সাতসৰী আলোচনীক কবিতাৰ পৰ্যালোচনা
পৰ্যালোচক- পাৰ্থ প্ৰতিম কলিতা
সদস্যা¸ আখৰুৱা
°°°°°°°°°°°°°°°°°°°
১।
আলোচনাৰ বাবে হাতত লৈছো বিভাৰাণী তালুকদাৰৰ কবিতা “কবিতা-গণিত”। ঐহিক জীৱন আৰু ভাৱ-অনুভূতিৰ আধাৰে “কবিতা-গণিত”ৰ বিষয়-বস্তু।
কবিয়ে জীৱনক “সৰল অংক”ৰ সৈতে তুলনা কৰিছে। সৰল অংকত যেনেকৈ যোগ¸ বিয়োগ¸ পূৰণ¸ হৰণ সকলো থাকে ঠিক একেদৰে জীৱনো এনে ঘটনাবোৰৰে সমষ্টি।
জীৱন যাত্ৰাত লাভ কৰা হতাশাক কবিয়ে স্বীকাৰ কৰি কৈছে_
পাকবোৰ খহাই পোৱা উত্তৰ শূণ্য/
শুদ্ধ হ'লেও যি আছিল প্ৰত্যাশাৰ বাহিৰত।
পাকবোৰ খহাই পোৱা উত্তৰ শূণ্য/
শুদ্ধ হ'লেও যি আছিল প্ৰত্যাশাৰ বাহিৰত।
কবিৰ মতে এয়াই Dynamism. চূড়ান্ত পৰিণতিৰ মাজেৰে আত্মাক বিচৰাৰ অন্বেষণৰ সলনি ধৰি লোৱা কথাৰে সময় কটোৱাৰ পৰিকল্পনাহে কৰিছে। এই ঘটনাক কবিয়ে Null hypothesisৰ সৈতে তুলনা কৰিছে। মন কৰিবলগীয়া কথা ইয়াত এক জাগৰণৰ ইংগিত দেখা যায়। অসহায় অৱস্থাত অভিনয়ৰে সুখী হোৱাৰ ব্যংগত্মক সুৰৰ প্ৰতিফলিত হৈছে।
ধৰি লোৱা কথাৰে আত্ম প্ৰৱঞ্চনা কৰিলেও নিজৰ সত্বাৰ অৱস্থিতিৰ কিছু সচেতন অনুসন্ধান কৰিব আছে । সেয়ে কবিয়ে কৈছে_
ধৰি লোৱা কথাৰে সদায় চিজিল নহয় জীৱন/
পাক বাঢ়ে মহুৰাৰ টুটি অহা উঘাৰ পাকত
পাক বাঢ়ে মহুৰাৰ টুটি অহা উঘাৰ পাকত
যেতিয়া কবিৰ এই বক্তব্যৰ এটা আপেক্ষিক বিচাৰ আমি কৰিবলৈ যাম তেতিয়াই অইন এটা গুৰুত্বপূৰ্ণ প্ৰসংগই ভূমুকি মাৰেহি¸ জীৱন সদায় চিজিল কৰিবলৈ কি প্ৰয়োজন¸ এয়া কেনেকৈ সম্ভৱ কৰিব পাৰি? দ্বিতীয় প্ৰসংগৰ আলোচনাৰ মাজত প্ৰথম প্ৰসংগটো টানি আনিলে আমি দেখিম প্ৰথম প্ৰসংগত কবিৰ এক পলায়নবাদী মানসিকতা স্পষ্ট হৈছে।
“কবিতা-গণিত”ত জীৱনৰ কথা আছে। জীৱনৰ সত্যতা আছে¸ তিক্ততা আছে। জীৱনৰ প্ৰতি কবিৰ সমালোচনাও আছে কিন্তু তাৰ সমাধানৰ কোনো সংকেত নাই। কবিয়ে জীৱনৰ সংঘাত¸ হতাশাক সহজভাৱে স্বীকাৰ কৰিছে। কবিতাৰ পৰিসামপ্তিৰ পৰত কবিয়ে অংকন কৰিছে এক গহীন মনস্তাত্বিক অৱস্থা।
কবিৰ ভাষাত¸
ৰাতিবঞ্চা সময়বোৰত ‘টাইপ-১ এৰৰ’ কথা মনলৈ আহে।
------------------------------------
কবিৰ ভাষাত¸
ৰাতিবঞ্চা সময়বোৰত ‘টাইপ-১ এৰৰ’ কথা মনলৈ আহে।
------------------------------------
২।
এইবাৰ আলোচনাৰ বাবে হাতত লৈছো সনন্ত তাঁতিৰ কবিতা “সুচৰিতা সুচৰিতা”। কবিয়ে নিজৰ জীৱনৰ এটা অধ্যায়ক কবিতা হিচাপে গঢ় দিছে।
কবিতাৰ আৰম্ভণিতে কবিয়ে এক নিৰ্দিষ্ট স্থান¸ নিৰ্দিষ্ট সময়ৰ কথা উল্লেখ কৰিছে। বুজিবলৈ জটিল নহয় যে এয়া কবিয়ে পাৰ হৈ অহা অতীতৰ কিছু সময়। অৰ্থাৎ কবিয়ে অতীতৰ স্মৃতিৰ ৰোমান্থন কৰা কবিতা “সুচৰিতা সুচৰিতা”।
কবিয়ে আৰম্ভণিতে কৈছে_
টাইম-স্কোৱাৰত হঠাতে সিদিনা দেখা গ'ল সুচৰিতাৰ স'তে
হঠাতে শব্দ প্ৰয়োগৰ পৰা এটা কথা নিশ্চিত হ'ব পাৰি এয়া এক অপ্ৰত্যাহিক সাক্ষাৎ। এই সাক্ষাৎ কেনেকৈ হৈছে সেয়া কবিতাটোৰ বিষয় নহয়¸ এই সাক্ষাতে কবিমনত কৰা প্ৰভাৱহে ইয়াত বিচাৰ্য। মন কৰিবলগীয়া কথা হ'ল যে কবিয়ে দেখা হোৱা পৰিঘটনাটো “সুচৰিতাৰ স'তে” বুলি কৈছে অৰ্থাৎ সুচৰিতাৰ লগত কোনো এক ব্যক্তি থকাৰ কথা উমান পাব পাৰি। এইখিনিত এটা প্ৰশ্ন উদয় হ'ব¸ সুচৰিতা কোন? সুচৰিতা কবিৰ প্ৰেয়সী আৰু সুচৰিতাৰ সৈতে কবিয়ে দেখা ব্যক্তিজন সম্ভৱ সুচৰিতাৰ প্ৰেমাস্পাদ।
কবিয়ে নিৰ্মাণ কৰা পাঠটো নাটকীয় কাহিনীৰে আগবাঢ়িছে। দেখা-সাক্ষাৎ হোৱা ঘটনাটো বাহ্যিক কাৰক¸ বাহ্যিক কাৰকে আমাৰ আভ্যন্তৰত ক্ৰিয়া কৰিলে মনত যি স্মৃতিৰ কথা আহে সেয়া শৃংখলিত ৰূপত নাহে। চেতনাৰ বিভাজন হোৱা বাবেই স্মৃতি টুকুৰা-টুকুৰ ছবি হৈ ধৰা দিয়ে। কবিয়ে এনে টুকুৰা-টুকুৰ ছবিক যৌগিক চিত্ৰ (Collage) হিচাপে কবিতাত প্ৰতিষ্ঠা কৰিলে। এটা উদাহৰণ লোৱা যাওঁক_
তুমি এটা আমৰ মিঠা অনুভূতি/এটা আমৰ গেলি পচি যোৱা স্মৃতি/এটা পকা আমৰ স্মৃতিৰ বৃক্ষ হৈ মোৰ/ বুকুৰ চৌদিশে বাঢ়ি উঠা প্ৰেমৰ অহংকাৰ
ইয়াত কবিয়ে তিনিটা ভিন্ন সময়ৰ স্তৰক প্ৰকাশ কৰিছে। তিনিওটা সময়ৰ স্তৰৰ মাজত যোগসূত্ৰ স্থাপনৰ লগতে এটাক আনটোৰ সৈতে তুলনা কৰি চোৱাত সহায়ক হৈছে।
-------------------------------------
৩।
কবি মনিকুন্তলা ভট্টাচাৰ্যৰ প্ৰায়ভাগ কবিতাই সমাজ জীৱনক নিৰ্দেশ কৰে। “মই”-ও তেনে এক কবিতা। নতুন ৰূপত সমাজক প্ৰতিষ্ঠা কৰিব বিচৰায়ে “মই”ৰ বিষয়। ইয়াত ‘মই’ একবছন নহয়¸ ই প্ৰথম পুৰুষৰ বহুবছনৰ লগতে¸ দ্বিতীয় আৰু তৃতীয় পুৰুষৰো বহুবছন।
কবিতাটোৰ আৰম্ভণিৰ তিনিশাৰীত কবিয়ে তিনিটা ভিন্ন বিষয়ক উপস্থাপন কৰিছে। তিনিওটা বিষয় বান্ধ খাই আছে ঐতিহাসিকভাৱে নিৰ্মিত বাস্তৱৰ সৈতে। এয়া পাঠৰ সময়ত পাঠকৰ হৃদয় আৰু মগজুৰে কিছু ভাৱনা পাৰ হৈ যাব আৰু ইয়ে পাঠকক টেক্সটৰ মাজত নিহিত দ্বন্দ্বাত্মক আৰু ঐতিহাসিক বিষয়বোৰ উদঘাটন কৰিবলৈ উৎসাহিত কৰিব পাৰে। যেতিয়া আমি এয়া উদঘাটন কৰিব যাম তেতিয়া কবিতাটোত কিছু লক্ষণ দেখা পাম। সেয়া হ'ল
১। আশাবাদ (Optimism)
২। যুদ্ধৰ অৱসাদগ্ৰস্ততা (War weariness)
৩। বিশ্বপ্ৰেম
৪। দায়িত্ববোধ (Responsibility)
৫। চিত্ৰকল্পৰ অন্বেষণ ( exploration of images)
১। আশাবাদ (Optimism)
২। যুদ্ধৰ অৱসাদগ্ৰস্ততা (War weariness)
৩। বিশ্বপ্ৰেম
৪। দায়িত্ববোধ (Responsibility)
৫। চিত্ৰকল্পৰ অন্বেষণ ( exploration of images)
মানৱ সমাজৰ ইতিহাসত পাতনিৰে পৰা এক যুদ্ধ চলি আহিছে। এতিয়াও চলি আছে। তাৰ স্বৰূপ আৰু পৰিণতি সম্পৰ্কে আমি মাথোন নিদৰ্শন বিচাৰি চাব লাগিব। কবি এই সন্দৰ্ভত সজাগ আৰু সচেতন। কবিয়ে উপলব্ধি কৰিছে যুদ্ধই কেতিয়াও শান্তি দিব নোৱাৰে। ই মাথো সমাজলৈ নমাই আনে আকাশলংঘা দুৰ্যোগ আৰু কাৰুণ্য। যুদ্ধ থকালৈকে মাথো শান্তিৰ অপেক্ষাহে কৰিব পাৰিম কিন্তু যুদ্ধ শেষ নোহোৱালৈ এয়া কেতিয়াও বাস্তৱ নহয় বুলি কবিয়ে বুজি উঠিছে। সমাজৰ প্ৰতি সহমৰ্মিতা আৰু যুদ্ধৰ প্ৰতি জাগি উঠা আক্ৰোশৰ বাবে কবিয়ে স্পষ্টভাৱে কৈছে ‘মই অৰণ্য হৈ উঠো’। এয়া এক সৰল কিন্তু শক্তিশালী বাঙ্ময় প্ৰকাশ। ইয়াত যুদ্ধৰ বিৰোধিতাৰে প্ৰগতিবাদী ধাৰণাৰ (progressive approach) ৰ প্ৰভাৱ দেখা যায়। সমান্তৰালকৈ ই প্ৰতীক আৰু চিত্ৰকল্পৰে সমাজ ব্যৱস্থাৰ ছবি আঁকি বিদ্ৰোহৰ আস্ফালন ঘটাইছে আৰু পাৰ্থিৱ জগতৰ বিষয়-বৈচিত্ৰৰ সৌন্দৰ্যৰ ভাৱ ঢালি ৰমন্যাসিক ব্যগ্ৰতাৰ স্বাক্ষৰ দান কৰিছে। কবিৰ এই স্থিতি গণ-অনুপ্ৰেৰণাৰ উপাদান হ'ব পাৰে আৰু তেনে হ'লে ই শ্ৰেণীচেতনাক সবল কৰি ৰাখিব।
সমকাল চেতনাৰে কবিয়ে সমাজৰ যি ক্ষয়মান ৰূপ দেখা পাইছে সিয়ে কবিৰ বিষাদ ভৰা দৃষ্টিভংগী গভীৰ কৰি তুলিছে। কবিৰ অনুভূতিশীল কাব্যমানসত আৰ্তজনৰ যন্ত্ৰণাকাতৰ মুখবোৰ আহা-যোৱা কৰিছে। কবিৰ কলমৰে অসহায় এই অৱস্থা প্ৰকাশ পাইছে এইদৰে¸
পৰি থাকোঁ
আগুৱাব নোৱাৰো
পৃথিৱীৰ দেশে দেশে তেজ।
পৰি থাকোঁ
আগুৱাব নোৱাৰো
পৃথিৱীৰ দেশে দেশে তেজ।
কবিৰ এই স্তৱক অৱজেকটিভ ৰিয়েলিটিৰ প্ৰকাশ। কথনশৈলী অল্পভাষী হ'লেও ইয়াতে আছে বৰ্তমানৰ পৃথিৱীৰ ৰক্তাত্ত এখন ছবি।
এনে পৰিস্থিতিৰ বাবে কবিয়ে শুব পৰা নাই। কবিয়ে কৈছে_
এনে পৰিস্থিতিৰ বাবে কবিয়ে শুব পৰা নাই। কবিয়ে কৈছে_
মই শুব নোৱাৰোঁ
সাৰে থকা শুকতৰা
পাপ-পূণ্যৰ সাক্ষী
ৰাতিৰ পৃথিৱীৰ।
সাৰে থকা শুকতৰা
পাপ-পূণ্যৰ সাক্ষী
ৰাতিৰ পৃথিৱীৰ।
ইয়াত এটা ধাৰণাৰ ওপৰত আন এটা ধাৰণাক প্ৰতিষ্ঠা কৰা হৈছে। ই এক বৌদ্ধিক আৰু অনুভূতিক প্ৰকল্পক উপস্থাপন কৰিব পাৰে। ইয়াত ‘মই শুব নোৱাৰোঁ’ৰে কবিমনৰ অস্থিৰতা বুজিব পাৰি। এই অস্থিৰতাক প্ৰসংগলৈ আনিলে স্বাভাৱিকতে আলোচনালৈ আহিব এই অস্থিৰতাৰ কাৰণ। একেদৰে ‘সাৰে থকা……’ শাৰীটোৱে এক অদৃশ্য শক্তি বা পৰম সত্বাক সূচাইছে।
‘কুমাৰে কিমান খচিব মাটি’ পংক্তিটো আইৰণীকেল। যদিও সাধৰণ অৰ্থত কুমাৰে সৃষ্টি কৰে কিন্তু ইয়াত গঠন ভঙা কামটোহে অধিক তীব্ৰ যেন বোধ হয়। কুমাৰে নিজৰ ইচ্ছা আনুসৰি গঢ় দিয়া বা পৰিচালিত কৰা ক্ৰিয়া আৰু ভঙা-গঢ়া কাৰ্যহে কবিতাটোত প্ৰতিফলিত হৈছে। কবিতাৰ এই তীব্ৰতাই আমাৰ সামজিক/ৰাজনৈতিক সংস্কৃতিকো প্ৰতিনিধিত্ব কৰিছে। ক্ষমতাৰ এই গঠন আচলতে বিভাজনৰহে সৃষ্টি¸ ই এক দমন (Hagemony).
মানৱতাৰ সৰ্বগ্ৰাসী সংকটৰ ভাৱনাক কৌশলগতভাৱে উপস্থাপন কৰি কবিয়ে নিজৰ নিজৰ সত্বাক অৰণ্য হৈ উঠা বুলি কৈছে।
“মই” ত কবিৰ দৃষ্টিভংগী আন্তৰ্জাতিক। ইয়াত ভয়ানক সমাজ ব্যৱস্থাৰ কথা আছে¸ ইয়াৰ সমাধান সন্ধানী পদক্ষেপ আছে। এই পদক্ষেপ প্ৰেমৰ। এই প্ৰেমত ৰোমান্তিক ভাৱোচ্ছাস নাই আছে কল্পনাৰ গভীৰতা।
কবি মনিকুন্তলা ভট্টাচাৰ্যৰ কবিতাই জীৱনবোধ আৰু মানুহৰ কথা কয়। আধুনিক নিৰুপায় অৱস্থাৰ পৰা পৰিত্ৰাণৰ ইংগিত বহন কৰে। তেওঁৰ প্ৰায়বোৰ কবিতাৰ বিষয়বস্তু আৰু উপস্থাপনশৈলীৰ মাজত এক যোগ-সূত্ৰ পোৱা যায়। এটা উদাহৰণ মন কৰা যাওঁক। বহুদিন আগেয়ে কবি গৰাকীৰ এটা কবিতা পঢ়িছিলো (সম্ভৱতঃ মায়াৰ পৃষ্ঠাত)¸
পৃথিৱীৰ দেশে দেশে মানুহ আছে
মানুহে মানুহে আত্মা
মানুহে মানুহে আত্মা
ওপৰোক্ত শাৰীৰ স্পষ্ট প্ৰভাৱ ‘মই’ত বিৰাজমান
অৰ্থাৎ কবি মনিকুন্তলা ভট্টাচাৰ্যক আটাইতকৈ বেছিকৈ প্ৰভাৱিত কৰা কবি হ'ল তেওঁ নিজেই।
অৰ্থাৎ কবি মনিকুন্তলা ভট্টাচাৰ্যক আটাইতকৈ বেছিকৈ প্ৰভাৱিত কৰা কবি হ'ল তেওঁ নিজেই।
0 comments :
Post a Comment