ৰাতিপুৱাৰ চিকুণ টোপনিত ভূমিকম্প হৈ ফোনটো বাজি উঠিল। তন্দ্ৰালস চকু আধা মেলা আধা জপোৱাকৈ স্ক্ৰীণত চালো। বন্ধুৰ ফোন। বন্ধু সাইলাখ দেৱতা¸ আমাৰ গ্ৰুপৰ কিং খান¸ মানে পপুলাৰটিৰ ফালৰ পৰা। বন্ধু ফেন ক্লাৱৰ মই সভাপতি। হেঃ হেঃ হেঃ। এই বহ্মপুৱাতে বন্ধুইবা আকৌ কিয় মনত পেলালে। বিচনাতে ইকাটিৰ পৰা সিকাতি হৈ ফোনটো ৰিচিভ কৰিলো কি নকৰিলো বন্ধুৰ গালি । উৱা এয়াচোন ভূমিকম্প নহয় ধুমুহা বৰষুণহে। আচৰিত নহৈ নোৱাৰিলো। বোলো হ'ল কি। বন্ধুই ক'লে- বুজিলো কথাৰ গুৰি কৰ’বাত। বন্ধুৰ ফোনটো কাটি এয়াৰচেল অনুৰাগীলৈ ফোন লগালো। যেন এচিডত ছডিয়ামৰ টুকুৰা এটাহে পেলাই দিলো¸ ভমকৈ জ্বলি উঠিল। ক'লো কথাটো বহলাই- বন্ধুৰ কথা ক'লো। অনুৰাগীয়ে আইডিয়া দিলে ফুচ ফুচ ফাছ। কথাটো বেয়া হ'ব নেকি- চকুচহৰাক সুধিলো ফোন লগাই। দস্তুৰমত মই বন্ধুৰ ফেন ক্লেৱৰ সভাপতিটো। চকুচহৰাইও ক’লে- ফুচ ফুচ ফাছ।
কথা মতে কাম। আবেলি ঘুৰণীয়া মেজমেল। অধ্যক্ষ বন্ধু। অনুৰাগীয়ে কৰিলে উদ্দেশ্য বাখ্যা- যদি নিউটনে আপেল সৰা দেখি পৃথিৱী বিখ্যাত হ'ব পাৰে বন্ধু কিয় নোৱাৰিব। পাৰিব¸ পাৰিব¸ আলবত পাৰিব। বন্ধুইও গৱেষণা কৰিব¸ সূত্ৰ আৱিস্কাৰ কৰিব, বন্ধুৰ কথাও কিতাপত লিখিব আৰু নিউটনৰ লগত বন্ধুৰ মিল যে¸ দুয়োৰে আৰম্ভণি আপেল। অনুৰাগীয়ে আকৌ ক'লে¸ বন্ধুই আপেল খাই আছিল সিদিনা¸ ভুতৰ ফ্লিমত হঠাতে কিচিঙ চিন অহাৰ দৰে বন্ধুৰ মুৰতো আহিল প্ৰশ্ন- কমলাৰ ৰং যদি কমলা¸ আপেলৰ ৰং আপেল কিয় নহয়? কিয়¸ কিয় কিয়? একতা কাপুৰ চিৰিয়েলৰ দৰে কিউ¸ কিউ¸ কিউ বতাহত প্ৰতিধ্বনি হৈ থাকিল পচিশ ঘন্টা সময়। আপেলৰ ৰং আপেল কিয় নহয় তাক লৈ বন্ধুক সহায় কৰিব লাগে। সকলোৱে হয়ভৰ দিলে। লগতে দিলে প্ৰস্তাৱ-
#যদি কমলাৰ ৰং কমলা হয়¸ তেন্তে-
প্ৰস্তাৱ ১- আপেলৰ ৰং আপেল কিয় নহয়?
প্ৰস্তাৱ ২- কলৰ ৰং কল কিয় নহয়?
প্ৰস্তাৱ ৩- আমৰ ৰং আম কিয় নহয়?
বিঃদ্ৰঃ বন্ধুই গৱেষণা কৰি আছে। লক ডাউন গুছি লক আপ হলেই গৱেষণাৰ থেচিচ জমা দিয়া হ'ব।
এতিয়া নক’ব আকৌ চকুচহৰা বেয়া বুলি। বুজিলেনে- ফুচ ফুচ ফাছ।
0 comments :
Post a Comment