামপুৰৰ স্বৰ্গীয় দেবেন্দ্ৰ চন্দ্ৰ চৌধুৰী¸ স্বৰ্গীয় কেশৱ চন্দ্ৰ দাস¸ ৰাজাপুখুৰীৰ স্বৰ্গীয় ভুৱনেশ্বৰ দেৱ গোস্বামী¸ জীয়াকুৰৰ মৌজাদাৰ প্ৰয়াত হেম চৌধুৰী আদিৰ হাতী/ঘোঁৰাই অংশগ্ৰহন কৰিছিল। উল্লেখযোগ্য যে প্ৰয়াত দেৱেন্দ্ৰ চৌধুৰীৰ খেলত ভাগ লোৱা হাতীটোৰ নাম আছিল “ৰাজা” আৰু প্ৰয়াত ভুৱনেশ্বৰ গোস্বামীৰ হাতীটোৰ নাম আছিল
পূৰ্ণলতা। দৰাবিলৰ ম'হঘূলিত হাতী যুঁজ প্ৰায় পঞ্চম-ষষ্ঠ দশকলৈ হৈ আছিল আৰু ম'হ যুঁজ অষ্টম দশক মানলৈ হৈছিল। অৱশ্যে ঘোঁৰা দৌৰ কেতিয়ালৈ হৈছিল তাৰ তথ্য পোৱা নাযায়।
সেইসময়ত দৰাবিল বিস্তিৰ্ণ এলেকাজুৰি পানীৰে ভৰি আছিল আৰু এই যুজঁবোৰৰ সমান্তৰালকৈ দৰাবিলত নাওঁখেলো অনুষ্ঠিত হৈছিল। নাওঁখেলৰ আনন্দ উপভোগ কৰিবলৈ
বহুদুৰৰ পৰাও মানুহৰ সমাগম ঘটিছিল।
প্ৰায় ১৯৩৮ চনৰ পৰা ১৯৭১ চন মানলৈ ফৰেষ্ট ইউটিল্যাইজেচনৰ হেড্ আছিল
কুকুৰমাৰাত। সেইসময়ত দৰাবিলৰ বাকৰিত প্ৰকাণ্ড ওখ ওখ বহুতো গছ আছিল¸ এলেকাটো ঠাই বিশেষে পাতল-ঘন জংঘলৰে আৱৰি আছিল। যিসকল লোক কাঠ ব্যৱসায়ৰ লগত
জড়িত আছিল তেওঁলোকে কিছু দুৰৈৰ থকা পাহাৰৰ পৰা হাতী ধৰি আনি পোহ মনাইছিল। ৰামপুৰৰ জনৈক দাস
নামৰ ব্যক্তি এগৰাকীয়ে হাতী চিকাৰ কৰিবলৈ জংঘললৈ যাওঁতে এহাল জনজাতীয় প্ৰেমিক-প্ৰেমিকাক লগ পাইছিল। তেখেতে তেওঁলোকৰ পৰা জানিব পাৰিছিল
যে যদি প্ৰেমিক-প্ৰেমিকাহালে কোনেও গম নোপোৱাকৈ এমাহ আত্মগোপন কৰি থাকিব পাৰে তেন্তে গঞা ৰাইজে তেওঁলোক মিলন কৰাই
দিব আৰু যদি এমাহৰ ভিতৰত গঞা ৰাইজে তেওঁলোকক বিচাৰি পায় তেন্তে তেওঁলোকৰ মিলন হ'ব নোৱাৰে আৰু শাস্তি দিয়া হ'ব। এই কাহিনী কিমান সঁচা কিমান মিছা সেয়া কোৱা টান¸ পিছে ই সেই সময়ৰ পৰিৱেশ আৰু পৰিস্থিতিৰ বিষয়ে কিছু আভাষ দাভি ধৰে।
দৰাবিলত অতীজত প্ৰচুৰ পৰিমানে পদুম ফুল ফুলিছিল। এই পদুম ইমানেই আছিল যে পদুমৰ প্ৰকোপত নাৱৰীয়াই নাওঁ বাবলৈ অসুবিধা পাইছিল। যথেষ্ঠ সংখ্যক পদুম
ফুল হোৱা বাবে নিকটৱৰ্তী চুবুৰীটোক পদুমপাৰা নাম দিয়া হৈছিল। দৰাবিলৰ বুকুত পোৱা বস্তুবোৰৰ
ভিতৰত অন্যতম আছিল জোন শামুক। আকৃতিগত কাৰণৰ বাবেই হেনো এই শামুকবিধক জোন শামুক নাম দিয়া হৈছিল। এই জোন শামুক থালিত গৰম কৰি
¸ তাৰ খোলটো গুচাই ভিতৰৰ বগা অংশখিনি পানীত তিয়াই
চূণ তৈয়াৰ কৰিছিল। ১৯৭৪ চনত হোৱা ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানে দৰাবিলত বিস্তৰ ক্ষতি কৰে। নদীয়ে গুইমাৰা-চিমিনা অঞ্চলৰ মাথাউৰি খহাই পেলাই আৰু পানীৰ সৈতে অহা বালি-বোকাই দৰাবিলৰ জোন শামুক সমুলি পুতি পেলাইছিল আৰু তাৰ
পিছৰে পৰা ক্ৰমাৎ জোন শামুক লোপ পাবলৈ ধৰে।
দৰাবিলত এসময়ত প্ৰচুৰ পৰিমানে শগুন পোৱা পাইছিল। দৰাবিলৰ বাকৰিত থকা ওখ-ওখ গছবোৰ শগুনৰ বসতি স্থাপন আছিল। প্ৰয়াত পাৰে কলিতাৰ বৃহৎ ঢোপ
গছ এজোপাত জাক জাক শগুনে বাস কৰিছিল। ১৯৯৩ চনত গছজোপা উঘালি পৰাৰ পিছত তথা অন্য কাৰণত
গছবোৰ নোহোৱা হোৱাৰ লগে লগে শগুনৰ সংখ্যা অভাৱনীয় ভাৱে কমি অহে। উল্লেখযোগ্য এসময়ত ৰামপুৰ
শগুনৰ বাবে দক্ষিণ কামৰূপ বিখ্যাত আছিল।
আগতে জলপথেই আছিল যাতায়তৰ প্ৰধান মাধ্যম। ৰামপুৰৰ লগতে চুবৰীয়া
গাওঁবোৰে দৰাবিলৰেই এঠাইৰ পৰা আন ঠাইলৈ গৈছিল। বিশেষকৈ বেপাৰ-বনিজৰ কামত জলপথ অধিক ব্যৱহাৰ কৰিছিল। দৰাবিলৰ জলৰাশি কুলশী (কলহী) নদী
হৈ চান্দডুবিৰ সৈতে সংলগ্ন। দৰাবিলৰে চান্দডুবিলৈ এতিয়া
নাৱঁৰে অহা-যোৱা কৰিব পাৰি। অৱেশ্য এই যাত্ৰাপথ সুচল নহয়¸ আৰু স্থলপথতকৈ অধিক
সময় লাগিব। অতীজতে মেঘালয়ৰ বাঠা নৈৰ পানী উকিয়ামৰ শ্ৰী¸ দ্ৰোন¸ দোৰাৰ ত্ৰিবেনী সংগমৰে কুৱা নদীৰ মাজেৰে দৰাবিলত লগ লাগিছিল। পিছলৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান ¸ ৰেলৱে লাইন/ব্ৰীজ ¸ মাথাউৰি নিৰ্মাণ তথা আদিৰ বাধাৰ বাবে ই বিচ্ছিন্ন হৈ পৰিছিল। একেদৰে এসময়ত দৰাবিলৰ পানী
দীপৰ বিলতো লগ লাগিছিল বুলি শুনা যায়।
১৯৮৭ চনৰ ২৮ জানুৱাৰীত ৰামপুৰৰ পৰা বৰদোৱালৈ যোৱা তীৰ্থযাত্ৰীৰ
দলৰ এখন বাছ খিলিহামাৰীত দুৰ্ঘটনাত পতিত হৈছিল আৰু ৫৫ জন তীৰ্থযাত্ৰীৰ মৃত্যু হৈছিল। আটাইকেইজন তীৰ্থযাত্ৰীক দৰাবিলৰ
বাকৰিত সমাধিষ্ঠ কৰা হৈছিল। তেওঁলোকৰ স্মৃতিত বিলৰ পাৰ সমাধিক্ষেত্ৰত এটা স্মৃতিসৌধ নিৰ্মাণ কৰা হৈছে। সেইসময়ত তদানীন্তন মুখ্যমন্ত্ৰীৰ লগতে বহুতো ব্যক্তিয়ে দৰাবিললৈ আহিছিল। সেয়া আছিল সমগ্ৰ ৰামপুৰৰ বাবে
এক কৰুণ ঘটনা।
বৰ্তমানৰ দৰাবিল
------------------------
সময় বাগৰিল। প্ৰাকৃতিক তথা অন্যন্য কাৰণত
দৰাবিল ক্ৰমশঃ সংকুচিত হৈ আহিব ধৰিলে। দৰাবিলৰ বুকুত পোৱা সম্পদবোৰৰ তালিকাও চুটি হৈ আহিব ধৰিলে। দৰাবিলৰ বুকুত পানী
কমি অহাৰ লগে লগেই জলজ প্ৰাণীকুলৰ সংখ্যাও অভাৱনীয়ভাৱে কমি আহিল। এইখিনিতে উল্লেখ কৰা ভাল দৰাবিলৰ
জলৰাশি সম্পূৰ্ণ ৰূপে কুলশী (কলহী) নদীৰ ওপৰত নিৰ্ভৰশীল। এয়া ইতিমধ্যে বৈজ্ঞানিক ভাৱেও
প্ৰমানিত হৈছে। বৈধ-অবৈধ ভাৱে কুলশী নদীৰ পৰা বালি সংগ্ৰহ কৰা বাবে কুলশী নদী পৃষ্ঠ দ হৈ গৈছে আৰু দৰাবিলৰ
পানী বহন ক্ষমতা হ্ৰাস
পাই গৈছে। দৰাবিলৰ পানী হ্ৰাসৰ কেৱল এইটোৱেই কাৰণ নহয়¸ জধে মধে বিলৰ মাটিত পুখুৰী খনন¸ বহিৰাগত কোম্পানীৰ অগ্ৰাসন¸
বেদখল আদিৰ বাবেও দৰাবিল সাংঘাতিক ধৰণে সংকুচিত হৈ আহিছে। ১৯৭১ চনত হোৱা ইণ্ডিয়া
টপশ্বীট (survey of India toposheet)ৰ সমীক্ষা অনুযায়ী ১৯৭১ চনলৈ দৰাবিলৰ মাটিকালি আছিল ১২০.১৬
হেক্টৰ আৰু ২০০৫ চনত এই মাটিৰ পৰিমান হৈছিল ১১২.৬৭ হেক্টৰ। শেহতীয়াকৈ দৰাবিলৰ ওপৰত হোৱা কোনোধৰণৰ সমীক্ষাৰ তথ্য পোৱা নাই যদিও¸ ই আকৌ কমিব যে সেয়া
নিশ্চিত। এই সমীক্ষাৰ ফলাফলে দৰাবিল ক্ৰমাৎ কেনেকৈ সংকুচিত হৈ আহিছে তাৰ আভাষ দিয়ে। ই অতিশয় চিন্তিত বিষয়। দৰাবিলৰ অভাবনীয় সংকোচনে ৰামপুৰলৈ নমাই আনিব পাৰে সংকট। জনাই থোৱা ভাল যে বৃহত্তৰ
ৰামপুৰৰ সৰ্ববৃহৎ জৈৱবৈচিত্ৰতাৰ ভাণ্ডাৰ হ'ল দৰাবিল¸
আৰু দৰাবিলে বুজন পৰিমানৰ বায়ু বিশুদ্ধকৰণ কৰি আহিছে।
দৰাবিলৰ বেমাৰ¸ দৰাবিলক কেন্দ্ৰকৰি বৰ্তি থকা প্ৰাণীকুলৰ বিপৰ্যয়। দৰাবিল তথা শিহুৰ লগতে অন্যন্য জীৱকূলৰ সংৰক্ষণৰ বাবে চৰকাৰ তথা প্ৰকৃতিপ্ৰেমী সংস্থা সমূহে যি পদক্ষেপ লৈছে সেয়া পৰ্যাপ্ত নহয় । এক ঐতিহ্যক্ষেত্ৰ
ৰূপে চিহ্নিত হ'ব পৰা সকলোখিনি থকাৰ পিছতো অৱহেলিত হৈ আছে দৰাবিল। অভাৱ সচেতনাৰ¸
অভাৱ সজাগতাৰ। বিভিন্ন কাৰণত বৰ্তমান বিলখনৰ পানীবহন ক্ষমতা হ্ৰাস পাইছে অথচ তাক ৰোধ নকৰি নিৰ্লিপ্ত
সকলোবোৰ। এনেকৈ গৈ থাকিলে অনাগত প্ৰজন্ম হয়তো ক'ব এসময়ত দৰাবিলৰ নামৰ এটা বিল আছিল।
আহক দৰাবিলৰ পুনৰোদ্ধাৰ কৰোঁ। আপুনি আগবাঢ়ি আহিবনে?
পাৰ্থ প্ৰতিম কলিতা
ৰামপুৰ
Mojaaaaaa
ReplyDelete