এটা চৰিত্ৰই দৌৰিছে। মাথো দৌৰিছে। চৌপাশে য’ত ত’ত মৃতদেহৰ দম। ৰাজপথত সৰি পৰা সৰাপাতে অবতৰত ফাগুন নমাই আনিছে। ফাগুন ৰঙা। কিন্তু এইটো ফাগুন মদাৰ¸ পলশ¸ শিমলুৰ ৰং নহয়। এই ৰঙা মানুহৰ¸ তেজৰ। চৌপাশে এক বিভিৎস পৰিৱেশ। হঠাৎ চৰিত্ৰটোৱে কিবা এটাত উজুটি খাই লুটি-বাগৰি পৰিল। আসঃ এটা অস্ফুত কেঁকনি। চৰিত্ৰটোৰ পকেটত থকা মোবাইল ফোনটো বহুদুৰৈত চিটিকি পৰিল। শেষ চাৰ্জ। ফোনটো বন্ধ হৈ যোৱাৰ আগতে স্ক্ৰীনত জিলিকি উঠিল- সময় দুপৰীয়া ১২ বজা¸ ৩১ ডিচেম্বৰ ২০৩০।
মোবাইল য’ত পৰি বন্ধ হৈছিল¸ তাৰ ঠিক কাষত মই শুই আছিলো। শুই আছিলো মানে তিনিদিন মান আগেয়ে ময়ো ঠিক এনেকৈয়ে দৌৰি আহিছিলো। মৃতদেহৰ মুখবোৰ এখন এখনকৈ চাইছিলো- নাই কাকো নিচিনো¸ কোনোৱেই কথা ক:ব নোৱাৰে। কান্দিব পৰাকৈ চকুপানী নাছিল চকুত। ঠিক এইখিনি জেগাত অৱশ হৈ বাগৰি পৰিছিলো।
কিছুবছৰ আগেয়ে এটা বেমাৰ আৰম্ভ হৈছিল পৃথিৱীত। সেয়া ২০২০ ৰ প্ৰথম মাহৰ কথা। এখন দেশৰ পৰা আন এখন দেশলৈ বেমাৰটো বিয়পি পৰিল¸ কিছুদিন পিছত ইয়াক মহামাৰী ঘোষণা কৰা হ’ল। প্ৰথমে এশ জন¸ তাৰ পিছত হাজাৰ¸ লাখ¸ কৌটি ক্ৰমান্বয়ে আক্ৰান্তৰ সংখ্যা বাঢ়ি গৈ থাকিল¸ মৃতকৰ সংখ্যাও বাঢ়ি গৈয়ে থাকিল।
দুবছৰ মান পিছত বেমাৰৰ শাম কাটিল। পৰিস্থিতি কিছু স্বাভাৱিক হ’ল। দুমাহ মান কিছু নিয়ম পালন কৰি মানুহবোৰে আকৌ আগৰ দৰে হ’ল- উশৃংখল। আকৌ মানুহবোৰে হাঁহিলে¸ আনন্দত কিৰিলী পাৰিলে। সেয়াই আছিল পৃথিৱীৰ শেষৰ হাঁহি। অ’ অ’ মোৰ স্পষ্ট মনত আছে। সেইদিনা আছিল ২০২৪ চনৰ ৩ জানুৱাৰী। একে দিনাই মৃত্যু হৈছিল প্ৰায় ২৫ কৌটি মানুহ। তাৰ পিছত আকৌ ঘোপমৰা আন্ধাৰ। আকৌ আৰম্ভ লকডাউন¸ কাৰ্ফিউ। কিন্তু তেতিয়ালৈ সকলো শেষ হৈ গৈছিল। প্ৰায় সকলো ডক্টৰ-নাৰ্চ আক্ৰান্ত হৈছিল¸ ভালেখিনি ঢুকাইছিল। চিকিৎসা অভাৱত মৃতকৰ সংখ্যা কৌটিৰ পিছত কৌটি হৈ গৈয়ে থাকিল। এখনৰ পিছত অন্য এখন দেশ হৈ পৰিল জনশূণ্য।মুহূৰ্ততে চুচুৰ্মৈ হৈ পৰিল সমস্ত পৃথিৱী।
হয়তো এতিয়া পৃথিৱীত মাত্ৰ হাজাৰ জন মান মানুহ জীয়াই আছে। হয়তো তাতোকৈও কম। হয়তোবা মই অকলে।
নহয় নহয়¸ মই অকলে নহয়। চিৎকাৰ কৰি উঠিলো মই। যোৱা তিনিদিনৰ পৰা মাত্ৰ এজন জীৱিত মানুহৰ সন্ধান বিচাৰিয়ে দৌৰি আছো মই। এতিয়া এজন মানুহক দৌৰি অহা দেখিছো। তেওঁ নিশ্চয় কথা ক’ব পাৰিব। মোৰ দৰে তেৱো জীয়াই আছে। হয়তো মোৰ দৰে এজন জীৱিত ব্যক্তিৰ সন্ধানতে দৌৰি আহিছে তেওঁ। মোৰ দৰে এশাৰী কথা শুণাৰ বাবে ব্যাকুল হৈছে তেওঁ। মৌনতাও ইমান ভয়ংকৰ। উফ…। তেখেতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিলো। নাই নোৱাৰিলো। ক্ৰমশঃ মোৰ চকুলৈ আন্ধাৰ নামি আহিল।
মহামাৰী হৈ যাব পাঁচশ বছৰ পাৰ হৈ গ’ল। পৃথিৱীখনে নতুনকৈ খোজ কাঢ়িব শিকিছে। প্ৰকাণ্ড ওখ-ওখ ঘৰবোৰ আছে¸ অথচ মানুহ নাই। বিজুলী ব্যৱস্থা নতুনকৈ আৰম্ভ কৰিব পৰা নাই। সকলো অন্ধকাৰত ডুব গৈ আছে ইমান দিন। অফিচ-কচাৰী নতুনকৈ স্থাপন কৰিব পৰা নাই। কিন্তু মানুহবোৰে হাঁহিব শিকিছে নতুনকৈ। বিশাল বিশাল মাটিত খেতি কৰিছে- একেলগে। ইয়াত এতিয়া কোনো বিশেষ ধৰ্মৰ মানুহ নাই। সকলো একে¸ সকলো সমান। ক্লাচলেছ চচাইটি।
চন ২৭২০-
মহামাৰীৰ সাতশ বছৰ পাৰ হ’ল। বিজুলী ব্যৱস্থা আৰম্ভ কৰিব বেছি বছৰ হোৱা নাই। নতুনকৈ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আৰম্ভ হৈছে। শিক্ষা¸ বানিজ্য সকলো প্ৰসাৰিত হৈছে। চহৰবোৰে প্ৰাণ পাই উঠিছে। ব্যস্ততা বাঢ়িছে। লাহে লাহে মানুহবোৰ আকৌ চহৰমুখী হৈছে। গাওঁবোৰ সৰু হৈ আহিছে¸ মানুহৰ মনবোৰো।
চন২৭৫০-
ব্যস্ত পৃথিৱীৰ কোনোবা এখন ব্যস্ত মহানগৰ। পৰ্যটক এজন এটা বিশাল অট্টালিকাৰ সম্মূখত ৰ’ল।
এইটো কি?- নিজৰ ভাষাতে সুধিলে টুৰিষ্ট গাইডজনক।
- এয়া কৰোনা বাবাৰ মন্দিৰ। পৃথিৱীৰ ভিতৰতে ই প্ৰথম আৰু সৰ্ববৃহৎ মন্দিৰ। গাইডজনে বুজালে।
- কৰোনা বাবা? নজনাটো জনাৰ কৌতুহলতা মানুহৰ জন্ম প্ৰবৃত্তি। তেৱো জানিব বিচাৰিলে।
- আজিৰ পৰা বহুবছৰ আগেয়ে পৃথিৱীত বহু অত্যচাৰ বাঢ়ি গৈছিল। বেয়া মানুহ বহুত হৈছিল। দুষ্টক দমন কৰিবলৈ ভগৱান বিষ্ণুই পৃথিৱীত কৰোনা অৱতাৰ লৈ ওপজি সকলো বেয়া মানুহৰ মুক্তি দিছিল।
- আট্চা। পৰ্যটকজনে দীঘলকৈ উশাহ এটা হ’লে। তেওঁৰ হয়তো আৰু অধিক জানিবলৈ মন গৈছিল- মন্দিৰৰ ওচৰৰ দোকানৰ পৰা “কৰোনা পুৰাণ” কিনি ল’লে।
পৃথিৱীখন এতিয়া যৌৱনপ্ৰাপ্ত গাভৰু। সকলোৱে কেৱল নিজক চিনিছে। সময় তাকৰ¸ ঘড়ীৰ সৈতে সকলোৱে দৌৰি থাকে।
“কৰোনা বাবা মুছলমান আছিল” নিউজ এটাত কোনোবা এজনে যুক্তি দি মত ৰাখিলে।
নহয় নহয়। কৰোনা বাবা হিন্দু ভগৱান। আন এজনে প্ৰতিবাদ কৰিলে। নহয় খ্ৰীষ্টান। কৰোনা বাবা বৌদ্ধ¸ জৈন আদি আদি। মানুহবোৰ ভাগ ভাগ হ’ল। শীতল যুদ্ধ আৰম্ভ হ’ল। লাহে লাহে যুদ্ধৰ শীতলতা ম্লান হৈ তপত হৈ উঠিল। ঠায়ে ঠায়ে অবতৰীয়া ফাগুন আহিল। মানুহবোৰ আকৌ হেৰাই থাকিল।
কিছুবছৰ পিছত পৃথিৱীৰ বিখ্যাত এদল গৱেষকে প্ৰকাশ কৰিলে হেজাৰ পৃষ্টাৰ এখন গৱেষণা পত্ৰ “কৰোনা প্ৰকৃততে বৰ্হিবিশ্বৰ প্ৰাণী¸ কৰোনা এলিয়েন। আকৌ মত-বিবাদ হ’ল। আকৌ অবতৰীয়া ফাগুন আহিল। এই ফাগুন মদাৰ শিমলুৰ নহয়¸ মানুহৰ তেজৰ ৰঙা ফাগুন। আকৌ মানুহবোৰ হেৰাই থাকিল
উপসংহাৰ:
সকলোবোৰ গতি বৃত্তাকাৰ। আকাশ বৃত্ত¸ পৃথিৱী বৃত্ত। পৃথিৱীত মানুহে খোজ দিয়া প্ৰতিটো পথেই বৃত্ত। বৃত্ত মানেই শূণ্য। শূণ্যক আমি শূণ্যতা বুলি চিনো। শূণ্যক বুকুত সিঁচি শূণ্য হৈছো। পৌণঃপুণিক।
**********************************************************************
যদি আমনি পোৱা নাই তেন্তে এইখিনিও পঢ়ি চাৱ পাৰে।
ইতিমধ্যে পৃথিৱীয়ে নতুন ৰূপ পাইছে। ইয়াক নতুন পৃথিৱী বুলি সকলোৱে কয়। ইয়াত সকলো নতুন। কৰোনাৰ পিছত জী উঠা এয়া নতুন পৃথিৱী। এই নতুন পৃথিৱীৰ প্ৰথম পুৰুষ আৰু নাৰী আদম আৰু ইভ নহয়।
- তেন্তে কোন ছাৰ? ষ্টুডেন্টজনে শিক্ষকজনক সুধিলে।
ক্ষন্তেক নীৰৱতা। গলগলীয়া কণ্ঠস্বৰৰে শিক্ষকজনে ক’লে
- পাৰ্থ প্ৰতিম কলিতা আৰু …
কথাখিনি বতাহত প্ৰতিধ্বনি হৈ থাকিল কিছু সময়।
*******************************************************************************
0 comments :
Post a Comment