অ’ মোৰ প্ৰিয় দেশৰ মানুহ
কেনেকৈ মানি নলম যে আমি নিস্পেষিত নহয়
সেই একেই তিৰাশীৰ হাড়ৰ কৰকৰণি
আহ ঐ আহ
বুকু ফালি ওলাই আহে চিঞৰ
জুই জ্বলে
জ্বলে জুই
বুকুৰ ভিতৰে-বাহিৰে
তগবগাই উজাই আহে এটা বিপ্লৱ
বীৰ্যহীন কৌপিনধাৰীক আমি ঘৃণা কৰোঁ
ঘৃণা কৰোঁ শূণ্যৰ সমৰ্থনত শূণ্যৰে শূণ্যক হৰণ কৰাক
আমি মুক্তিৰ বাবে চিঞৰিছিলো
তেওঁলোকেই নিষিদ্ধ কৰিছে আমাৰ সকলো শব্দ
আমাৰ সকলো বৰ্ণ
ধিক্ ধিক্
চৰকাৰ লেই লেই ছেই ছেই
শব্দক জানো বান্ধিব পাৰি?
বিপ্লৱক জানো ৰোধিব পাৰি?
আমি যুঁজাৰু তাহানিৰে
এন্ধাৰ ৰাতি ক'লা মেকুৰীও থপিয়াই ধৰিছো বহুদিন
চিকুনাই হাতত লৈছো
চন্দ্ৰ শেখৰ আজাদৰ পিষ্টল
জুই জ্বলে
দগমগ দগমগ
জুইৰ মাজত মোৰ বন্ধুৰ মৃতদেহ
আমি যুঁজাৰু মানুহ
দেশৰ বাবেই অকাতৰে সঁপি দিব পাৰো জীৱন
আমি যুঁজি যাম- বাটে-পথে ৰাজপথত
আমি যুঁজি যাম- ঘৰে ঘৰে শস্যক্ষেত্ৰত
শেষ নাই বন্ধু
শেষ নাই
0 comments :
Post a Comment